টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !

টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !
টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !
Published on
Updated on

কি আহাৰ খায়? আমিষ নে নিৰামিষভোজী আপুনি? প্ৰশ্নটো আপোনাক এনেই সোধা নাই। এতিয়া আপুনি যদি এটা ফ্লেট কিনাৰ কথা চিন্তা কৰিছে তেন্তে সেই প্ৰশ্নৰো উত্তৰ দিব লাগিব আপুনি। আমিষভোজী হ'লে কিনিব নোৱাৰিব ফ্লেট।

মহানগৰীৰ ভঙাগড়ত এটা ফ্লেট বিক্ৰী হ'ব। ভঙাগড়ৰ জি এছ ৰোডৰ কাষতে থকা এই ফ্লেটটো চাৰিটা বেডৰুম যুক্ত। আছে এটা কিটচেন হল। ইয়াৰ মুঠ আয়তন ২৮০০ বৰ্গফুট। ফ্লেটটোৰ নিৰ্মাণ কাৰ্য ২০২৩ চনৰ পৰা চলি আছে।

২০২৪ ৰ দীপাৱলি বতৰত ফ্লেটটো সাজু হৈ উঠিব। দামো অৱশ্যে কম নহয়। এখন গাড়ীৰ পাৰ্কিঙৰ বাবে ঠাই পাব ফ্লেটটো কিনোতাগৰাকীয়ে। ইয়াৰ মূল্য ধাৰ্য কৰা হৈছে ১.৮ কোটি টকা।

কাৰোবাৰ যদি টকা আছেও তেনেহ'লে এই ফ্লেটটো ক্ৰয় কৰিব নোৱাৰিব। 'অংকুজ প্ৰ'পাৰ্টি' নামৰ ৰিয়েলষ্টেটৰ ব্যৱসায় কৰা প্ৰতিষ্ঠানটোৱে সামাজিক মাধ্যমত ইয়াৰ বিজ্ঞাপন দিছে। কিন্তু ফ্লেটটো ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আছে বিশেষ চৰ্ত।

বিজ্ঞাপনটোত উল্লেখ কৰা মতে সেই ফ্লেটটো ক্ৰয় কৰিবলৈ আপুনি সম্পূৰ্ণ নিৰামিষভোজী হ'ব লাগিব। অন্যথা যিমান ধন বিচাৰিছে ফ্লেটটোৰ বাবে সেই ধন দিব পৰা ক্ষমতা থাকিলেও আপুনি এই ফ্লেটটো ক্ৰয় কৰিব নোৱাৰিব যদিহে নিৰামিষভোজী নহয়।

সামাজিক মাধ্যমত 'অংকুজ প্ৰপাৰ্টি'য়ে দিয়া বিজ্ঞাপনটোত যোগাযোগৰ বাবে এটা নম্বৰো আছে। নম্বৰটো আছিল ৭০০২১-৮৪৫XX। এই নম্বৰটোত যোগাযোগ কৰা হৈছিল। কিয়নো এনে চৰ্ত ফ্লেটটোৰ বিক্ৰীৰ বাবে বান্ধি দিয়া হৈছে সেই কথা সুধিবলৈ।

নাথ উপাধিধাৰী এজন অসমীয়া যুৱকেই ফোনটো ধৰিলে। তেওঁ সেই ফ্লেটটোৰ সন্দৰ্ভত প্ৰশ্ন কৰোতেই প্ৰথমে ক'লে- এইটো ফ্লেট আপুনি কিনিব নোৱাৰিব। এইটো বিশেষ এক সম্প্ৰদায়ৰ লোককহে বিক্ৰী কৰা হ'ব। কিয়নো ফ্লেটটোৰ ছ'চাইটিয়ে বেলেগ লোকক ফ্লেটটো বিক্ৰীৰ বাবে নিদিব।

যুৱকজনে ইয়াকো ক'লে অংকুজ প্ৰপাৰ্টিৰ বহু কেইটা প্ৰজেক্ট বিভিন্ন স্থানত চলি আছে। কিমান টকা মূল্য দি ক'ত, কিমান বেডৰুমৰ ফ্লেট ক্ৰয় কৰিব পাৰি তাৰ আভাসো দিলে।

প্ৰশ্নটো তাতেই। এইখন অসমত এনে এক পৰিবেশৰ সৃষ্টি হৈছে আজি যে ফ্লেট, ঘৰ বিক্ৰীৰ ক্ষেত্ৰতো এই অদ্ভুত চৰ্তসমূহো মানুহে মানি চলিব লাগিব। এটা এপাৰ্টমেণ্টত কেৱল নিৰামিষভোজী বা আমিষভোজী লোকেই বাস কৰিব পাৰিব বুলি কিবা আইন আছেনেকি?

যদি নাই তেনেহ'লে এনে অদ্ভুত চৰ্তৰে ফ্লেট বিক্ৰীৰ বিজ্ঞাপন দি এই ৰিয়েলষ্টেট প্ৰতিষ্ঠানটোৱে এক সুস্থ সামাজিক বাতাবৰণ নষ্ট কৰা নাইনে? কোনে তেওঁৰ ৰান্ধনীঘৰত কি ৰান্ধিব, মাছ, মাংস খাব নে নাখাব সেয়া কেতিয়াও অসমীয়া সমাজত, অসমত চৰ্চালৈ অহা নাছিল।

এই ধৰণৰ বাচ-বিচাৰ সাধাৰণতে উত্তৰ, দক্ষিণ ভাৰতৰ লোকসকলৰ মাজত হয়। কিন্তু অসমত আমাৰ সামাজিক ব্যৱস্থাই এই সংকীৰ্ণতাক বহু দূৰত এৰি থৈ আহিছে। কিন্তু এতিয়া অসমতেই এনে এচাম লোকে এই সংকীৰ্ণতাক সজীৱ কৰি অসমতেই অসমীয়াক অস্পৃশ্য কৰি তোলাৰ বাট মুকলি কৰিলে।

অসমত বাস কৰা ভূমিপুত্ৰসকলৰ খাদ্যাভ্যাস বৈচিত্ৰপূৰ্ণ। কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা এই ভূমিপুত্ৰসকলে আমিষ আহাৰকে পচন্দ কৰে। একেদৰে আন অসমীয়া লোকসকলৰো প্ৰথম পচন্দ আমিষ আহাৰ।

বহুতে কিছু ৰীতি-নীতি মানি সপ্তাহৰ নিৰ্দিষ্ট দিনত নিৰামিষ আহাৰ গ্ৰহণ কৰে যদিও তেওঁলোকৰ বাবে আমিষ আহাৰ বৰ্জনীয় নহয়। অসমৰ বাহিৰৰ পৰা অহা লোকসকলকো স্থানীয় লোকসকলৰ তেওঁলোকৰ খাদ্যাভ্যাসক লৈ কোনো প্ৰশ্ন তোলা নাই।

তেনেস্থলত অসমত এটা ফ্লেট কিনিবলৈ কিনোতা জন নিৰামিষভোজী হ'ব লাগিব বুলি কোনো নিৰ্মাণকাৰী প্ৰতিষ্ঠানে চৰ্ত বান্ধি দিবলৈ সাহস কৰাতো সহজ আৰু সাধাৰণ কথা নহয়। এনেকৈয়ে এই অগ্ৰাসনে অসমীয়াত্বকে গ্ৰাস কৰি পেলাব।

ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত দুয়োপক্ষৰ সন্মতি সাপেক্ষে কিবা চৰ্ত মানি লৈছে তাত ক'বলগীয়া তৃতীয় পক্ষৰ একো নাথাকে। কিন্তু সামাজিক মাধ্যমত ৰাজহুৱা কৰি এক বিজ্ঞাপন দি এইখন অসমতে গঢ়ি তোলা এক সম্পত্তি অসমীয়াই ক্ৰয় কৰিব নোৱাৰা পৰিবেশ কোনোবাই ৰচনা কৰিলে ই সঁচাই হৈ পৰে চিন্তনীয়।

আজি খাদ্যৰ সন্দৰ্ভত চৰ্ত বান্ধি দিছে। কালিলৈ আন বিষয়বোৰক লৈয়ো চৰ্ত দিব। কোনে জানে এনে দিন আহিব যে, 'অসমীয়াক এই সম্পত্তি বিক্ৰীৰ বাবে নহয়' বুলি চৰ্ত লিখি দিলেও আমি আচৰিত হ'বলগীয়া একো নাথাকিব।

ইয়াৰ পাছতো আমাৰ গাত কথাবোৰ লগা নাই। অসমতেই অসমীয়া ভগনীয়া আৰু এলাগী হৈ গৈ থকাৰ পাছতো আমাৰ গালৈ হুচ অহা নাই। অম্বিকাগীৰিয়ে দি যোৱা সতৰ্কবাণীয়েও আমাক আজিও জগাই তুলিব পৰা নাই।

টকা থাকিলেই নহ'ব, নিৰামিষভোজী হ'লেহে ফ্লেট কিনিব পাৰিব !
অমিত শ্বাহৰ বাবে এটা কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in