এইবাৰ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰী...
এইবাৰ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰী...

এইবাৰ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰী...

Published on

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে মাজে মাজে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁৰ এই সিদ্ধান্তই সাধাৰণ ৰাইজক ভাবিবলৈ বাধ্য কৰি তোলে। সাধাৰণ ৰাইজৰ স্বাৰ্থত গ্ৰহণ কৰা এনেবোৰ সিদ্ধান্তই স্বাভাৱিকতে মুখ্যমন্ত্ৰীগৰাকীক ৰাইজৰ কাষলৈ লৈ যোৱাৰ সমান্তৰালকৈ চৰ্চাতো ৰাখে। অৱশ্যে তেওঁ গ্ৰহণ কৰা বহু সিদ্ধান্ত পৰৱৰ্তী সময়ত নিজেই ভংগ কৰাৰো উদাহৰণ নথকা নহয়।

গুৱাহাটীস্থিত লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আয়ুক্ত সন্মিলন। ৰাজ্যৰ আটাইকেইখন জিলাৰে আয়ুক্তই অংশগ্ৰহণ কৰা এই সন্মিলনত তেওঁ আয়ুক্তসকলক উদ্দেশ্যি বহু কেইটা নিৰ্দেশনা দিছে।

এই নিৰ্দেশনাসমূহৰ ভিতৰত আছে উপ-জিলাৰ কাম-কাজক ক্ষীপ্ৰতাৰে আগুৱাই নিয়া, আয়ুক্তসকলৰ সপ্তাহত এদিন ক্ষেত্র পৰ্যবেক্ষণ, বিশিষ্ট ব্যক্তিৰ ঘৰলৈ যোৱা,অভিভাৱক মন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে কাম-কাজ সন্দৰ্ভত আলোচনা, ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিখন জিলাত নতুন আঁচনি ৰূপায়ণ, ৩১ ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব ল’ব পৰাকৈ প্ৰয়োজনীয় কাম-কাজ আগবঢ়াই নিয়া আদি।

জিলা আয়ুক্তসকলৰ এই অতি গুৰুত্বপূৰ্ণ সন্মিলনতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভি ভি আই পি সংস্কৃতি আঁতৰোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ সংখ্যাও নিৰ্ধাৰণ কৰি দিছে। ইয়াৰোপৰি ড০ শৰ্মাই চৰকাৰী কাৰ্যসূচীত কেৱল নিৰামিষ খাদ্য ব্যৱহাৰৰো নিৰ্দেশ দিছে।

জিলা এখনত চৰকাৰী বিভাগসমূহৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহ সম্পূৰ্ণ হোৱাত বা সঠিকভাৱে কাৰ্যকৰী হোৱাৰ ক্ষেত্ৰত আয়ুক্তগৰাকীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। জিলাখনৰ সকলো দায়িত্ব তেওঁৰ কান্ধতে।

সেই আয়ুক্তসকলক এতিয়া কাৰ বাবে কি খাদ্যৰ ব্যৱস্থা কৰিব লাগিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে। এয়া কেৱল মুখ্যমন্ত্ৰী, আয়ুক্তসকলৰ বাবেই নহয় অসমৰ বাবেই এক চৰম দুৰ্ভাগ্যজনক কথা নহয়নে?

কিয় মুখ্যমন্ত্ৰীয়ে আয়ুক্তৰ সন্মিলনত খাদ্যৰ প্ৰসংগ আনিবলগীয়া হ'ল? কিয় মুখ্যমন্ত্ৰীয়ে কেতিয়া, কাৰ বাবে, কি খাদ্যৰ ব্যৱস্থা কৰিব লাগিব সেই সন্দৰ্ভত নিৰ্দেশ দিবলগীয়া এক পৰিস্থিতিৰ সূচনা হ'ল? বহুবল্কি, প্ৰচাৰ প্ৰিয় তেওঁৰে একাংশ আনুগত্যই তেওঁক এই পৰ্যায়লৈ লৈ যাবলগীয়া হোৱা নাইনে?

শেহতীয়াকৈ ২৭ জুনত নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকে ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰিছিল। এই কেবিনেট বৈঠকৰ বিতৰ্কৰ কাৰণ আছিল খাদ্যৰ তালিকা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেট বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত বুকু ফিন্দাই ডাঙৰ ডাঙৰকৈ খাদ্যৰ তালিকা ঘোষণা কৰিছিল।

২২ বিধ ব্যঞ্জনৰ এই খাদ্যৰ তালিকাত আছিল প্লেইন ৰাইচ, জিৰা ৰাইচ, পোলাও, ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জা,চিকেন চুপৰ, মাহৰ দাইলৰ লগত খাহিৰ তেল, দাইল, কলফুল ভাজি, ঢেঁকীয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ,গোলাপ জামুন আদি।

নলবাৰীৰ কেবিনেট বৈঠকৰ এই খাদ্যৰ তালিকা দেখি, শুনি চকু কপলত উঠিছিল ৰাজ্যবাসীৰ। প্ৰায় ১ লাখ ৪০ হাজাৰ কোটিৰো অধিক ঋণত ঋণগ্ৰস্ত চৰকাৰখনে জিলাই জিলাই কেবিনেট বৈঠক নে বৰভোজ আয়োজন কৰিছে বুলিও সাধাৰণ মানুহে প্ৰশ্ন কৰিছিল।

এনে প্ৰশ্নৰ সন্মুখীন হৈয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পৰৱৰ্তী সময়ত এই মহা আয়োজনে তেওঁক অসন্তুষ্ট কৰা বুলিও নলবাৰীৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছিল।কেবিনেট বৈঠকৰ নামত খাদ্যৰ এই মহা আয়োজন সাধাৰণ ৰাইজে ভাল পোৱা নাই। এই কথা হয়তো মুখ্যমন্ত্ৰীয়ে সহজেই অনুভৱ কৰিব পাৰিছে।

তাৰেই ফলশ্ৰুতিত এতিয়া মুখ্যমন্ত্ৰীয়ে ৰাইজৰ অসন্তুষ্টি উপলব্ধি কৰিয়েই আয়ুক্তসকলক নিৰ্দেশ দিছে কেবিনেট বৈঠকেই হওঁক বা আন কোনো চৰকাৰী কাৰ্যসূচীয়েই হওক কেৱল নিৰামিষ খাদ্যৰেহে আপ্যায়ন কৰিব লাগিব। ৰাজ্যিক অতিথিৰ বাহিৰে কোনো চৰকাৰী বিভাগে আমিষ আহাৰেৰে অপ্যায়ন কৰাটোত তেওঁ বাধা আৰোপ কৰিছে।

সেইদৰেই মুখ্যমন্ত্ৰীয়ে তেওঁৰ কনভয়ৰ ক্ষেত্ৰতো সৰ্বাধিক কিমান বাহন থাকিব সেই সন্দৰ্ভতো এক নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে জিলাই জিলাই কেবিনেট অনুষ্ঠিত কৰাৰ সময়ত তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যাই সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিছে।

মুখ্যমন্ত্ৰীৰ কনভয়ৰ সৈতে আন আন মন্ত্ৰীৰ কনভয়ো একে সময়তে যাত্ৰা কৰাৰ বাবেই বাহনৰ সংখ্যা ৬০/৭০ ৰ অতিক্ৰম কৰে। ফলশ্ৰুতিত জনসাধাৰণে দুৰ্ভোগ ভূগিবলগীয়া হোৱাটো তেনেই স্বাভাৱিক কথা।

মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে সাধাৰণ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱাটো কোনো নতুন কথা নহয়। গুৱাহাটীৰ বাহিৰেও মুখ্যমন্ত্ৰীয়ে আন আন জিলা ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা পৰিবেশক লৈ সৰ্বসাধাৰণ অসন্তুষ্ট। সেয়ে তেওঁ আয়ুক্তসকলক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ কনভয়ত সৰ্বাধিক ১০ খনহে বাহন থাকিব পাৰিব।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে মনলৈ আহিছে নগাঁৱত সৃষ্টি হোৱা সেই পৰিবেশৰ কথা। মুখ্যমন্ত্ৰীৰ নগাওঁ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত উজনি-নামনিৰ যাতায়ত একপ্ৰকাৰে স্তব্ধ কৰি দিয়া হৈছিল।

মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবেই সৃষ্টি হোৱা এই পৰিবেশৰ পাছতে ড০ শৰ্মা স্বয়ং ৰাজপথলৈ আহি এনেদৰে যাতায়ত ব্যৱস্থা স্তব্ধ কৰি তোলাৰ বাবে কোনোবা ৰজা মহাৰজা আহিছে নেকি বুলিও প্ৰশ্ন কৰি আয়ুক্তক ধমক দিছিল। বহুতেই মুখ্যমন্ত্ৰীৰ এই কাৰ্যক মুকলি সমৰ্থন কৰিছিল।

মুখ্যমন্ত্ৰীৰ এই স্থিতিয়ে কনভয়ৰ বাবে সাধাৰণ ৰাইজে বহু সময় ধৰি ৰৈ থাকিবলগীয়া হোৱা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব বুলিয়েই ভাবিছিল। কিন্তু সেই পৰিস্থিতি সলনি নহ'ল। মুখ্যমন্ত্ৰীৰ যে সেয়া এক প্ৰচাৰৰ কৌশল আছিল সেয়া প্ৰমাণ হৈছিল।

কিন্তু মুখ্যমন্ত্ৰীয়ে আজি পুনৰ আয়ুক্তক কঠোৰভাৱে এই নিৰ্দেশনা দিয়া বিষয়টোৱে নতুন চিন্তাৰ খোৰাক দিছে। ড০ শৰ্মাই হয়তো সঁচাকৈয়ে উপলব্ধি কৰিছে মুখ্যমন্ত্ৰীৰ কনভয়ে সৃষ্টি কৰা পৰিস্থিতিক লৈ সাধাৰণ ৰাইজে কিদৰে দুৰ্ভোগ ভূগিছে।

মন কৰিবলগীয়া যে, দিছপুৰৰ বাহিৰত যেতিয়াই কেবিনেট হয় তেতিয়া প্ৰতিজন মন্ত্ৰীয়েই সেই জিলালৈ যাত্ৰা কৰে। প্ৰতিজন মন্ত্ৰীৰ সৈতেই ব্যস্ত হৈ পৰিব লাগে আয়ুক্তকে আৰম্ভ কৰি সকলো শীৰ্ষ বিষয়া।

যদিহে এই মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীৰ সৈতে আন জিলা ভ্ৰমণ কৰাৰ সময়ত নিজৰ কনভয় ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ কনভয়ৰ সৈতেই যাত্ৰা কৰে তেন্তে এই কনভয় দীঘলীয়া হোৱাৰ সম্ভাৱনা নাথাকিব। একেদৰে কনভয়ৰ বাবে খৰচ হোৱা ৰাজকোষৰ ধনো অপব্যয় হোৱাৰ পৰা ৰক্ষা পাব। সেয়ে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত আৰু নিৰ্দেশ সঁচাকৈয়ে কাৰ্যকৰী হ'লে এয়া হ'ব মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এক লেখতলবলগীয়া সিদ্ধান্ত।

কেবিনেট বৈঠক দিছপুৰৰ পৰা জিলাসমূহলৈ সম্প্ৰসাৰিত হোৱাৰ বিষয়টোক লৈ দ্বিমত আছে। কোনো কোনোৱে ইয়াক সমালোচনা কৰিছে যদিও আন বহুতেই সমৰ্থন কৰিছে।

সমালোচকসকলৰ সমালোচনাৰো যুক্তিযুক্ততা আছে আৰু সমৰ্থকসকলৰো যুক্তি শক্তিশালী। জিলাই জিলাই কেবিনেট অনুষ্ঠিত কৰাৰ পক্ষত থকাসকলৰ মতে কেবিনেট এখন জিলাত অনুষ্ঠিত হোৱাৰ বাবে সেই জিলাৰ সকলো বিষয়া, কৰ্মচাৰী সক্ৰিয় হৈ চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ বাধ্য হয়।

বহুদিন ধৰি পৰি থকা আঁচনিকৰ কাম কেবিনেটৰ বাবেই আগবাঢ়ে। জিলাখনে উন্নয়নৰ মুখ দেখে। তাৰোপৰি কেবিনেট বৈঠকৰ পূৰ্বে বিভাগীয় মন্ত্ৰীসমূহে সেই সেই জিলাত তেওঁলোকৰ বিভাগৰ কামৰ খতিয়ান লয়।

সেয়ে বিভাগসমূহ সক্ৰিয় হৈ উঠে। ইয়াৰোপৰি কেবিনেট অনুষ্ঠিত হোৱা জিলাৰ বাবে কেবিনেটে বিশেষ পেকেজ ঘোষণাও কৰি আহিছে। এইবোৰ কাৰণতে জিলাই জিলাই কেবিনেট অনুষ্ঠিত হোৱা বিষয়টোৱে বহু যোগাত্মক দিশৰ উন্মেষ ঘটাইছে।

কিন্তু এই খিনিতে এই প্ৰশ্নও উত্থাপিত হয় কিয় চৰকাৰী বিভাগসমূহ সকলো সময়তে সক্ৰিয় হৈ নাথাকে? এখন জিলাৰ উন্নয়নৰ বাবে সেই জিলালৈ কেবিনেট যোৱাটো বাধ্যতামূলক নেকি? জিলাসমূহৰ বাবে একোগৰাকীকৈ অভিভাৱক মন্ত্ৰী থকাৰ পাছতো কিয় এই নিষ্ক্ৰিয়তা?

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰি যিসময়ত ভি আই পি, ভি ভি আই পি সংস্কৃতিৰ অৱসান ঘটাবলৈ বিচাৰিছে সেই সময়তে আকৌ তেওঁ আয়ুক্ত সন্মিলনত দিয়া আন এক নিৰ্দেশনাই তেওঁৰ সিদ্ধান্তক স্ববিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিছে।

তেওঁ প্ৰতিজন আয়ুক্তকে প্ৰতি সপ্তাহত জিলাখনৰ একোজনকৈ বিশিষ্ট ব্যক্তিৰ ঘৰলৈ যোৱাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ আঁৰৰ উদ্দেশ্য যদিও ৰাইজৰ বাবেই তথাপিও এই নিৰ্দেশে পুনৰ এক ভি আই পি সংস্কৃতি গঢ়ি তোলাৰহে আশংকা নথকা নহয়।

জিলা আয়ুক্তগৰাকী জিলাখনৰে মূল ব্যক্তি। এই আয়ুক্তগৰাকীয়ে তেওঁৰ ব্যস্ত সূচীৰ পৰা কিছু সময় ওলিয়াই কোনো বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গ'লে সেই বিশিষ্ট ব্যক্তিকহে ভি আই পিৰ শাৰীলৈ উন্নীত কৰা নহ'বনে?

যদিও ইয়াৰ উদ্দেশ্য বিশিষ্ট ব্যক্তিগৰাকীক ভি আই পি হিচাপে প্ৰতিষ্ঠা কৰা নহয় তথাপিও কিন্তু এনে কাৰ্যই আত্মপ্ৰচাৰ, আত্মপ্ৰতিষ্ঠাৰ লালসাত থকা একাংশ বিশিষ্ট ব্যক্তিক অধিক উৎসাহী হে কৰি তুলিব।

সেয়ে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশক কিছু সলনি কৰি আয়ুক্তগৰাকীক গাওঁ প্ৰধান বা গাওঁবুঢ়া আদিৰ দৰে ব্যক্তিৰ ঘৰলৈ যোৱাৰ হে নিৰ্দেশ দিব লাগে। এনে কৰিলে গাওঁপ্ৰধানৰ ঘৰত সেই অঞ্চলৰ আন ১০, ১২ জন ব্যক্তিৰ উপস্থিতিত অঞ্চলটোৰ বিষয়ে আলোচনা কৰিলে অঞ্চলটোৱে সন্মুখীন হোৱা নানান সমস্যাৰ বিষয়ে অৱগত হোৱাৰ লগতে সেই সমস্যা সমাধানত গুৰুত্ব দিয়াৰ এক সুযোগ পাব।

প্ৰত্যক্ষভাৱে ভুক্তভোগীৰ পৰা সমস্যাৰ বিষয়ে অৱগত হ'লে সেই সমস্যাৰ গুৰুত্বও উপলব্ধি কৰাত সহজ হ'ব আয়ুক্তগৰাকীৰ বাবে। কিন্তু তাৰ পৰিবৰ্তে সমাজৰ সাধাৰণ শ্ৰেণী ৰাইজৰ পৰা বহু আঁতৰত অৱস্থান কৰা অথচ সমাজৰ শীৰ্ষ শাৰীত থকা একাংশ তথাকথিত বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গ'লে সেই ভ্ৰমণ কেৱল কুশল বাৰ্তা বিনিময় আৰু চাহৰ আড্ডা কেন্দ্ৰীক হৈ পৰিব। তাৰ বাহিৰে আন কোনো মূল্য নাথাকিব।

এইবাৰ ৰাইজৰ পক্ষত মুখ্যমন্ত্ৰী...
অসমীয়া ৰাজ্যপাল...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in