ইভিএমত ফাউল !

ইভিএমত ফাউল !
ইভিএমত ফাউল !
Published on
Updated on

কি হৈ আছে? ক’ৰবাত খেলিমেলি নহ’লে এনে অমিল কেনেকৈ সম্ভৱ? কিমান ভোটাৰে ভোটদান কৰিছে সেয়া আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰাৰ পাছত এটা ইভিএমত ভোটৰ সংখ্যা, ভোটদান কৰা ভোটাৰৰ সংখ্যাতকৈ বেছি বা কম কেনেকৈ হৈছে?

এয়া কাৰোবাৰ ইচ্ছাকৃত কাম নে এই সমগ্ৰ প্ৰক্ৰিয়াত ৰৈ যোৱা ভুলৰ পৰিণাম? নিৰ্বাচনৰ দৃষ্টিভংগীৰে এটা নিৰ্বাচনৰ স্বচ্ছতাক লৈ সমগ্ৰ দেশজুৰি প্ৰশ্ন উত্থাপন হৈছে। সেই সন্দেহৰ আঙুলি নিৰ্বাচন আয়োগলৈ আৰু যিসকলে এনে কাম কৰাৰ সুবিধা থাকে তেওঁলোকলৈ উঠিছে।

 ২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈ প্ৰথমবাৰৰ বাবে এই প্ৰশ্ন উত্থাপন হোৱা নাই। আজিৰ পৰা ৫ বছৰ আগতেই সেই অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপিছিল ‘এছোচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ’ চমুকৈ এডিআৰ।

২০১৯ ৰ পাছত ২০১৪ চনত এই প্ৰসংগ বা অভিযোগ আৰু গুৰুতৰ ৰূপত উত্থাপিত হৈছে। ৫৪৩ খন লোকসভা আসনৰ ভিতৰত ১৪০ খনৰো অধিক আসনত এনে ইভিএম বিসংগতিৰ তথ্য পোহৰলৈ আহিছে।

ক’ৰবাত যদি ভোটৰ সংখ্যা ভোটদান কৰা লোকৰ সংখ্যাতকৈ বাঢ়িছে, আন ক’ৰবাত সেই সংখ্যা ভোটদান কৰা লোকতকৈ কমিছে। সেয়েহে সাধাৰণ মানুহৰ মনত প্ৰশ্ন উঠিছে- কি হৈ আছে এইবোৰ?

চাৰিটা সমষ্টি ধৰা যাওঁক। অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটদান কৰা লোকৰ সংখ্যা ১১৩৬৫৩৮ টা আছিল। কিন্তু ভোট গণনাত ইভিএমত ভোট ওলাল ১১৪০৩৪৯ টা। অৰ্থাৎ ভোটদান কৰা ভোটতকৈ ভোট গণনাত ওলোৱা ভোটৰ সংখ্যা ৩৮১১ টা বাঢ়িল। ক’ৰ পৰা ওলাল এই অতিৰিক্ত ভোট?

অন্ধ্ৰপ্ৰদেশৰ অংলে লোকসভা সমষ্টিত ভোটদান কৰিছিল ১৩৯৯৭০৭ জন ভোটাৰে। ভোট গণনাত হিচাপ ওলাল ১৪০১১৭৪ টা। ইভিএমত কেনেকৈ বাঢ়িল ১৪৬৭ টা ভোট?

মধ্যপ্ৰদেশৰ মান্ধলা সমষ্টিটো একেই হ’ল। ভোটদান কৰিছিল ১৫৩০৮৬১ জন ভোটাৰে। গণনা কৰাত সমষ্টিটোত ১৫৩১৯৫০ টা ভোট ওলাল। ১০৮৯ টা ভোট বেছিকৈ ওলাল এই সমষ্টিটোত।

তামিলনাডুৰ ত্ৰিৰুভাল্লুৰ লোকসভা সমষ্টিত আকৌ ভোট কমিল। ভোটদান কৰিছিল ১৪৩০৭৩৮ টা। গণনাত ভোট ওলাল ১৪১৩৯৪৭ টা ভোট। ৰাষ্ট্ৰজুৰি এই প্ৰসংগই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

অসমৰ কোকৰাঝাৰ সমষ্টিটো ইভিএমত পৰা ভোট আৰু ইভিএমৰ গণনা কৰোঁতে ওলোৱা ভোট হ্ৰাস পাইছে। সমষ্টিটোত মুঠ ১২৪০৩০৬ টা ভোট দান হৈছিল যদিও ভোটগণনাত ১২২৯৫৪৬ টা ভোটহে ওলাল। এটা, দুটা নহয় ১০৭৬০ টা ভোট কমিল ভোট গণনাত।

নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাক লৈ বিৰোধী ৰাজনৈতিক দলে প্ৰশ্ন উত্থাপন কৰিছে। বিৰোধীৰ দৰে আমি সাধাৰণ ভোটাৰে বা সাধাৰণ জনতাই আয়োগৰ বিশ্বাসযোগ্যতাক বিচাৰৰ কাঠগড়াত নুতুলিলেও ক’ৰবাত যে কিবা এটা হৈছে সেই সন্দেহ কিন্তু কৰিবলৈ ধৰিছে।

এইখিনিতে প্ৰসংগ আহিছে চন্দ্ৰ অভিযানক লৈ। পৃথিৱীত থাকিয়েই যদি চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰা চন্দ্ৰযানৰ নিয়ন্ত্ৰণ কৰিব পাৰি একেদৰে ইভিএমো ভোট কেন্দ্ৰৰ বাহিৰৰ পৰা নিয়ন্ত্ৰণ সঁচাকৈ কৰিব পাৰি নেকি?

সেইবোৰ প্ৰশ্নৰ উত্তৰ নিৰ্বাচন আয়োগে দিব লাগিব।কিয়নো ২০২৪ ৰ লোকসভা নিৰ্বাচনত কিছু আচৰিত তথ্য ভোটগণনাৰ সময়ত মানুহৰ চকুত পৰিছে। মুম্বাই নৰ্থ লোকসভা সমষ্টিত মুঠ ৯৫১৫৮০ টা ভোট ইভিএমত বন্দী হৈছিল। কিন্তু ভোটগণনাত দুটা ভোট বেছিকৈ ওলাল। এন ডি এ সমৰ্থিত প্ৰাৰ্থীগৰাকী মাত্ৰ ৪৮ টা ভোটত জিকিল।

ৰাজস্থানৰ জয়পুৰ গ্ৰাম্যত ভোটদান কৰা ভোটৰ সংখ্যা আছিল ১২৩৭৯৬৬ টা। ভোটগণনাত সেই ভোট ৮৫২ টা বৃদ্ধি হৈ ১২৩৮৮১৮ টা হ’ল। বিজেপিৰ প্ৰাৰ্থী ৰাজেন্দ্ৰ সিং জিকিছে এই সমষ্টিত ১৬১৫ টা ভোটত। সন্দেহ তাতেই।

ছত্তিশগড়ৰ কানসেড় সমষ্টিটো ৯৫০ টা ভোট ভোটগণনাত কমকৈ ওলাল। সমষ্টিটোত ১৮৮৪ টা ভোটট জিকিল বিজেপি প্ৰাৰ্থী ভোজৰাজ নাগ। এনে ইভিএমত অথন্তৰ হোৱা উত্তৰ প্ৰদেশৰ খাৰুখাবাদত বিজেপি প্ৰাৰ্থী মুকেশ ৰাজপুত জিকিল মাত্ৰ ২৬৭৮ টা ভোটৰ ব্যৱধানত।

নিৰ্বাচন আয়োগে সাধাৰণীকৰণেৰে এটা উত্তৰ দিছে। সেই উত্তৰত এই সন্দেহৰ উত্তৰ নাই। এনে ইভিএমৰ বিসংগতিৰ বলি অসমৰ ভোটাৰো হৈছে। নিৰ্বাচনত পৰাস্ত হোৱা প্ৰাৰ্থীয়ে এই গুৰুতৰ ইভিএম বিসংগতি বিৰুদ্ধে আইনৰো কাষ চাপিছে।

অৱশ্যে যিধৰণে বিষয়টো চৰ্চা হ’ব লাগিছিল সেই চৰ্চা বিভিন্ন মাধ্যমত হোৱা নাই। এয়া সৰু অভিযোগ নহয়। এয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি, ইভিএমৰ বিস্বাসযোগ্যতাৰ প্ৰতি উত্থাপিত ডাঙৰ প্ৰশ্ন।

কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী পৰাস্ত হৈছিল ১৮৩৬০ টা ভোটৰ ব্যৱধানত। তেওঁ ৫২৬৭৩৩ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহে লাভ কৰিছিল ৫৪৫০৯৩ টা ভোট।

এই লোকসভা সমষ্টিটোত পাথাৰকান্দি বিধানসভা সমষ্টিত ইভিএমত ভোটদান কৰিছিল ১৪৪৪৪৪ টা ভোট। ইভিএম গণনাত ওলাল ১৪৬৮৯৪ টা ভোট। সমষ্টিটোত অতিৰিক্তভাৱে ওলাল ২৪৫০ টা ভোট।

ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টিত ইভিএমত ভোটদান হৈছিল ১৭০২৫১ টা ভোট। ইভিএম গণনাত ওলাল ১৭১১৩৪ টা ভোট। এই সমষ্টিত বাঢ়িল ৮৮৩ টা ভোট। উত্তৰ কৰিমগঞ্জ সমষ্টিত ৪০৭ টা, দক্ষিণ কৰিমগঞ্জ সমষ্টিত ২০৩ টা ভোট ভোট গণনাত বাঢ়িল।

আলগাপুৰ-কাটলিচেৰা বিধানসভা সমষ্টিত আকৌ ইভিএমত ভোটদান হৈছিল ২১৬৭৮৩ টা ভোট। ইভিএম গণনাত ওলাল ২১৬৭২৮ টা ভোট। ইয়াত ভোটদান কৰাৰ ভোটতকৈ গণনাত ওলোৱা ভোট ৫৫ টা কমিল। হাইলাকান্দি বিধানসভা সমষ্টিত মুঠ ইভিএমত বন্দী হৈছিল ১৭৫১০৫ টা ভোট। ইভিএম গণনাত ওলাল ১৭৫০২৮ টা ভোট। এই সমষ্টিত কমিল ৭৭ টা ভোট।

তাৰমানে ক’ৰবাত ভোটৰ সংখ্যা কোনোবাই বৃদ্ধি কৰিলে, আন কৰবাত ভোটৰ সংখ্যা হ্ৰাস কৰিলে। কোকৰাঝাৰ সমষ্টিত একেই বিসংগতি। গোসাঁইগাওঁ বিধানসভা সমষ্টিত ইভিএমত ভোটগ্ৰহণ হৈছিল ৯৩০৫৯ টা ভোট। ইভিএম গণনাত ওলাল ৯১৫৬৯ টা ভোট। সমষ্টিটোত কমিল ১৪৯০ টা ভোট।

দতমা বিধানসভা সমষ্টিত ইভিএমত হোৱা ভোট আৰু ইভিএম গণনাত ওলোৱা ভোটৰ সংখ্যাত দেখা গ’ল ৪৯ টা ভোট বেছিকৈ ওলাইছে। কোকৰাঝাৰ বিধানসভা সমষ্টিত ৭ টা ভোট কমকৈ ওলাল। সমষ্টিটোত ইভিএমত ভোটগ্ৰহণ হৈছিল ১১৫৮২৫ টা ভোট। গণনাত ওলাল ১১৫৮১৮ টা ভোট।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিতে দেখা গ’ল এনে ভোটৰ তাৰাতম্য।বাওঁখুংগ্ৰী বিধানসভা সমষ্টিত ইভিএমত ভোট পৰিছিল ১৩৮৪০৮ টা। ভোটগণনাত এই সমষ্টিত ভোট ওলাল ১৩৩৪৯৪ টা ভোট। ৪৯১৪ টা ভোট ক’ত গ’ল এই সমষ্টিৰ?

পৰ্বতঝোৰা বিধানসভা সমষ্টিত ইভিএমৰ পৰা হেৰাল ৩ টা ভোট। ইভিএমত বন্দী হৈছিল ১৫০৯১২ টা ভোট। ইভিএম গণনাত ওলাল ১৫০৯০৯ টা ভোট। চিদলী-চিৰাং বিধানসভা সমষ্টিত ইভিএমত বন্দী হোৱা ভোটৰ সংখ্যা ১৭৮৩৪৬ টা আছিল যদিও ইভিএমৰ ভোট গণনাত সেই সংখ্যা ১৭৭৮৩২ হয়। তাতো কমকৈ ওলাল ৫১৪ টা ভোট।

বিজনী বিধানসভা সমষ্টিত ইভিএমত ভোটাদন কৰিছিল ১৫৪৯৯৮ জন ভোটাৰে। ভোটগণনাত এই সমষ্টিত সৰ্বমুঠ ভোট ওলাল ১৫৪৯০১ টা। ৯৭ টা ভোটৰ হিচাপ নিমিলিল ইয়াত। মানস বিধানসভা সমষ্টিত এটা, দুটা নহয় ২২৭৪ টা ভোট কমকৈ ওলাল ইভিএম গণনাত। বাক্সা বিধানসভা সমষ্টিত ইভিএমত বন্দী হোৱা ভোটৰ সংখ্যা ১৫৪৪৬৬ টা আছিল যদিও গণনাত সেই ভোটৰ সংখ্যা ১৫১০ টা কমি ১৫২৯৫৬ টা হ’ল।

কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ভোটদান কৰিছিল ১২৪০৩০৬ জন ভোটাৰে। ভোটগণনাত ইভিএমত ওলাল ১২২৯৫৪৬ টা ভোট। ১০৭৬০ টা ভোটা কমিল এই লোকসভা সমষ্টিত।

এনেবোৰ বিসংগতি তথ্য সহকাৰে পোহৰলৈ অহাৰ পাছত কিয় মানুহৰ মনত সন্দেহ নহ’ব যে ক’ৰবাত ইভিএমৰ খেলিমেলি কোনোবাই কৰিছে নেকি? এই বিসংগতি কৰোতে হয়তো মিলাব নোৱাৰিলে ভোটদানৰ ভোটৰ সংখ্যাৰ সৈতে ইভিএমৰ গণনাৰ সময়ত ওলোৱা ভোটৰ সংখ্যা।

এয়া গণতন্ত্ৰৰ প্ৰতিয়েই ভাবুকি আৰু অবিশ্বাসৰ এক বাতাবৰণ সৃ্ষ্টি কৰাৰ ঘটনা। ইমান দিনে যিবোৰ অভিযোগ হৈ আছিল, সেইবোৰ কথা এতিয়া সঁচা প্ৰমাণিত হ’বলৈ গৈ আছে নেকি? কাৰিকৰী বিজুতিৰ বাবে যদি এনে হৈছে বুলি কয় আয়োগে তেনে ইভিএমৰ ওপৰত থকা আস্থাই নাইকিয়া কৰিব এই বিজুতিয়ে।

এতিয়া সকলো সম্ভৱ। অসম্ভৱ বুলি কোনো কথা নাই। মানুহে বিশ্বাস কৰে এই কথা। লোকসভা নিৰ্বাচন ২০২৪ ৰ ফলাফল ওলাল। বিজেপিৰ নেতৃত্বতে কেন্দ্ৰত এন ডি এৰ চৰকাৰ গঠন হ’ল। কিন্তু এইবোৰ প্ৰশ্ন আৰু সন্দেহ তীব্ৰতৰ হৈ মানুহৰ মন, মগজুত ৰৈ গ’ল।

ইভিএমত ফাউল !
২২ গজত ভাৰতৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in