তুষাৰ প্ৰতিম
গুৱাহাটীখন ধুনীয়া হ’ল। উৎসৱৰ বতৰত নকইনাৰ দৰে সজাই তোলা হৈছে উত্তৰ পূৱৰ দুৱাৰমুখ গুৱাহাটী মহনগৰীক। পদপথ পৰিস্কাৰ কৰি, ডিভাইডাৰ বোৰত নতুনকৈ সানি দিয়া হৈছে ক’লা-বগা ৰং। উৰণসেতুসমূহত লগাই দিয়া হৈছে ৰং বিৰঙী লাইত। তাৰ মাজতে মুকলি হ’বলৈ সাজু হৈছে জুৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেতু।
শৰতৰ হাতত ধৰি মৰতলৈ নামিল ত্ৰিদেৱৰ সৃষ্টে দেৱী দুৰ্গা। মহিষাসুৰক বিনাশ কৰিবলৈ দেৱী দুৰ্গাই মৰতলৈ নামি অহাৰ দিনটোতে অৰ্থাৎ মহালয়াৰ সন্ধিয়াৰ পৰাই চকুত লগাকৈ সলনি হৈছে গুৱাহাটীৰ পৰিৱেশ।
মাত্ৰ কেইটামান দিনৰ আগতে কৃত্ৰিম বানে বিধ্বস্ত কৰা মহনাগৰখনক অতি দ্ৰুতগতিৰে পৰিস্কাৰ কৰিছে প্ৰশাসনে। কৃত্ৰিম বানত দিশহাৰা হোৱা গুৱাহাটী মহানগৰৰ বাসিন্দাই ঘৰৰ ভিতৰতে নিজক আৱদ্ধ কৰি ৰখাৰ পৰ্যায়ৰ পৰা মুক্ত হৈ এতিয়া সন্ধিয়া গুৱাহাটীৰ চকুতলগা পৰিৱেশ চাবলৈ নিজৰ গাড়ীখন লৈ এপাক উলাই যাবলৈ আগ্ৰহ কৰিছে।
গুৱাহাটীৰ পথৰ কাষৰ দেৱাল, ডিভাইডাৰবোৰত নতুনকৈ সানি দিয়া হৈছে ক’লা-বগা ৰং। ডিভাইডাৰৰ বোৰৰ মাজত ৰুৱা গুল্ম জাতীয় উদ্ভিডৰ তলবোৰো পৰিস্কাৰ কৰা হৈছে। চানমাৰি উৰণসেতুৰ মাজৰ ডিভাইডাৰত ৰোপণ কৰা গুল্মজাতীয় উদ্ভিডৰ কাষে কাষে পকাৰে যি ঘেৰ দিয়া হৈছিল তাত টাইলছ লগাই সৌন্দৰ্য বৰ্ধন কৰা হৈছে।
মূলপথবোৰ দুয়োকাষে যিমান পাৰি সিমান চাফা কৰিছে। কেৱল মূল পথবোৰতেই নহয়, উপ-পথ, সংযোগী পথবোৰৰ দুয়ো কাষৰ ডিভাইডাৰ, দেৱাল আদিতো একেদৰেই নতুনকৈ ৰং কৰা হৈছে।
বিভিন্ন স্থানত থকা উৰণসেতু, ফুট অভাৰব্ৰীজ বোৰত লগাই দিয়া হৈছে ৰং বিৰঙী লাইট। নিশা এই ৰং, বিৰঙী লাইটবোৰে এক মায়াময় ৰূপ দিছে গুৱাহাটীক। এনেদৰে মহানগৰীখনক উৎসৱৰ বতৰত শুৱনি কৰি তোলাৰ মাজতে এই সৌন্দৰ্যত যেন সোণত সুৱগা চৰাবলৈ সাজু হৈছে জু-ৰোডৰ নৱ নিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণসেতুখন।
অতি আটকধুনীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে এই উৰণসেতুখনৰ। কমাৰ্চৰ পৰা জুৰ সমীপলৈ নিৰ্মাণ কৰা এই উৰণসেতুখনক গীতানগৰ দিশৰ পৰা আন এটা অংশই আহি সংযোগ কৰিছে।
এইসকলো মিলাই মুঠ ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন যে মহানগৰীৰ আটাইকেইখন উৰণসেতুৰ তুলনাত অধিক আকৰ্ষণীয় হৈ পৰিব বুলিও ক'বলৈ আৰম্ভ কৰিছে ভিন্নজনে। উৰণসেতুখনৰ দেৱালত আন আন উৰণসেতুত অংকন কৰাৰ দৰেই বিভিন্ন চিত্ৰ অংকন কৰা হৈছে।
উৰণসেতুখনৰ ওপৰত গীতামন্দিৰৰ দিশৰ পৰা অহা অংশই জু-তিনি আলিত য'ত সংযোগ কৰিছে তাত নিৰ্মাণ কৰা হৈছে এটা অতি সুন্দৰ প্ৰতীকপট। এই প্ৰতীকপটত সোণালী ৰঙেৰে অসমৰ মেপ, অসম গৌৰৱ এশিঙীয়া গড়, ৰাজ্যিক পক্ষী দেওহাঁহ আদিয়ে স্থান পাইছে। এই প্ৰতীকপটত সুন্দৰকৈ ফুটি উঠিছে অসমৰ ঐতিহ্য।
উৰণসেতুখনৰ তলতো দুয়োপাৰে পথ বহল কৰা হৈছে। পদপথৰ কাষত থকা পানী ওলাই যোৱা নলাবোৰ পূৰ্বৰ স্থানৰ পৰা আঁতৰাই পুনৰ নতুনকৈ ক্ষীপ্ৰ গতিত নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। আটকধুনীয়াকৈ সজাই পৰাই তোলা এই উৰণসেতুখন অহা বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে মুকলি কৰিব।
শাৰদীয় দূৰ্গোৎসৱৰ সময়ত মহানগৰীখনক এইদৰে সজাই পৰাই শুৱনি কৰি তোলাৰ চিন্তা নিশ্চয় প্ৰশংসনীয়। মহানগৰীখনক এইদৰে পৰিস্কাৰ আৰু শুৱনি কৰি তোলাৰ দৃশ্য দেখি তামোল, পাণ, গুটখা সেৱন কৰি পিক পেলাই অপৰিস্কাৰ কৰা, জাৱৰ-জোথৰ পেলাই লেতেৰা কৰা লোকসকলেও যে এতিয়া দুনাই তেনে কাম কৰাৰ আগত দহবাৰ চিন্তা কৰিব লাগিব সেয়া নিশ্চিত।
অৱশ্যে ইমানৰ পিছতো যদি কোনোৱে ধুনীয়া হৈ পৰা গুৱাহাটীখনক পুনৰ তামোল, পাণ, গুটখা সেৱন কৰি পিক পেলাই, জাৱৰ-জোথৰ পেলাই লেতেৰা কৰাৰ চেষ্টা কৰে তেন্তে তেওঁলোকে প্ৰমাণ কৰি দিব তেওঁলোকৰ দৰে চিন্তাৰ মানুহ গুৱাহাটী মহনগৰীতেই নহয়, যি স্থানতেই নহওক সমাজপাতি বাস কৰা মানুহৰ মাজত থিতাপি লোৱাৰেই যোগ্য নহয়।
অৱশ্যে প্ৰশাসনৰো এইক্ষেত্ৰত আছে দায়িত্ব। ধুনীয়াকৈ সজাই তোলা গুৱাহাটীখনৰ এই সৌন্দৰ্য অস্থায়ী হৈ নাথাকক। স্থায়ী হৈ পৰক এই সৌন্দৰ্য। এতিয়াও বিভিন্ন উপ-পথ ভগ্নপ্ৰায় হৈ আছে। সেইবোৰ মেৰামতি বা পুনৰনিৰ্মাণ কৰাৰ প্ৰয়োজন।
কেৱল ৰং, বিৰঙী লাইট লগাই কেইটামান দিনৰ বাবে গুৱাহাটীখনক সজাই তোলাতকৈ আৰু অধিক দূৰদৰ্শী চিন্তা, সদিচ্ছাৰে কামবোৰ কৰিলে নিশ্চয়কৈ গুৱাহাটীয়ে নতুন ৰূপ পাব। তাৰ মাজতে বৰষুণৰ পানী ওলাই যোৱাৰ বাবে বিগত সময়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ দাম্ভিকতা, অহং মনোভাৱ ত্যাগ কৰি নেতা, বিষয়া, বিভাগসমূহে কাম কৰিবলৈ এতিয়াৰে পৰা আৰম্ভ কৰিলেহে এই সৌন্দৰ্যযে অটুত থাকিব সেয়া নিশ্চিত। অন্যথা এয়া হৈ পৰিব সম্পূৰ্ণ বুমেৰাং।
Also Read: আইজলত ইজৰাইলৰ এজন ইহুদি...