কুকুৰ নহলো কিয়?

কুকুৰ নহলো কিয়?

author-image
Asomiya Pratidin
New Update
কুকুৰ নহলো কিয়?

কুকুৰ নহলো কিয়?

মৃদুল কুমাৰ সন্দিকৈ

কুকুৰ ! - এই সম্বোধনেৰে কেতিয়াবা কাৰোবাৰ পৰা গালিৰ সন্মুখীন হৈছেনে? প্ৰচণ্ড খঙত কাৰোবাক বেয়াকৈ গালি পাৰিবলৈ প্ৰায়ে এই সম্বোধন কৰা হয়। কিন্তু কুকুৰ জানো ইমান বেয়া?

এটা সময় আছিল গাঁৱত মানুহৰ ঘৰে ঘৰে কুকুৰ আছিল। সেই কুকুৰ বোৰক গিৰীহঁতে মৰম কৰিছিল, খাবলৈ দিছিল। ইয়াৰ বিনিময়ত কুকুৰবোৰে ৰাতি পহৰা দি এক প্ৰকাৰৰ নিৰাপত্তাৰক্ষীৰ দায়িত্ব পালন কৰিছিল।

কুকুৰক লৈ বহু কাহিনী বহু কথা অতীতৰ পৰাই চলি আহিছে। মানুহৰ বিশ্বাসযোগ্য সংগীৰূপে কুকুৰে কেতিয়াও বিশ্বাসঘাটকতা কৰাৰ উদাহৰণ নাই। বৰঞ্চ কুকুৰৰ প্ৰভু ভক্তিৰ নিদৰ্শন বিৰল।

গুৰুজনাই তেওঁৰ লেখাত কুকুৰৰ কথা উল্লেখ কৰি গৈছে। কীৰ্ত্তন ঘোষাৰ ''শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ : চতুৰ্থ কীৰ্ত্তন'' ত তেওঁ লিখিছে- ''কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।/জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷''

কুৰুক্ষেত্ৰ যুদ্ধ অন্ত পৰিল। তাৰ পাছত কি হ'ল পঞ্চ পাণ্ডৱৰ? সেই কাহিনীৰ বৰ্ণনাতো কুকুৰৰ উপস্থিতি মন কৰিবলগীয়া। পাণ্ডৱে হস্তিনাপুৰ ৩৬ বছৰ ৰাজত্ব কৰাৰ পাছত বেদব্যাসৰ উপদেশ মানি তেওঁলোকে স্বৰ্গযাত্ৰাৰ সিদ্ধান্ত লৈছিল।

নাতি পৰীক্ষিতক হস্তিনাপুৰৰ ৰজা পাতি দ্ৰৌপদীৰ সৈতে পঞ্চ পাণ্ডৱ স্বৰ্গযাত্ৰাৰ অভিমুখে হিমালয়লৈ ৰাওনা হৈছিল। তাতেই দ্বাপৰ যুগৰ অন্ত পৰে আৰু কলি যুগৰ আৰম্ভ হয়। পঞ্চ পাণ্ডৱৰ ভিতৰত কেৱল সুশৰীৰে স্বৰ্গযাত্ৰাত সফল হৈছিল যুধিষ্ঠিৰ। লগত সংগী হৈছিল এটা কুকুৰ।

কুকুৰক এনেদৰে প্ৰতীকি অৰ্থত ব্যৱহাৰ কৰাৰ নিশ্চয় কাৰণ আছে। মানুহে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰাৰ দিনৰ পৰাই কুকুৰ সংগী হৈ আহিছে। গাওঁৰ চোতালে চোতালে ঘূৰি ফুৰা কুকুৰৰ জীৱন এতিয়া বহু সলনি হ'ল।

কুকুৰ চোতালৰ পৰা আহি মানুহৰ বুকুৰ ভিতৰত সোমাল। শোৱনি কোঠাত কুকুৰৰ বিচনা হ'ল। কুকুৰ 'কুকুৰ'হৈ নাথাকিল। কুকুৰ এতিয়া বহুতৰ বাবে হিয়াৰ আমঠু। আধুনিক জীৱন যাত্ৰাত কুকুৰ এতিয়া মানুহৰ অন্যতম প্ৰিয় সংগী।

বহুতৰ বাবে আভিজাত্যৰ প্ৰতীক হৈ পৰিছে কুকুৰ। বহু নিসংগ লোকৰ বাবে সংগী কুকুৰ। গৰাকীৰ প্ৰতি কুকুৰৰ আন্তৰিকতা প্ৰদৰ্শনৰ বৰ্হিপ্ৰকাশ এনেদৰে ঘটে যে, কুকুৰৰ আচৰণত মানুহ মুগ্ধ নহৈ নোৱাৰে।

এনে অভিযোগো আছে যে, বহুতে নিজ সন্তানতকৈ কুকুৰক বেছি মৰম কৰে, কুকুৰৰ প্ৰতি দায়বদ্ধশীল হয়। এটা উন্নত প্ৰজাতিৰ কুকুৰ পোহাতো কম খৰছী কাৰবাৰ নহয়। ইয়াৰ বাবে কুকুৰৰ খাদ্য, চিকিৎসা ব্যয় অন্যান্য সামগ্ৰী আদি খৰছ থাকে।

চিকিৎসকৰ পৰামৰ্শ মতে কুকুৰবোৰক এই সা-সুবিধাবোৰ প্ৰদান কৰিব লাগে। অতি গৰম বা ঠাণ্ডাৰ পৰিৱেশত পোহনীয়া এই উন্নত প্ৰজাতিৰ কুকুৰবোৰ ৰখাব নোৱাৰি। কুকুৰৰ বাবে এইবোৰ কাম কৰিবলৈ কুকুৰ ভাল পোৱাসকল সদায় সাজু থাকে।

এনে লোকো আছে কুকুৰ দেখিলেই প্ৰেমত পৰে। গুৱাহাটী মহানগৰীতো তেনে এক আমোদজনক ঘটনা ঘটিছে। বাৰিষা বতৰত কুকুৰ ফুৰাবলৈ লৈ আহিছিল এজন ভদ্ৰ লোকে। হঠাৎ কুকুৰটো নলাত পৰিল।

সেই সময়ত এজন যুৱকে মানুহজনক সহায় কৰাৰ চলেৰে কুকুৰটো উদ্ধাৰ কৰিবলৈ ড্ৰেইনত নামি কুকুৰটো লৈ তলে তলে ড্ৰেইনেৰে আন এক স্থানত ওলাই বহুদিন সেই কুকুৰটো নিজৰ লগত ৰাখিছিল।

আনকি কুকুৰটো বহু দিনৰ পাছত সেই যুৱকজনৰ লগত দেখি কুকুৰটোৰ প্ৰকৃতগৰাকীয়ে নিজৰ কুকুৰটো পাবলৈ আৰক্ষীৰো কাষ চাপিবলগীয়া হৈছিল। কুকুৰৰ কাহিনী কৈ থাকিলে শেষ কৰিব নোৱাৰি।

আন এচাম আছে কুকুৰ দেখিলে ভয় কৰে। এবাৰ এজন বিশিষ্ট শিল্পীক এক অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰিবলৈ যোৱা কেইজনমান যুৱকৰ তেনে এক অভিজ্ঞতা হৈছিল। কলিং বেল বজাৰ লগে লগে শিল্পীগৰাকীৰ লগত ওলাই আহিছিল এটা প্ৰকাণ্ড কুকুৰ।

দৰ্জা খুলি দি শিল্পীগৰাকী ভিতৰত সোমাল। কুকুৰটো দুৱাৰ সন্মুখতে ৰৈ থাকিল গুজৰি গুমৰি। অচিনাকী মানুহ দেখি বাট এৰা নাই কুকুৰে। কুকুৰ দেখি ঘৰৰ ভিতৰলৈ সোমাবলৈ সাহস কৰা নাই তেওঁলোকে।

ভিতৰৰ পৰা শিল্পীগৰাকীয়ে মাত দিছিল সোমাই অহা ই একো নকৰে। কিন্তু বাট ভেটি থকা কুকুৰৰ সন্মুখেদি ভিতৰ সোমাই কেনেকৈ? একো নকৰে বুলি পুনৰ সোমাই আহিবলৈ শিল্পীজনে কোৱাত সেই সময়ৰ এজন যুৱকে উত্তৰ দিছিল- একো নকৰে বুলি আপুনিহে কৈছে, কুকুৰটোৱেটো কোৱা নাই।

ভিতৰত সোমাই এখন চোফাত এজন যুৱক বহাত সেই স্থানত আহি কুকুৰটোৱে ঘূৰা-ফিৰা কৰি আছে। তাকে দেখি শিল্পীগৰাকীয়ে সেই যুৱকজনক অনুৰোধ কৰিছিল- তুমি এইখন চকীলৈ আহা। ইয়াত এলেক্স বহে।

এইধৰণৰ কুকুৰৰ কাহিনীবোৰ বৰ আমোদজনক। কুকুৰৰ জীৱন প্ৰণালী বৰ বেছি দীঘলীয়াও নহয়। ১০ ৰ পৰা ১৩ বছৰ জীৱন কাল হয় এটা কুকুৰৰ। কুকুৰৰ মৃত্যুৰ পাছত আদ্যশ্ৰাদ্ধ পতাৰো উদাহৰণ আছে।

কুকুৰৰ আছে বিদ্যালয়। আছে শিক্ষক। কুকুৰক পাঠদান কৰে সেই শিক্ষকসকলে। কি ক'লে কি কৰিব লাগিব সেই শিক্ষা কুকুৰৰ এই প্ৰশিক্ষকসকলে প্ৰদান কৰে। ইয়াৰ বিনিময়ত তেওঁলোকে লয় মোটা পৰিমাণৰ ধন।

মহাকাশলৈও পৃথিৱীৰ পৰা প্ৰথমে গৈছিল এটা কুকুৰ। ১৯৫৭ চনৰ ৩ নৱেম্বৰত ছোভিয়েট মহাকাশযানে মহাকাশলৈ প্ৰেৰণ কৰা স্পুটনিক-২ৰ জৰিয়তে মহাকাশ ভ্ৰমণ কৰিছিল লাইকা নামৰ এজনী মাইকী কুকুৰে। পৃথিৱীৰ কক্ষপথ পৰিভ্ৰমণ কৰাৰ সৌভাগ্য হৈছিল লাইকা নামৰ এই কুকুৰজনীৰ।

ইফালে নিৰাপত্তাসংস্থাসমূহত কুকুৰৰ আছে বিশেষ ভূমিকা। তেওঁলোকক দিয়া হয় বিভিন্ন পদবী, দিয়া হয় দৰমহা। চাকৰিৰ পৰা অবসৰো দিয়া হয়। এতিয়া কুকুৰৰে দিন চৌদিশে।

গেটৰ সন্মুখত কুকুৰৰ পৰা সাৱধানা বুলি লিখি দিয়াতো ডাঙৰ আৰু ধনী মানুহৰ ফেচন। কুকুৰবোৰ এতিয়া মানুহৰ দৰে। মানুহবোৰ এতিয়া কুকুৰৰ দৰে হৈ পৰিছে। কুকুৰৰ এই বিলাসী জীৱন দেখিলে ভাবিবলৈ মন যায় কেতিয়াবা কুকুৰেই নহলো মই কিয়? আজি কুকুৰৰে দিন। সমগ্ৰ বিশ্বজুৰি উদযাপন হৈছে আজি কুকুৰ দিৱস।

Also Read: পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ডঃ ১০ জন তীৰ্থ যাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু...

কুকুৰ