হতাশ নহ'বঃ এৰিকছন, পণ্টে দেখুৱাইছে জীৱনৰ ছন্দ...

হতাশ নহ'বঃ এৰিকছন, পণ্টে দেখুৱাইছে জীৱনৰ ছন্দ...
হতাশ নহ'বঃ এৰিকছন, পণ্টে দেখুৱাইছে জীৱনৰ ছন্দ...
Published on
Updated on

উত্থাপন, পতন মানৱ জীৱনৰ অভিন্ন অংগ। শৈশৱৰ দেওনা পাৰ হৈ যৌৱন প্ৰাপ্তিৰে প্ৰাপ্ত বয়স্কৰ মাজেৰে বৃদ্ধাৱস্থালৈকে গোটেই জীৱনত নানান ঘাট-প্ৰতিঘাতৰ সন্মুখীন হয় প্ৰতিজন ব্যক্তি। এনে প্ৰত্যাহ্বান নেওচি যিসকলে মুখত এটা হাঁহি লৈ জীৱনত সফলতা অৰ্জন কৰিছে তেওঁলোকেই হৈ পৰিছে বহুতৰ বাবে আদৰ্শ।

মানৱ জীৱনৰ এই দৃশ্যপট স্পষ্টৰূপত প্ৰতিফলিত হয় ক্ৰীড়া ক্ষেত্ৰত। ক্ৰীড়া, কলা আৰু জীৱনৰ মাজত আছে সম্পৰ্ক। ক্ৰীড়াত থাকে দুভৰি, দুহাতৰ কলাত্মক প্ৰদৰ্শন। এই ক্ৰীড়াৰ মাজতে প্ৰতিফলিত হয় মানৱ জীৱন। ক্ৰীড়া জগতখনেও মানুহক দিয়ে সংগ্ৰাম কৰাৰ অথবা জীয়াই থকাৰ প্ৰেৰণা।

আজিৰ সমাজত প্ৰায় প্ৰতিজন মানুহেই হতাশাৰ মাজেৰে সময় পাৰ কৰিছে। প্ৰাপ্তিহীনতা, স্বপ্ন ভংগ, একাকিত্বৰে বিধ্বস্ত আজিৰ প্ৰজন্মৰ বহুজন। এইসকলৰ বাবে বৰ্তমান সময়ৰ দুজন খেলুৱৈয়ে কঢ়িয়াই আনিছে আশাৰ সঞ্চাৰ। কেৱল প্ৰয়োজন এই দুই খেলুৱৈক কিছু অধ্যয়ন কৰাৰ।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে অনুষ্ঠিত কৰিছে এইবাৰ আই চি চিৰ মেগা ইভেণ্ট টি-২০ বিশ্বকাপ। আনহাতে আন এটা প্ৰান্তত অনুষ্ঠিত হৈ আছে ইউৰো-২০২৪। বিশ্ব ক্ৰীড়াৰ সৰ্বাধিক জনপ্ৰিয় খেলৰ ভিতৰত শীৰ্ষত আছে ফুটবল আৰু ক্ৰিকেট। এই দুয়োবিধ খেলতে এইবাৰ ৰূপকথাৰ নায়কৰ দৰেই উত্থান ঘটিছে দুজন বিশেষ খেলুৱৈৰ।

সেয়া আছিল ২০২১ ৰ ১২ জুন। স্থান কোপেনহেগেন। সেয়াও আছিল ইউৰো কাপৰ এখন মেচ। মেচখনত যুঁজত নামিছে ডেনমাৰ্ক আৰু ফিনলেণ্ড। গ্ৰুপ পৰ্যায়ৰ এই মেচখনত দুয়ো দলৰ খেলুৱৈসকলে দুভৰিৰ ছন্দৰে ষ্টেডিয়ামৰ হাজাৰ হাজাৰ দৰ্শকক উন্মাদ কৰি তুলিছিল।

তাৰ মাজতে ঘটিল অঘটন। হঠাৎ খেল পথাৰৰ মাজত বাগৰি পৰিল ডেনমাৰ্কৰ এজন খেলুৱৈ। হুৱাদুৱা লাগিল সকলোৰে মাজত। বাগৰিপৰা খেলুৱৈজনক আগুৰি ধৰিলে সতীৰ্থসকলে। আহিল মেডিকেল টীম। তাৰ পাছত খেল পথাৰৰ কাষলৈ আহিল এখন এম্বুলেঞ্চ। এম্বুলেঞ্চখনত লৈ যোৱা হ'ল ফুটবলাৰজনক।

ইয়াৰ পাছত প্ৰায় ৯ মাহ চিকিৎসালয়ত তেওঁৰ দেহত হ'ল কেইবাটাও অস্ত্ৰোপচাৰ। এই ঘটনাৰ কিছুদিনলৈকে সংবাদ মাধ্যমত খেলুৱৈগৰাকীৰ বিষয়ে খবৰ ঠিকেই আহি থাকিল। কিন্তু সময় বাগৰাৰ লগে লগে সংবাদ মাধ্যমতো খবৰৰ ভিতৰত এই খেলুৱৈজনৰ খবৰ হেৰাই থাকিল।

২০২৪ ইউৰো কাপ। মেচখনত মুখামুখী হৈছে শ্লোভাকিয়া আৰু ডেনমাৰ্ক। উত্তেজনাময় এই মেচখনত প্ৰথমাৰ্ধৰ ১৭ মিনিটতে শ্লোভাকিয়াৰ ৰক্ষণ বিভাগ ভেদ কৰি ডেনমাৰ্কৰ মিড ফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকছনে কৰিলে ডেনমাৰ্কৰ হৈ একমাত্ৰ গ'লটো।

ইয়াৰ পিছত আৰু কি লাগে? সমগ্ৰ বিশ্বতে পুনৰ চৰ্চালৈ আহিল ক্ৰিষ্টিয়ান ডেনমাৰ্ক। ৩ বছৰৰ আগত ষ্ট্ৰোকত আক্ৰান্তৰ হৈ খেলপথাৰৰ মাজত বাগৰি পৰা ক্ৰিষ্টিয়ানে ৩ বছৰৰ পাছত সেই একেখন প্ৰতিযোগিতাতে কৰিলে ৰাজকীয় প্ৰত্যাৱৰ্তন। জীৱন নহয়, এয়া যেন এক ৰঙীন চিনেমাহে।

২০২২ ৰ ৩০ ডিচেম্বৰ। দিল্লীৰ পৰা ৰুৰকীলৈ এখন বিলাসী মাৰ্ছিদিচ বাহনেৰে তীব্ৰ বেগেৰে যাত্ৰা কৰিছে তেওঁ। মনত নিজ মাতৃক ছাৰপ্ৰাইজ দিয়াৰ ইচ্ছা। কিন্তু তাৰ মাজতে ঘটিল সেই অঘটন।

শীতৰ নিশা কুঁৱলি ফালি বতাহৰ গতিৰে ৰুৰকী অভিমুখে আগবঢ়া বাহনখন হঠাৎ পথৰ মাজৰ ডিভাইডাৰত খুন্দা মাৰি বহু দূৰলৈ চুচিৰি গ'ল। অগ্নি সংযোগ হোৱাৰ কিছু মুহূৰ্তৰ পূৰ্বে সৌভাগ্যক্ৰমে বাহনখনৰ চালকৰ আসনত থকা এই খেলুৱৈজনক উলিয়াই আনিলে সেই স্থানত উপস্থিত হোৱা এজন চালকে।

তাৰ পিছতে বিস্ফোৰণ হৈ জ্বলি উঠিল বিলাসী বাহনখন। জীৱন আৰু মৃত্যুৰ মাজত কেৱল মাত্ৰ চুলি এডালৰ সমান ব্যৱধান। কিছু সময়ৰ পাছতে বিশ্বজুৰি ভাইৰেল হৈ পৰিল সেই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ।

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত টীম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটছমেন ঋষভ পণ্ট। কোনেও বিশ্বাস কৰিব নোৱাৰা এক খবৰ। ভিডিঅ', ফটোত ঋষভৰ আঘাতযুক্ত সৰ্বশৰীৰ প্ৰত্যক্ষ কৰিছিল সকলোৱে।

চিকিৎসকে কৈছিল ঋষভৰ কিদৰে টুকুৰা টুকুৰ হৈছিল হাড়। ঋষভৰ আঘাত ইমানেই বেছি গুৰুতৰ আছিল যে বহুতেই ধাৰণা কৰিছিল শেষ হৈ গ'ল এক ক্ৰিকেট প্ৰতিভা। অন্ত পৰিল ঋষভ পণ্টৰ কেৰিয়াৰ।

এই সকলো ধাৰণাক অসত্য প্ৰমাণ কৰি ৪৫৩ দিনৰ পিছত আই পি এলৰ জৰিয়তে পুনৰ ক্ৰিকেট জগতলৈ প্ৰত্যাৱৰ্তন কৰিলে পণ্ট। ২৬ বছৰীয়া এই ক্ৰিকেটাৰগৰাকীয়ে ১৩ খন মেচ খেলি সংগ্ৰহ কৰিলে ৪৪৬ ৰাণ।

এনে প্ৰদৰ্শনৰ জৰিয়তেই পণ্ট ঘূৰি আহিল টীম ইণ্ডিয়ালৈ। স্থান লাভ কৰিলে টি-২০ বিশ্বকাপৰ মেচত। ভাৰতীয় দলটোৰ এই ক্ৰিকেটাৰগৰাকী এতিয়া খেল পথাৰত হৈ পৰিছে একক আৰু অনন্য। গ্ৰুপ পৰ্যায়ৰ মেচ কেইখনৰ আটাইকেইখনতে গুৰুতূপূৰ্ণ ভূমিকা পালন কৰিছে পণ্টে।

পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত দলৰ আটাইকেইজন খেলুৱৈ বিপদত পৰাৰ সময়ত পণ্টে সংগ্ৰহ কৰা ৩১ বলত ৪২ ৰাণৰ ইনিংছটোৱে ৰক্ষা কৰিছিল ভাৰতৰ সন্মান। ইয়াৰোপৰি ষ্টাম্পৰ পাছফালে দুৰ্দান্ত হৈ পৰিছিল পণ্ট। ইয়াৰ পূৰ্বে বিশ্বকাপৰ প্ৰথমখন মেচতেই আয়াৰলেণ্ডৰ বিৰুদ্ধে কৰিলে ৩৭ বলত ৫২ ৰাণ।

ফুটবলৰা ক্ৰিষ্টিয়ান এৰিকছন আৰু ঋষভ পণ্টৰ এই প্ৰত্যাৱৰ্তনে মানুহক কিদৰে যুঁজিব লাগে তাৰেই শিক্ষা দিছে। হৃদ ৰোগত আক্ৰান্ত হৈ খেল পথাৰত বাগৰি পৰা ক্ৰিষ্টিয়ানো হেনো ৫ মিনিটৰ বাবে মৃত অৱস্থাত আছিল ! ক্ৰিষ্টিয়ানে নিজে কোৱা কথা এয়া। পণ্টেও প্ৰথম অৱস্থাত বিশ্বাস কৰা নাছিল তেওঁ যে এই দুৰ্ঘটনাৰ পাছতো জীয়াই আছে।

এই দুই খেলুৱৈয়ে প্ৰচণ্ড মানসিক দৃঢ়তাৰে যি নৱজীৱন লাভ কৰিলে এই নৱজীৱনত তেওঁলোকে ক্ৰীড়াক কলালৈ ৰূপান্তৰ কৰিছে। শ্লোভাকিয়াৰ বিৰুদ্ধে ক্ৰিষ্টিয়ানে ১৭ মিনিটত দিয়া সেই গ'লটো আছিল যেন কোনো শিল্পীৰ নিভাঁজ সৃষ্টিহে। পণ্টে পাকিস্তানৰ বিৰুদ্ধে খেলা সেই ৪২ ৰাণৰ ইনিংছটোৰ সৌন্দৰ্যও কম নাছিল।

এই দুই খেলুৱৈৰ এই প্ৰত্যাৱৰ্তনৰ কাহিনীৰ আঁৰত আছে অসম্ভৱকো সম্ভৱ কৰিব পৰা মানসিকতাৰ শিক্ষা। জীৱন যুঁজত অলপতে হতাশ হোৱা আজিৰ প্ৰজন্মই এই দুই তাৰকাৰ জীৱনৰ পৰা এই শিক্ষা লোৱা উচিত।

হতাশা, প্ৰাপ্তিহীনতা অথবা একাকিত্বৰ সৈতে মোকাবিলা কৰি যুঁজ দিবলৈ সাহস হেৰুওৱাসকলে এইবোৰক প্ৰত্যাহ্বান হিচাপে লোৱা উচিত। প্ৰত্যাহ্বানে জীৱন সুন্দৰ কৰে। এই প্ৰত্যাহ্বান নেওচি থিয় হ'ব পাৰিলেই নায়কৰ শাৰীলৈ উন্নীত হ'ব পাৰি। যিদৰে ৰূপকথাৰ নায়কৰ দৰেই বিশ্বৰ দুই মূৰে দুখন মেগা ইভেণ্টত মূৰ তুলি থিয় হৈ আছে দুই খেলুৱৈৰূপী নায়ক- ক্ৰিষ্টিয়ান এৰিকছন আৰু ঋষভ পণ্ট।

হতাশ নহ'বঃ এৰিকছন, পণ্টে দেখুৱাইছে জীৱনৰ ছন্দ...
এবাৰ খবৰ ল'বা বুলি, বৃদ্ধাশ্ৰমত ৰৈ আছে দেউতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in