নিৰ্দেশনাৰ ভিৰত হেৰাই নিৰ্দেশনা...

নিৰ্দেশনাৰ ভিৰত হেৰাই নিৰ্দেশনা...

New Update
নিৰ্দেশনাৰ ভিৰত হেৰাই নিৰ্দেশনা...

নিৰ্দেশনাৰ ভিৰত হেৰাই নিৰ্দেশনা...

আচলতে কি হৈ আছে? প্ৰতি দিনেই একো একোতা নতুন নতুন সিদ্ধান্ত আৰু প্ৰতিদিনেই তাৰ বিপৰীত এক দৃশ্য পোহৰলৈ আহিয়েই আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰায় প্ৰতিদিনাই জনতাৰ সুবিধা হোৱাকৈ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰি আহিছে।

এই ধৰক জিলা আয়ুক্তক অতিৰিক্ত দায়িত্বৰ পৰা 'মুক্তি'। সকলো জিলা আয়ুক্তৰ কাৰ্যালয় জনতাৰ বাবে সকলো সময়তে মুকলি কৰা, অৱসৰপ্ৰাপ্ত বিষয়াক তৎকালীনভাৱে পেঞ্চনকে ধৰি যাৱতীয় সকলো কাম কৰি দিয়া আদি। ইয়াৰোপৰি জনতাৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ এছ অ' পি।

২০২১ ৰ ৮ ছেপ্টেম্বৰৰ মাজুলীৰ সেই ফেৰী দুৰ্ঘটনাৰ কথা কোনে পাহৰিব পাৰিব? মনত অকনমান জোৰ দিলেই সেই ভয়াৱহ দৃশ্য সকলোৰে মনত ভাহি আহিব। কিদৰে কমলাবাৰী ফেৰীৰ ঘাটত মা কমলা নামৰ যআত্ৰাবাহী ফেৰীখন ব্ৰহ্মপুত্ৰত দুৰ্ঘটনাৰ সন্মুখীন হৈছিল।

সেই দুৰ্ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে ফেৰী যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ ভিতৰত আছিল ফেৰী যাত্ৰীসকলে লাইফ জেকেট পৰিধান কৰাটো। এটা ইঞ্জিন যুক্ত ফেৰীৰ চলাচলো নিষিদ্ধ কৰা হৈছিল।

কিন্তু সেই নিৰ্দেশনা এতিয়া কিমানে মানিছে? কিমানৰ মনত আছে সেই নিৰ্দেশনাৰ কথা? সাধাৰণ ফেৰী যাত্ৰীৰ কথা বাদেই দিলো, প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে মানি চলিছেনে সেই নিৰ্দেশনা? যদি প্ৰশাসনীয় বিষয়াসকলেই সেই নিৰ্দেশনাৰ কথা পাহৰিলে তেন্তে সাধাৰণ জনতাই তাক কিমান মানিছে?

দক্ষিণ শালমৰা মানকাচৰত শনিবাৰে সংঘটিত হোৱা ঘটনাই বহু প্ৰশ্নৰ উদয় কৰিছে। আৰক্ষীৰ যন্ত্ৰ চালিত নাঁৱৰ পৰা পৰি সন্ধানহীন হোৱা আৰক্ষী জোৱান কুশল কলিতাৰ সৈতে কিদৰে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে?

শনিবাৰে ফকিৰগঞ্জ আৰক্ষীৰ এটা ইঞ্জিন চালিত নাওঁখনেৰে বন্ধিহানা আৰক্ষী থানালৈ গৈছিল জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ কেইবাজনো বিষয়া আৰু জোৱান।

এটা ইঞ্জিন চালিত নাওঁৰ চলাচল বন্ধ ঘোষণা কৰাৰ পাছতো কিন্তু এই আৰক্ষীৰ দলটোৱে সেই নিৰ্দেশনা অৱজ্ঞা কৰি এটা ইঞ্জিন চালিত নাঁৱৰেই যাত্ৰা কৰিলে। এই নাওঁখনতে আছিল ডি এছ পিৰ পি এছ অ' কুশল কলিতা।

জানিব পৰা মতে নাওঁখনৰ পৰা পিচলি ব্ৰহ্মপুত্ৰত পৰা কুশল কলিতা প্ৰথম কিছু সময় নদীৰ বুকুত ঢপলীয়াই আছিল যদিও কিছু সময়ৰ পাছতে নিখোজ হৈ পৰে।

এতিয়া প্ৰশ্ন হয়, এই আৰক্ষীৰ বিষয়াৰ সৈতে দলটোৱে নদী পাৰ হোৱাৰ সময়ত এটা ইঞ্জিন চালিত নাওঁ ব্যৱহাৰ কৰি চৰকাৰৰ পূৰ্বৰ নিৰ্দেশনা ভংগ কৰাৰ সমান্তৰালকৈ পৰিধান কৰা নাছিল লাইফ জেকেট। নাওঁখনত সেই সময়ত কুশল কলিতাক উদ্ধাৰ কৰিব পৰাকৈয়ো নাছিল নেকি কোনো ব্যৱস্থা?

'বৰষুণ গ'লে জাপি, চোৰ গ'লে বুদ্ধি' লেখিয়াকৈ কুশল কলিতাৰ মৃত্যুৰ পাছতে এতিয়া পুনৰ সাৰ পাইছে প্ৰশাসন। দেওবাৰে এক নিৰ্দেশনাৰ জৰিয়তে পুনৰ ফেৰী যাত্ৰীসকলৰ বাবে লাইফ জেকেট বাধ্যতামূলক কৰা হৈছে।

মানকাচৰ-ধুবুৰীৰ নাও-ফেৰীৰ প্ৰতিজন যাত্ৰীকে লাইফ জেকেট দিয়াটো বাধ্যতামূলক কৰা হৈছে। কিন্তু প্ৰশ্ন হয় কিমান দিনলৈ এই নিৰ্দেশনা পালন কৰিব? যোৰহাট-মাজুলী, গুৱাহাটী-উত্তৰ গুৱাহাটীকে ধৰি ৰাজ্যৰ যিবোৰ স্থানত ফেৰী যাত্ৰা অব্যাহত আছে তাত কিমানে লাইফ জেকেট পৰিধান কৰিছে খবৰ ৰাখিছেনে?

কিয় কোনো যাত্ৰীয়ে লাইফ জেকেট পৰিধান নকৰাকৈ যাত্ৰা কৰি আছে? এইবোৰ দেখিও কিয় নিমাত হৈ আছে প্ৰশাসন? আকৌ তেনে দুৰ্ঘটনা সংঘটিত হ'লেহে সাৰ পাব নেকি প্ৰশাসন?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰায় প্ৰতিদিনেই একো একোটা নতুন নিৰ্দেশনা দিয়ে। নিৰ্দেশনাৰ ভিৰত মানুহে পাহৰি যায় কেতিয়া, কি কোৱা হৈছিল। কিয় প্ৰশাসনীক বিষয়াসকলেও পাহৰি যায় এই নিৰ্দেশনাসমূহ?

জিলা আয়ুক্তৰ কাৰ্যালয় সাধাৰণ লোকৰ বাবে সকলো সময়তে মুকলি ৰাখিবলৈ নিৰ্দেশ দিছিল। অৱসৰৰ লগে লগে সকলোৰে পেঞ্চনৰ পৰা আৰম্ভ কৰি সকলো কাম তাৎক্ষণিকভাৱে কৰিবলৈ কোৱা হৈছিল।

তেনে কিয় এছ চি ই আৰ টিৰ উপ সঞ্চালক পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত এগৰাকী মহিলাই মৃত স্বামীৰ এটা স্বাক্ষৰৰ বাবে গুৱাহাটীৰ পৰা নগাওঁলৈ মাহৰ পাছত মাহ ধৰি তাতবাতি কৰিবলগীয়া হৈছে? কিয় এই প্ৰশ্ন উত্থাপন কৰাৰ বাবে সাংবাদিকক জিলা আয়ুক্তই প্ৰহাৰ কৰিছে? কিয় আয়ুক্তৰ কাৰ্যালয়তে সাধাৰণ লোকৰ সুবিধা হোৱাকৈ নাই শৌচাগাৰ অথবা প্ৰস্ৰাবগাৰৰ ব্যৱস্থা?

দেৰগাঁৱত সংঘটিত হোৱাৰ পাছতে পিকনিকক লৈ জাৰি কৰা হৈছে এছ অ' পি। কিন্তু পিকনিক গ'লেই সংঘটিত হয় নেকি পথ দুৰ্ঘটনা? ৰাজ্যত সুৰাৰ অবাধ প্ৰচলন পথ দুৰ্ঘটনাৰ কাৰক নহয় নেকি? ৰাষ্ট্ৰীয় ঘাই পথত থাকিবলগীয়া সুৰক্ষা ব্যৱস্থাসমূহৰ ওপৰত যি নিৰ্দেশনা আছিল সেইবোৰ পালন কৰিছেনে?

ৰাজ্যত এতিয়া নিৰ্দেশনাৰ ভৰত হেৰাই গৈছে নিৰ্দেশনা। সেয়ে চৰকাৰে নতুন নিৰ্দেশনা দিয়াৰ পূৰ্বে কিছু জিৰণি লোৱাৰ প্ৰয়োজন। ৰাজ্যৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনৰ সকলো বিষয়াক পূৰ্বৰ নিৰ্দেশনাসমূহ নতুনকৈ অধ্যয়ন কৰাৰ বাবে কিছু সময় দিয়াটো জৰুৰী।

পূৰ্বৰ নিৰ্দেশনাসমূহ কিমান কাৰ্যকৰী হৈছে, কিদৰে ফলপ্ৰসূ হৈছে অথবা কাৰ্যকৰী নোহোৱাকৈ ৰৈছে সেইবোৰ পৰ্যলোচনা কৰাৰ প্ৰয়োজন। নিৰ্দেশনাৰ ভৰত নিৰ্দেশনা হেৰাই যোৱাৰ বাবেই কুশল কলিতাৰ দৰে আৰক্ষী জোৱান আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত থাকিও প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অৱসৰপ্ৰাপ্ত বিষয়াই জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ঢপলিয়াবলগীয়া হৈছে।

Also Read: অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি...

অসম আৰক্ষী অসম চৰকাৰ চৰকাৰী নিৰ্দেশনা