সাংঘাটিক সাংবাদিক !

সাংঘাটিক সাংবাদিক !
সাংঘাটিক সাংবাদিক !
Published on
Updated on

চৌদিশৰ পৰা সংবাদিক আৰু সাংবাদিকতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ আঙুলি উঠিছে। ''সাংবাদিক'' মানেই ''সাংঘাটিক'' ধৰণৰ যি এক নেৰেটিভ সৰ্বসাধাৰণৰ মাজত গা কৰি উঠিছে সেই ধাৰণাই বহুবোৰ ঘটনাই সঁচা ৰূপে প্ৰতিষ্ঠা কৰাৰ পৰিবেশ সৃষ্টি হৈছে।

বিয়োগোম সাংবাদিকৰ পৰা আৰম্ভ কৰি মফচলিয় সাংবাদিকলৈকে এনেবোৰ অভিযোগত অভিযুক্ত সাংবাদিকৰ বাবেই এই বৃত্তিৰ প্ৰতি মানুহৰ বিৰাগ জন্ম হৈছে। চুমি-বিশাল কাণ্ডৰ সৈতে নাম সাঙোৰ খালে সাংবাদিকৰ।

হাত দীঘল আৰু ক্ষমতাবান সেইসকল সাংবাদিকৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত নীৰৱ দৰ্শকৰ ভূমিকাই পালন কৰি দায়িত্ব এৰিলে। দায়িত্বশীল সাংবাদিকৰ নাম যেতিয়া কোনো ধাবাত সুৰা সেৱন কৰি সেই বিল আদায় কৰিব নোৱাৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে খলনায়কৰ ৰূপত চৰ্চা হয় তেতিয়া মানুহে সাংবাদিকৰূপী এইসকল লোকক কঠোৰ সমালোচনা কৰাৰ বাদে কোনো বিকল্প পথ নাথাকে।

বহু দায়িত্বশীল সাংবাদিকৰ মাজত এনেবোৰ ঘটনাই সাংবাদিকক বদনামী কৰাৰ বাবে যথেষ্ট। অতি শেহতীয়াকৈ আকৌ অভিযোগৰ তালিকাত সোমাল কেইবাজনো সাংবাদিকৰ নাম। সোণাৰিৰ বিজেপি নেতা দেৱজিত হাজৰিকাই আত্মহনন কৰি আত্মহননৰ পূৰ্বে টোকাবহীত লিখি থৈ গ'ল সেই সাংবাদিকসকলৰ নাম।

সাংবাদিকতাৰ নামত ব্লেক মেইল, নিৰ্যাতন চলোৱা এইসকল সাংবাদিকৰ কিছুক পৃষ্ঠপোষক কৰিছিল পূৰ্বতে আৰ টি আই কৰ্মীৰূপে কাম কৰা আৰু বৰ্তমান এটা নিউজ প'ৰ্টেল খুলি সাংবাদিকৰ ধ্বজ্জা উৰুওৱা দুলাল বৰাই। সাংবাদিকতাক প্ৰদূষণ কৰাত এতিয়া এইসকলে লৈছে অন্যতম ভূমিকা।

এতিয়া সাংবাদিক হ'বলৈ একোৱেই নালাগে। সাংবাদিকতাৰ শিক্ষা, দায়বদ্ধতা, অধ্যয়ন এইবোৰ গছৰ আগত উঠিল। সামাজিক মাধ্যমত এটা পেজ খুলিয়েই সাংবাদিকতা কৰিব পৰা সহজ সুবিধা সকলোৰে বাবে উপলব্ধ হোৱাত সেই সুযোগ বিভিন্নজনে গ্ৰহণ কৰিছে।

তেওঁলোকে হাতত থকা বুম আৰু কেমেৰাটোকে শক্তিশালী অস্ত্ৰ হিচাপে গ্ৰহণ কৰি ইয়াক ধন ঘটাৰ এক পথ ৰূপে ধৰি লৈছে। ইয়াত হাত উজান দিবলৈ মানুহৰ অভাৱ হোৱা নাই। বিতৰ্কিত চিকিৎসক ডাঃ মৃদুপৱন নাথৰ দৰে লোকে বুজন সংখ্যক ধন ইয়াৰ বাবে বিনিয়োগ কৰাৰ তথ্য আৰক্ষীৰ অনুসন্ধানতে পোহৰলৈ আহিছে।

দুলাল বৰা নামৰ বিতৰ্কিত আৰ টি আই কৰ্মীজনে খোলা এটা নিউজ প'ৰ্টেল 'এন ই ভাৰত'। সেই প'ৰ্টেল খুলিছিল ৰাইজিং ছেভেন ছিছষ্টাৰ্ছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বেনাৰত। য'ত সঞ্চালক হিচাপে আছে দুলাল বৰা, ডাঃ মৃদুপৱন নাথৰ পিতৃ মিনাৰাম নাথা আৰু ঢেকীয়াজুলিৰ আন এগৰাকী বিতৰ্কিত আৰ টি আই কৰ্মী দিলীপ নাথ।

সেই এন ই ভাৰতৰ ল'গ' আৰু ষ্টিকাৰ গাড়ীত লগাই বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথেও নিজকে সাংবাদিকৰ ভাও দিছিল। পত্নীৰ এজাহাৰৰ ভিত্তিত ডাঃ নাথৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত কৰোঁতেহে কেছু খান্দোতে সাপ ওলাইছিল।

এতিয়া এচাম লোকৰ বাবে সাংবাদিকৰতাৰ স্বৰূপ এই স্তৰলৈ অৱনমিত হৈছে। সাংবাদিকতা বহুতৰ বাবে বিলাস আৰু উপভোগৰ উৎস হৈ পৰিছে। তাত হাত উজান দিছে এনে এচাম অদায়িত্বশীল লোকে। তেওঁলোকৰ অদায়িত্বশীলতাৰ প্ৰমাণ দুদিনমানৰ পূৰ্বে অৰ্থাৎ ২০ ছেপ্টেম্বৰ, ২০২৪ ত এন ই ভাৰত নামৰ নিউজ প'ৰ্টেলটোৰ কাৰ্যালয়তে পোৱা গৈছে।

এই প'ৰ্টেলটোত কৰ্মৰত এগৰাকী সংবাদকৰ্মীয়ে ব্যক্তিগত অসুস্থতাৰ কাৰণত নিয়ম অনুসৰিয়েই অব্যাহতি লৈছিল। কিন্তু সংবাদকৰ্মীগৰাকীক শেষৰ মাহৰ দৰমহা প্ৰদান নকৰাত কাৰ্যালয়লৈ গৈছিল তেওঁ। সেয়াই তেওঁৰ ভুল হ'ল।

দুলাল বৰা আৰু তেওঁৰ কোম্পানীয়ে দৰমহা বিচাৰি যোৱা সংবাদকৰ্মীগৰাকীক কাৰ্যালয়ত চুৰি কৰাৰ অভিযোগ তুলি আৰক্ষীক গটালে। তিনি ঘণ্টা সময় আৰক্ষীয়ে তেওঁক থানাত বহোৱাই থ'লে। দায়িত্বত থকা আৰক্ষী বিষয়াই মহিলা সংবাদকৰ্মীগৰাকীক বুজালে দুলাল বৰাৰ দৰে ক্ষমতাশালী লোকৰ সৈতে যুঁজি লাভ নাই।

থানাৰ পৰা সংবাদকৰ্মীগৰাকী আহিল যদিও ফোনত সেই নিৰ্যাতন অব্যাহত থাকিল। দুলাল বৰাৰ জীয়ৰীয়ে ফোনযোগে তেওঁক ভাবুকি দিলে। ক'লে- তেওঁ নিউজ প'ৰ্টেলটোৰ কাৰ্যালয়ৰ পৰা সামগ্ৰী চুৰি কৰাৰ চিচি টিভি ফুটেজ মজুত আছে।

মহিলা সংবাদকৰ্মীগৰাকীয়েও প্ৰত্যাহ্বান জনালে। ৰাজহুৱা কৰক সেই ফুটেজ। এইসকলৰ বিৰুদ্ধে এতিয়া সংবাদকৰ্মীয়েও এনেদৰে যুঁজ দিবলগীয়া হৈছে। কাষত কিন্তু কোন নাই। সাংবাদিকতাৰ বিপথগামী যাত্ৰাক ধিক্কাৰ দিয়া কোনো এজন লোকেই এই মহিলা সংবাদকৰ্মীগৰাকীৰ পক্ষত মাত নামাতিলে।

সাংবাদিকৰ বহু সংস্থা, সংগঠন আছে। কোনেও তেওঁৰ হৈ দুলাল বৰাৰ বিৰুদ্ধে টু-শব্দ নকলে। এইবোৰ বিষয় আৰু অভিযোগ উত্থাপন হ'লেই দায়িত্বশীল সেই সংগঠনসমূহৰ মুখত মাত নাইকীয়া হৈ পৰে। তেনে কেনেকৈ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব সংবাদকৰ্মী আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনে?

বিয়াগোম আৰু ক্ষমতাবান সাংবাদিকৰ বিৰুদ্ধে মাত মতাটো এতিয়া ভীষণ প্ৰত্যাহ্বান। তেওঁলোকে কেতিয়া, ক'ত বিৰুদ্ধাচাৰণ কৰাসকলক শিক্ষা দিয়ে তাৰ কোনো নিশ্চয়তা নাই। সেই ভয় লৈ ফুৰে দায়িত্বশীল আৰু সাহসী সাংবাদিকসকলেও।

দুলাল বৰা কিমান ভয়ংকৰ আৰু কি পৰ্যায়ৰ মানুহ সেয়া এতিয়াৰ পৰা চাৰি বছৰ পূৰ্বেই উন্মোচিত হৈছিল। কিন্ত তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থাই লোৱা নহ'ল। যাৰ বাবে দুলাল বৰা দালাল বৰাৰ ৰূপত প্ৰতিষ্ঠিত হৈ গৈয়ে থাকিল।

বিজেপি নেতা দেৱজিত হাজৰিকাৰ আত্মহননৰ ঘটনাৰ সৈতে তেওঁৰ নাম সাঙোৰ খোৱাৰ পূৰ্বে অলেখ গোচৰ তেওঁৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছিল। চি আই ডিৰ তথ্য অনুসৰি ২০২০ লৈকে দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ৩১ টা আছিল।

চি আই ডি থানাত ২০১৬ ত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হৈছিল ০০২/২০১৬ নম্বৰ গোচৰ। তাৰ পাছত চি আই ডিতে ২০১৯ ত ৰুজু হোৱা গোচৰৰ নম্বৰ ০০২৭/২০১৯। বশিষ্ঠ থানাত ২০০৮ ত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ ৪৮/২০০৮। এইখন থানাতে ২০০৯ ত ৰুজু হৈছিল তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ। যিটো নম্বৰ ০৫/২০০৯।

২০১২ চনত বশিষ্ঠ থানাত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা তৃতীয়টো গোচৰৰ নম্বৰ ৫০৭/২০১২। বশিষ্ঠ থানাতে ২০১২ ত দুলাল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিবলগীয়া হৈছিল ৮১১/২০১২ নম্বৰত গোচৰ। দিছপুৰ থানাত ২০১৩ ত ৰুজু হোৱা ২৪৮৭/২০১৩ নম্বৰৰ গোচৰটোও আছিল এইজন বিতৰ্কিত ব্যক্তিৰ বিৰুদ্ধেই।

২০১৪ ত বশিষ্ঠ থানাত ৰুজু হৈছিল ৭৩৩/২০১৪, ২০১৬ ত একেখন থানাতে ৩৯৫/২০১৬ নম্বৰৰ গোচৰ। সম্ভৱতঃ বশিষ্ঠ থানাত দুলাল বৰাৰ বিৰুদ্ধেই ৰুজু হৈছে আটাইতকৈ বেছি গোচৰ। ২০১৯ ত ২১১৬/২০১৯, ২১৫৪/২০১৯ নম্বৰৰ গোচৰ দুটাৰো অভিযুক্ত আছিল দুলাল বৰা।

২০২০ ত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ ১৩/২০২০। সেই বছৰৰে গোচৰ নম্বৰ ২৬৯/২০২০ দুলাল বৰাৰ বিৰুদ্ধেই ৰুজু কৰা হৈছিল। দিছপুৰ, হাতীগাওঁ, ভঙাগড়, শিলচৰ, কোকৰাঝাৰ, ডিফু, ডেৰগাওঁ আদি থানাত এই গোচৰসমূহ ৰুজু কৰিছিল।

প্ৰৱঞ্চনা, ধন দাবী আদি অভিযোগতেই এই গোচৰসমূহ ৰুজু কৰা হৈছিল। সেই সময়ত দুলাল বৰাৰ মূল অস্ত্ৰ আছিল আৰ টি আই। আৰ টি আইকে সম্বল কৰি লৈ ইয়াৰ দ্বাৰা আহৰণ কৰা তথ্যৰে চৰকাৰী বিষয়াক ভয়, ভাবুকিৰে ধনদাবী কৰা তথ্যৰ সন্দৰ্ভত চি আই ডিয়েও ৰাজ্যিক তথ্য আয়োগলৈ পত্ৰ লেখি মানুহজনৰ বিৰুদ্ধে সতৰ্ক কৰি দিবলগীয়া হৈছিল।

ৰাজ্যিক তথ্য আয়োগে পূৰ্ণ পৰ্যায়ৰ আয়োগৰ সকলো সদস্যৰ উপস্থিতিত ১৬ ডিচেম্বৰ ২০২০ ত এক শুনানি গ্ৰহণ কৰি দুলাল বৰাৰ বিৰুদ্ধে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল। ৰাজ্যিক তথ্য আয়োগৰ প্ৰতিবেদন অনুসৰি এইজন বিতৰ্কিত দুলাল বৰাই এদিনতে আৰ টি আই আইন-২০০৫ ৰ অধীনত ১১০ খনলৈকে আবেদন দাখিল কৰিছিল।

আনকি দুলাল বৰাৰ এই অপকৰ্মৰ বাবেই তেওঁ আবেদন কৰা আৰ টি আই আবেদনৰ দ্বিতীয় শুনানি নোলোৱাৰ সিদ্ধান্তও লৈছিল। দুলাল বৰাক আয়োগৰ পূৰ্ণ পীঠে মাতি আনি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শুনানি লৈছিল।

জাননী নং SIC/AE.83/2020 ৰ যোগে আয়োগে দুলাল বৰাক মাতি আনি সকলো কথা সুধিছিল। ১৬ ডিচেম্বৰ ২০২০ ত আবেলি ৩ বজাত দুলাল বৰা আয়োগৰ সম্মুখত হাজিৰ হৈছিল। সেই সময়ত আয়োগৰ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত এ পি ৰাৱট, ৰাজ্যিক তথ্য আয়ুৰ্ত সমুদ্ৰগুপ্ত কাশ্যপ, ৰাজ্যিক মুখ্য আয়ুক্ত কনক চন্দ্ৰ শৰ্মাই সাক্ষ্য লৈছিল দুলাল বৰাৰ।

বৰাই আয়োগক জনাইছিল যে, চি আই ডিৰ এজন তদন্তকাৰী বিষয়াই তেওঁৰ বিৰুদ্ধে পৰিকল্পিতভাৱে এই অভিযোগ দিছে। তেতিয়া আয়োগৰ প্ৰত্যুত্তৰ আছিল এই অভিযোগ আছিল এই অভিযোগ কোনো এজন বিষয়াৰ ব্যক্তিগত অভিযোগ আছিল। চি আই ডিৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁলোকে এই প্ৰতিবেদন পাইছে।

আনকি চি আই ডিয়ে সেই প্ৰতিবেদনত দুলাল বৰাই অবৈধ আৰু অনীতিগতভাৱে আৰ টি আইক আধাৰ কৰি লৈ কেনেদৰে কোটি কোটি ধন সংগ্ৰহ কৰিছে তাৰো আভাস আছিল। গড় হিচাপত দুলাল বৰাই প্ৰতিদিনেই ১২ খন আৰ টি আই আবেদন দাখিল কৰে।

এইবোৰ মনে সজা তথ্য নহয়। অসম ৰাজ্যিক তথ্য আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা তথ্য। চৰকাৰীভাৱেই দুলাল বৰাৰ সন্দৰ্ভত সকলোবোৰ তথ্য ফাদিল হোৱাৰ পাছতো এতিয়া সেইজন দুলাল বৰাই সাংবাদিকৰ ভাও ধৰি প্ৰৱঞ্চনাৰ আন এক জাল মেলিছে।

এনেবোৰ লোকেই যদি সংবাদ ক্ষেত্ৰখনতো ভিৰ কৰেহি তেনে সংবাদ ক্ষেত্ৰৰ ৰূপ আৰু স্বৰূপ কি হ'ব পাৰে সেয়া সহজেই অনুমেয়। সাংবাদিকতা এতিয়া ভীষণ প্ৰত্যাহ্বানৰ সন্মুখত। আপেক্ষিক অৰ্থত এতিয়া সকলোৱেই সাংবাদিক হৈ পৰিছে।

দায়বদ্ধতাহীন আৰু গ্লেমাৰ তথা ভোগবাদী জগতত তথাকথিত সাংবাদিকসকল বিলীন হৈ পৰিছে। সাধাৰণ লোকতকৈ তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য যে অধিক সেই কথা অনুধাৱন কৰাৰ সলনি এই বৃত্তিক তেওঁলোকৰ বাবে সোণৰ কণীপৰা হাঁহলৈ ৰূপান্তৰ কৰিছে। যাৰ পৰিণাম সমাজে ভূগিছে আৰু ইয়াৰ সুযোগ দুলাল বৰাৰ দৰে এক শ্ৰেণীৰ লোকে গ্ৰহণ কৰিছে।

সাংঘাটিক সাংবাদিক !
পূজনীয় দেউতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in