ভেজাল বন্ধু...

ভেজাল বন্ধু...
ভেজাল বন্ধু...
Published on
Updated on

বন্ধুক বিশ্বাস নকৰিব। বন্ধুৰ কথাত ভোল নাযাব। এই কাহিনী শুনিলে আপুনি তেনেকৈয়ে ভাবিবলৈ বাধ্য হ'ব। আপোনাৰ ক্ষেত্ৰত বন্ধুৰ সৈতে তেনে কেতিয়াও নহওক।

গীতানগৰ থানাৰ এটা গোচৰ। গোচৰ নম্বৰ ২৪৯/২৩। ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/২০৯/৫০৬ ধাৰাত ২০ অক্টোবৰ ২০২৩ ত এজন বন্ধুৱে আন এজনৰ বন্ধুৰ বিৰুদ্ধে ৰুজু কৰিবলগীয়া হৈছিল এই গোচৰ। যিজন বন্ধুৱে এই গোচৰ ৰুজু কৰিছিল তেওঁৰ নাম প্ৰাঞ্জল জ্যোতি মজুমদাৰ।

মজুমদাৰে তেওঁৰ বন্ধু দেৱাশীষ বৰুৱা আৰু বন্ধু পত্নী প্ৰতিশ্ৰুতি বৰুৱাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে। গীতানগৰ থানাত দিয়া এজাহাৰখনত তেওঁলোকৰ বন্ধুত্ব কেনেদৰে স্থাপন হৈছিল সেই আভাসো দিছে। এজাহাৰৰ আৰম্ভণিতেই মজুমদাৰে লিখিছে- ''মই শ্ৰী দেৱাশীষ বৰুৱা আৰু তেওঁৰ পত্নী প্ৰতিশ্ৰুতি বৰুৱাক মোৰ ল'ৰা-ছোৱালীৰ লগত একেখন স্কুলত পঢ়াৰ সূত্ৰে চিনি পাওঁ। ১৩ বছৰ ধৰি তেওঁলোকৰ লগত বন্ধুত্বৰ সম্পৰ্ক আছে।''

১৩ বছৰৰ বন্ধুত্ব কম সময়ৰ নহয়। কিনো কৰিলে বন্ধু বৰুৱাই? আৰক্ষীক মজুমদাৰে এজাহাৰৰ জৰিয়তে জানিবলৈ দিয়া মতে প্ৰাঞ্জল জ্যোতি মজুমদাৰে দেৱাশীষ বৰুৱাক লগ পালেই ব্যৱসায়ৰ কথা কয়। সেই ব্যৱসায়ৰ জৰিয়তে বহু বেছি মুনাফা পাই থকাৰ কথাও জানিবলৈ দিয়ে।

লগতে অনুৰোধ জনালে তেওঁৰ সৈতে একেলগে ব্যৱসায় কৰিবলৈ। কথাত ভাল দেৱাশীষ বৰুৱা। ধন, পইচা থকা মানুহ প্ৰাঞ্জল জ্যোতি মজুমদাৰ। হৈগ'ল মান্তি। বিশ্বাস কৰি ল'লে বন্ধু বৰুৱাক। বিনিয়োগ আৰম্ভ কৰিলে বন্ধুৰ সৈতে। সেয়া ২০২১ চনৰে কথা।

কোভিড চেণ্টাৰৰ জেনেৰেটৰ শ্বেট, মান্থলি মেইটেনেন্স, হিলছা ফিছ, বজাৰ, কয়লাৰ ট্ৰেডিং আদি ব্যৱসায়ত বিনিয়োগ কৰিলে মজুমদাৰে। এটকা, দুটকা নহয় মুঠ ৭৬ লাখ ৬৬ হাজাৰ টকা মজুমদাৰে দেৱাশীষ বৰুৱাক দিলে। অৱশ্যে সেয়া ক'লা ধন নহয়।

চেণ্ট্ৰেল বেংকৰ চানমাৰি শাখাত মজুমদাৰৰ এটা একাউণ্ট আছে। একাউণ্টৰ নম্বৰ ৩৫৮০৫৮১৪১২। এই একাউণ্টৰ পৰাই দেৱাশীষ বৰুৱাৰ আই চি আই চি গুৱাহাটী ব্ৰাঞ্চত থকা একাউণ্ট নম্বৰ ৬৩৪৩০১৫০৭৭৯৩ নম্বৰলৈ ধন ট্ৰেঞ্চফাৰ কৰিলে।

১০ ডিচেম্বৰ ২০২১ ৰ পৰা ৩১ মাৰ্চ ২০২২ লৈকে মুঠ ১১ বাৰ মজুমদাৰে ধন দিলে বৰুৱাক। প্ৰথম১০ ডিচেম্বৰ ২০২১ ত আৰ টি জি এছ যোগে চেক নম্বৰ ১২১৬০৮ যোগে প্ৰেৰণ কৰিলে ২ লাখ ২৮ হাজাৰ টকা। তাৰ পাছত ২৮/১২/২০২১ ত ১ লাখ ৭১ হাজাৰ, ৩১/১২/২০২১ ত ৪ লাখ ৯৩ হাজাৰ, ৩/১/২০২২ ত ৩ লাখ ৬২ হাজাৰ, ১০/১/২০২২ ত ৪ লাখ ৫৬ হাজাৰকে ধন দি গ'ল মজুমদাৰে।

১৯/১/২০২২ত মজুমদাৰে বৰুৱাক পুনৰ দিলে ৫ লাখ ৭০ হাজাৰ টকা। তাৰ দুদিনৰ পাছতে অৰ্থাত ২১/১/২০২২ ত ৯ লাখ ১১ হাজাৰ, ২৮/১/২০২২ ত ৯ লাখ ৩০ হাজাৰ, ৩১/৩/২০২২ ত ১ লাখ ৫০ হাজাৰ টকা শেষ বাৰৰ বাবে দেৱাশীষ বৰুৱাক মজুমদাৰে আদায় দিয়ে ব্যৱসায়ৰ বাবে।

এইবোৰ তথ্য আৰক্ষীক বেংকৰ ষ্টেটমেণ্টসহ মজুমদাৰে দাখিল কৰা তথ্য। ব্যৱসায়ো ঠিকেই চলি আছিল দুয়োৰে মাজত। কিন্তু ধনে মানুহক অন্ধ কৰে। ধনে ঘৰ, আপোন এতিয়া নিচিনে। মৌখিক প্ৰতিশ্ৰুতি মৰ্মে দুয়োৰে মাজত ধনৰ লেনদেন হৈছিল। ব্যৱসায়ী কথা চলিছিল।

দেৱাশীষ বৰুৱায়ো ২০২২ চনৰ এপ্ৰিললৈকে ২৪ লাখ ১২ হাজাৰ টকা ঘূৰাই দিছিল মজুমদাৰক। ইয়াৰ উপৰিও খুচৰা কিষ্টিৰ হিচাপত আন ৭ লাখ ৫০ হাজাৰ টকা আদায় দিয়ে। এতিয়া পিছে সেই সম্পৰ্ক দুয়োৰে মাজত নাই। ধন বিনিয়োগ কৰা মজুমদাৰে বন্ধু বৰুৱাই বিনিয়োগ কৰা ধন লাভসহ দিব বুলি ভাবি আছিল।

দেৱাশীষ বৰুৱাৰ পৰা কিমান ধন পাব সেই হিচাপো ৰাখি গৈছিল। আৰক্ষীক দিয়া এজাহাৰত মজুমদাৰে দাবী কৰিছে দেৱাশীষ বৰুৱাই মূলধন আৰু লাভসহ তেওঁক ২ কোটি ৩৫ লাখ ৭৮ হাজাৰ টকা দিবলৈ আছে। ধন বিচাৰি ২০২২ ৰ ১৬ মে'ত মজুমদাৰ গৈছিল বৰুৱাৰ ঘৰলৈ।

হ'ব ঘূৰাই দিম বুলি ঘূৰাই পঠিয়ালে বৰুৱাই মজুমদাৰক। তাৰ পাছত ২৬/৯/২০২৩ ত পুনৰ দেৱাশীষ বৰুৱাৰ ঘৰলৈ গ'ল মজুমদাৰ। ক'লে টকাখিনি লাগে। দেৱাশীষ বৰুৱা আৰু তেওঁৰ পত্নী প্ৰতিশ্ৰুতি বৰুৱাই ধন নিদিও বুলি ঘৰৰ পৰাই বাহিৰ উলিয়াই দিলে। লগতে সতৰ্ক কৰি দিলে আকৌ ধন বিচাৰি আহিলে পুলিচত দিব।

এই অভিযোগ প্ৰাঞ্জল জ্যোতি মজুমদাৰৰ। তাৰ পাছত আৰক্ষীৰ কাষ চাপিল মজুমদাৰ। তেওঁৰ অভিযোগ প্ৰাপ্য টকাখিনি আত্মসাৎ কৰিব বিচাৰিছে দেৱাশীষ বৰুৱাই। সেয়েহে তেওঁক ন্যায় লাগে। প্ৰাপ্য টকাখিনি ঘূৰাই বিচাৰে। আৰক্ষীয়ে সহায় কৰিব লাগে।

ধন অৱশ্যে এতিয়ালৈকে প্ৰাঞ্জল জ্যোতি মজুমদাৰে ঘূৰাই পোৱা নাই। আৰক্ষীয়েও লোৱা ভূমিকাত সন্তুষ্ট নহয় মজুমদাৰ। এয়া দুজন বন্ধুৰ মাজৰ বিশ্বাসঘাটকতাৰ কাহিনী। এতিয়া যে এনে বিশ্বাসঘাটক বন্ধু পদে পদে।

লাখ টকা কি, হাজাৰ টকাতে বন্ধুৱে বন্ধুক ঠগিব পাৰে। আনকি ইয়াতকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। বহু কাহিনী আছে এই ধৰণৰ। বন্ধুক বিশ্বাস কৰাৰ পৰিৱেশো যেন এতিয়া নাই। অথচ বন্ধু মানেই সকলো বুলি ভবা দিনো আছিল।

বন্ধুত্ব কৰক। কিন্তু সেই বন্ধুৰ সৈতে বিশ্বাসৰ এক পৰিসীমা গঢ়ি তোলাতো প্ৰয়োজন। নহ'লে প্ৰাঞ্জল জ্যোতি মজুমদাৰৰ দৰে সৰ্বস্ৰান্ত হ'ব লাগিব বন্ধুৰ হাতত। এতিয়া যে সকলোতেই ভেজাল। নিজৰ বাদে মানুহে আনৰ কথা ভাবিবই যেন নোৱাৰে। প্ৰয়োজনত তললৈ নহয়, বহু তললৈ নামিব পাৰে।

ভেজাল বন্ধু...
অভিনন্দন ! বিকাশৰ গতিত সুৰংগত আৱদ্ধ শ্ৰমিকৰ জীৱন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in