পূৰ্ণ গতিত চলি আছে অষ্টাদশ লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিল আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে অন্ত পৰাত এতিয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ। সমান্তৰালকৈ ৰাজনৈতিক দলসমূহেও হৈ যোৱা দুয়োটা পৰ্যায়ৰ ভোটগ্ৰহণৰ হিচাপ, নিকাচৰ লগতে পৰৱৰ্তী ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে উচ্চতম ন্যায়ালয়ে ইভিএম আৰু ভিভিপেট সন্দৰ্ভত ২৬ এপ্ৰিল, শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে। ন্যায়ালয়ত দাখিল হোৱা এখন পি আই এলৰ শুনানি গ্ৰহণ কৰি দুজনীয়া বিচাৰপীঠে ইভিএম আৰু ভিভিপেট সন্দৰ্ভত থকা সকলো অভিযোগ নস্যাৎ কৰিলে।
ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত ইভিএমৰ ভূমিকা অপৰিসীম। যোৱা দুটা দশক ধৰি ভাৰতৰ প্ৰতিখন ৰাজ্যক বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন ইভিএমৰ জৰিয়তে অনুষ্ঠিত হৈ আহিছে।
পোন প্ৰথমবাৰৰ বাবে ১৯৭৭ চনত তেতিয়াৰ মুখ্য নিৰ্বাচনী বিষয়া এছ এল শকধৰে ইভিএমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পাছত ১৯৮০-৮১ ৰ ভিতৰত ইভিএম তৈয়াৰ কৰি ১৯৮২ চনত প্ৰথমবাৰৰ বাবে কেৰালাৰ কে পাৰুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৫০ টা ভোটগ্ৰহণ কেন্দ্ৰত ইয়াৰ ব্যৱহাৰ কৰা হৈছিল।
প্ৰথম ব্যৱহাৰৰ পৰা এই পৰ্যন্ত সুদীৰ্ঘ সময়ছোৱাত ইভিএমক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। সৃষ্টি হৈছে সন্দেহৰ। প্ৰতিটো নিৰ্বাচনতে সমালোচিত হৈছে ইভিএম। আনহে নালাগে বিৰোধীৰ দৰেই এসময়ত বৰ্তমান শাসনত থকা দলটোৱেও ইভিএমক গ্ৰহণ কৰিবলৈ আগ্ৰহী নাছিল।
তেওঁলোকেও ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু শাসনলৈ অহাৰ পাছতে বিজেপিয়ে ইভিএম সন্দৰ্ভত তেওঁলোকৰ স্থিতি সলনি কৰে আৰু বিৰোধীয়ে ইভিএম সন্দৰ্ভত উত্থাপন কৰা অভিযোগক নস্যাৎ কৰি তাচ্ছিল্যহে কৰিছে।
এই সকলো অবিশ্বাস, সন্দেহক দূৰ কৰিবলৈ নিৰ্বাচন আয়োগে প্ৰচেষ্টা চলাই আহিছে।কিন্তু আয়োগে একাংশ ৰাজনৈতিক নেতা, দল আদিৰ বিৰুদ্ধে লোৱা নমনীয় স্থিতি, আয়োগৰ কেতবোৰ কাম-কাজে আয়োগকো জনমানসত বিশ্বাসহীন কৰি তুলিছে। ফলত ইভিএম সন্দৰ্ভত আয়োগে লোৱা পদক্ষেপকো বিশ্বাস কৰিব পৰা নাই বহুতেই।
সেয়ে ইভিএমৰ বিষয়টো বহু কেইবাৰ পাইছেগৈ ন্যায়ালয়ৰ মজিয়া। ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ে ইভিএম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। ১৯৮৮ চনত লোক প্ৰতিনিধিত্ব অধিনিয়ম, ১৯৫১ৰ সংশোধনৰ পাছত ১৯৮৯ চনৰ ১৫ মাৰ্চত ইভিএম সন্দৰ্ভত থকা নিষেধাজ্ঞা দূৰ হয় আৰু দেশত ইয়াৰ ব্যৱহাৰ পুনৰ আৰম্ভ হয়।
ইভিএমৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বিভিন্ন সময়ত বিভিন্নজনে আবেদন দাখিল কৰি আহিছে। ২০১৮ চনতো উচ্চতম ন্যায়ালয়ে ইভিএম সন্দৰ্ভত দাখিল হোৱা আবেদন খাৰিজ কৰিছিল।
২০০১ চনত মাদ্ৰাছ উচ্চ ন্যায়ালয়, ২০০২ ত কেৰালা উচ্চ ন্যায়ালয়, ২০০৪ত দিল্লী উচ্চ ন্যায়ালয়, কৰ্ণাটক উচ্চ ন্যায়ালয়, বোম্বে উচ্চ ন্যায়ালয়, উত্তৰাখণ্ড উচ্চ ন্যায়ালয় আৰু ২০১৭ ত উচ্চতম ন্যায়ালয়ত ইভিএমৰ বিৰুদ্ধে আবেদন দাখিল হৈছিল।
এইবাৰ নিৰ্বাচনৰ ঠিক আগে আগে উচ্চতম ন্যায়ালয়ত এছোচিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ নামৰ সংস্থাটোৱে পুনৰ ইভিএম সন্দৰ্ভত দাখিল কৰে এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। এই আবেদন অৱশ্য ইভিএম নিষিদ্ধ কৰিবলৈ নাছিল। এই আবেদনত দাবী কৰিছিল ইভিএমৰ প্ৰতিটো ভোটৰ সৈতে ভিভিপেটৰ প্ৰতিখন শ্লিপ মিলাই চাব লাগে।
মন কৰিবলগীয়া যে, ইভিএমৰ ভোটগণনাৰ সময়ত এটা সমষ্টিৰ যিকোনো ৫ টা ভোটকেন্দ্ৰৰ ইভিএমৰ ভোট আৰু ভিভিপেট শ্লিপহে পৰীক্ষণ কৰা হয়। আবেদনখ গ্ৰহণ কৰি উচ্চচতম ন্যায়ালয়ে আবেদনকাৰী আৰু নিৰ্বাচন আয়োগৰ ভাষ্য শুনি আবেদনখনক খাৰিজ কৰিলে।
ন্যায়ালয়ে ক’লে গণতন্ত্ৰত সম্প্ৰীতি বজাই ৰাখিবলৈ নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্ধভাৱে বিশ্বাস নকৰিলে কোনো কাৰণ নোহোৱাকৈ সন্দেহৰ সৃষ্টি হ’ব পাৰে। অৱশ্যে ন্যায়ালয়ে সকলো প্ৰাৰ্থীয়ে ভোটগণনা অন্ত পৰাৰ ৭ দিনৰ ভিতৰত কিবা সন্দেহ থাকিলে অতিৰিক্ত মাচুল পৰিশোধ কৰি ইভিএমৰ মাইক্ৰ’কণ্ট্ৰলাৰ প্ৰমাণীকৰণৰ বাবে আয়োগক অনুৰোধ কৰিব পাৰিব। এই প্ৰমাণীকৰণৰ সময়ত যদিহে কিবা খেলিমেলি ধৰা পৰে তেন্তে আয়োগে তেওঁলোকৰ মাচুল ঘূৰাই দিব।
একোটা ইভিএম মেচিন তিনিটা অংশৰে গঠিত হয়। ইয়াৰে এটা অংশ হৈছে কণ্ট্ৰ’ল ইউনিট, আন এটা অংশ হৈছে বেলটিং ইউনিট আৰু তৃতীয় অংশটো হৈছে ভিভিপেট। ভোটদাতাই এতিয়া প্ৰথমে কণ্ট্ৰ’ল ইউনিটত থকা ‘বেলট’ চুইছ দবাই বেলটিং ইউনিটত প্ৰাৰ্থীৰ নাম আৰু প্ৰতীক চিহ্নৰ বিপৰীতে থকা নীলা চুইছ দবাই ভোটদান কৰে। এই ভোট কণ্ট্ৰ’ল ইউনিটত সংৰক্ষিত হয়। একোটা ক’ণ্ট্ৰল ইউনিটে ২০০০ ভোট সংৰক্ষণ কৰিব পাৰে। ভোটগণনা ইয়াৰ জৰিয়তেই কৰা হয়।
ইভিএমক লৈ থকা শংকা, অবিশ্বাস আৰু আপত্তি দূৰ কৰিবলৈকে নিৰ্বাচন আয়োগে ভিভিপেটৰ ব্যৱস্থা কৰিছিল। প্ৰথমে এই ব্যৱস্থা ইভিএমৰ সৈতে সংযোজিত নাছিল। ভিভিপেট মানে হৈছে ভোটাৰ ভেৰিফায়েবল পেপাৰ অডিট ট্ৰেইল। ইয়াৰ জৰিয়তে ভোটাৰে তেওঁলোকে দিয়া ভোট সঠিক স্থানত পৰিছে নে সেই বিষয়ে চাব পাৰে।
যেতিয়াই ভোটাৰে বেলট ইউনিটত থকা নীলা চুইছটো দবাই দিয়ে তেতিয়াই ভিভিপেটত এখন শ্লিপ দেখুৱাই। এই শ্লিপত প্ৰাৰ্থীৰ নাম, ক্ৰম আৰু তেওঁৰ নিৰ্বাচনী চিহ্ন দেখুৱাই। ইয়াক মাত্ৰ ৭ ছেকেণ্ডৰ বাবেহে দেখুওৱা হয়। তাৰ পাছত শ্লিপখন পুনৰ বাকচটোত সোমাই পৰে।
ইভিএমক লৈ চলি থকা বিতৰ্কৰ অৱসান পেলাবলৈ এই ব্যৱস্থা প্ৰথমে ২০১৩ চনত প্ৰথমবাৰৰ বাবে নাগালেণ্ড বিধানসভাৰ নকচেন সমষ্টিৰ নিৰ্বাচনত কৰা হৈছিল। তাৰ পাছত দেশৰ প্ৰতিটো সমষ্টিতে এই ব্যৱস্থা প্ৰয়োগ কৰা হৈছে।
এ ডি আৰে ন্যায়ালয়ত দাখিল কৰা আবেদনত দাবী আছিল ইভিএমৰ কণ্ট্ৰ’ল ইউনিটৰ ভোটৰ সৈতে প্ৰতিখন ভিভিপেট শ্লিপ পৰীক্ষা কৰিব লাগে। কিয়নো বৰ্তমান ভোটগণনাৰ সময়ত যিকোনো এটা সমষ্টিৰ ৫ টা ভোটকেন্দ্ৰৰ ইভিএম নিৰ্বাচন কৰি তাৰ কণ্ট্ৰ’ল ইউনিট আৰু ভিভিপেট শ্লিপৰ ভোট মিলাই চায়েই ভোটগণনা কৰা হয়। এই ব্যৱস্থাই ইভিএমৰ প্ৰতি থকা সন্দেহ দূৰ কৰিব পৰা নাই।
এছোচিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মে উচ্চতম ন্যায়ালয়ত কৈছিল এটা সমষ্টিত ২০০ টা ভিভিপেচ শ্লিপ থাকিলেও তাৰ মাত্ৰ ৫ টাহে গণনা কৰা হয়। এ ডি আৰৰ অধিবক্তাই পুনৰ ন্যায়ালয়ক কয়, ভিভিপেট শ্লিপ ভোটাৰৰ হাতত তুলি এইবোৰ এটা বেলত বক্সত দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদিহে জালিয়াতিৰ সন্দেহ থাকে তেন্তে এই শ্লিপবোৰ গণনা কৰিব পৰা যাব।
ইয়াৰ বিপৰীতে নিৰ্বাচন আয়োগে কয় যে, ভিভিপেট শ্লিপ গণনা কৰিলে আমি পুনৰ বেলতৰ দিনলৈ ঘূৰি যাব লাগিব। দুয়ো পক্ষৰ যুক্তি শুনি ন্যায়ালয়ে নিৰ্বাচন আয়োগক ইভিএম প্ৰতীক লোড হোৱাৰ পাছত ৪৫ দিনৰ বাবে ইয়াৰ ইউনিটসমূহ ছীল কৰি সংৰক্ষণ কৰিবলৈ আয়োগক নিৰ্দেশ দিয়ে। যাতে পৰৱৰ্তী সময়ত দ্বিতীয় আৰু তৃতীয় স্থানত থকা প্ৰাৰ্থীৰ অনুৰোধত এইসমূহ পুনৰ পৰীক্ষা কৰিব পাৰি।
ইভিএম সম্পৰ্কে মানুহৰ মনত সৃষ্টি হোৱা সন্দেহ ইমান সহজে যে দূৰ নহয় সেয়া ন্যায়ালয় শুকুৰবাৰৰ স্থিতিৰ পাছতেই স্পষ্ট হৈছে। ন্যায়ালয়ে ইভিএম সম্পৰ্কে দাখিল কৰা আবেদন খাৰিজ কৰাত নিৰ্বাচনৰ মাজতেই আকৌ ইভিএমক লৈ সৃষ্টি হৈছে বিতৰ্ক।
বহুতৰে দাবী ইউৰোপৰ দৰে উন্নত দেশে ইভিএম এৰি বেলত পেপাৰত ভোট দিয়াৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিছে।ইভিএমক এই দেশসমূহেও বিশ্বাস কৰিব পৰা নাই। বিশেষকৈ ভোটগ্ৰহণৰ সময়ত দেখা দিয়া ইভিএম বিসংগতিয়ে ভাৰতৰ দৰে দেশত অবিশ্বাস আৰু অধিক বৃদ্ধি কৰে।
মন কৰিবলগীয়া যে, ভাৰতত ব্যৱহাৰ হোৱা ইভিএম আৰু ভিভিপেট মেচিন বিদেশৰ পৰা আমদানি কৰা নহয়। ভাৰতৰে দুটা প্ৰতিষ্ঠানে এইসমূহ তৈয়াৰ কৰে। এইসমূহ ভাৰততে ডিজাইন কৰা হৈছে।
নিৰ্বাচন আয়োগৰ মতে দুই চৰকাৰী কোম্পানীয়ে তৈয়াৰ কৰে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমসমূহ। ইয়াৰে এটা হৈছে ভাৰত ইলেক্ট্ৰনিকছ লিমিডেট আৰু ইলেক্ট্ৰনিকছ কৰ্পোৰেছন অফ ইণ্ডিয়া লিমিটেড। প্ৰথমবাৰৰ বাবে এই প্ৰতিষ্ঠানে ১৯৮০-৮১ চনৰ ভিতৰত ইভিএম তৈয়াৰ কৰিছিল।
Also Read: চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?