দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...

দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...
দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...
Published on
Updated on

অসম বিধানসভাৰ ৫ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধীয়ে। এফালে বিজেপি, আনফালে অসম সন্মিলিত মঞ্চ। এই দুই পক্ষৰ মাজতেই বিধানসভা উপ নিৰ্বাচনৰ মূল যুঁজ হ'ব।

নিৰ্বাচনৰ পূৰ্বে দলৰ ভিতৰতে আন এখন যুঁজ হয়। সেই যুঁজ হ'ল প্ৰাৰ্থিত্ব কেন্দ্ৰীক যুঁজ। কোনে পাব প্ৰাৰ্থিত্ব তাক লৈ চলা এই যুঁজখনো বৰ আমোদজনক হয়। এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫ টা সমষ্টিৰ ভিতৰত দুটা সমষ্টি মূলতঃ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

তাৰে এটা বঙাইগাওঁ আৰু আনটো বিহালী। দুয়োটা সমষ্টিৰ পৰাই ২০২১ চনত জিকি অহা দুয়োজন বিধায়ক ২০২৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত সংসদলৈ নিৰ্বাচিত হয়। অগপৰ নেতা ফণীভূষণ চৌধুৰীয়ে বঙাইগাওঁ সমষ্টিক প্ৰতিনিধিত্ব কৰি আছিল অসম বিধানসভাত।

তেওঁ বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত এই বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। আনটো সমষ্টি বিহালীত ২০২১ ত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত। সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত মন্ত্ৰিত্বও লাভ কৰা দত্ত ২০২৪ চনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত বিহালী সমষ্টি বিধানসভা আসনখন খালী হৈছিল।

বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ। কিন্তু বঙাইগাওঁ অগপই দিপ্তীময়ী চৌধুৰীক সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে মানি ল'ব বিচৰা নাই। তেওঁৰ প্ৰাৰ্থিত্বৰ বিৰোধীতাৰে সভাপতি, সম্পাদককে ধৰি ৩৪ জনে অগপ ত্যাগ কৰিছে।

এইসকলৰ উপৰিও পদত্যাগ কৰিছে ৫ খন পঞ্চায়তৰ সভাপতিকে ধৰি কেইবাজনেও। তাৰোপৰি সমষ্টিটোৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ শৈলন সৰকাৰেও দিপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি পদত্যাগ কৰিছে।

আনহাতে বিহালীত শাসকীয় পক্ষৰ পৰা প্ৰাৰ্থিত্ব পাম বুলি ভাবিছিল জয়ন্ত বৰাই। অৱশ্যে এই সমষ্টিটোত পল্লৱ লোচন দাসক দলীয় নেতৃত্বই প্ৰক্ষেপ কৰিব বুলি ভবা হৈছিল যদিও ৰাজনৈতিক কাৰণত তেওঁ নিজেই এই উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা আঁতৰি থাকিল।

জয়ন্ত বৰায়ো প্ৰাৰ্থিত্ব নোপোৱাটো প্ৰায় চূড়ান্ত হোৱাত বিজেপি ত্যাগ কৰিছিল। ভাবিছিল কংগ্ৰেছত যোগদান কৰি তেওঁ কংগ্ৰেছৰ পৰাই এই নিৰ্বাচনী বৈতৰণী অতিক্ৰম কৰিব। বিহালী সমষ্টিত বৰ্তমান শাসকীয় পক্ষৰ কেইবাজনো মন্ত্ৰীয়ে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

যোৰহাট লোকসভা সমষ্টিৰ দৰেই এইবাৰ বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ সেনাপতিৰ দায়িত্বত আছে পীযুষ হাজৰীকা। তেওঁক সংগ দিছে দলৰে কেইবাজনো চাহ-জনগোষ্ঠীয় নেতা মন্ত্ৰীয়ে। গৌৰৱ গগৈয়েও এই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁৰ সমৰ্থিত এজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে ৰণকৌশল ৰচিছিল।

গৌৰৱ গগৈৰ মতে বিহালীত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব খোজা জয়ন্ত বৰাকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। কিন্তু বিভিন্ন কাৰণত জয়ন্ত বৰাক গৌৰৱ গগৈয়ে বিচৰা ধৰণেই সমষ্টিটোৰ পৰা প্ৰাৰ্থী কৰিব নোৱাৰে কংগ্ৰেছে।

প্ৰথম কথা মিত্ৰতাত থকা চি পি আই (এম এল) এলকে ধৰি আন মিত্ৰদলবোৰে এই উপ নিৰ্বাচনত এটা সমষ্টিৰ পৰা তেওঁলোকৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব খোজে। ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিৰোধী এই মিত্ৰ সংগী দলবোৰক এক প্ৰকাৰৰ উপেক্ষা কৰিছিল।

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে মিত্ৰ সহযোগী দলবোৰক অসন্তুষ্ট কৰিব নিবিচাৰিয়েই এই বিহালী আসনখন এৰি দিলে। আলোচনাত বহিল অখিল গগৈ, লুৰীণজ্যোতি গগৈকে ধৰি নেতাসকল। চি পি আই (এম এল) এলৰ পৰা যোৱা তিনিটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয়ৰ সন্মুখীন হোৱা বিবেক দাসকে তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিকল্প নাথাকিল।

সেই ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী। এনেবোৰ খবৰৰ মাজতেই বিহালীত কংগ্ৰেছ শিবিৰৰ মাজতেই প্ৰতিবাদৰ ঢৌ উঠিল। যুৱ,মহিলা কংগ্ৰেছীসকলে ঘোষণা কৰিলে কোনো কাৰণতে তেওঁলোকে এই সমষ্টিটো আন দলক এৰি দিয়াটো নিবিচাৰে।

ভাবুকি দিলে প্ৰয়োজনত কংগ্ৰেছ তেওঁলোকে ত্যাগ কৰিব উমৈহতীয়া ভাৱে। আনকি বিবেক দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এই উপ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিশ্চিতভাৱে পৰাজিত হ'ব বুলি বিহালী যুৱ কংগ্ৰেছীৰ নেতৃত্বই ঘোষণা কৰিলে।

গৌৰৱ গগৈয়ে বিচাৰিছিল আগন্তুক পঞ্চায়ত নিৰ্বাচন যিহেতু কংগ্ৰেছে অকলেই খেলিব সেয়েহে এই নিৰ্বাচনত ৫ টা সমষ্টিতেই দলটোৱে নিজা প্ৰাৰ্থী দিব লাগে। কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ অংকত গৌৰৱ গগৈৰ এই ফৰ্মুলাৰ উত্তৰ নোলাল।

জয়ন্ত বৰাৰ বিৰুদ্ধে থকা গোচৰ, আগদিনা কংগ্ৰেছত যোগদান কৰি পাছদিনা প্ৰাৰ্থিত্ব দিয়াৰ পাছত নিৰ্বাচনত জয়ী হৈ আকৌ বিজেপিলৈ যে নাযাব তাৰ কি গেৰাণ্টি আছে বুলি কংগ্ৰেছৰ একাংশ নেতৃত্বই দাঙি ধৰা যুক্তিক গৌৰৱ গগৈয়ে বলে নোৱাৰিলে।

ছিদলীত প্ৰবীণ বড়োকে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদানৰ কথা চিন্তা কৰিছিল। কিন্তু গ্ৰাউণ্ড জিৰ' ৰিপ'ৰ্টত প্ৰবীণ বড়োৰ বিৰুদ্ধে এই সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলৰ অসন্তুষ্টিৰ উমান পালে কংগ্ৰেছ নেতৃত্বই। বি পি এফত থকাৰ সময়ত গ্ৰহণ কৰা বহু ৰাজনৈতিক সিদ্ধান্তই এই সমষ্টিটোৰ কংগ্ৰেছীসকলক ক্ষোভিত কৰি ৰাখিছে।

সেই ক্ষোভ এতিয়াও আঁতৰ হোৱা নাই। কংগ্ৰেছ নেতৃত্বই প্ৰবীণ বড়োক সকলোখিনি বুজাই দিয়াৰ পাছত তেওঁ নিজেই এই সমষ্টিৰ উপ নিৰ্বাচনৰ দৌৰৰ পৰা নিজক আঁতৰাই আনিলে। চামগুৰিত ৰকিবুল হুছেইনে খেলিবলগীয়া খেলখনে বহু আগতীয়াকৈ খেলি থৈছিল।

সেই খেল অনুসৰি ধুবুৰীৰ পৰা তেওঁ সংসদলৈ নিৰ্বাচিত হোৱাৰ পাছত পুত্ৰৰ ৰাজনৈতিক কেৰিয়াৰ গঢ়িবলৈ এয়া এক আখৰাস্থলী হৈ পৰিছে তেওঁৰ বাবে। এই নিৰ্বাচনত পুত্ৰ তাঞ্জিলক যিকোনো মূল্যৰ বিনিময়ত জয়ী কৰি অনাটোৱেই ৰকিবুল হুছেইনৰ মূল লক্ষ্য।

এনেকৈয়ে এতিয়া ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ বতাহ। ব্যস্ত হৈ পৰিছে অখিল গগৈ, লুৰীণজ্যোতি গগৈ। আকৌ ১৩ নৱেম্বৰলৈকে কংগ্ৰেছী হৈ যাব অখিল, লুৰীণ। কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলাবগৈ নিৰ্বাচন অনুষ্ঠিত হোৱা চাৰিটা সমষ্টিত। চি পি আই (এম এল) এলৰ প্ৰাৰ্থীগৰাকীৰ হৈয়ো বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাবগৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ নেতা দুগৰাকীয়ে।

কা আন্দোলনৰ পৰিণতিত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা অজিত ভূঞাও এতিয়া বিৰোধী শিবিৰৰ মূল কাণ্ডাৰী। সন্মুখত সমস্যা বা প্ৰত্যাহ্বান আহিলেই তেওঁলোক বহেগৈ হোটেল লিলিত। তাৰ পৰাই বিৰোধী সন্মিলিত সমস্যা আৰু মতানৈক্য বোৰৰ সমাধান সূত্ৰ ওলাাই।

এই চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ যুঁজ এনেকৈয়ে চলি আছে। নিৰ্বাচন আহিলে সেই যুঁজখন তীব্ৰতৰ হয়, সমান্তৰালভাৱে নিজৰ মাজতে চলে আন এখন যুঁজ। নিৰ্বাচনত জিকা, হৰাত কৈ ব্যক্তি কেন্দ্ৰীক স্বাৰ্থ আৰু সিদ্ধান্তৰহে মূল্য বেছি বিৰোধীৰ বাবে।

দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...
আকৌ দেশজুৰি বলিছে নিৰ্বাচনী বতাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in