চিকিৎসকৰ পদত্যাগৰ জোৱাৰ, কি হ'ব জনতাৰ ?

খালী হৈ আছে চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০০ জ্যেষ্ঠ চিকিৎসৰ পদ
চিকিৎসকৰ পদত্যাগৰ জোৱাৰ, কি হ'ব জনতাৰ ?
চিকিৎসকৰ পদত্যাগৰ জোৱাৰ, কি হ'ব জনতাৰ ?
Published on
Updated on

মঙ্গলবাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি এক বুজন সংখ্যক চিকিৎসকে পদত্যাগ কৰাৰ খবৰ বিয়পি পৰিল। খবৰ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১৬ গৰাকী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ১৩ গৰাকী, অসম চিকিৎসা মহাবিদ্যালয়ৰ ১১ গৰাকী চিকিৎসকে পদত্যাগ কৰিছে।

ইয়াৰোপৰি পদত্যাগী চিকিৎসকৰ তালিকাত আছে শিলচৰ, নলবাৰী, কোকৰাঝাৰ, ডিফু চিকিৎসা মহাবিদ্যালয়ৰো কেইবাজনো চিকিৎসক। আনহাতে চিকিৎসা মহাবিদ্যালয়সমূহৰ ৬৪ গৰাকী সহযোগী অধ্যাপক, পঞ্জীয়কেও পদত্যাগ কৰিছে। অৱশ্যে স্বাস্থ্য বিভাগে এই চিকিৎসক, অধ্যাপক, পঞ্জীয়কসকলৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই।

ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ্মৰত হৈ থকা এইসকল চিকিৎসকৰ পদত্যাগৰ বিষয়টোৱে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ কিয় এনে এক পৰিস্থিতিৰ সূচনা হৈছে তাক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে।

উল্লেখ্য যে, চৰকাৰী চিকিৎসকৰ এনে পদত্যাগৰ ঘটনা এয়াই প্ৰথম নহয়। পূৰ্বেও এনেদৰেই বহু সংখ্যক চিকিৎসকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ উদাহৰণ আছে। মন কৰিবলগীয়া যে আজিৰ পৰা কিছুদিন পূৰ্বে ৰাজ্যৰ স্বাস্থ্য বিভাগে এক নিৰ্দেশনা জাৰি কৰিছিল।

এই নিৰ্দেশনাত উল্লেখ কৰা হৈছিল কোনো চৰকাৰী চিকিৎসকে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰিব নোৱাৰিব। ইয়াৰোপৰি ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমসমূহলৈয়ো ৰাজ্য চৰকাৰে এই সংক্ৰান্তিয় এক নিৰ্দেশনা জাৰি কৰিছিল।

এই নিৰ্দেশনাত কোৱা হৈছিল যদিহে কোনো ব্যক্তিগত নাৰ্ছিং হোমত চৰকাৰী চিকিৎসকে চিকিৎসা প্ৰদান কৰে তেন্তে সেই নাৰ্ছিং হোমৰ প্ৰতিও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

কোনো চৰকাৰী চিকিৎসকে কৰ্তব্যত গাফিলতি কৰিব নোৱাৰিব। এই নিৰ্দেশনাৰ পাছতেই চিকিৎসকসকলৰ মাজত দেখা দিছিল অসন্তুষ্টি। সেয়ে বহু জ্যেষ্ঠ চিকিৎসকে এতিয়া পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও চৰ্চা চলিছে।

ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নতিৰ ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃততে ৰাজ্যৰ স্বাস্থ্যণ্ডৰ অৱস্থা বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী সদৃশ। এখনৰ পিছত এখনকৈ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে যদিও এই চিকিৎসা মহাবিদ্যালয়সমূহত সুউচ্চ অট্টালিকাৰ বাহিৰে যেন আন একোৱেই নাই।

নামত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ চিকিৎসাৰ ব্যৱস্থা অসামৰিক চিকিৎসালয়তকৈয়ো তথৈবছ। শাসকীয় দলটোৰেই নেতাই সামান্য ভৰিৰ আঘাতত নহ’লেনে হেলিকপ্টাৰত উঠি দিল্লীলৈ চিকিৎসাৰ বাবে যাব লাগেনে?

ৰাজ্যৰ আন আন প্ৰান্তত থকা চিকিৎসা মহাবিদ্যালয়সমূহলৈ চিকিৎসা গ্ৰহণৰ বাবে যোৱা অধিকাংশ ৰোগীকেই সেই চিকিৎসা মহাবিদ্যালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। এই চিকিৎসা মহাবিদ্যালয়সমূহত ৰোগীৰ চিকিৎসাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰহে প্ৰতিযোগিতা চলে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনলৈ সঘনে মন্ত্ৰীৰ আগমণ আৰু বিভাগৰ শীৰ্ষতম বিষয়াৰ আগমণ ঘটে। স্বাভাৱিকতে এই চিকিৎসালয়খনে আন আন চিকিৎসালয়তকৈ অধিক গুৰুত্ব লাভ কৰে।

সেয়ে এই চিকিৎসালয়লৈ ভি আই পি, ভি ভি আই পি ৰোগীৰো আগমণ ঘটে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আন চিকিৎসালয়তকৈ ইয়াত চিকিৎসা ব্যৱস্থা বহুখিনি উন্নত। সেয়ে দৈনিক চিকিৎসালয়খনে বহন কৰিব পৰা ৰোগীতকৈ বহু হাজাৰ অধিক ৰোগীৰ আগমণ ঘটে এই চিকিৎসালয়খনলৈ।

তাৰ পাছতো কিন্তু এই চিকিৎসালয়খনত ৰোগীয়ে এম আৰ আইৰ দৰে পৰীক্ষাৰ বাবে এমাহ পৰ্যন্ত অপেক্ষা কৰিবলগীয়াও হয়। অথবা ব্যক্তিগত কোনো লেবৰটৰীত ৰোগৰ পৰীক্ষা সম্পন্ন কৰিবলগীয়া হয়।

ইফালে অটল অমৃতৰ দৰে বিনামূলীয়া স্বাস্থ্য সেৱাৰ ব্যৱস্থা আছে যদিও সেয়াও আকৌ চিকিৎসালয়ত ৰোগী ভৰ্তি হোৱাৰ পিছতেহে কাৰ্যক্ষম হয়। তাৰ পূৰ্বেই চিকিৎসকে ৰোগীক নানান পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।

সেই পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিতহে ৰোগীক ভৰ্তি কোৰাৱা হয়। যিহেতু জোখতকৈ দৈনিক কেইবা হাজাৰ অধিক ৰোগীৰ জি এম চি এইছলৈ আগমণ ঘটে সেয়ে ইয়াত কম মূল্যত পৰীক্ষা কৰিবলৈ এজন ৰোগীয়ে এম আৰ আইকে ধৰি কিছু পৰীক্ষাৰ বাবে এমাহ পৰ্যন্ত অপেক্ষা কৰিব লাগে। তেতিয়ালৈকে ৰোগীৰ কি অৱস্থা হয় সেয়া সহজেই অনুমেয়। এয়াই হৈছে স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ।

চিকিৎসা মহাবিদ্যালয়ৰ নামত কেৱল বিল্ডীঙ নিৰ্মাণৰ ওপৰতে গুৰুত্ব দিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে যদিও এই চিকিৎসা মহাবিদ্যালয়সমূহত নাই পৰ্যাপ্ত চিকিৎসক, অধ্যাপক। ফলশ্ৰুতিত আন চিকিৎসা মহাবিদ্যালয়ৰ পৰা সঘনে জ্যেষ্ঠ চিকিৎসক তথা অধ্যাপকসকলক এঠাইৰ পৰা আন এঠাইলৈ বদলি কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

ইয়াৰোপৰি চিকিৎসকৰ নাটনিয়ে তেওঁলোকৰ ওপৰত যথেষ্ট কামৰ বুজাও বৃদ্ধি কৰিছে। একাংশ চিকিৎসৰ মতে এনে কামৰ বুজাৰ পাছতো তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা লাভ নকৰে উপযুক্ত সন্মান তথা সা-সুবিধা।

বহু সময়ত চৰকাৰী মেৰপেচত পৰি এইসকল চিকিৎসকেই আকৌ মন্ত্ৰী, বিষয়াৰ ৰোষত পৰিবলগীয়া এক অৱস্থাৰো সূচনা হৈছে। সেয়ে বহু জ্যেষ্ঠ চিকিৎসকৰে দায়িত্বৰ প্ৰতি মোহভংগ হৈছে।

ইয়াৰোপৰি যোৱা জুন মাহৰ শেষৰ ভাগত ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসকে ব্যক্তিগত চিকিৎসালয়ত ৰোগী চালে তেওঁলোকৰ বিৰুদ্ধে দৰমহা বন্ধ কৰাকে ধৰি যিসমূহ কঠোৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে সেই ঘোষণাত চৰম অসন্তুষ্ট একাংশ জ্যেষ্ঠ চিকিৎক। কিয়নো তেওঁলোকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগী পৰীক্ষা কৰিলে, চিকিৎসা কৰিলে যথেষ্ট ধন লাভ কৰে।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসকে লাভ কৰে যথেষ্ট সুযোগ, সুবিধা। সেয়ে তেওঁলোকে চৰকাৰী চাকৰি ত্যাগ কৰি ব্যক্তিগত খণ্ডতে চাকৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

যদিও এই পৰ্যন্ত এইসকল চিকিৎসক, অধ্যাপক, পঞ্জীয়কৰ পদত্যাগ পত্ৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা নাই তথাপিও কিন্তু ইতিমধ্যে ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডৰ পৰা বহু চিকিৎসকে চাকৰি ত্যাগ কৰিছে। তথ্য অনুসৰি যোৱা ৫ টা বছৰত ৰাজ্যৰ মুঠ ১৭৪ গৰাকী চিকিৎসকে চাকৰি ত্যাগ কৰিছে।

ইয়াৰে ৯৮ গৰাকীয়ে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ৭৬ গৰাকীয়ে পদত্যাগ কৰিছে। ইফালে ৰাজ্যৰ প্ৰায়সমূহ চিকিৎসা মহাবিদ্যালয়ক চিকিৎসালয়কে ধৰি অন্যান্য চিকিৎসালয়ত কেইবাশ চিকিৎসকৰ পদ খালী হৈ আছে। ইয়াৰ ভিতৰত ৩০০ খালী পদেই হৈছে জ্যেষ্ঠ চিকিৎসকৰ।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই থাকিলেও এইসমূহ দিশ উন্মোচিত হোৱা বিষয়টোৱে কিন্তু চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে। চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সমান্তৰালকৈ এইসমূহত পৰ্যাপ্ত চিকিৎসক, অধ্যাপকৰ ব্যৱস্থা কৰাটো অতি জৰুৰী।

চিকিৎসা মহাবিদ্যালয়সমূহৰ বিল্ডীঙৰ সমান্তৰালকৈ চিকিৎসা সঁজুলিসমূহৰো ব্যৱস্থা কৰা হওঁক। এই চিকিৎসা মহাবিদ্যালয়সমূহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী প্ৰেৰণ কৰাৰ বিপৰীতে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে যাতে ৰোগীক সকলোধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰিব পাৰে তাত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়।

সুদীৰ্ঘকাল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কেশৱ মহন্তৰ পৰা স্বাস্থ্য বিভাগ কৰ্তন কৰি নিজৰ হাতলৈ আনিছে। স্বাস্থ্য বিভাগৰ প্ৰতিটো দিশেই তেওঁৰ নখ দৰ্পনত। সেয়ে তেওঁ শীঘ্ৰেই এই সন্দৰ্ভত কাৰ্যক্ষম ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা ৰাজ্যত চিকিৎসা ব্যৱস্থাৰ নামত কেইটামান বিল্ডীঙৰ পৰিৱৰ্তে বেলেগ একো নাথাকিবগৈ।

পদত্যাগ পত্ৰ প্ৰেৰণ কৰা একাংশ অধ্যাপক, পঞ্জীয়ক, চিকিৎসকৰ তালিকা
পদত্যাগ পত্ৰ প্ৰেৰণ কৰা একাংশ অধ্যাপক, পঞ্জীয়ক, চিকিৎসকৰ তালিকা
চিকিৎসকৰ পদত্যাগৰ জোৱাৰ, কি হ'ব জনতাৰ ?
BJP ত্যাগ কৰিবলৈ ওলোৱা নেতাৰ দীঘলীয়া তালিকাঃ AGP লৈয়ো আহিব খহনীয়া !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in