আছে সন্তান, গৰ্ভৱতী পত্নীঃ বাল্য বিবাহ ৰোধৰ নামত আৰক্ষীৰ এয়া কেনে স্থিতি...

আছে সন্তান, গৰ্ভৱতী পত্নীঃ বাল্য বিবাহ ৰোধৰ নামত আৰক্ষীৰ এয়া কেনে স্থিতি...
আছে সন্তান, গৰ্ভৱতী পত্নীঃ বাল্য বিবাহ ৰোধৰ নামত আৰক্ষীৰ এয়া কেনে স্থিতি...
Published on
Updated on

তুষাৰ প্ৰতিম

ৰাজ্যত কাহানিও নেদেখা এক পৰিৱেশ। আটাই কেইখন জিলাতেই কেৱল কান্দোনৰ ৰোল। কোনোবাই যদি কোলাত কেচুৱা লৈ কান্দোনত ভাঙি পৰিছে আন কোনোবাই আকৌ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ কৰিছে। মুঠতে সকলো ফালেই দেখা গৈছে বিৰল দৃশ্য।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশুৰ মৃত্যুৰ হাৰ,প্ৰসূতি জনিত কাৰণত মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে বাল্য বিবাহক মূল কাৰণ হিচাপে চিনাক্ত কৰিছে। ইয়াৰ পিছতে ৰাজ্যজুৰি বাল্য বিবাহ কৰাসকলৰ বিৰুদ্ধে কথোৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছিল।

সেই কথা মতেই কালি নিশাৰে পৰা আজি পুৱা আৰু দিনৰ ভাগলৈ সকলো জিলাতেই আৰক্ষীয়ে চলালে অভিযান। অভিযান কালত গ্ৰেপ্তাৰ কৰিলে হাজাৰ হাজাৰ লোকক। অসম আৰক্ষীয়ে প্ৰকাশ কৰা তালিকা অনুসৰি দিনটোত ৩৬ খন জিলাৰ পৰা মুঠ ২০৪৪ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আৰু আৰক্ষীৰ তীব্ৰ অভিযানৰ অন্তত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পত্নী, সন্তান, আত্মীয়, স্বজনে এই কাৰ্যৰ বিৰোধিতা কৰিছে। সামাজিক মাধ্যমতো ইয়াৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এতিয়া প্ৰশ্ন হৈছে বাল্য বিবাহক লৈ হঠাৎ ইমান তৎপৰ হোৱাৰ কাৰণ কি? পূৰ্বে বাল্য বিবাহ আইন নাছিল নেকি? কিয় বাল্য বিবাহক কেন্দ্ৰ কৰি এইদৰে হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে?

ভাৰতত বাল্য বিবাহ প্ৰতিৰোধ আইন প্ৰথমে প্ৰৱৰ্তন হৈছিল ১৯২৯ চনতেই। সেই বছৰৰ ২৮ৱ ছেপ্টেম্বৰত গৃহীত হোৱা আইখন পৰৱৰ্তী বছৰৰ ১ এপ্ৰিলত কাৰ্যকৰী হৈছিল। প্ৰথমে এই আইন আছিল কেৱল হিন্দুসকলৰ বাবে।

কিন্তু পৰৱৰ্তী সময়ত এই আইন সকলো শ্ৰেণীৰ, সকলো ধৰ্মাৱলম্বী লোকৰ বাবেই বাধ্যতামূলক কৰা হয়। এই আইন আছিল ভাৰতৰ সামাজিক সংস্কাৰ আন্দোলনৰ ফচল।

অৱশ্যে পৰৱৰ্তী সময়ত এই আইন কেইবাবাৰো সংশোধিত হৈছে। একেবাৰে শেহতীয়াকৈ সংশোধন হৈছিল ২০০৬ চনত। ইয়াৰোপৰি ভাৰতত আছে হিন্দু বিবাহ আইন, মুছলমান বিবাহ আইনকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাবে বিবাহ আইন।

এই আইনত বিবাহৰ বাবে নিৰ্দিষ্ট কৰি থোৱা আছে ল'ৰা আৰু ছোৱালীৰ বয়সৰ নূন্যতম সীমা। তাৰ পাছতো অৱশ্যে দেশত অব্যাহত আছে বাল্য বিবাহ। ইয়াৰ বাবে নিশ্চয় জগৰীয়া সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষী, প্ৰশাসন তথা সামাজিক ব্যৱস্থা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত বাল্য বিবাহ কঠোৰ ভাৱে প্ৰতিৰোধৰ কথা কোৱাৰ লগতে ইতিমধ্যে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ প্ৰথমে এখন তালিকাও প্ৰকাশ কৰিলে, য'ত কোনখন জিলাত কিমান বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তালিকা অনুসৰিয়েই ৰাজ্যৰ ৩৬ খন জিলাত মুঠ ৪ হাজাৰ ৪ টা গোচৰ ৰুজু হৈ আছে। এই গোচৰ সমূহৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিলে।

ফল স্বৰূপে এই পৰ্যন্ত ৩৬ খন জিলাতেই আৰক্ষীয়ে দিনে- নিশাই অভিযান চলাই বাল্য বিবাহ কৰা স্বামী, অভিভাৱক, মৌলানা, কাজী, পূজাৰীকে ধৰি মুঠ ২০৪৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

মন কৰিবলগীয়া কথাটো হ'ল এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইবোৰৰে এতিয়া ভৰা সংসাৰ। বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অধিকাংশৰে আছে সন্তান। কাৰোবাৰ যদি পত্নী গৰ্ভৱতী আন কোনোবা আকৌ একমাত্ৰ পত্নীৰ সৈতেই এতিয়া সংসাৰ আগবঢ়াই আছে।

তেনে পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে বহু বছৰ পূৰ্বেই ৰুজু হোৱা গোচৰৰ ওপৰত ভিত্তি কৰি এতিয়া গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত চৌদিশে সৃষ্টি হৈছে অৰাজকতা। বাল্য বিবাহ এক সামাজিক ব্যাধি।

এই ব্যাধিৰ পৰা সমাজ মুক্ত হোৱাটো অতি জৰুৰী। কিন্তু এটা নিশাৰ ভিতৰতেই নিশ্চয় এইদৰে ব্যাৱস্থা গ্ৰহণ কৰি বাল্য বিবাহ ৰোধ কৰা সম্ভৱ নহয়। বাল্য বিবাহৰ বাবে আছে কঠোৰ আইন।

এই আইন ইমান দিনে কিয় কাৰ্যকৰী হোৱা নাই? গোচৰ ৰুজু হোৱাৰ পিছতো কিয় আৰক্ষীয়ে ইমান দিনে বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাছিল? কিয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত হে ইমান তৎপৰ হৈ পৰিল আৰক্ষী?

বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ সময়োচিত। কিন্তু বাল্য বিবাহ ৰোধৰ নামত যিদৰে এটা পৰিৱেশ সূচনা কৰা হৈছে সেয়া নিশ্চয় গ্ৰহণযোগ্য নহয়। আইন অনুসৰিয়েই বাল্য বিবাহ প্ৰতিৰোধ বিষয়া নিয়োজিত কৰাতো বাধ্যতামূলক। কিন্তু সেই দায়িত্ব ৰাজ্যত কাক দিয়া আছে সেয়া জনা নাযায়।

যি হ'ল হৈ গ'ল। পত্নী, সন্তানেৰে জীৱন চলাই থকা সহজ-সৰল মানুহখিনিক গ্ৰেপ্তাৰ কৰি এতিয়া সমস্যা সমাধান কৰাৰ বিপৰীতে আন নতুন সমস্যাৰহে সৃষ্টি কৰিছে। স্বামীক জে'লত ৰাখি পত্নীক অৰুণোদয় আঁচনিৰ ধন, বিনামূলীয়া চাউল দিলেই সমস্যাৰ শেষ নহয়।

বাল্য বিবাহ ৰোধ হওক। বাল্য বিবাহৰ বিৰুদ্ধে ভৱিষ্যতলৈ কঠোৰ হওক অসম আৰক্ষী। সচেতন হওক সমাজ। কিন্তু বাল্য বিবাহ ৰোধৰ নামত এতিয়া যিবোৰ হৈছে, যিবোৰ দৃশ্য দেখিবলৈ পোৱা গৈছে সেইবোৰৰ আঁৰত সমস্যা সমাধানৰ আন্তৰিক প্ৰচেষ্টা দেখিবলৈ পোৱা নাই, দেখিবলৈ পাইছো প্ৰচাৰ আৰু চৰ্চাত থকাৰ ব্যক্তিগত উদ্দেশ্যহে।

আছে সন্তান, গৰ্ভৱতী পত্নীঃ বাল্য বিবাহ ৰোধৰ নামত আৰক্ষীৰ এয়া কেনে স্থিতি...
বাল্য বিবাহঃ কোকৰাঝাৰত এই পৰ্যন্ত ৯৬ গৰাকীক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in