হওক দে, অন্ততঃ কিবা এটা ভাল হ'ল...

হওক দে, অন্ততঃ কিবা এটা ভাল হ'ল...
হওক দে, অন্ততঃ কিবা এটা ভাল হ'ল...
Published on
Updated on

জাতি, মাটি, ভেঁটি ৰক্ষাৰ সংকল্পৰে ২০১৬ ত প্ৰথমবাৰলৈ ক্ষমতালৈ আহিছিল বিজেপি। সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ ৫ বছৰীয়া কাৰ্যকালত যিকেইটা ভাষণ দিলে অথবা সংবাদ মাধ্যমক সম্বোধন কৰিলে সেই সকলোতে জাতি, মাটি, ভেঁটিৰ কথা ভাটৌৰ দৰে কণ্ঠস্থ কৰি উচ্চাৰণ কৰি গৈছিল যদিও কাৰ্যতঃ তেওঁৰ কাম-কাজত তাৰ কোনো প্ৰতিফলন ঘটা নাছিল।

অনুৰূপ ধৰণেই সুদীৰ্ঘ সময় ধৰি ৰাজ্যৰ ৰাজনীতিত দপদপাই থকা ড০ হিমন্ত বিশ্ব শৰ্মায়ো ২০২১ ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত জাতি, মাটি, ভেঁটিৰ সেই শ্লোগানক একাষৰীয়া কৰি হিন্দুত্ববাদৰ ধ্বজা বহনকাৰীৰ ভূমিকাতহে অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈ আহিছে। সততে অসম, অসমীয়াৰ ত্ৰাণকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুতি নকৰা ড০ শৰ্মাই শেহতীয়াকৈ সাম্প্ৰদায়িক কথা-বতৰাৰে ৰাজ্যৰ সামাজিক পৰিবেশ, সামাজিক বান্ধোন বা পৰিকাঠামোক অস্থিৰ কৰি তুলিছে।

এনে কাৰ্যৰ বাবে তেওঁ সৰ্বত্ৰে সমালোচিত হৈছে যদিও তেওঁৰ এক সিদ্ধান্ত কিন্তু অসমীয়া জাতিৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্যক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নীত হৈ ৰ’ব। মুখ্যমন্ত্ৰী হিচাপে তেওঁ অসমীয়া জাতিৰ সুৰক্ষাৰ কথা কৈ আহিলেও অসমীয়া ভাষাক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সদায়েই সমালোচিত হৈ আহিছে।

বিশেষকৈ এ পি এছ চিৰ পৰা বাধ্যতামূলক অসমীয়া কাকত প্ৰত্যাহাৰ, প্ৰাথমিক বিদ্যালয়ৰ পৰাই বিজ্ঞান, গণিত বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যম কৰা, অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰাৰ লগতে ইংৰাজী মাধ্যমৰ মডেল স্কুল স্থাপন আদিৰ দৰে তেওঁৰ চৰকাৰৰ সিদ্ধান্ত অসমীয়া ভাষা বিৰোধী বুলি চিহ্নীত হৈ আহিছে।

তাৰোপৰি অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ, শুদ্ধ এন আৰ চি আদিৰ বিষয়ত ড০ শৰ্মা আৰু তেওঁৰ চৰকাৰৰ ভূমিকাই জাতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাকো সন্দেহৰ দৃষ্টিৰে চাবলৈ সাধাৰণ ৰাইজক বাধ্য কৰিছে। বিদেশী বিতাৰণৰ কথাৰে ক্ষমতা দখল কৰা বিজেপিয়ে কেন্দ্ৰত দুটা কাৰ্যকাল শেষ কৰি তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ বিপৰীতে অসমত দুটা কাৰ্যকাল শেষ কৰাৰ দিশে আগবাঢ়িছে।

এই সুদীৰ্ঘ সময়ত অসমৰ পৰা অবৈধ বিদেশী বিতাৰণৰ সন্দৰ্ভত এটা খোজো আগনগবঢ়ালে বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো নিত্য নতুন অচিলাৰে গোটেই প্ৰক্ৰিয়াটোকে এক নুবুজা সাথৰলৈ ৰূপান্তৰ কৰি তুলিছে। এনে পৰিপ্ৰেক্ষিতত জাতিৰ সুৰক্ষাৰ বিষয়টো বহু হাজাৰ কোটি টকীয়া এক প্ৰশ্ন হৈ পৰিছে।

অৱশ্যে সন্দেহজনক লোকে অবৈধভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূমি বেদখল কৰি বসতি স্থাপন কৰাৰ অভিযোগত ড০ শৰ্মা চৰকাৰে যোৱা সময়ছোৱাত ব্যাপক উচ্ছেদ অভিযান চলালে যদিও পৰৱৰ্তী সময়ত তেওঁলোকক আকৌ আন স্থানত সংস্থাপনো কৰিলে। চৰকাৰৰ এনে দুমুখীয়া স্থিতিয়েও বহু প্ৰশ্নৰ উদয় কৰিছে।

কিয়নো ৰাজ্যৰ খিলঞ্জীয়া লোকসকলে সন্দেহজনক লোকে প্ৰান্তে প্ৰান্তে কৰি অহা চৰকাৰী ভূমিৰ বেদখলৰ বিষয়টোক লৈ সচেতন হৈ আহিছে। ঠায়ে ঠায়ে সন্দেহজনক লোকে আগ্ৰাসন কৰা বহু স্থানত অসমীয়া, খিলঞ্জীয়া লোকৰ জীৱন, সম্পত্তিলৈ যে ভাবুকি আহিছে সেই কথা অসত্য নহয়।

এনে অবৈধ বেদখল আৰু আগ্ৰাসনে অসমৰ ঐতিহ্যবহনকাৰী বিভিন্ন স্থানলৈয়ো ভাবুকি কঢ়িয়াই আনিছে। এনে স্থানসমূহ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ স্থিতি আশা কৰি আহিছিল অসমৰ ৰাইজে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৱশেষত অসমৰ ঐতিহ্যবহনকাৰী স্থানৰ সুৰক্ষাৰ বিষয়টোক গুৰুত্ব দি ২৯ আগষ্ট, বৃহস্পতিবাৰে অসম বিধানসভাত অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক-২০২৪ উত্থাপন কৰি গৃহীত কৰিলে। ইয়াৰ লগে লগে অসমৰ সাংস্কৃতিক তথা আধ্যাত্মিক ঐতিহ্যবহনকাৰী স্থানসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছু দূৰ আগবাঢ়িল।

এই আইনে অসমৰ ২৫০ বছৰ অতিক্ৰম কৰা নামঘৰ, মন্দিৰ, সত্ৰসমূহক 'হেৰিটেজ বেল্ট এণ্ড ব্লক' হিচাপে চিহ্নীত কৰি ইয়াৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভূমিৰ বিক্ৰী আৰু ক্ৰয়ত বিদেশী, বহিৰাগতৰ ক্ষেত্ৰত এক প্ৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিলে।

এতিয়াৰে পৰা এনে স্থানত কোনো বিদেশী, বহিৰাগত অথবা যিকিনো লোকেই ইচ্ছা কৰিলে ভূমি ক্ৰয় কৰিব নোৱাৰিব। সমান্তৰালকৈ এনে হেৰিটেজ বেল্ট এণ্ড ব্লকৰ বাসিন্দায়ো ইচ্ছা কৰিলেই যিকোনো লোকক ভূমি বিক্ৰী কৰিব নোৱাৰিব।

অৱশ্যে এই আইনে ঐতিহ্যবনকাৰী স্থানৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি বিক্ৰী আৰু ক্ৰয়ত অঞ্চলটোৰ তিনিটা প্ৰজন্মৰ বাসিন্দাসকলৰ বাবে সীমিত কৰিছে। আজিৰ তাৰিখত অসমীয়াৰ হাতত কিমান ভূমি আছে সেয়া এক ডাঙৰ প্ৰশ্ন।

একাংশ সন্দেহজনক লোকে চৰকাৰী ভূমি বেদখলৰ সমান্তৰালকৈ সত্ৰৰ ভূমিও বেদখল কৰাৰ অভিযোগ আছে। তাৰোপৰি ৰাজ্যৰ সৰ্বত্ৰে বহিৰাগতই অসমীয়াৰ ভূমি ক্ৰয় কৰি ব্যৱাসায়ীক, সামাজিক, ভাষিক আগ্ৰাসনো চলাই আহিছে।

ভূমিৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বে চৰকাৰে গ্ৰহণ কৰা প্ৰায়বোৰ সিদ্ধান্তই আছিল বহিৰাগৰ বণিকগোষ্ঠীৰ সুবিধাৰ্থে লোৱা সিদ্ধান্ত। তেনে সিদ্ধান্তৰ পৰা অসম, অসমীয়া বা খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ পৰিবৰ্তে ভাবুকিহে আহিছিল।

সত্ৰৰ ভূমি বেদখলৰ বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ ইতিমধ্য অসম চৰকাৰে সত্ৰ আয়োগ গঠন কৰিছে। এই আয়োগে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ সত্ৰসমূহ পৰিদৰ্শন কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছে।

এই প্ৰবিবেদনত সত্ৰৰ ভূমি বেদখলৰ বিষয়টো স্পষ্ট হৈছে। আয়োগৰ প্ৰথমখন অন্তৱৰ্তীকালীন প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩০৩খন সত্ৰৰ ৩৩,২৬৫.৭ বিঘা মাটিৰ ৭,৫০৪.২ বিঘা মাটি আনে দখল কৰিছে৷ সত্ৰৰ ভূমি সৰ্বাধিক বেদখল হৈছে বৰপেটা জিলাত৷

বৰপেটা জিলাত মুঠ ৫,৫৪৫ বিঘা ভূমি অৰ্থাৎ জিলাখনত থকা সত্ৰৰ মুঠ ভূমিৰ ৭৪ শতাংশই বেদখলকাৰীৰ কবলত আছে৷ ইয়াৰ ভিতৰত ব্যাসকুছিৰ ভট্টদেৱ সত্ৰৰ সৰ্বোচ্ছ ৪,০০০ বিঘা, বৰপেটা সত্ৰৰ ৮৫৯ বিঘা, সুন্দৰীদিয়া সত্ৰৰ ২৮২ বিঘা, মঈনবাৰী সত্ৰৰ ১৪০ বিঘা, পিৰলা সত্ৰৰ ১০১ বিঘা, গমুৰা সত্ৰৰ ৬৫ বিঘা, বাসুদেৱ দেউল নসত্ৰৰ ৬৩ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে।

এই প্ৰতিবেদনৰ মতে বঙাইগাঁও জিলাৰ ৰঘুনাথ সত্ৰৰ ৩০৯ বিঘা, ধুবুৰীৰ শিমলবাৰী পূৰ্ণিয়া সত্ৰৰ ২০০ বিঘা ভূমি, লখিমপুৰৰ আদিএলেঙী সত্ৰৰ ১২২ বিঘা ভূমি, সাঁকোপাৰা সত্ৰৰ ১৩৮ বিঘা ভূমি, পুৰণা কমলাবাৰী সত্ৰৰ ৩০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে।

একেদৰে নগাঁও-মৰিগাঁও জিলাৰ বৰদোৱা, কোৰাইঝটা, নৰোৱা, বিলাসীপাৰা, আলিপুখুৰী-পাতেকীবাৰী, ডুমডুমীয়া সত্ৰ আৰু ৰামপুৰ সত্ৰকে আদি কৰি আটাইকেইখন সত্ৰৰে ভূমি ব্যাপক বেদখল হৈছে। কেৱল সত্ৰসমূহৰেই যে ভূমি বেদখল হৈছে তেনে নহয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অন্যান্য ঐতিহাসিক মঠ-মন্দিৰ, নামঘৰ আদিৰো ভূমি ইতিমধ্যে বেদখলকাৰীৰ কবলত আছে৷ এইসমূহ অঞ্চলত এতিয়াও উচ্ছেদ চলা নাই। এই ভূমি কেনেকৈ, কি পৰিস্থিতিত বা কাৰ দুৰ্বলতাৰ বাবে বেদখলকাৰীৰ কবললৈ গ’ল সেয়া এক পৃথক বিষয়। কিন্তু এই ঐতিহাসিক স্থানসমূহলৈ যে বেদখলকাৰীসকলে ভাবুকি কঢ়িয়াই আনিছে সেয়া স্পষ্ট।

অসম বিধানসভাত আজি গৃহীত হোৱা এই সংশধনী বিধেয়কে এতিয়া নিশ্চিতভাৱে এনে স্থানসমূহক সুৰক্ষা প্ৰদান কৰিব। কিন্তু জাতি, মাটি, ভেঁটিৰ সুৰক্ষাৰ কথা কোৱা বিজেপিয়ে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল, ট্ৰাইবেল বেল্ট আদিত হোৱা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অবাধ বেদখল, চল-বল-কৌশল আৰু ধনৰ লালসাৰে বহিৰগত বণিয়াই খলঞ্জীয়া অসমীয়াৰ হাজাৰ হাজাৰ বিঘা ভূমি উদৰস্থ কৰা আদি কাৰ্যৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰিবনে? এয়াও কিন্তু আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন।

সমান্তৰালকৈ নৈপৰীয়া, বান, খহনীয়াত বিধ্বস্ত হৈ গৃহহীন, ভূমিহীন হৈ পৰা খিলঞ্জীয়া অসমীয়া তথা ভূমিপুত্ৰসকলক পুনৰ সংস্থাপনৰ বিষয়টোও কিন্তু আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ। শিলসাঁকোৰ উচ্ছেদিত খিলঞ্জীয়া অসমীয়া ৰাইজে এতিয়াও পুনৰ সংস্থাপনৰ বাবে আন্দোলন কৰি আহিছে। এইখিনি মানুহৰ কথাও চৰকাৰেখনে চিন্তা কৰিব লাগিব।  

হওক দে, অন্ততঃ কিবা এটা ভাল হ'ল...
নামঘৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in