কি হৈছে সমাজখনৰ? কিয় ইমান অসহিষ্ণু হৈ পৰিছে সকলো? সৰু সৰু কথাতেই সকলো হৈ পৰিছে উগ্ৰ, অশান্ত আৰু হিংস্ৰ। প্ৰতিদিনে দেখা পোৱা সামাজিক স্খলনৰ দৃশ্য বোৰে চিন্তাশীল বহু মানুহকেই এতিয়া শান্তিত থাকিবলৈ দিয়া নাই।
মঙলদৈৰ পদুমপুখুৰী হাইস্কুলৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই। বিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ যোৱা কোনোবা শিক্ষাৰ্থীৰ যে, বিদ্যালয়তে সতীৰ্থৰ প্ৰহাৰত মৃত্যু হ'ব সেয়া কল্পনাৰো অগোচৰ। কিন্তু এই অকল্পনীয় ঘটনাই সংঘটিত হ'ল বিদ্যালয়খনত।
এই ঘটনাই সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে। স্থানীয় একাংশ ৰাইজে, সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই ঘটনাৰ বাবে বিদ্যালয়খনৰ শিক্ষকক জগৰীয়া কৰিছে। একাংশই উদণ্ড ছাত্ৰক শাস্তিৰ দাবী কৰিছে। ঘটনাক লৈ ভিন্নজনে ভিন্ন কথা কৈছে।
কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এনে ঘটনা সংঘটিত হ'বলৈ পালে কেনেকৈ? যিসকলে লোকে অতি সুক্ষ্মভাৱে সামাজখনক লক্ষ্য কৰে, সমাজৰ পৰিবৰ্তনসমূহক বিশ্লেষণ কৰে, সংবেদনশীল বিষয়বোৰ আঙুলিয়াই দিয়ে সেই লোকসকলে পূৰ্বৰ পৰাই বিভিন্ন মাধ্যমেৰে এই দিশসমূহ আঙুলিয়াই আহিছিল।
শিক্ষা ব্যৱস্থাৰ সৈতে কেৱল শিক্ষক, শিক্ষাৰ্থী আৰু পিতৃ, মাতৃ বা পৰিয়ালেই সম্পৰ্কীত নহয়। শিক্ষা ব্যৱস্থাৰ সৈতে সমাজ ব্যৱস্থাও জড়িত। আজিৰ পৰা কিছু বছৰৰ আগলৈকে সামাজিক বান্ধোন শক্তিশালী হৈ থকাৰ বাবেই ল'ৰা, ছোৱালী, শিক্ষাৰ্থীয়ে অসামাজিক কাম-কাজৰ পৰা আঁতৰি থাকিছিল। কিবা এটা কৰাৰ আগতে দহবাৰ ভাবিছিল।
শিক্ষকক বিদ্যালয়ৰ বাহিৰত দেখিলেও শ্ৰদ্ধা জনাইছিল। জ্যেষ্ঠ জনলৈ সন্মান আৰু ভয় কৰিছিল। কিন্তু আজিৰ সামাজিক পৰিস্থিতিত এই দিশসমূহ প্ৰায় নোহোৱা হৈ আহিছে। ইয়াৰ অন্তৰালত আমাৰ সামাজিক ব্যৱস্থাৰ লগতে শিক্ষা ব্যৱস্থাৰো যথেষ্ট কেৰুণ আছে।
এই দিশসমূহ এতিয়া আলোচনাৰ প্ৰয়োজন হৈ পৰিছে। বিদ্যালয়ত এতিয়া শিক্ষাৰ্থীক কি শিক্ষা দিয়া হয়? কিয় আজিৰ শিক্ষা ব্যৱস্থা কেৱল শতাংশৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল? পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়সমূহে আজিৰ শিক্ষাৰ্থীক এগৰাকী ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰিব বুলি বুকু ডাঠ কৰি কোনোবাই ক'ব পাৰিবনে?
এতিয়া বিদ্যালয়ত শিক্ষাৰ্থীক চেকনিৰে শিক্ষকে শাস্তি দিয়াটো দূৰৰে কথা, শাসনৰ নামত টানকৈ দুটা কথা ক'লেও অভিভাৱক আৰক্ষীৰ কাষ চাপে। শিক্ষাৰ্থীয়ে শিক্ষকক সন্মান কৰিবলৈ পাহৰে।
জ্যেষ্ঠজনক চকুত চকু থৈ কথা ক'ব পাৰে আজিৰ স্কুল, কলেজৰ শিক্ষাৰ্থীয়ে। মুকলিকৈ অখাদ্য সেৱন কৰিবলৈয়ো ভয় নকৰে। এনে নৈতিক অৱক্ষয়ৰ কাৰণ সামাজিক স্খলনৰ সমান্তৰালকৈ নীতি শিক্ষাবিহীন পাঠ্যক্ৰমৰ বাবেই নহয়নে?
কিয় পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিয়া হ'ল নীতি শিক্ষা? নীতি শিক্ষা অবিহনে শিশু, শিক্ষাৰ্থী কি পৰ্যায়ৰ হ'ব সেয়া সহজেই অনুমেয়। নীতি শিক্ষাই শিক্ষাৰ্থীক মূল্যবোধৰ শিক্ষা দিয়ে। এই শিক্ষাৰ ভেটিতে সততা, ন্যায়পৰায়ণতা, আনুগত্য, শ্ৰদ্ধা, ভক্তি, প্ৰেম, আদি মানৱীয় প্ৰমূল্যবোধ গঢ়লৈ উঠে।
এই নীতি শিক্ষা পাঠ্যক্ৰম আৰু পাৰিবাৰিক, সামাজিক পৰিবেশৰ পৰাই আহৰণ কৰে শিশু, শিক্ষাৰ্থীয়ে। আজিৰ অতি আত্মকেন্দ্ৰীক সমাজ ব্যৱস্থাৰ পৰা শিশু, শিক্ষাৰ্থীয়ে কি নীতি শিক্ষা লাভ কৰিব সেয়া সহজেই অনুমেয়।
পিতৃ, মাতৃৰ অত্যাধিক সন্তান প্ৰীতিয়েও পৰিয়ালৰ পৰা নীতি শিক্ষা আহৰণত আজিৰ শিশু শিক্ষাৰ্থীক বঞ্চিত কৰি আহিছে। আজিৰ গৰিষ্ঠ সংখ্যক অভিভাৱক নৈতিকতাহীন। সেই পৰিয়ালৰ সন্তানে ঘৰৰ পৰা কি শিক্ষা লাভ কৰিব?
সেয়ে নীতি শিক্ষা প্ৰদানৰ ক্ষেত্ৰত একমাত্ৰ সঠিক ব্যৱস্থাটোৱেই আছিল পাঠ্যক্ৰম। কিন্তু সেই পাঠ্যক্ৰমেও এতিয়া নীতি শিক্ষাক আওকান কৰিছে। কিন্তু বিদ্যালয়ত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান সেয়া আজিৰ সমাজত সংঘটিত হৈ থকা এই ঘটনাবোৰেই প্ৰমাণ নকৰেনে?
পদুমপুখুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ভৱেশ ডেকা নামৰ ছাত্ৰজনৰ সৈতে সংঘটিত হোৱা ঘটনাৰ এনে নীতি শিক্ষাবিহীন শিক্ষাৰেই এক প্ৰতিফলন। ভৱেশৰ মাতৃয়ে কোৱামতে ভৱেশক দেখা মাত্ৰকে সকলো স্থানতে এটা জোকোৱা নাম দি মাতিছিল সেই কেইজন ছাত্ৰই।
ইয়াকে লৈ বিদ্যালয়খনৰ কেইজনমান শিক্ষাৰ্থীৰ সৈতে ভৱেশৰ সংঘাত হৈছিল। এই সংঘাতৰ পৰিণামতেই মৃত্যু হ'ল ভৱেশৰ। শিক্ষক, শিক্ষয়িত্ৰীসকলক স্থানীয় ৰাইজে, একাংশ অভিভাৱকে অভিযুক্ত কৰিছে।
নিশ্চয়কৈ তেওঁলোকৰ ভুল আছে। বিদ্যালয়ত শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিছিল তেওঁলোকে। কিন্তু এই একেখন বিদ্যালয়ে আজিৰ পৰা কেইটামান বছৰৰ আগলৈকে আছিল বহুতৰ বাবে আদৰ্শ হ'ব পৰা এখন বিদ্যালয়।
এই বিদ্যালয়তে বি এডৰ পাঠ্যক্ৰম অনুসৰিয়েই কিছু দিনৰ বাবে ট্ৰেইনি হিচাপে অহা একাংশই জনাইছে সেই সময়ত তেওঁলোকে বিদ্যালয়খনত কোনো বিশৃংখলতা দেখা নাছিল। শিক্ষকসকলো আছিল দায়িত্বশীল।
সেই বিদ্যালয়খনতে এতিয়া এনে এক ঘটনা সংঘটিত হোৱাত এইসকল তেতিয়াৰ ট্ৰেইনি শিক্ষাৰ্থী আৰু এতিয়াৰ শিক্ষকে দুখ প্ৰকাশ কৰিছে। যিগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত ভৱেশে মৃত্যুক আকোৱালি ল'লে তেওঁ আৰক্ষীৰ আগত দোষ স্বীকাৰ কৰিছে। তেওঁক সহযোগ কৰা আন তিনি শিক্ষাৰ্থীকো গ্ৰেপ্তাৰ কৰিছে।
কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলেই জানো এই সমস্যাৰ সমাধান হ'ব? শিক্ষা ব্যৱস্থাৰে জড়িতসকলে নতুনকৈ কথাবোৰ চিন্তা কৰক। নৈতিক শিক্ষাক পাঠ্যক্ৰমত বাধ্যতামূলক কৰক। অন্যথা স্খলিত আমাৰ সমাজখন আৰু কিছু দিনৰ পাছত কোনটো পৰ্যায়লৈ অৱনমিত হ'ব সেয়া কল্পনাও কৰিব নোৱাৰিব।
Also Read: উফ্ এতিয়াহে শান্তি...