পৰম্পৰা, ঐতিহ্য ৰক্ষাৰে ৰাজ্যজুৰি পালন গৰু বিহু...

পৰম্পৰা, ঐতিহ্য ৰক্ষাৰে ৰাজ্যজুৰি পালন গৰু বিহু...

New Update
পৰম্পৰা, ঐতিহ্য ৰক্ষাৰে ৰাজ্যজুৰি পালন গৰু বিহু...

পৰম্পৰা, ঐতিহ্য ৰক্ষাৰে ৰাজ্যজুৰি পালন গৰু বিহু...

ব’হাগ কেৱল এটা মাহ নহয়, ই অসমীয়া জাতিৰ আয়ুস। জাতিৰ প্ৰাণস্পন্দন ৰঙালী বিহু। বিহুয়েই অসমীয়াৰ প্ৰাণ। বিহু অবিহনে প্ৰাণহীন অসমীয়া জাতি। ঋতুৰ পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰো পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনে অসম, অসমীয়াৰ মন, প্ৰাণ সজীৱ কৰি তোলে।

এই সময়তে গছে বৰণ সলাই, পৃথিৱী সেউজ হয়, কুলি, কেতেকী আদি বনৰীয়া চৰাইৰ সুললিত কণ্ঠই অসমৰ আকাশ বতাহে জুৰে মন জুৰোৱা গীত। পৰিৱৰ্তিত ঋতু, পৰিৱৰ্তিত প্ৰকৃতিৰ সৈতে আকৌ আহিল ব'হাগ।

আজি দুমাহি, গৰু বিহু। কালিলৈ পহিলা ব'হাগ। ৰাজ্যজুৰি ব'হাগৰ বতৰত যৌৱনৰ উত্তাপত উন্মনা ডেকা, গাভৰু। পৰম্পৰা, ঐতিহ্য আৰু সংস্কৃতিক ধৰি ৰখাৰ চেষ্টা সৰ্বত্ৰে।

আজি পুৱাৰে পৰা সন্ধিয়ালৈকৈ ৰাজ্যজুৰি বিভিন্ন পৰম্পৰা, ৰীতি, নীতিৰে গৰু বিহু পালন কৰা হ'ল। গাঁৱৰ উপৰিও চহৰতো বিহু হুচৰি দলসমূহে ঘৰে ঘৰে হুচৰি জুৰি নতুন বছৰটো গৃহস্থ কুশলে থকাৰ আশীৰ্বাদ দিছে।

গৰু বিহুৰ বিভিন্ন পৰপম্পৰা আৰু লোকাচাৰ আছে। অৱশ্যে ভিন্ন ঠাইত এই পৰম্পৰা, লোকাচাৰৰ ভিন্নতা আছে। পুৱা সাতাম পুৰুষীয়া পৰম্পৰা অটুট ৰাখি নৈ, পুখুৰী, জান, জুৰি, বিল আদিৰ উপৰিও নিজা ঘৰতো গৰুক গা ধুৱালে অসমীয়াই। ইয়াৰ পিছতে 'চাত' মাৰি কৃষিজীৱী ৰাইজে কৃষি কৰ্ম আৰু উৎপাদনৰ অংশ গৰুৰ কুশল কামনা কৰিলে৷

গৰু বিহুৰ সৈতে জড়িত হৈ থকা বিভিন্ন পৰম্পৰাসমূহৰ ভিতৰত চাত মৰা, জাগ দিয়া, নতুন পঘা দিয়া, গৰুক পিঠা খুওৱা, দুৱাৰদলীত টিকনী বৰুৱা, এশ এবিধ শাকৰ আঞ্জা, নাহৰ পাতত মন্ত্ৰ লিখা পৰম্পৰা আদিয়েই উল্লেখযোগ্য।

গৰু বিহুৰ পুৱাই গৰুক ধুৱাই উঠাৰ পাছত মূৰ, শিঙৰ লহতে মাহ-হালধি সানি দিয়া হয়। ইয়াৰ পিছতে গৰুক গা ধুৱাবলৈ লৈ যোৱা হয়। “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হ’বি বৰ বৰ গৰু”- এইদৰে কৈ পুৱাই গৰুক গা ধুৱাই লাও, বেঙেনা, থেকেৰা, হালধী আদি সৰু সৰুকৈ চকলিয়াই গৰুৰ গাত মৰমেৰে কুশল কামনা কৰি দলিয়াই দলিয়াই মৰা হয়।

কোনো কোনোৱে আকৌ গৰুৰ গালৈ এইদৰে দলিয়াই দিয়াৰ পৰিৱৰ্তে খাবলৈ দিয়াৰহে নিয়ম আছে। ইয়াকে চাত মৰা বুলি কয়। লোক বিশ্বাস অনুসৰি এনে কৰি গোধন বছৰটোলৈ নিৰোগী হৈ থাকে।

ঠায়ে ঠায়ে এইদৰে গৰু ধুৱাবলৈ যোৱা গৃহস্থই আন সুস্থ সৱল গৰুৰ গৰাকীৰ সৈতে চাত সলনি কৰে। ইয়াতো আছে আন এক লোক বিশ্বাস। সেয়া হল- চাত সলনি কৰিলে গৰুৰ সুস্বাস্থ্যৰ শক্তি সঞ্চালিত হয়। একেদৰে গৰু কোবোৱা দীঘলতী, মাখিয়তী আদিও বেলেগৰ লগত সলনি কৰি আনি পুনৰ গোহালিৰ চালত থৈ দিয়া হয়।

গৰুক গা ধুৱাবলৈ নিয়াৰ সময়ত দীঘলতী, মাখিয়তি আদিৰে লাহে লাহে কোবাই নিয়া হয়। এইদৰে কোবাই নিয়াৰ সময়ত গৰাকীয়ে গাই যায়- “দীঘলতী দীঘপাত/মাখি মাৰো জাক জাক/মাখিয়তি মাখিপাত/ মাখি মাৰো জাক জাক ৷’’

অসম বানপানী প্ৰৱণ অঞ্চল। ব'হাগৰ পাছতে ৰাজ্যত বানৰ 'উৎসৱ' চলিব। উজনিৰ পৰা নামনিলৈ প্ৰায় আটাইকেইখন ৰাজ্যই বানৰ কৱলত পৰিব। অতীজৰে পৰা বানৰ মুখামুখী হৈ অহা অসমীয়া কৃষকে আজিৰ দিনটোতে অনুমান কৰিব পাৰে বাৰিষা বান আহিবনে নাই।

পুৱাই গৃহস্থই গোহাঁলিলৈ চায়েই এই ধাৰণা কৰিব পাৰে। বিশ্বাস অনুসৰি গোঁহালিৰ গৰুবোৰ যদিহে থিয় হৈ থাকে তেন্তে বান অহাটো নিশ্চিত। যদিহে শুই, বহি থাকে তেন্তে বান নাহে বুলিয়েই ধাৰণা কৰে।

গৰু বিহুৰ সন্ধিয়া জাগ দিয়া হয়। এই জাগ সাধাৰণ জাগৰ সৈতে একে নহয়। এই জাগৰ বাবে পুৱাৰে পৰা প্ৰস্তুতি চলে। গৃহস্থই তৰা গাঁজ, অগৰা, ভাঙৰ গছ, বিলঙনি আদি আনি খেৰৰ সৈতে একেলগে জুই লগাই গোহালিত ধোঁৱা দিয়ে। এনে কৰিলে গৰুবোৰ মহ, দাঁহ, মাখি আদিৰ পৰা ৰক্ষা পৰাৰ লগতে গৰুবোৰ চৰ্ম ৰোগৰ পৰা বাচি থাকিব পাৰি বুলিও বিশ্বাস আছে।

আজিৰ দিনটোতে গৰুক মৰাপাটেৰে তৈয়াৰী নতুন পঘা দিয়া হয়। একেদৰে বিহুৰ বাবে প্ৰস্তুত কৰা পিঠাও গৰুৰ বাবে গৃহিনীয়ে পৃথকে ৰাখে। সেই পিঠা জাগ দিয়াৰ পিছতে খাবলৈ দিয়া হয়। ঠায়ে ঠায়ে আকৌ গৰুৰ বাবে লাড়ু সদৃশ এক বিশেষ পিঠাও প্ৰস্তুত কৰা হয়।

এইদৰেই পুৱাৰে পৰা গৰু বিহুৰ বিভিন্ন পৰম্পৰা ৰীতি, নীতি অনুসৰি আজি পালন কৰিলে অসমীয়াই। কেৱল যে গৰুৰ সৈতে জড়িত ৰীতি, নীতিয়েই পালন কৰিলে তেনে নহয়। গৰু বিহুৰ দিনটোত আন কেতবোৰ পৰম্পাও ৰক্ষা কৰিলে অসমীয়াই।

বছৰটোলৈ সকলো বিপদৰ পৰা ৰক্ষা পাবলৈ নাহৰ পাতত এক বিশেষ মন্ত্ৰ লিখি ঘৰৰ চালত গুজি থয় কোনো কোনোৱে। মহাদেৱক সেৱা জনাই লিখা এই মন্ত্ৰফাকি হ'ল- “দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ /বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ॥” এনে কৰিলে হেনো ধুমুহা, ঢেৰেকণি, বজ্ৰপাত আদিৰ পৰা ঘৰখন ৰক্ষা পৰে।

আজিৰ দিনটোতে এশ এবিধ শাকৰ আঞ্জা খোৱাৰো এক পৰম্পৰা আছে। এনেকৈ এশ এবিধ শাক খালে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায় বুলি কোৱা হয়। এই এশ এবিধ শাকৰ আঞ্জাই বহু ৰোগৰ পৰা মানুহক পৰিত্ৰাণ কৰে বুলিও জনা যায়।

এই এশ এবিধ শাকত থাকে- সৰু মানিমুনি, বৰ মানিমুনি, মচন্দৰী, নৰসিংহ, তিতা, ভেঁকুৰী, পনৌনৌৱা, ভেদাইলতা, ঢেঁকীয়া,তিতামৰা, টেঙেচি, চজিনা, কালমেঘ, জিলমিল, কচুঠুৰি, কলমৌ শাক, কেহৰাজ, খুতুৰা শাক, কাটা খুতুৰা, গাজৰ, লাইজাবৰি, শুকলতি, দহিকচু, ওলকচু, টিকনিবৰুৱা, ধনিয়া পাত, চুকাশাক, দোৰোণবন, নেফাফু, পদিনা, পুৰৈ শাক, পালেং শাক, পাতেগজা, পানী টেঙেচি, ব্ৰাহ্মী শাক, বাহক তিতা, ভাঙৰ পাত, মহাভৃংগৰাজ, মটৰ মাহ, মহানিম, মেথিশাক, মাটিকাঁদুৰি,মূলা, মালভোগ শাক, মৰিচা শাক, মানকচু, সৰিয়হ শাক, কাচকল, বনজালুক, টেঙামৰা, তিতাফুল, চেংমৰা, মধুসোলেং, তিতা কেৰেলা, কপৌঢেঁকীয়া,বেতগাজ, তেজপাত, তিঁয়হ, চিৰতা,কেঁচা জলকীয়া, কালজিৰা, উৰহী, পচলা, কঁঠাল, অমিতা, ৰঙালাউ, মৰলীয়া, বাবৰিশাক, হেলচি শাক, শুহনিবন, তিতাফুল, মোৱা আলু, বকফুল, ভাতকেৰেলা, আদা,হালধি, ভূতমলা, ফুটকলা, জেতুলীপকা, কলডিল, বিলাহী, চয়াবিন, নহৰু, পিয়াঁজ, জালুক, ৰঙাআলু, আলু, পানীলাউ, ৰঙা মৰিচা, ভোট জলকীয়া,কাজিনেমু, শেৱালি ফুল, বেঙেনা, জিকা, ভোল, ফেচবিন, ভেন্দি,মানধনিয়া, লেচেৰামাহ, হাতীভেঁকুৰি, ভুঁই আমলখি, ধঁপাত তিতা।

Also Read: সংস্কৃতি ৰক্ষাৰে গঢ়িছে ক্ষুদ্ৰ গ্ৰাম্য অৰ্থনীতিঃ নিৰ্বাচনেহে লগালে খেলিমেলি...

ৰঙালী বিহু গৰু বিহু