ফাকুৱা বা হোলী মানে ৰং, তামাচা, সুৰা, সুন্দৰী আৰু ৰেইন ডান্স নহয়। ফাকুৱা মানে কেৱল উন্মাদনা নহয়। ফাকুৱা মানে উশৃংখলতাও নহয়। মাতাল হৈ কাৰোবাৰ গাত জপিয়াই পৰাও নহয়।
ফাকুৱাৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক চিন্তা, চেতনা। ফাকুৱাই দিয়ে মিলন আৰু ভাতৃত্ববোধৰ বাৰ্তা। ফাকুৱাৰ সৈতে জড়িত হৈ আছে চহকী সংস্কৃতি। প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ মাজেৰে ঋতু পৰিৱৰ্তনৰ সময়চোৱাত উদযাপিত ফাকুৱাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় আধ্যাত্মিক সংস্কৃতি।
ফাকুৱা বা হোলীৰ তাৎপৰ্য আছে। ভাৰতীয় পুৰাণ, বেদ আদিত ইয়াৰ বৰ্ণনা আছে। প্ৰাচীন ভাৰতৰ বিভিন্ন শিলালিপিকে ধৰি বিদেশী পৰিব্ৰাজক আদিৰ বৰ্ণনাতো আছে ভাৰতৰ এই উৎসৱৰ কথা।
ফাকুৱা বা দৌল উৎসৱৰ জৰিয়তে শ্ৰীকৃষ্ণৰ মহত্ব আৰু কৃষ্ণ সংস্কৃতিৰ বৰ্হি প্ৰকাশ ঘটে। কৃষ্ণভক্তি প্ৰকাশ আৰু জগতৰ কল্যাণৰ হেতু এই উৎসৱ পালন কৰি অহা বুলি জানিব পৰা যায়। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মস্থান বৰদোৱাত প্ৰথমে এই উৎসৱৰ আৰম্ভণি কৰিছিল।
বিশেষকৈ অসমত একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে দৌল উৎসৱক সংস্কৃতিৰ এক অংশ কৰি তুলিছিল। তেওঁ বৰদোৱাত তিনিদিন ধৰি এই উৎসৱ পালন কৰিছিল। সেই অনুসৰি প্ৰথম দিনা বহ্নোৎসৱ বা মেষদাহ, দ্বিতীয় দিনা দৌল গৌবিন্দক ফাকুৱা প্ৰদান আৰু অন্তিম দিনা দৌল গোবিন্দৰ যাত্ৰা। এই যাত্ৰাত বৈষ্ণৱসকলে ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ গীত-বাদ্যৰে মতলীয়া হৈছিল।
সেইদৰে বৰপেটা সত্ৰতো মহাপুৰুষজনাৰ দিনাৰ পৰাই আৰম্ভ হৈছিল দৌল উৎসৱ। ১৫১৮ শকত বৰপেটাত মথুৰা দাস বুঢ়া আতাই প্ৰথমে দৌল উৎসৱ অনুষ্ঠিত কৰিছিল। গুৰুজনাৰ সৃষ্টিতে আছে এই উৎসৱৰ মহত্বৰ বৰ্ণনা। এনে এক আধ্যাত্মিক চিন্তা, চেতনাৰে সমৃদ্ধ দৌল উৎসৱ বা ফাকুৱাৰ আজিৰ এই পৰিৱৰ্তিত ৰূপে বহু প্ৰশ্নৰে উদ্ৰেক ঘটাইছে।
বলিউডী সংগীত, ডিজেৰ তালে তালে সুৰাৰ ৰাগীত মাতাল হৈ স্বপ্ল বস্ত্ৰ পৰিহিত যুৱতী, যুৱকৰ উদ্দাম নৃত্য, ৰেইন ডান্সৰ মাজত তাহানিৰ সেই ফাকুৱা উৎসৱ হেৰাই থাকিল। আধ্যাত্মিকতা দূৰৰে কথা ফাকুৱা উৎসৱৰ সৈতে জড়িত তথা অসমীয়া গীতি সাহিত্যক চহকী কৰা হোলী গীতসমূহো আজিৰ প্ৰজন্মই কিমান শুনিছে তাত সন্দেহ আছে।
ডিজেৰ তালে তালে উদ্দাম নৃত্যত মগ্ন হোৱা এতিয়াৰ প্ৰজন্মই হোলী গীতত মোহাচন্ন হ’ব পাৰিবনে? প্ৰকৃতিৰ নানন্দিক পৰিৱৰ্তন, ঋতুৰ বিনন্দীয়া সৌন্দৰ্যক এই চহকী হোলী গীতৰ মাজেৰে উপলব্ধি কৰিব পাৰিবনে? আজিৰ প্ৰজন্মৰ কিমানে জানে ফাকুৱা পালনৰ আধ্যাত্মিক গুৰুত্ব?
শীতক বিদায় দি বসন্তক আদৰৰ প্ৰতীক হিচাপে 'মেষদাহ'ৰ ধৰ্মীয় পৰ্ব, অপশক্তি বিনাশৰ বার্তাৰে 'হোলিকা দাহ'ৰ পৰ্ব পালনৰ কথা কিমানে জানে? এই বিষয়ে অজ্ঞ বহুতৰ বাবেই ফাকুৱা মানে হৈছে সুৰাকে ধৰি বিভিন্ন মাদকদ্ৰৱ্যৰ মুকলি সেৱন, উশৃংখল আচৰণৰ হে এক উৎসৱ।
উচ্চ স্বৰত বলিউডী গান বজাই উদ্দাম নৃত্য কৰাৰ মাজতে এই চামৰ ফাকুৱা কেন্দ্ৰিভূত হৈ আছে। এই অপসংস্কৃতি লাহে লাহে চহৰৰ পৰা গ্ৰামাঞ্চললৈও শিপাইছে। অথচ দুখনমান সত্ৰ আৰু নামঘৰতে আৱদ্ধ হৈ আছে আমাৰ চহকী হোলী গীতসমূহ।
মহাপুৰুষ শংকৰ, মাধৱৰ বহু কেইটা বৰগীত, কীৰ্ত্তন ঘোষা, নাম ঘোষাৰ পদ ব্যৱহাৰ কৰি হোলী গীত গোৱাৰ নিয়ম আছে। কালক্ৰমত ফাকুৱাক কেন্দ্ৰ কৰি বহু কবি, গীতিকাৰে হোলী গীত ৰচনা কৰিছে।
সেইবোৰে জনপ্ৰিয়তাও লাভ কৰিছিল। ঢুলুক, পাতিতাল, খুঁটিতাল আদি ব্যৱহাৰ কৰি জাউৰীয়ে জাউৰীয়ে গোৱা হোলী গীতৰ মাদকতা কিমান সেয়া এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰি নুশুনিলে উপলব্ধি কৰিব নোৱাৰি।
হোলী গীতত নাই কি? প্ৰকৃতি, ঋতু, প্ৰেম, বিৰহ সকলো আছে। অসম কেশৰীৰ বাসন্তী গীতত আছে – ‘’এনুৱা বসন্তে/প্ৰাণ ক’লে উৰি যোৱা/ ক’লে উৰি যোৱা প্ৰাণ/ মলয়া বতাহে/ হাঁহিছে প্ৰকৃতি চোৱা/ কি প্ৰেমে মাতোৱাল/ যৌৱনৰ প্ৰেম উন্মাদে/ মাতোৱাল পৰাণ।‘’
কীৰ্ত্তন ঘোষাত আছে ''ৰংগে ফাগু খেলে চৈতন্য বনমালী/ দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি।'' সেই দৰেই আন এক হোলী গীতত আছে- ''ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে/ ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে/ আহা আমি খেলো হোলী বসন্ত বেলাতে/ফাগুনৰে বা লাগিল নিকুঞ্জ বনতে''।
এই হোলী গীতসমূহৰ চৰ্চা নহয়। এই হোলী গীতে স্থান নাপায় আজিৰ ফাকুৱা উৎসৱত।কেৱল বৰদোৱা বা বটদ্ৰৱা, বৰপেটা আদি সত্ৰৰ দৌল উৎসৱ, কেইটামান নামঘৰত পালন কৰা দৌল উৎসৱৰ মাজতেই সীমাবদ্ধ ইয়াৰ চৰ্চা। কিয় প্ৰজন্মই এই গীতসমূহক এই সংস্কৃতিক আৰু অধিক জনপ্ৰিয় কৰিবলৈ সক্ষম হোৱা নাই?
হোলীৰ দিনাই কৃষক ৰাইজে কৃষি পথাৰত বিভিন্ন শস্যৰ বীজ ৰোপণ কৰাৰো নিয়ম প্ৰচলিত আছিল এইখন অসমতে। এই কথাও কিমানে জানে তাত সন্দেহ আছে। আজিৰ কিমান কৃষকে এই দিনটোত খেতি পথাৰত বীজ ৰোপণ কৰিলে তাতো সন্দেহ আছে।
আন আন উৎৱৰ দৰেই ফাকুৱাই দিয়ে একতাৰ বাণী। শান্তি, সম্প্ৰীতিৰ বাণী। কিন্তু এতিয়া সেয়া হৈছেনে? সুৰা সেৱনেৰে মাতাল হৈ ৰাজপথৰ গাড়ীৰ গ্লাছ ভাঙি দিলে থাকিবনে সেই শান্তি?
অন্য ধৰ্মীয় লোকক ৰাজপথত জোৰ কৰি ফাকুৱাৰ নামত পানী ঢালি দিয়া, ক’লা ৰং সানি দিয়াৰ ঘটনাবোৰ কিয় বৃদ্ধি পাইছে? এয়াই নেকি অতি হিন্দুত্ববাদী একাংশৰ আধ্যত্মিক চিন্তাৰ বৰ্হিপ্ৰকাশ?
অৱশ্যে যদিও ফাকুৱাৰ সৈতে বৈষ্ণৱ ধৰ্মীয় চিন্তা, চেতনা জড়িত হৈ আহিছে তথাপিও এই উৎসৱে ভাৰতত সম্প্ৰীতিৰ এক সাঁকো হিচাপে গঢ় লৈছে। হিন্দু ধৰ্মীয় লোকসকলৰ উপৰিও ইছলাম, খ্ৰীষ্টান, শিখ আদি সকলো ধৰ্মীয় লোকেই এই উৎসৱৰ সৈতে একাত্ম হোৱাৰ উদাহৰণ বহু আছে।
বিভিন্ন ধৰ্মৰ লোকে ইতিমধ্যে ধৰ্মীয় উদাৰতা দেখুৱাই এই উৎসৱত একাত্ম হোৱা পৰিলক্ষিত হৈছে। আমাৰ নতুন প্ৰজন্মই অধিক প্ৰাধান্য দিয়া বলিউডী সংস্কৃতিৰ ধ্বজ্জাবাহক অভিনেতা, অভিনেত্ৰীসকলকেই নাচায় কিয়?
ধৰ্মীয় পৰিচয়ৰ উৰ্ধত গৈ সকলো এই উৎসৱৰ সৈতে একাত্ম হৈছে। তাৰ পাচতো কিয় ৰাজপথত কাৰোবাক ধৰি গাত পানী ঢালি দিয়া হৈছে? ক'লা ৰং সানি দিয়া হৈছে? এনে কৰিলে থাকিবনে ফাকুৱাই সুদৃঢ় কৰা সম্প্ৰীতিৰ এনাজৰীদাল?
এইবোৰ দিশ অনুধাৱন কৰাৰ সময় এয়া। সংস্কৃতি এক বোৱতী নৈৰ দৰে। ইয়ালৈ পৰিৱৰ্তন আহিব। এনে পৰিৱৰ্তনক বাধা দিয়াটো সম্ভৱো নহয়। কিন্তু এই পৰিৱৰ্তনে যাতে শিপাৰ ক্ষতি নকৰে সেই কথা সকলোৱেই বুজি পাব লাগিব।
আমাৰ অসমীয়া গীতি সাহিত্যক চহকী কৰা হোলী গীত ইউ পি, বিহাৰৰ কোনোৱে আহি নিজৰ কৰি নলয়। লোৱা নাই। ৰেপ সংগীতৰ তালে তালে উন্মাদ হোৱা আমিয়েই এইখিনিকো ধৰি ৰাখিব পাৰিব লাগিব।