মৃদুল কুমাৰ সন্দিকৈ
দুখন বিশেষ ফটো। এটা ডাষ্টবিনৰ কাষত এজন মানুহে বহি কিবা খাই আছে। একেজন মানুহৰে আন এখন ফটো। মানুহজনে সেইখন ফটোত এজনী গৰুক নিজেই খাই থকা খাদ্যৰে কিছু অংশ খুৱাই দিছে।
ভোক কি মানুহজনে অনুভৱ কৰে। হয়তো বহুদিন তেওঁ অনাহাৰেই থাকিবলগীয়া হয়। গৰুজনী ভোকৰ কথা অনুমান কৰিব পাৰিয়েই তেওঁ নিজৰ খাদ্যৰ এটা অংশ গৰুজনীক দি দিছে।
মনতে হয়তো ভাবিছে তইয়ো বাচি থাক, ময়ো বাচি থাকো। সামাজিক মাধ্যমত এই ফটোখন দিছিল ভৱজ্যোতি ডেকাই। মানুহৰ কি ভগ্য শিৰোনামেৰে তেওঁ সেই ফটোখন সংগ্ৰহ কৰা ঠাইৰ কিছু পৰিচয় আৰু এক আহ্বান জনাইছিল।
ডেকাই উল্লেখ কৰা মতে এই মানুহজনৰ ঘৰ নগাঁও জিলাৰ ৰহাত। ৰহা চাৰিআলিৰ আশে পাশে মানুহজন ঘূৰি ফুৰা তেওঁ দেখে। দুদিনৰ আগতে তেওঁ সেই দৃশ্য ৰহাৰ এটা ডাষ্টবিনৰ সমীপত দেখিছিল।
ডাষ্টবিনটোত পেলাই দিয়া পেলনীয়া এৰেহা খাদ্যৰ টোপোলা বিচাৰি তেওঁ ক্ষুৰ্ধা নিবাৰণ কৰিছে। লগতে এজনী গাই গৰুৰ সৈতে ভগাই খাইছে খাদ্যবোৰ। গুৱাহাটী মহানগৰীতো তেনে দৃশ্য সুলভ। পুৱা-সন্ধিয়াৰ ভাগত বহুলোকে পেলনীয়া সামগ্ৰীৰ টোপোলা এই ডাষ্টবিনবোৰত পেলাই দিয়ে।
এনেদৰে বহুলোকে ডাষ্টবিনৰ পৰাই খাদ্য সংগ্ৰহ কৰি খায়। ঘৃণ-লাজ কৰিলে ভোক আঁতৰ নহয়। আমি দৈনিক কিমান খাদ্য সামগ্ৰী পেলাই দিওঁ সেয়া কেতিয়াও হিচাপ নকৰো। ৰৈ যোৱা খাদ্য সামগ্ৰী সমূহ কাৰোবাক খাবলৈ দিয়াৰ সলনি ডাষ্টবিনলৈ নিক্ষেপ কৰাতো আমাৰ অভ্যাস হৈ পৰিছে।
বিয়া-সবাহত প্ৰায়েই খাদ্য সামগ্ৰী ৰাহি হয়। সেইবোৰৰ সু ব্যৱহাৰ মানুহ হিচাপে আমি কৰিবলৈ আজিও শিকা নাই। আন অনুষ্ঠানবোৰতো বহু খাদ্য ৰাহি হয়। সেই খাদ্যবোৰ এনেদৰে অনাহাৰে থকা মানুহক দিয়াৰ কথা সৰহ সংখ্যকলোকেই নাভাবে।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে ভাৰতত ৪০ শতাংশ খাদ্য সামগ্ৰীয়ে নষ্ট হয়। বছৰি এনেদৰে নষ্ট কৰা খাদ্য সামগ্ৰীৰ মূল্য আমাৰ দেশত ৯২,০০০ কোটি টকাৰো বেছি হ'ব। এই ধনেৰে বা খাদ্য সামগ্ৰীৰে কিমান লোকৰ ভোক নিবাৰণ কৰিব পৰা যায়, এটা সহজ অংক নিজেই কৰিব পাৰি।
ৰাজধানী চহৰ দিল্লীত এখন ভাল ৰেষ্টুৰেন্ট বা হোটেলত প্ৰতিদিনাই গড়ে ১৮.৭ কেজিকৈ খাদ্য সামগ্ৰী ডাষ্টবিনলৈ দলিওৱা হয়। নষ্ট হোৱা খাদ্য সামগ্ৰীসমূহৰ ৮৪.৭ শতাংশ খাদ্য সামগ্ৰীয়েই ডাষ্টবিনত স্থান পায়।
ভাৰতত অনাহাৰ এক ডাঙৰ সমস্যা। গ্ল'বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্থান বৰ দুখ লগা। শেহতীয়াকৈ প্ৰকাশ কৰা এই ইনডেক্সৰ সূচাংকত ১২১ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৭। ২০৩০ চনৰ ভিতৰত ভাৰতক ক্ষুৰ্ধামুক্ত কৰাৰ অভিযান সম্ভৱ যে হ'ব সেয়া মনে নধৰে।
চৰকাৰৰ ওপৰত আমি নিৰ্ভৰশীল নহৈ এজন দায়িত্বশীল নাগৰিক হিচাপেও বহু কাম নিজে কৰিব পাৰো বা কৰিব পৰা অৱকাশ আছে। ৰহাৰ সেই মানুহজন বা ডাষ্টবিনৰ কাষত এনেদৰে খাদ্যৰ বাবে নিৰ্ভৰশীল হোৱা মানুহবোৰক আমি কোনো খৰচ নোহোৱাকৈয়ে এসাজ খাদ্য যোগান ধৰিব পাৰো।
অসমত বহু বে-চৰকাৰী সামাজিক সন্থাই কাম কৰি আছে। এই কামবোৰো তেওঁলোকে সংগঠিত ৰূপত কৰিব পাৰে। একো একোটা অঞ্চলত খাদ্য সামগ্ৰী সংগ্ৰহ কৰি তেনে অনাহাৰে থকা মানুহবোৰক সংগঠিত ৰূপত যোগান ধৰিলে অন্তত তেওঁলোকে ডাষ্টবিন খুচৰিব লগা নহ'ব।
খাদ্য সামগ্ৰী নষ্ট কৰাৰ প্ৰৱণতা বহু আভিজাত লোকৰ আছে। এবাৰ তেওঁলোকে চিন্তা কৰক, নিজৰ প্ৰয়োজনীয়খিনি খোৱাৰ বিপৰীতে আভিজাত্য প্ৰদৰ্শনৰ বাবে বিধে বিধে সামগ্ৰী সাজু কৰি নষ্ট কৰাৰ পৰিণাম কিমান লোকে ভুগিব পাৰে।
খাদ্য সামগ্ৰী নষ্ট কৰাৰ বিৰুদ্ধে এতিয়া এক সচেতনতা গঢ়ি তোলাৰ প্ৰয়োজন। এই সচেতনতাৰ অংশীদাৰ হ'ব লাগিব প্ৰতিজন লোক। ৰহাৰ সেই ব্যক্তিজনৰ বাবে কোনোবাই কিবা এটা ভাবিব। তেওঁৰ সু-চিকিৎসা আৰু খাদ্য নিশ্চয়তা দিবলৈ কোনোবা অনুষ্ঠান বা সদাশয় ব্যক্তি নিশ্চয় ওলাই আহিব।