তুষাৰ প্ৰতিম
যিকোনো এটা অপৰাধৰ চূড়ান্ত শাস্তি মৃত্যুদণ্ড। আইনী প্ৰক্ৰিয়াৰেই হওক অথবা বেআইনী প্ৰক্ৰিয়াৰেই হওক বিশ্বত শাস্তিৰ চূড়ান্ত বিধান হিচাপে মৃত্যুদণ্ডৰ বিধান বৰ্তি আছে। ভাৰতত অপৰাধৰ চূড়ান্ত আইনী শাস্তি হিচাপে মৃত্যুদণ্ডৰ বিধান আছে।
ফাঁচি কাঠত ওলমাই অপৰাধীক শাস্তি দিয়াৰ নিয়ম। দেশভেদে মৃত্যুদণ্ডৰ পদ্ধতিও পৃথক। ভাৰতত যিদৰে ফাঁচী দিয়া হয়, ঠিক সেইদৰে আন একাংশ ৰাষ্ট্ৰত গুলিয়াই বা অন্যান্য ধৰণে মৃত্যুদণ্ডৰ শাস্তি কাৰ্যকৰী কৰি আহিছে।
ভাৰতত মৃত্যুদণ্ডৰ প্ৰক্ৰিয়া সলনি কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰা হৈছে। এই আৱেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিছে শুনানি। ন্যায়ালয়ে ফাঁচীৰ পৰৱৰ্তে অন্য প্ৰকাৰে মৃত্যুদণ্ডৰ শাস্তি কাৰ্যকৰী কৰিব পাৰি নেকি সেই বিষয়টো পৰ্যালোচনা চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ঋষি মালহোত্ৰাৰ মতে ভাৰতত ফাঁচী কাঠত ওলমাই মৃত্যু বিহা প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিষ্ঠুৰ ৷ তেওঁৰ যুক্তিত পতিয়ন গৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য নায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এই বিষয়টো বিবেচনাৰ বাবে আনিছে। ইয়াৰ বাবে গঠন কৰা হ’ব এখন কমিটী।কমিটীখনে এই সন্দৰ্ভত বৈজ্ঞানিক তথ্য যুগুত কৰিব।
মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া সময়ৰ লগে লগে সলনি হৈছে। বহু পূৰ্বে হাতীৰ গছকত মৃত্যু দণ্ডৰ ৰায় কাৰ্যকৰী কৰাৰ নিয়ম আছিল। একেদৰে অপৰাধীক জ্বলাই দিয়াৰো নিয়ম আছিল।
যীশুক ক্ৰুচবিদ্ধ কৰি মৃত্যুদণ্ড দিয়াৰ কথা সকলোৱে জানে। ইতিহাসৰ পাতত মৃত্যুদণ্ডৰ শাস্তি হিচাপে অপৰাধীৰ হাত, ভৰি, মুণ্ড কাটি মৃত্যুদণ্ড দিয়াৰ নিয়মৰো উদাহৰণ আছে।
সময় বাগৰাৰ লগে লগে এই নিয়মবোৰ সলনি হৈছে। এতিয়া বেছিভাগ ৰাষ্ট্ৰই মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিছে। বিশ্বৰ ৯৭ খন দেশত মৃত্যুদণ্ডৰ শাস্তি ৰদ কৰা হৈছে। ৫৮ খন দেশত এতিয়াও অৱশ্যে মৃত্যুদণ্ডৰ শাস্তি বৰ্তি আছে। ভাৰত আছে এই ৫৮ খন দেশৰ তালিকাত।
তথ্য অনুসৰি, ২৫ টা বিভিন্ন অপৰাধৰ বাবে ৰজা হামুৰাবি সংহিতাৰ অধীনত খ্ৰীষ্টপূৰ্ব ৮ম শতিকাত মৃত্যুদণ্ড প্ৰথমে আইন হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ উপৰিও, খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত, এথেন্সৰ কঠোৰ সংহিতা অনুসৰি, সকলো অপৰাধৰ বাবে মৃত্যুদণ্ডই একমাত্ৰ শাস্তি আছিল।
এছিয়াৰ আটাইকেইখন দেশৰ লগতে লাইবেৰিয়া আৰু ৱাশ্বিংটনত মৃত্যুদণ্ডৰ শাস্তি ফাঁচীৰ জৰিয়তে কাৰ্যকৰী কৰা হয়। ভাৰত, পাকিস্তান, বাংলাদেশত ফাঁচীৰ দ্বাৰা মৃত্যুদণ্ড প্ৰদান কৰা হয়।
মধ্য প্ৰাচ্য, চৌদি আৰৱ আৰু কাটাৰত অপৰাধীৰ শিৰচ্ছেদৰ জৰিয়তে মৃত্যুদণ্ডৰ শাস্তি কাৰ্যকৰী কৰা হয়। এইকেইখন ইছলামিক ৰাষ্ট্ৰত এইদৰে শিৰচ্ছেদ কৰি মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰা আইনখন ইছলামীয় চৰিয়াতৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়া, মিছৌৰী আৰু এৰিজোনাত মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীক গেছ চেম্বাৰত ভৰাই মৃত্যুদণ্ড দিয়া হয়। আন কিছু অংশত আকৌ বৈদ্যুতিক ছেয়াৰত অপৰাধীক বহুৱাই শ্বৰ্ট চাৰ্কিটৰ জৰিয়তে মৃত্যুদণ্ড দিয়া হয়।
এই নিয়ম চীনতো আছে। অপৰাধীক বৈদ্যুতিক তাঁৰৰ সৈতে এখন কাঠৰ চকীত বহুৱাই দিয়া হয় আৰু অপৰাধীৰ মূৰত ধাতুৰ হেলমেট পিন্ধাই দিয়া হয়। এই হেলমেটত বৈদ্যুতিক সংযোগ কৰা হয়।
প্ৰথম ৮ ছেকেণ্ডত, ২৩০০ ভল্ট বিদ্যুত প্ৰবাহিত হয় আৰু তাৰ পিছত ২২ ছেকেণ্ডত ১০০০ ভল্ট বিদ্যুত প্ৰবাহিত হয়। চীন, উত্তৰ কোৰিয়া, ইণ্ডোনেছিয়া আৰু ভিয়েটনামকে ধৰি কেইবাখনো দেশত ফায়াৰিং স্কোৱাডে মৃত্যুদণ্ড প্ৰদান কৰে।
এই দেশসমূহত এটা কোঠাত অপৰাধীক থিয় কৰাই ২০ ফুট দূৰত্বত পাঁচটা ৰাইফল সাজু কৰি ৰখা হয়। আদেশ পোৱাৰ লগে লগে অপৰাধীৰ বুকুত গুলীয়াই মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰা হয়।
বহু দেশে মানৱীয় দৃষ্টি কোণেৰে মৃত্যুদণ্ডৰ নিয়ম নিষিদ্ধ কৰিছে। কেৱল মানৱীয় দৃষ্টিৰেই নহয়, ন্যায়গত কাৰণতো এই নিয়ম বাতিল কৰা হৈছে। কিয়নো যদি এজন নিৰীহ ব্যক্তি ভুলতে মৃত্যুৰ শাস্তিৰে দণ্ডিত হয় তেন্তে ইয়াক ন্যায়ৰ অৱমাননা বুলি গণ্য কৰা হ'ব।
১৮৭৪ চনত ইংৰাজসকলে শাস্তিৰ চূড়ান্ত প্ৰক্ৰিয়া হিচাপে ফাঁচীৰ নিয়ম কাৰ্যকৰী কৰিছিল। ইংৰাজ ঔপনৈৱেশিক ৰাষ্ট্ৰসমূহত ইংৰাজে এই নিয়ম প্ৰৱৰ্তন কৰিছিল যদিও ইংৰাজ যোৱাৰ পিছতো থাকি গ'ল সেই নিয়ম।
ভাৰততো প্ৰথমে ইংৰাজসকলেই ফাঁচীৰ জৰিয়তে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিছিল। ইংৰাজে দেশ এৰি গ'ল যদিও আজিও ভাৰতৰ পৰা দূৰ নহ'ল মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰণৰ পদ্ধতি।
মানৱ অধিকাৰ সংস্থাসমূহে ফাঁচীৰ বিৰোধিতা দীৰ্ঘদিনৰ পৰা কৰি আহিছে। এজন অপৰাধীৰ মৃত্যুদণ্ডৰ ৰায় ফাঁচীৰে কাৰ্যকৰী কৰা কাৰ্য চৰম যন্ত্ৰণাদায়ক। আইনী ভাৱে এজন অপৰাধীক ফাঁচীৰে চূড়ান্ত শাস্তি প্ৰদান কৰিলেও এই শাস্তি কাৰ্যকৰী কৰে আন এজন ব্যক্তিয়ে।
অৰ্থাৎ ন্যায়গত ভাৱেই ফাঁচিৰ আদেশ কাৰ্যকৰী কৰিবলৈ গৈ আন এজন ব্যক্তিয়ে এজন ব্যক্তিক হত্যা(!) কৰে। ভাৰতত মৃত্যুদণ্ডৰ ৰায়ক কাৰ্যকৰী কৰা লোকজনক জল্লাদ বুলি কোৱা হয়।
বংশানুক্ৰিমিক ভাৱেই জল্লাদসকলে এই কাম কৰি আহিছে। বৰ্তমান ভাৰতত দুটা জল্লাদৰ পৰিয়াল সক্ৰিয় হৈ আছে। ইয়াৰে এটা পৰিয়াল পশ্চিমবংগৰ বাবু আহমেদৰ পৰিয়াল আৰু আনটো হৈছে মিৰাটৰ বিখ্যাত কুলু কুমাৰৰ পৰিয়াল।
এই পৰিয়ালৰ সদস্য আকৌ বিখ্যাত জল্লাদ পৱন সিং। এই জল্লাদসকলে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰিবলৈ দুদিন পূৰ্বৰে পৰা প্ৰস্তুতি চলাবলগীয়া হয়। ফাঁচি কাঠৰ জৰী প্ৰস্তুত কৰিবলৈ তেওঁলোকক সময়ৰ প্ৰয়োজন হয় ২ দিন।
অৱশ্যে এতিয়াহেনো ৰেডিমেড ৰছী আহে। যাৰ বাবে তেওঁলোকে নিজাকৈ ৰছী প্ৰস্তুত কৰিবলৈ এৰিছে। জল্লাদসকলৰ নাই কোনো বেতন। এই কামৰ বাবে তেওঁলোকে লাভ কৰে পাৰিবাৰিক ভাট্টা।
পূৰ্বে জল্লাদসকলে মাহে ২০০ টকা লাভ কৰিছিল। এতিয়া এই পৰিমাণ ৩০০০ টকাৰ পৰা ৫০০০ টকালৈ বৃদ্ধি কৰা হৈছে। বাংশানুক্ৰমিক ভাৱেই জল্লাদৰ কাম কৰি অহা এই লোকসকলৰো মানৱ অধিকাৰৰ বিষয়টো এতিয়া চৰ্চালৈ আহিছে।
সামাজিক ভাৱে তেওঁলোকৰ অৱস্থা আৰু তেওঁলোকৰ স্থানক লৈ বিতৰ্ক হৈছে। বহুতেই তেওঁলোকক এই কামৰ বাবেই সমাজৰ পৰা এৰি চলিছে। জল্লাদ বুলিলেই চিৰিয়াখানাৰ জন্তুৰ দৰে ঘূৰি ঘূৰি চাবলৈ ধৰিছে।
এনে পৰিস্থিতিত এই লোকসকলৰ মানৱ অধিকাৰৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি মানৱ অধিকাৰকৰ্মী সমূহে নিৰন্তৰ মাত মাতি আহিছে। আন এক তথ্য অনুসৰি ভাৰতত জল্লাদৰ সংখ্যা হ্ৰাস পোৱাত চৰকাৰে ফাঁচীৰ সলনি মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰিবলৈ পৃথক পদ্ধতিৰ সন্ধানত আছে।
তেনে এক সময়তে উচ্চতম ন্যায়ালয়ে ফাঁচীৰ পৰিৱৰ্তে অপৰাধীক যাতে কম যন্ত্ৰণাৰে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
Also Read: ভাৰতত অভাৱনীয় হাৰত হ্ৰাস পাব ধান ঘেঁহুৰ উৎপাদনঃ ৰাষ্ট্ৰসংঘৰ সকিয়নী...