ক'ত হেৰাইছিল জিতুল সোণোৱাল...

ক'ত হেৰাইছিল জিতুল সোণোৱাল...
ক'ত হেৰাইছিল জিতুল সোণোৱাল...
Published on
Updated on

তুষাৰ প্ৰতিম

২ ব'হাগ, দেওবাৰ। সম্ভৱতঃ নিশা তেতিয়া প্ৰায় ৯ বাজিছে। টেলিভিশ্যনত হঠাৎ বাজি উঠিছে এটা বিশেষ গান। ''অ' মৰমী লগৰী, আছা বুকু জুৰি/ নাযাবা আঁতৰি দূৰণিলে...''- কেইমুহূৰ্ত মানৰ বাবে কম্পিউটাৰৰ স্ক্ৰীণৰ পৰা দৃষ্টি আঁতৰাই, কি ব'ৰ্ডখন এৰি টিভিটোলৈ চালো। মন ভৰি যোৱা এক দৃশ্য।

বৃহত্তৰ ৰুক্মিণীনগৰ ৰঙালী বিহু সন্মিলনৰ বিহু মঞ্চত সেই চিনাকী শিল্পীজন। সুদীৰ্ঘ দিন ধৰি তেওঁ আঁতৰি আছে গানৰ পৰা। কিন্তু তেওঁৰ গানে তেওঁক মানুহৰ মাজত পিৰিচিত কৰি ৰাখিছে। বহু কেইটা বছৰ ধৰি তেওঁক কোনেও দেখা নাছিল মঞ্চত।

বিহুৰ মঞ্চত অৱশ্যে তেওঁৰ গানবোৰ গাই তৰুণ প্ৰজন্মৰ শিল্পীবোৰে সেই অভাৱ দূৰ কৰি আহিছিল। তাৰ মাজতো ক'ৰবাত যেন এক শূন্যতা। কোনে পাহৰিব সেই চিনাকী সুহুৰিটো !

কোনে পাহৰিব পাৰে হাতত গীতাৰখন লৈ তেওঁ গোৱা 'মাইজান'ক। হাজাৰ হাজাৰ দৰ্শকক বছৰ বছৰ ধৰি নছোৱাই অহা 'মাইজান' ব'হাগৰ মঞ্চৰ এক যেন এক অবিচ্ছেদ্য অংগ।

'মাইজান'ৰ উপৰিও তেওঁ গালে 'দেহাজান'। এক মায়ামায় নিশা। সুৰুচীপূৰ্ণ শ্ৰোতাৰ বাবে এয়া আছিল যেন কল্পনাৰ এটা সন্ধিয়া। নব্বৈৰ দশকৰ মাজেৰে পাৰ হৈ অহা প্ৰতিজন অসমীয়াই জানে তেওঁক।

অসমীয়া সংগীত শুনা মানুহখিনিৰ বাবে তেওঁ চিৰপৰিচিত। তেওঁৰ গানত আছে প্ৰেম। তেওঁৰ গানত আছে বিৰহ। তেওঁ যিদৰে গাইছে ''তোমাৰ ৰূপৰ তুলনা নাই/ হাঁহিতে বিজুলীৰ ঢৌ খেলি যায়'', ঠিক সেইদৰেই গাইছে ''প্ৰথম দেখাতেই ভাবিছিলো বহু কথা,কম বুলিও নহ'ল কোৱা''।

তেওঁৰ গানে কথা কয়। তেওঁৰ গানে বহুতৰ হৃদয়ৰ কথা কয়। তেওঁৰ গানৰ জৰিয়তেই কৈ দিব পাৰি ক'বলৈ নোৱাৰা অথচ কম বুলি ভবা বহু কথা। তেওঁৰ গানতেই আছে 'ভাগৰুৱা, বেদনা গধুৰ বুকুখন'ৰ কথা।

হাজৰিকা ব্ৰাডাৰ্ছৰ পিছত নব্বৈৰ দশকত যিসকল অসমীয়া শিল্পীয়ে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে সেইসকলৰ ভিতৰত প্ৰথমেই নাম আহিব জিতুল সোণোৱালৰ। যিসময়ত অসমৰ বিহুৰ অনুষ্ঠানত বহিঃৰাজ্যৰ গায়কৰ পয়োভৰ ঘটিছিল সেই সময়ত আবিৰ্ভাৱ হৈছিল জিতুল সোণোৱালৰ।

অসমীয়া সংগীতত তেওঁ তাহানিতেই চলাইছিল সম্পৰীক্ষা। তেওঁৰ গানত নাছি উঠিছিল অসমীয়া। মাজে মাজে তেওঁৰ গান শুনি জিৰাইছিল ভাগৰুৱা অসমীয়াই। ডেকা, বুঢ়া সকলো শ্ৰেণীৰ মানুহৰ মাজত আছিল তেওঁৰ জনপ্ৰিয়তা।

জুবিন গাৰ্গৰ আগমণৰ পূৰ্বে জিতুল সোণোৱালে অসমীয়া গানৰ এটা পৰিৱেশ গঢ় দিলে। সেই পৰিৱেশৰ মাজেৰে পাৰহৈ জুবিন গাৰ্গে নিজক জুবিন হিচাপে প্ৰতিষ্ঠা কৰিলে।

জুবিনৰ জনপ্ৰিয়তাৰ বাবেই হওক অথবা আন কিবা কাৰণতেই হওক লাহে লাহে যেন চিনাকী জিতুল সোণোৱাল ক্ৰমশঃ হেৰাই গ'ল। এৰা ধৰাৰ মাজেৰে, টেলিভিশ্যনৰ পৰ্দাতেই হওক বা আন কিছু সৰুবৰ অনুষ্ঠানতেই হওক, অসমীয়া মানুহে জিতুল সোণোৱালক কিছু বছৰৰ আগলৈকে দেখি আহিছিল।

তেওঁৰ কণ্ঠত শুনি আহিছিল সেই সোণসেৰীয়া গানবোৰ। তাৰ মাজতেই যেন হতাশাত ভাঙি পৰিছিল জিতুল সোণোৱাল। অনাকাংক্ষিত বিতৰ্কয়ো তেওঁক জুৰুলা কৰিছিল। সামাজিক মাধ্যমত জিতুল সোণোৱালক কোনো বাচ-বিচাৰ নকৰাকৈ কাঠগড়াত তোলা হৈছিল।

আৰম্ভ হৈছিল একপক্ষীয় চোকা সমালোচনা। এয়াই সামাজিক মাধ্যমৰ বিড়ম্বনা।২০১৪ ত জিতুল সোণোৱালে আন কেইবাগৰাকীও শিল্পী তথা অন্যান্য ব্যক্তিৰ সৈতে যোগদান কৰিলে বিজেপিত।

অৱশ্যে তেওঁ সেইসকল ছদ্মবেশী শিল্পীৰ শাৰীত নাছিল, যিসকলে আগনিশা বিজেপিক গালি পাৰি, 'কা' আন্দোলন কৰি পিছনিশা বিজেপিত যোগদান কৰি চৰকাৰৰ তৈলমৰ্দন কৰিছিল। সুবিধাবাদীৰ ভূমিকা লোৱা নাছিল জিতুল সোণোৱালে।

বহুতেই নাজানে তেওঁ কোনটো ৰাজনৈতিক দলৰ কৰ্মী। তেওঁৰ ৰাজনৈতিকস্থিতিৰ বিষয়ে আলোচনা কৰিবলগীয়া পৰিৱেশ সৃষ্টি হোৱা নাই। ৰাজনীতিত থকাৰ পিছতো ৰাজনৈতিক কথা বতৰাৰ পৰা তেওঁ বহু দূৰত অৱস্থান কৰিছে।

ৰাজনীতিৰ বাহিৰত থাকি ৰাজনৈতিক নেতা তথা দলক তৈলমৰ্দন কৰি, চৰকাৰ সলনি হ'লে নিজা স্থিতি সলনি হোৱা শিল্পীৰ ভূমিকা লোৱা নাই তেওঁ। এয়াই জিতুল সোণোৱাল।

বহু বছৰৰ মূৰত জিতুল সোণোৱালে আকৌ হাতত গীতাৰখন তুলি লৈছে। তেওঁৰ কণ্ঠ একেই আছে। একেই আছে তেওঁৰ গায়ন শৈলী। মঞ্চত তেওঁ কোৱা নাই কোনো ৰাজনৈতিক কথা। দিয়া নাই বিতৰ্কিত মন্তব্য। কৰা নাই কোনো অপ্ৰয়োজনীয় কথা বতৰা।

কেৱল গাই গৈছে এটাৰ পিছত আন এটা তেওঁৰ জনপ্ৰিয় গান। শেহতীয়াকৈ অসমৰ একাংশ সংগীত শিল্পী তথা গায়কে আৰম্ভ কৰিছে এক নতুন ট্ৰেণ্ড। কিমান তাৰিখে, ক'ত অনুষ্ঠান আছে তাৰ এখন দীঘলীয়া তালিকা।

১৪ এপ্ৰিলৰ পৰা ১৪ মে' পাৰ হৈ যোৱাকৈ এই তালিকাত আছে ধাৰাবাহিক সংগীতানুষ্ঠানৰ তথ্য। জুবিন গাৰ্গৰ উপৰিও তৰুণ প্ৰজন্মৰ নীল আকাশ, আচুৰ্য বৰপাত্ৰ, শংকুৰাজ কোঁৱৰ, দীক্ষু, কুসুম কৈলাশ, মন্তুমণি, ভৃগু কাশ্যপকে ধৰি সকলো কণ্ঠশিল্পীয়ে প্ৰচাৰ কৰিছে এই তালিকা।

একেদৰে জুবলি বৰুৱা, প্ৰিয়ংকা ভৰালী, গীতালি দেৱী, সুবাসনা দত্ত, দীপলিনা ডেকা, ৰূপালী কাশ্যপ, গীতাঞ্জলি দাস, মৈত্ৰেয়ী পাতৰ আদি মহিলা কণ্ঠ শিল্পীয়েও প্ৰকাশ কৰিছে তেনে তালিকা। তেওঁলোকৰ অনুৰাগীসকলেও শ্বেয়াৰ কৰিছে সেই তালিকা।

ইয়াৰ জৰিয়তে কাৰ, ক'ত কেতিয়া অনুষ্ঠান আছে সেই বিষয়ে জানিবলৈ সকলো সক্ষম হৈছে। এই তালিকাৰ পৰা আন এটা কথাও স্পষ্ট হৈছে, তেওঁলোক কোনে, কিমান অনুষ্ঠান লাভ কৰিছে বা কোনে কেইখন অনুষ্ঠান পৰিৱেশন কৰিব।

নাম উল্লেখ কৰা অধিকাংশ সংগীত শিল্পীৰেই ব'হাগ মাহটোৰ এটা দিনো বিৰতি নাই। উজনিৰ পৰা নামনিলৈ সকলো ঠাইতে আছে তেওঁলোকৰ অনুষ্ঠান। কোনো কোনোৱে জেঠ মাহতো অনুষ্ঠান ৰাখিছে।

জনপ্ৰিয়তাৰ শীৰ্ষত থকা এইসকল শিল্পীৰ এই লানি নিচিঙা অনুষ্ঠানৰ তুলনাত জিতুল সোণোৱালৰ দৰে সংগীত শিল্পীৰ অনুষ্ঠান নিচেই তাকৰ। ১২ টা মাহতেই টিভিৰ পৰ্দাত জিলিকি থকা, সামাজিক মাধ্য়মত চৰ্চাৰ শীৰ্ষত থকা এইসকল শিল্পীৰ তুলনাত কিন্তু জিতুল সোণোৱালৰ দৰে শিল্পীৰ মাত্ৰ এখন সংগীতানুষ্ঠানে কৈ গ'ল বহু কথা।

জিতুল সোণোৱালৰ সংগীতৰ অনুষ্ঠানত নাছিল কি? দৰ্শকে উপভোগ কৰি শান্তি পাইছে। কোনোবাই নাচিছে, কোনোবাই বহি একান্তমনে শুনি গৈছে এটাৰ পাছত আন এটা গান। নাই কোনো উৎপাত, নাই কোনো হুলস্থুল। কেৱল সুমধুৰ সংগীতৰ লহৰ।

কাৰ্যালয়ৰ টেলিভিছনতে শুনিলো জিতুল সোণোৱালে মঞ্চত গোৱা ''বহু ৰাতি হ'ল জানা/ বহু গান আজি হ'ল গোৱা/ ৰাতি পুৱাবলে অলপ সময়/ জানা নে নাজানা..''। নাজানো কিয় আৱেগে হেঁচা মাৰি ধৰিলে।

নিজেই নিজকে কৈ উঠিলো- জিতুল দা, এতিয়াও বহুখিনি পাবলৈ বাকী আছে। বহুগান শুনিবলৈ বাকী আছে। বহু উজাগৰী নিশা পাৰ কৰিবলৈ আছে আপোনাৰ গানৰ মাজেৰে। আপুনি কেৱল গাই যাওঁক। আপুনি গানৰ মানুহ। গানৰ মাজতেই থাকক।

ক'ত হেৰাইছিল জিতুল সোণোৱাল...
ফচল বীমা আঁচনি ৰূপায়নত শীৰ্ষত অসম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in