৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন

৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন

author-image
Asomiya Pratidin
New Update
৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন

৬৩ ত ঔষধ প্ৰস্তুত প্ৰতিষ্ঠান, ৮৫ ত মহন্তক মুখ্যমন্ত্ৰী পতা মানুহজন

মৃদুল কুমাৰ সন্দিকৈ

বয়স তেওঁৰ লহিয়াইছে। স্মৃতিয়ে কিন্তু প্ৰতাৰণা কৰা নাই। জীৱনৰ বৈচিত্ৰপূৰ্ণ অভিজ্ঞতাৰে পুষ্ট মানুহজন আজিও তৰুণ। থলুৱা উদ্যোগ স্থাপনৰ পৰা আৰম্ভ কৰি সামাজিক বহু কামৰে সৈতে তেওঁ জড়িত। ১৯৬৩ তে অসমৰ প্ৰথমটো ঔষধ প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰিছিল তেওঁ।

নাম দিছিল 'ড্ৰাগছ ইণ্ডিয়া'। সেই সময়ত ৰাজ্যত কলেৰাৰ প্ৰাদুৰ্ভাৱ। বাহিৰৰ পৰা অহা চেলাইনৰ বটলে জোৰা মাৰিবলৈ টান হৈছিল। যোগাযোগৰ ব্যৱস্থা সূচল নোহোৱাৰ বাবেই গাড়ীৰে সেইবোৰ অনাটো আছিল অত্যন্ত লোকচানজনক।

তেনে এক সময়ত এই মানুহজনেই ঔষধ প্ৰস্তুত কৰা উদ্যোগ স্থাপন কৰি উৎপাদন কৰিছিল থলুৱা ভাৱে চেলাইন। যি চেলাইনে বহুতৰ প্ৰাণ ৰক্ষা কৰিছিল। মানুহজনৰ এক বিৰাট চখ। যিটো ভাৱে সেয়া কৰে।

জাতীয়তাবাদৰ প্ৰতি তেওঁৰ তীব্ৰ তাড়ণা। জাতি, মাটিৰ স্বাৰ্থত কেতিয়াবা ব্যৱসায়লৈ পিঠি দি আঁৰত থাকিও নিজৰ দায়িত্ব পালন কৰি গৈছিল। নাম তেওঁৰ দ্বীজেন ফুকন। বয়স এতিয়া ৮৮ বছৰ।

তেওঁৰ জন্ম হৈছিল উজান বজাৰৰ জোৰপুখুৰী পাৰত। তেওঁৰ পিতৃ আছিল স্বৰ্গীয় তীৰ্থনাথ ফুকন। যোৰহাটৰ পৰা আহি গুৱাহাটীত ওকালতি কৰিছিল গুৱাহাটীত। তেতিয়াৰ আৰ্ল ল কলেজত অধ্যাপনাও কৰিছিল পিতৃয়ে।

স্বাধীনতা আন্দোলন, দ্বিতীয় বিশ্বযুদ্ধ আদি সকলো পাইছে। ১৯৩৫ চনত জন্মগ্ৰহণ কৰা দ্বিজেন ফুকনে লতাশিল প্ৰাইমেৰী স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত কলেজিয়া শিক্ষা লৈছিল কটন কলেজৰ পৰা।

মে' এণ্ড বেকাৰ কোম্পানীৰ পৰা আৰম্ভ কৰি কেইবাটাও কোম্পানীত চাকৰি কৰি পৰৱৰ্তী সময়ত ড্ৰাগছ ইণ্ডিয়াৰ দৰে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হোৱা মানুহজনৰ মনটো সদায় বিশাল আৰু কিবা এটা কৰাৰ সন্ধানত আছিল। তেওঁৰ পৰিয়ালৰো আছে এক ঐতিহ্য।

সৰুতে অতুল চন্দ্ৰ হাজৰিকা, শ্ৰীনাথ চক্ৰৱৰ্তী, যাদৱ তামুলীৰ দৰে বিখ্যাত লোকৰ সান্নিধ্য লাভ কৰিছিল। তেখেতৰ ককাক কেশৱ নাথ ফুকন অসমৰ চৰকাৰী হাইস্কুলৰ প্ৰথমজন হেড মাষ্টৰ আছিল। পিছলৈ তেওঁ ডেপুটি চুপাৰিনটেণ্ডেটো হৈছিলগৈ।

তেখেতৰ আদি পুৰুষ কনৌজৰ পৰা অহা। তেওঁৰে বংশধৰে স্বৰ্গদেউ পুৰন্দৰ সিংহৰ দিনত তামুলী ফুকন বাপ দিছিল। সাহিত্যৰ ক্ষেত্ৰখনতো তেখেতৰ আছে দখল। ব্যৱসায়, বাণিজ্যৰ মাজতে হাতত কলম তুলি লৈ লিখিছিল কবিতা, প্ৰবন্ধ আৰু স্মৃতিচাৰণ বহু লেখা।

তেওঁৰে কবিতা শ্বিলঙৰ বিধানসভাত পঢ়িছিল মুখ্যমন্ত্ৰী বি বি লিংডুৱে। অসম আন্দোলনৰ সময়ত তেওঁ পালন কৰা ভূমিকা আছিল অত্যান্ত গুৰুত্বপূৰ্ণ। কাকো তেওঁ সেইবোৰ কথা কৈ নুফুৰে। অকালতে হেৰাই গৈছিল তেওঁৰ একমাত্ৰ পুত্ৰ ৰাজা।

সেই দুখে চুই গলেও তথাপিও তেওঁ বহি থকা বিধৰ মানুহ নাছিল। গুৱাহাটীৰ বহু ইতিহাস তেওঁৰ নখ দৰ্পনত। ৰাজনীতিৰ বহু অকথ্য কথাৰ সাক্ষী আছিল তেওঁ। সেয়েহে লিখি আছে এখন গ্ৰন্থ। য'ত বহু গোপন কথা তেওঁ মুকলিকৈয়ে কৈ যাব খুজিছে।

প্ৰত্যাহ্বান তেওঁৰ জীৱনলৈ বহু আহিলেও সেইবোৰ তেওঁ গ্ৰহণ কৰিব জানে। এশএবুৰি সমস্যা লৈও তেওঁ পিছফালে ঘূৰি চাব শিকা নাই কেতিয়াও। শূন্যৰ পৰা আৰম্ভ কৰিছিল জীৱন।

ভৃগু ফুকন আছিল তেওঁৰ নিজৰ ল'ৰাৰ দৰে। সকলো কথাতে তেওঁক বিচাৰে। প্ৰফুল্ল মহন্তকো মৰম কৰিছিল যথেষ্ট। তেওঁৰ গাড়ীতে প্ৰফুল্ল, ভৃগু ঘুৰি ফুৰিছিল। ললিত ৰাজখোৱা হঁততো আছিলেই।

এতিয়া তেওঁৰ মনত পৰে সেই দিনবোৰৰ কথা। কৈছিল তেনে এক স্মৃতি- ভৃগুক বৰ মৰমো কৰিছিলো আমি। গাড়ী খুব ভাল চলাই। মই দিয়া গাড়ীতে দুয়ো ঘূৰি, ফুৰে। প্ৰফুল্ল বৰ ঠাণ্ডা প্ৰকৃতিৰ ল'ৰা আছিল। জুখি-মাখি কথা কয়। ধেমেলিয়া কথাত কিন্তু পাৰ্গত। বেছিকৈ হুলস্থুল কৰিছিল ললিত ৰাজখোৱাই। বৰ সুন্দৰকৈ ভাওনাৰ বচন মাতিব পাৰিছিল সি। ডাঃ বেজবৰুৱা চিনেমাৰ বচনবোৰ ধুনীয়াকৈ মাতিব পাৰিছিল।

তেওঁ এখন পাম খুলিছিল। সেই পাম ছাত্ৰ নেতাসকলৰ ভাত ঘৰ আছিল। আৰু তেওঁৰ ঘৰখনটো অসম আন্দোলনৰ সময়ত আছুৰ অঘোষিত আণ্ডাৰগ্ৰাউণ্ড কাৰ্যালয় যেন আছিল। ইচ্ছা কৰা হ'লে অসম গণ পৰিষদ শাসনলৈ অহাৰ সময়ত বহু কিবাকিবি কৰিব পাৰিলেহয়।

কিন্তু তেওঁ জনতা ভৱন গৰকিবলৈ নাহিল। এতিয়া তেওঁ তুলনা কৰে সেই পুৰণি দিন আৰু আজিৰ কথা। তেওঁ কৈ গৈছিল- 'সময় কেনেকৈ বাগৰি যায় ! সেই দিন আৰু এই দিনৰ মাজত বহু প্ৰাৰ্থক্য। কাৰখানা সজাৰ কামত মই তেতিয়া ব্যস্ত। ইমানবোৰ মানুহৰ সংস্থাপনৰ কথা। এদিন নিশা ১০ মান বজাত খ্ৰিষ্টানবস্তীৰ পৰা আহি নমাইলৰ পামঘৰ পোৱাত মন কৰিলো গাড়ী আৰু মানুহৰ ভিৰ। গম পালো তাতে কিবা মিটিং চলি আছে। নমিনেচনৰ মিটিং। নিজৰ কোঠালিলৈ গৈ গা-পা ধুই বৈঠক খানা পাও মানে মানুহ পাতলিল...'। প্ৰফুল্ল, ভৃগুৱে কি খায় সেই কথা ভালকৈ তেওঁৰ সহধৰ্মিনীয়েহে জানিছিল। সেই দিনা ঘৰৰ মানুহগৰাকী ব্যস্ত আছিল চাহ, জলপান যোগাৰ কৰাত। মিটিঙৰ শেষত তেওঁ সেইদিনা প্ৰফুল্ল, ভৃগুৰ সৈতে এখন দিঘলীয়া চুফাত বহিছিল। তেওঁৱেই সুধিছিল, চৰকাৰ গঠন কৰিবা বুলি ভাবিছো- পিছে মুখ্যমন্ত্ৰী কোন হ'বা? দুয়ো নিমাতে ৰৈছিল।

অলপ সময় ভাবি দুয়োৱে প্ৰায়ে একেলগে মোক কৈছিল- আপুনিয়েই সিদ্ধান্তটো দিয়ক। ভৃগুৱে ভাবিছিল মই ভৃগুৰ নাম ল’ম। ময়ো ধৰ্ম সংকটত পৰিছিলো। কিন্তু মই প্ৰফুল্লকে মুখ্যমন্ত্ৰী হ’ব বুলি কোৱাত ভৃগুৱে হয়তো মনত দুখ পাইছিল। মোৰ যুক্তি আছিল প্ৰফুল্ল যিহেতু আছুৰ সভাপতি গতিকে তেওঁ মুখ্যমন্ত্ৰী হ’ব আৰু ২ নম্বৰ স্থানত থাকিব ভৃগু। ৰাতি ডেৰ বজাত সেইদিনা তেওঁলোক দুয়ো জালুকবাৰীলৈ উভতিছিল।

চৰকাৰ গঠন হ'ল। তেওঁৰ পাম ঘৰতে মন্ত্ৰী সভা গঠন কৰা হৈছিল। তেওঁ কলে-  ‘কোনে কি দায়িত্ব ল’ব সেই সিদ্ধান্ত মোকেই ল’ব দিছিল। মই আৰু আমি ৫ জন মানুহ সেইদিনা আলোচনাত বহিছিলো। প্ৰফুল্ল, ভৃগু, ললিত, ভৰত নৰহ আছিল। মই প্ৰফুল্লক মুখ্যমন্ত্ৰী আৰু ভৃগুক গৃহ, ৰাজনৈতিক বিভাগ আদি দপ্তৰ বোৰ ল’বলৈ কলো। প্ৰফুল্লই মাত নামাতিলে। কিন্তু মোৰ সেই সিদ্ধান্ত ভুল আছিল। মুখ্যমন্ত্ৰী এজনক ক্ষমতাহীন কৰাৰ দৰে হৈছিল। বিশেষকৈ পলিটিকেল দপ্তৰ মুখ্যমন্ত্ৰীৰ হাতত থকাটো প্ৰয়োজন আছিল। যিটোৱে পৰৱৰ্তী সময়ত দুয়োৰে মাজত সংঘাত সৃষ্টি কৰিছিল। আজি অনুভৱ হয় মোৰ, দুয়োৰে মাজৰ সংঘাতৰ কাৰণ আছিল এই সিদ্ধান্ত।

ৰাতি ডেৰ বজাত সেইদিনা তেওঁলোক দুয়ো জালুকবাৰীলৈ উভতিছিল। চৰকাৰ গঠন হ'ল। তেওঁৰ পাম ঘৰতে মন্ত্ৰী সভা গঠন কৰা হৈছিল। চাৰু বৰা বুলি ফেক্টৰি টাইপিষ্টগৰাকীক মাতি ৰাজ্যপাললৈ দিবলগীয়া চিঠিখন টাইপ কৰিছিল। সেই চিঠিবোৰ তেওঁ হাতত লৈ লক্ষ্য কৰিছিল প্ৰফুল্ল মহন্তৰ চাৰ্টটো ভাল লগা নাই। নিজৰেই এটা নতুন চাৰ্ট পত্নীৰ হতুৱাই বিচাৰি তাৰ পৰাই ৰাওনা হৈছিল ৰাজভৱনলৈ প্ৰফুল্ল মহন্তহঁত।

সেই মানুহজনে ইচ্ছা কৰা হ'লে কি কৰিব নোৱাৰিলে হয়? কিন্তু তেওঁ সেই কাম কৰিব নোৱাৰে, যিকামে তেওঁৰ ব্যক্তিত্বত আঘাত হানিব পাৰে। অসম গণ পৰিষদত যোগদান কৰিবলৈ তেওঁক কিমান জোৰ দিছিল। কিন্তু সেয়া তেওঁ নকৰিলে।

তেওঁ স্থাপন কৰা ড্ৰাগছ ইণ্ডিয়াই ২০ টা ৰাষ্ট্ৰীয় আৰু ২ টা আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল। বেছিভাগ সন্মান গ্ৰহণ কৰিবলৈ তেওঁ নিজেই নগৈছিল। পঠাইছিল কৰ্মচাৰীক। কৰি কৰি তেওঁ সকলো শিকিছে। মেডিচিন কোম্পানীত কাম কৰিবলৈ মুম্বাইলৈ গৈছিল।

চিকিৎসা বিজ্ঞানৰ কঠিন শব্দবোৰ তেওঁ প্ৰথমে বুজি পোৱা নাছিল। ঘৰলৈ চিঠি লিখিছিল তেওঁ আৰু এই চাকৰি কৰা নহ'ব। পিতৃয়ে দিয়া এখন সৰু চিঠিয়ে সেই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰালে। অনুসন্ধিৎসু মনটো তেওঁৰ এক ডাঙৰ সম্পদ।

তেওঁৰে মাজু খুৰাক নগেন্দ্ৰনাথ ফুকন আছিল অবিভক্ত কামৰূপৰ প্ৰথমজন উপায়ুক্ত। বংশৰ প্ৰতিজন লোকেই সুপ্ৰতিষ্ঠিত। জৱাহৰলাল নেহৰু গুৱাহাটীলৈ আহিছিল। তেওঁ ফটো তুলিম বুলি মনত ভাবি লৈছিল। ভাষণ দিবলৈ নেহৰু উঠিব খোজোতেই নেহেৰুক ৰখাই ফটোও তুলিছিল।

সেই স্মৃতি সোঁৱৰি তেওঁ কৈছিল, আজি হোৱা হ'লে তেওঁক পুলিচে গুলীয়াই মাৰিলেহয়। জুৱলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে, গান্ধীক আগুৱাই নিছিল তেওঁ। নেহৰুৰ সৈতে ফটো তোলা সেই দিনটোৰ কথা তেওঁ কেতিয়াও পাহৰিব নোৱাৰে।

হাতত ফল্ডিং কেমেৰা লৈ সেই দিনা তেওঁ নেহেৰুৰ কাষ পাইছিলগৈ। নেহৰুৰ হাতত ধৰি তেওঁক ৰখাই ফটো তোলা সেই ল'ৰাটোক কলকাতাৰ বিখ্যাত দৈনিক কাকত হিন্দুস্তান ষ্টেণ্ডাৰ্ডৰ কৰেচপণ্ডেণ্ট জনে লক্ষ্য কৰিছিল।

কৈছিল- তুমি বৰ ডাঙৰ কাম এটা কৰিলা। নেহৰুক ৰখাই দিলা। ব'লা তোমাৰ ছবি আমাৰ কাকতত উলিয়াম। সঁচাকৈ পিছদিনা নেহৰুৰ সৈতে তেওঁৰ ফটো কাকতত উলাইছিল।

এনে অনেক কথা আৰু অভিজ্ঞতাৰে সমৃদ্ধ এই মানুহজন। বয়সে তেওঁক চুব নোৱাৰিলেও বাৰ্ধক্যই দোলা দি গৈছে। সেয়েহে তেওঁ এতিয়া আন কামবোৰৰ পৰা আঁতৰি লিখা, মেলা আৰু সামাজিক কামত মনোননিবেশ কৰিছে।

গুৱাহাটী টাওন ক্লাৱৰ সাধাৰণ সম্পাদক আছিল তেওঁ। গুৱাহাটী বিহু সন্মিলন, উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ সমিতি, ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংক লিমিটেড, আসাম মাউণ্টেনিয়াৰিং এছোচিয়েশ্যন, আসাম ফাৰ্মাচিউটিকেল এছোচিয়েশ্যন, অসম সাহিত্য সভা, কাজিৰঙা ৱাইল্ড লাইফ চ'ছাইটি, অসম কৃষি বিশ্ববিদ্যালয় পৰিচালনা সমিতি আদি বহু অনুষ্ঠানৰ সৈতে তেওঁ জড়িত।

আঁৰতেই থাকি যোৱা এই মানুহজনে হয়তো জীৱনত স্বীকৃতি নিবিচাৰিলে। কেৱল দি গ'ল, কৰি গ'ল। চৰ্চা নহ'ল তেওঁৰ কথা। নতুন প্ৰজন্মই তেওঁক চিনি নোপোৱাটোৱেই স্বাভাৱিক। কিন্তু তেওঁৰ অৱদান আছিল বহুত।

Also Read: অসম পালেহি নৱ নিযুক্ত ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়াঃ বুধবাৰে ১১ বজাত কৰিব শপতগ্ৰহণ

দ্বিজেন ফুকন অসমৰ প্ৰথমটো ঔষধ প্ৰস্তুতাকাৰী প্ৰতিষ্ঠান অগপ চৰকাৰ