মৃদুল কুমাৰ সন্দিকৈ
ডাষ্টবিনৰ পৰা গৰুৰ সৈতে খাদ্য ভাগ-বতৰা কৰি খাই তেওঁ। কাৰোবাৰ বাবে তেওঁ মানসিক ৰোগী। হয়তো জীৱনৰ বহু ঘাত-প্ৰতিঘাতৰ বাবে মানুহজন ভাগৰি পৰিছে। হতাশা আৰু জীৱন সংগ্ৰামৰ এই কঠিন সময়ে তেওঁক বৰ বেয়াকৈ চুই গৈছে।
ৰহাৰ এই ব্যক্তিজনৰ প্ৰতি কাৰোৱেই কাণ-সাৰ নাই। কিন্তু তেওঁ কৰা কামবোৰ দেখিলে বা শুনিলে মানি ল'বলৈ বাধ্য হ'ব যে - আমি ভব্য-গব্য মানুহবোৰে কৰা কামতকৈ তেওঁ বহু ভালকাম কৰে।
সেই ব্যক্তি জনৰ নাম গোপাল মুদৈ। বয়স অনুমানিক ৬৫ বছৰ। ৰহাৰে হাৰিয়ামুখত তেওঁৰ ঘৰ। ঘৰৰ পৰা তেওঁ বহু বছৰৰ পূৰ্বেই ওলাই আহিছে। এতিয়া তেওঁৰ বাসস্থান ৰহাৰ এটা নামঘৰ।
পুৱাই তেওঁ শুই উঠি নিয়মীয়াকৈ এটা কাম কৰে। গা-পা ধুই ডিঙিত গামোচাখন লৈ তেওঁ ৰহাৰ নামঘৰ ভিতৰ আৰু বাহিৰৰ চৌপাশ চাফা কৰে। এয়া তেওঁৰ কৰ্তব্য বুলি কৰে। নামঘৰৰ চৌহদত তেওঁ ফুলৰ পুলি ৰুৱাৰ লগতে আগতে ৰুই থোৱা ফুলবোৰৰ যতন লয়।
এনেকৈয়ে পুৱাটো তেওঁ নামঘৰতে পাৰ কৰে। তাৰ পাছত তেওঁ মলিয়ণ পোছাকযোৰ পিন্ধি ৰহাৰ টাউনলৈ ওলাই আহে। লক্ষ্য ডাষ্টবিনৰ খাদ্য। ৰহাৰ এই নামঘৰটোৰ তেওঁ অঘোষিত নামঘৰীয়াৰ দৰেই।
বিগত ডেৰ-দুবছৰে তেওঁ এই কাৰ্য কৰি আহিছে। নামঘৰ দৈনিক সৰা-মোচা কৰে যদিও খাবলৈ তেওঁ খাদ্য সদায় নাপায়। সেয়েহে আনৰ ওচৰত হাত পতাতকৈ ডাষ্টবিনবোৰ খুচৰি তাত পেলাই যোৱা খাদ্য খাই পেটৰ ভোক নিবাৰণ কৰে।
কেতিয়াবা কোনোবাই তেওঁক এসাজ-দুসাজ দিয়ে। সেয়াই তেওঁৰ সদায় পেট নভৰে। ডাষ্টবিনত পোৱা খাদ্যবোৰ লৈ ওচৰত থকা গৰু, কুকুৰ আদিকো সমানে ভাগ দিয়ে। এই দুৰ্ভগীয়া ব্যক্তিজনে পাৰিবাৰিক কাৰণত ঘৰৰ পৰা ওলাই অহা বুলি কয়।
চৰকাৰে অঘৰী, দৰিদ্ৰজনৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰে। এই সকল লোকক সেই আঁচনিবোৰে সামৰি ল'ব পৰা নাই। বে-চৰকাৰী সংস্থা সমূহে এনে অনাথ লোকৰ বাবে কোটি কোটি টকা ধন ব্যয়েৰে কাম কৰি আহিছে।
তেনে বে-চৰকাৰী সংস্থা অৰ্থাৎ এন.জি.অ'.ৰো এই মানুহজনৰ কথা ভাবিবলৈ অৱকাশ বা আজৰি হোৱা নাই। খাদ্য সামগ্ৰী ডাষ্টবিনত পেলাই দিয়াৰ সলনি সংগঠিত ভাৱে এই সকল লোকক এসাজ খোৱাবলৈ এক আনুষ্ঠানিক ব্যৱস্থা নিশ্চয় কৰিব পাৰি।
প্ৰশাসনেও এই ব্যক্তিজনক নিশ্চয় সহায় কৰিব পাৰে। কিছু চিকিৎসা আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিলে মানুহজন সুস্থ হৈ পৰিব। সেই দিশত ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় বা সু হৃদয়বান লোকৰ আগ্ৰহ অতিকৈ প্ৰয়োজন।
হাৰিয়ামুখৰ গোপাল মুদৈয়ে তেওঁৰ জীৱনৰ কথা ক'ব নোখোজে বা পাহৰিছে। তেওঁ কেৱল এই কথাই কৈছে যে - ঘৰৰ পৰা তেওঁক উলিয়াই দিয়া হৈছে। সুদৃষ্টি পৰিবনে কাৰোবাৰ। গোপাল মুদৈক আন নহ'লেও সেই নামঘৰটোতে থকা খোৱাৰ ব্যৱস্থা কৰি দিব পৰা যায়।
একেদৰেই ভোকত ককবকাই থকা আন লোকসকলৰ বাবে এক নতুন চিন্তাৰে নতুন আৰম্ভণি কৰিবলৈ কোনোবা বে-চৰকাৰী সংগঠনে আঁচনি গ্ৰহণ কৰিলে সেয়া হ'ব এক মহৎ পদক্ষেপ। ইয়াৰ বাবে আন্তৰিকতাপূৰ্ণ আৰু উচৰ্গিত আৰু সেৱাপূৰ্ণ এক মনৰ অধিকাৰী হ'ব লাগিব।
গোপাল মুদৈয়ে কেতিয়াবা অনাহাৰেই থাকিব লগীয়া হয়। ডাষ্টবিনেই তেওঁৰ ভৰসা। আমি এজন গোপাল মুদৈৰ কথা কৈছো। এনে কতজন গোপাল মুদৈ আমাৰ সন্মুখতেই ঘূৰি ফুৰিছে। আমি দেখিছো, দেখিও নেদেখা ভাও ধৰি আঁতৰি গৈছো। ৰহাৰ গোপাল মুদৈৰ পৰাই মানুহে মানুহৰ বাবে ভবা এক সাৰ্থক কামৰ আৰম্ভণি কৰিব নোৱাৰি নে।
আৰু পঢ়ক : ৰাহুল চেত্ৰী, কিয় এনে হ'ল...