মুখ্যমন্ত্ৰী যাব, চাব...

মুখ্যমন্ত্ৰী যাব, চাব...
মুখ্যমন্ত্ৰী যাব, চাব...
Published on
Updated on

চৰকাৰী ধনৰ অপব্যয় এতিয়া সাধাৰণ কথা হৈ পৰিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বিভিন্ন সময়ত চৰকাৰী ধনৰ অপব্যয়, চৰকাৰী সম্পদৰ অপব্যৱহাৰৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা বুলি ৰাইজক বুজাবলৈ চেষ্টা কৰে।

অসমৰ ৰাজনৈতিক ইতিহাসত বহু কাহিনী আছে, যিবোৰ কাহিনী এই অপব্যয় বা অপব্যৱহাৰৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা। মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ তেওঁ চৰকাৰী গাড়ী পত্নীকো ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিয়া নাছিল।

আনকি তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল অন্ত পৰাৰ পাছত চৰকাৰী গাড়ী এৰি নিজা ব্যৱস্থাৰে ঘৰলৈ উভতিছিল। সেইবোৰ কাহিনী এতিয়া আন মন্ত্ৰী- বিষয়াৰ ক্ষেত্ৰত বিচাৰিবলৈ যোৱাতো পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। তথাপিও চৰকাৰী ধনৰ এটা কড়িও যাতে ইচ্ছাকৃতভাৱে যাতে কোনে অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি সচেতনতাৰ এক পৰিবেশ সৃষ্টি হোৱাতো সাধাৰণ মানুহে বিচাৰে।

মুখ্যমন্ত্ৰী বা মন্ত্ৰী বা আন পদবীত থকা ৰাজনৈতিক নেতাসকলে বিভিন্ন পন্থাৰে চৰকাৰী সা-সুবিধা লাভ কৰাতো এক নীতিয়েই হৈ পৰিছে। সেয়েহে সকলো ক্ষেত্ৰতে ইয়াক তুলনাগত ভাবে বিচাৰ কৰাৰ সম্ভৱ হৈ নুঠে।

কিন্তু কোনবা এজন মন্ত্ৰীয়ে দলীয় কামত কোনো এখন ৰাজ্যলৈ গ'লে সেই ব্যয় নিশ্চিতভাৱে তেওঁ প্ৰতিনিধিত্ব কৰা দলেই কৰিব লাগে। ধৰক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দলীয় কামত ঝাৰখণ্ডলৈ গৈছে। সেই ৰাজ্যখনত মুখ্যমন্ত্ৰীয়ে কৰা ব্যয় যুক্তিগতভাৱে অসমৰ ৰাজ ভঁৰালৰ পৰা নে বিজেপিৰ পুঁজিৰ পৰা ব্যয় হ'ব লাগে সেই কথাখিনি সকলোৱে অনুধাৱন কৰিব পাৰে।

১৮/০৭/২০২৪ অসম আৰক্ষীৰ বিশেষ শাখা আৰু নিৰাপত্তাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে এখন পত্ৰ লিখিছিল। যিখন পত্ৰ আছিল অতি গোপনীয় আৰু সেই পত্ৰখনৰ নম্বৰ আছিল SB.VIII/1/PT/CM Security/2023-24/42.321-22 ।

ইতিমধ্যে ৰাজহুৱা হৈ পৰা এই পত্ৰখন আৰক্ষী বিষয়াগৰাকীয়ে ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালকপ্ৰধান অজয় কুমাৰ সিঙলৈ প্ৰেৰণ কৰিছে। ইয়াৰ প্ৰত্যালিপি প্ৰেৰণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্বত থকা কে কে দ্বিবেদীলৈ।

পত্ৰখনত বিষয়বস্তু হিচাপে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ঝাৰখণ্ড ভ্ৰমণৰ সময়ৰ নিৰাপত্তাৰ ব্যৱস্থা বুলি উল্লেখ কৰা হৈছে। ইয়াক লিখা হৈছে ড০ হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে ঝাৰখণ্ড ৰাজ্যৰ বাবে সহ-প্ৰভাৰী হিচাপে নিযুক্তি দি থৈছে। সেয়েহে তেওঁ ৰাজ্যখনলৈ ৰাজনৈতিক কামত সঘনাই অহা-যোৱা কৰিব লাগে।

এয়া এজন আৰক্ষী বিষয়া হিচাপে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ লিখা এখন পত্ৰ।সেই দায়িত্ব তেওঁ এই পত্ৰখনৰ জৰিয়তে পালন কৰিছে বুলি ভবাৰ থল আছে। যদিহে পত্ৰখনত আন কিছু কথাই মানুহক বিভ্ৰান্তি নকৰিলেহেতেন।

পত্ৰখনৰ মাজৰ অংশত ড০ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে MHA U.O No VI-23014/158/2017-VS Dtd 13-10-2022 যোগে জেড প্লাছ নিৰাপত্তা প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে। সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি ঝাৰখণ্ড ভ্ৰমণৰ সময়ত সেই নিৰাপত্তা ব্যৱস্থা যাতে সুনিশ্চিত কৰা হয় সেয়া সোঁৱৰাই দিয়া হৈছিল।

পত্ৰখনৰ শেষৰ পেৰাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান নাথে অনুৰোধ কৰিছে যে, তেখেতৰ ঝাৰখণ্ড ভ্ৰমণৰ সময়ত যি খৰচ হয়, সেই খৰচৰ বিল যাতে তেওঁলৈ প্ৰেৰণ কৰা হয়। অসম চৰকাৰৰ হৈ উক্ত ধন ঝাৰখণ্ড চৰকাৰক পৰিশোধ কৰিব।

এইখিনিতে সাধাৰণ মানুহৰ মনত সৃষ্টি হ'ব পৰা দুটা প্ৰশ্ন হ'ল বিজেপিৰ সহ-প্ৰভাৰী হিচাপে ঝাৰখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নামত হোৱা ব্যয় অসম চৰকাৰে বহন কৰিব লাগে নে নালাগে? ৰজনৈতিক এজেণ্ডা লৈ ঝাৰখণ্ডত ড০ শৰ্মাই যি কাৰ্যসূচীত অংশ ল'ব সেই কাৰ্যসূচীৰ বাবে হোৱা ব্যয় অসমৰ জনসধাৰণে দিয়া ৰাজহৰ পৰা পৰিশোধ কৰাতো যুক্তিসংগত নে?

কথাবোৰ স্পষ্ট হোৱা ভাল। জেড প্লাছ নিৰাপত্তা বেষ্টনীত থকা এজন ব্যক্তিৰ বাবে দেশৰ সকলো প্ৰান্ততে নিৰাপত্তা ব্যৱস্থা স্থানীয় প্ৰশাসনে কৰিব লাগে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবেও সেইখিনি দায়িত্ব ঝাৰখণ্ড ভ্ৰমণকালত তাৰ চৰকাৰে, আৰক্ষীয়ে ল'ব লাগিব। এইখিনি লৈকে সাধাৰণ মানুহৰো কথাবোৰ বোধগম্য হৈছে।

এই পত্ৰখনত শেষৰ ফালে উল্লেখ কৰা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ভ্ৰমণ ব্যয় বিলসমূহ অসম চৰকাৰলৈ তেওঁৰ জৰিয়তে প্ৰেৰণ কৰিবলৈ কোৱা কথাষাৰত কিন্তু বহু প্ৰশ্নবোধক ৰৈ যায়। এনে প্ৰশ্ন এতিয়া সাধাৰণ মানুহৰ মনত জাগ্ৰত হৈছে যে সহ-প্ৰভাৰী হিচাপে ঝাৰখণ্ডলৈ যোৱা, বিজেপিৰ হৈ ঝাৰখণ্ডত ৰাজনৈতিক কুচকাৱাজ চলাবলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰীৰ নহয়, ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যয়ৰ বোজা অসমৰ ৰাইজক দিয়াতো কিমান গ্ৰহণযোগ্য?

মুখ্যমন্ত্ৰী যাব, চাব...
নুনমাটিৰ চাঞ্চ্যকৰ ডকাইতি কাণ্ডঃ লক্ষ্য আছিল মাটি বিক্ৰী কৰা ধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in