সেনাই নহয়, এজন সাংবাদিকেহে প্ৰতিৰক্ষা মন্ত্ৰীক দিছিল কাৰ্গিল যুদ্ধৰ খবৰ...

সেনাই নহয়, এজন সাংবাদিকেহে প্ৰতীৰক্ষা মন্ত্ৰীক দিছিল কাৰ্গিল যুদ্ধৰ খবৰ...
সেনাই নহয়, এজন সাংবাদিকেহে প্ৰতীৰক্ষা মন্ত্ৰীক দিছিল কাৰ্গিল যুদ্ধৰ খবৰ...
Published on
Updated on

কাৰ্গিল বিজয় দিৱসে ২৫ বছৰ সম্পূৰ্ণ কৰিলে। ১৯৯৯ চনৰ ২৬ জুলাইতে পাকিস্তানী সেনাক পৰাস্ত কৰি ভাৰতীয় সেনাই কাৰ্গিল জয় কৰিছিল। ১৯৯৯ ৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে চলা এই যুদ্ধক লৈ এতিয়াও মানুহৰ মুখে মুখে নানান কাহিনী। ভাৰতীয় সেনাৰ বীৰত্বৰ গাথাই আজিও প্ৰতিজন ভাৰতীয়কে গৌৰৱাম্বিত কৰি তোলে। জাগ্ৰত হৈ উঠে দেশপ্ৰেম।

কাৰ্গিল যুদ্ধ এনে এখন যুদ্ধ যি যুদ্ধৰ আৰম্ভণিৰ বিষয়ে দেশৰ প্ৰতীৰক্ষা মন্ত্ৰীয়েও প্ৰথমে এই বিষয়ে কোনো কথাই জনা নাছিল। এই যুদ্ধৰ আৰম্ভণিৰ বিষয়ে সেনা প্ৰধানেও সেনা বিষয়াৰ পৰিৱৰ্তে এখন দেশৰ ৰাষ্ট্ৰদূতৰ জৰিয়তেহে জানিবলৈ পাৰিছিল। যুদ্ধৰ পূৰ্বে পাকিস্তানী সেনাৰ কোনো তথ্যই গম পোৱা নাছিল ভাৰতীয় সেনাৰ চোৰাংচোৱা সংস্থা 'ৰ'য়ে।

বিবিচিত প্ৰকাশিত এক প্ৰতিবেদনত এই যুদ্ধৰ কেইবাটাও নতুন দিশ উন্মোচিত হৈছে। এগৰাকী প্ৰখ্যাত সাংবাদিকৰ পুত্ৰৰ মুখেৰেহে এই যুদ্ধৰ তথ্য প্ৰকাশ হৈছিল। সাংবাদিকৰ জৰিয়তেহে এই যুদ্ধৰ কথা অৱগত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰীয়ে।

কাৰ্গিল যুদ্ধত ভাৰতে হেৰুৱাইছিল ৫২৭ জনকৈ জোৱানক। ইয়াৰ পিছতো দেশমাতৃক সেৱাৰ বাবে ভাৰতীয় সেনাত যোগদান কৰিবলৈ উদবাউল হৈ পৰিছিল যুৱকসকল। পাকিস্তানৰো এই যুদ্ধত ৪৫৩ জন সেনা নিহত হৈছিল।

প্ৰথম অৱস্থাত পাকিস্তানে এই যুদ্ধত পাকিস্তানী সেনা জড়িত নহয়, সন্ত্ৰাসবাদীৰেহে সংঘৰ্ষ হৈছ বুলি মিথ্যাচাৰত লিপ্ত হৈছিল যদিও পিছলৈ এই মিথ্যাচাৰ বিশ্বৰ সন্মুখত বৰ বেয়াকৈ ওলাই পৰিছিল। সেয়া আছিল ৩ জুলাইৰ কথা। ভাৰতীয় গৰখীয়াসকলে পাহাৰৰ উচ্চতাত প্ৰত্যক্ষ কৰিছিল পাকিস্তানী সেনাক। পাকিস্তানী সেনাই নিখুঁট পৰিকল্পনাৰে কাৰ্গিল দখলৰ লক্ষ্যৰে ইতিমধ্যে অভিযান প্ৰায় আৰম্ভ কৰিছিল।

কাৰ্গিলৰ ওখ পাহাৰত অনুপ্ৰৱেশ কৰি পাকিস্তানৰ সেনাই ঘাটি তৈয়াৰ কৰি লৈছিল। ৮ মে’ত পুনৰ ভাৰতীয় গৰখীয়াই প্ৰায় ১২ জন পাকিস্তানী সেনাক প্ৰত্যক্ষ কৰিছিল। সেইবাৰ পাকিস্তানী সেনাই এই গৰখীয়াসকলৰ ৰেচনখিনি ল’বৰ বাবেই তেওঁলোকক বন্দী বনোৱাৰ পৰিকল্পনা কৰিছিল।

পাকিস্তানী এই সেনাৰ নেতৃত্বত আছিল নৰ্দাৰ্ণ লাইট ইনফেণ্ট্ৰীৰ কেপ্টেইন ইফতেখাৰ আৰু লেন্স হাবিলদাৰ আব্দুল হাকিম।এই পাক সেনাৰ দলটোৱে ভাৰতীয় গৰখীয়া কেইজনক বন্দী বনোৱাৰ উদ্দেশ্যৰে কৰায়ত্ত কৰিছিল যদিও অৱশ্যে পৰৱৰ্তী সময়ত যাবলৈ দিয়ে।

এই গৰখীয়াসকলে উভতি আহি ভাৰতীয় সেনাক এই বিষয়ে অৱগত কৰাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম নাটকীয়ভাৱে আগবাঢ়িছিল। আৰম্ভ হৈছিল এখন যুদ্ধৰ পৃষ্ঠভূমি।

গৰখীয়া দলটোক লগত লৈ ভাৰতীয় সেনাৰ ৬/৭ জনীয়া এটা দল পুনৰ সেই স্থানলৈ যাত্ৰা কৰে। ইয়াৰোপৰি কাৰ্গিলৰ এই অঞ্চলটোক বাইনোকুলাৰ আৰু লামা হেলিকপ্টাৰেও পৰীক্ষা কৰে।

এই পৰীক্ষাত ভাৰতীয় সেনাই সেই অঞ্চলটোত বহু পাকিস্তানী সেনাৰ উপস্থিতি ধৰা পেলাই। ভাৰতীয় সেনাৰ বুজিবলৈ বাকী নাথাকিল সেই অঞ্চলটোক পাক সেনাই ইতিমধ্যে দখল কৰাৰ কথা।

পাক সেনাৰ পৰিকল্পনা আছিল ভাৰতৰ উত্তৰ প্ৰান্তৰ সীমান্তক দখল কৰি তেওঁলোকৰ নিয়ন্ত্ৰণলৈ নিয়া। তেওঁলোকে বিচাৰিছিল চিয়াচেনৰ জীৱনৰেখা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ 1-Dক বিচ্চিন্ন কৰি তেওঁলোকৰ নিয়ন্ত্ৰণৰ অধীনলৈ অনা। ইয়াৰ জৰিয়তে সম্পূৰ্ণৰূপে চিয়াচেন দখল কৰিব বিচাৰিছিল।

ইয়াৰ পৰৱৰ্তী দিনটোত ভাৰতীয় সেনাৰ লামা হেলিকপ্টাৰে পুনৰ সেই অঞ্চলটো ভ্ৰমণ কৰে আৰু পাক সেনাৰ ওপৰত গুলী বৰ্ষণ কৰে। নিশা কাৰ্গিলৰ আৰ্টিলাৰী ডাম্পত পাক সেনাৰ আৰ্টিলাৰী ফায়াৰৰ সুৰক্ষাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে।ভাৰতীয়ে সেনায়ো ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।

এইদৰেই যুদ্ধৰ এক পৃষ্ঠভূমি ৰচনা হৈছিল যদিও তেতিয়ালৈকে এই বিষয়ে দেশৰ কোনো এজন ৰাজনৈতিক নেতায়েই সীমান্ত কি পৰিস্থিতিৰ সূচনা হৈছিল সেই বিষয়ে ঘূণাক্ষৰেও জনা নাছিল।

এসময়ত ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিৰক্ষা সংবাদদাতা যশৱন্ত সিঙৰ পুত্ৰ মানৱেন্দ্ৰ সিঙে এই সন্দৰ্ভত বিবিচিৰ আগত কৈছিল এইদৰে- ‘মোৰ এজন বন্ধুৱে সেই সময়ত সেনাৰ মুখ্য কাৰ্যালয়ত কাম কৰিছিল। তেওঁ মোক ফোন কৰি কৈছিল তেওঁ মোক লগ কৰিব বিচাৰে। সেই মতেই মই তেওঁৰ ঘৰলৈ গৈছিলোঁ। তেওঁ মোক কৈছিল সীমান্তত কিবা এটা খেলিমেলি হৈছে। যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এটা প্লাটুন হেলিকপ্টাৰেৰে এক কঠিন ঠাইলৈ প্ৰেৰণ কৰিছে। পিছদিনা পুৱা মই দেউতাক এই বিষয়ে সকলো কথাই ক’লো। লগে লগে দেউতাই প্ৰতিৰক্ষামন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজক ফোন কৰিছিল। জৰ্জ ফাৰ্ণাণ্ডেজ পিছদিনা ৰাছিয়া ভ্ৰমণলৈ যোৱাৰ কথা আছিল। কিন্তু দেউতাৰ মুখেৰে সীমান্তত সৃষ্টি হোৱা সেই কথাৰ বিষয়ে জানিব পাৰি তেওঁ ৰাছিয়া ভ্ৰমণ বাতিল কৰে।‘

এইদৰেই কাৰ্গিলত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীয়েও এজন সাংবাদিকৰ মুখৰ পৰাহে জানিব পাৰিছিল। কাৰ্গিল যুদ্ধৰ এয়াও আছিল এক আশ্চৰ্যকৰ বিষয়।

আমোদজনকভাৱে সেই সময়ত ভাৰতীয় সেনাৰ মুখ্য জেনেৰেল বেদ প্ৰকাশ মালিকো পোলেণ্ড আৰু চেক গণৰাজ্য ভ্ৰমণৰ অৱস্থাত আছিল। তেওঁ কাৰ্গিলত সৃষ্টি হোৱা এই যুদ্ধ সদৃশ পৰিস্থিতিৰ বিষয়ে কোনো সামৰিক বিষয়াৰ পৰিৱৰ্তে অৱগত হৈছিল ভাৰতীয় ৰাষ্ট্ৰদূতৰ জৰিয়তেহে।

আটাইতকৈ গুৰত্বপূৰ্ণ কথাটো হ’ল চিয়াচেন সম্পূৰ্ণৰূপে নিজৰ দখললৈ নিয়াৰ উদ্দেশ্যৰে পাক সেনাই আৰম্ভ কৰা এই অভিযানৰ বিষয়ে কোন খবৰেই পোৱা নাছিল ভাৰতৰ গুপ্তচৰ সংস্থা 'ৰ'য়েও। কিয়নো কাৰ্গিলৰ সেই ওখ পাহাৰত অৱস্থান কৰা পাক সেনাৰ সৈতে ভাৰতীয় সেনাৰ সংঘৰ্ষ হোৱাৰ পিছতো পাকিস্তানে তেওঁলোকৰ সহায়ৰ বাবে কোনো অতিৰিক্ত সেনা প্ৰেৰণ কৰা নাছিল।

ভাৰতৰ প্ৰাক্তন উপৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা, পাকিস্তানস্থিত ভাৰতৰ উচ্চায়ুক্ত আৰু পিছলৈ কাৰ্গিল অনুসন্ধান সমিতিৰ সদস্য হোৱা সতীশ চন্দ্ৰই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কৈছে এইদৰে- ''ৰয়ে এই বিষয়ে কোনো কথাই জনা নাছিল। পাকিস্তানী সেনাই কোনো অতিৰিক্ত সেনাৰ সহায় বিচৰা নাছিল। ৰয়ে তেতিয়াহে এই বিষয়ে জানিব পাৰিলে হয় যদিহে পাকিস্তানে অধিক সেনা সেই স্থানলৈ প্ৰেৰণ কৰিলে হয়।''

ভাৰতে প্ৰথম অৱস্থাত পাক সেনাই অনুপ্ৰৱেশ কৰা বিষয়টোক সাধাৰণ হিচাপেই লৈছিল। ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল হৰছৰনজীত সিং পনাগৰ মতে ৩ মে’ ৰ পৰা জুনৰ প্ৰথম সপ্তাহলৈকে ভাৰতীয় সেনাৰ প্ৰদৰ্শন দুৰ্বল আছিল। পাকিস্তান সেনাই নিখুঁট পৰিকল্পনাৰে কাৰ্গিলৰ সম্পূৰ্ণ পথত সম্পূৰ্ণৰূপে শক্তিশালী হৈ উঠিছিল।

তেওঁ কৈছে- আমি পৰিস্থিতিৰ গুৰুত্ব তেতিয়াহে উপলব্ধি কৰিছিলোঁ যেতিয়া সেনাৰ অষ্টম বিভাগে আহি অঞ্চলটোৰ দায়িত্ব লৈছিল। তেওঁলোকে পৰিকল্পনা প্ৰস্তুত কৰিছিল। কিন্তু আমাৰ বাবে আছিল এয়া এক কঠিন অপাৰেচন। কিয়নো পাকিস্তানী সেনা আছিল পাহাৰৰ ওপৰত আৰু আমি তলত। এনে পৰিস্থিতিত অপাৰেচন চলোৱাটো যথেষ্ট কঠিন হৈ পৰে। কিয়নো ওখ পাহাৰীয়া সেই অঞ্চলত অক্সিজেনৰো অভাৱ হৈছিল। তেতিয়ালৈকে পাহাৰীয়া সেই অঞ্চলত কৌশলেৰে যুঁজ দিবলৈ ভাৰতীয় সেনাৰ হেনো প্ৰশিক্ষণো দুৰ্বল আছিল।

মে’ৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ জুনৰ প্ৰথম সপ্তাহলৈকে পাকিস্তানৰ পক্ষতেই আছিল। জুনৰ দ্বিতীয় সপ্তাহৰ পৰাহে ভাৰতৰ পক্ষে যুদ্ধই গতি কৰে। লেফটেনেণ্ট জেনেৰেল হৰছৰনজীত সিং পনাগে জুনৰ দ্বিতীয় সপ্তাহত হোৱা যুদ্ধত ভাৰতীয় সেনাই টোলিলিং দখল কৰাৰ পাছতে যুদ্ধই গতি সলনি কৰে বুলি উল্লেখ কৰিছে বিবিচিৰ আগত।

তেওঁ কয়, মই ভাৰতীয় সেনাৰ জেনেৰেল বেদ প্ৰকাশ মালিকক সুধিছিলোঁ এই যুদ্ধৰ টাৰ্ণিং পইণ্ট কি? তেওঁ কৈছিল টোলিলিঙৰ ওপৰত জয়। টোলিলিং দখলৰ বাবে হোৱা যুদ্ধ প্ৰায় পাঁচ দিনলৈ চলিছিল। এই যুদ্ধ ইমান কাষৰ পৰা হৈছিল যে দুয়ো দেশৰ সেনাই কৰা গালি গালাজ শুনিবলৈ পাইছিল।

টোলিলিঙত বহু ভাৰতীয় সেনাই প্ৰাণ আহুতি দিবলগীয়া হৈছিল। কিন্তু টোলিলিং দখলে ভাৰতীয় সেনাৰ মনোবল যথেষ্ট বৃদ্ধি কৰিলে। টোলিলিং দখলেই ভাৰতীয় সেনাক বিজয়ৰ দিশে অগ্ৰসৰ হোৱাত এক প্ৰেৰণা হিচাপে কাম কৰিলে।

কাৰ্গিল যুদ্ধত পাকিস্তানৰ প্ৰায় ১৭০০ সেনা ভাৰতৰ আভ্যন্তৰৰ ৮ ৰ পৰা ৯ কিলোমিটাৰ পৰ্যন্ত সোমাই আহিছিল। সেনাত এষাৰ বাক্য খুব প্ৰচলন হয়-‘মাউণ্ট ইটছ ট্ৰুপছ’অৰ্থাত পৰ্বতে সৈন্য খায়।

যদিহে মুকলি স্থানত যুদ্ধ হয় তেন্তে আক্ৰমণকাৰীৰ সংখ্যাতকৈ প্ৰতিৰক্ষাকাৰীৰ সংখ্যা অতি কমেও তিনিগুণ অধিক হব লাগে বুলি কোৱা হয়। কিন্তু পাহাৰত এই সংখ্যাৰ ব্যৱধান ৯ গুণ অধিক হ'ব লাগে। পাহাৰত এজন শত্ৰুক আঁতৰাবলৈ প্ৰয়োজন হয় ২৭ জন সেনাৰ। এনে এক কঠিন পৰিৱেশত ভাৰতৰ সেনাই পাক সেনাৰ বিৰুদ্ধে যুঁজিব লগীয়া হৈছিল।

যুদ্ধৰ আৰম্ভণিতে ভাৰতে দুখন মিগ বিমান আৰু হেলিকপ্টাৰ যুদ্ধত হেৰুৱাইছিল। কিন্তু ভাৰতীয় বায়ু সেনা আৰু ব’ফৰ্ছ কামান ট্ৰুপে ইয়াৰ প্ৰতিশোধ ভালকৈয়ে লৈছিল।

বায়ু সেনা আৰু ব’ফৰ্ছ ট্ৰুপে পাকিস্তানী সেনাক ভালকৈয়ে শিক্ষা দিছিল। এই দুই বাহিনীৰ আক্ৰমণত পাকিস্তানী সেনাই কেৱল প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ হাতত থকা বন্দুকবোৰ হৈ পৰিছিল কেৱল একো একোডাল লাঠি সদৃশ।

পাকিস্তানে এই যুদ্ধত আমেৰিকাৰো সহায় বিচাৰিছিল। কিন্তু আমেৰিকাই হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল। তদানীনন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পাকিস্তানক চৰ্ত দিছিল এল অ’ চিৰ পৰা সেনা প্ৰত্যাহাৰ নকৰালৈকে এই যুদ্ধত কোনোধৰণৰ হস্তক্ষেপ নকৰে।

কাৰ্গিল যুদ্ধত অসীম সাহসেৰে দেশৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক মৰণোত্তৰ ভাবে সন্মান জনাইছে দেশে। গোলাঘাটৰ কেপ্টেইন জিণ্টু গগৈক বীৰ চক্ৰ প্ৰদান কৰা হৈছে। বিগ্ৰেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ, গোৰ্খা ৰাইফলছৰ  লেফটেনেণ্টে মনোজ কুমাৰ পাণ্ডে, জম্মু কাশ্মীৰ ৰাইফলছৰ সঞ্জয় কুমাৰকতৃ পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছে।

সেইদৰেই অফুৰন্ত সাহাস আৰু আত্ম বলিদানৰ বাবে কেপ্টেইন বিক্ৰম বাট্ৰা, কেপ্টেইন অনুজ নায়াৰ, মেজৰ ৰাজেশ সিং অধিকাৰী, কেপ্টেইন হানিফ উদ্দিন আৰু মেজৰ মাৰিয়াপ্পান ছাৰভানান আৰু বায়ু সেনাৰ স্কোয়াড্ৰন লিডাৰ অজয় আহুাজাকো মৰণোত্তৰভাৱে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছে।

যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান নকৰে। কিন্তু যেতিয়া দেশক কোনোবাই ৰঙা চকু দেখুৱাই, কোনোবাই আক্ৰমণ কৰে তেন্তে প্ৰতি আক্ৰমণ নকৰি হাত সাৱটি বহি থকাটো ভীৰুতাৰ পৰিচয়। ভাৰতে পাকিস্তানক পাকিস্তানৰ ভাষাৰেই উত্তৰ দিলে।

পাকিস্তানে আৰম্ভ কৰা এই যুদ্ধক ভাৰতে শেষ কৰিলে। পাকিস্তানৰ কুঅভিসন্ধিৰ বাবেই ভাৰতে যিদৰে ৫২৭ গৰাকী সেনাক হেৰুৱালে সেইদৰেই তেওঁলোকেও ৪৫৩ জন সেনাক হেৰুৱালে। আহত হ’ল দুয়ো পক্ষৰে হাজাৰজনৰো অধিক সেনা।

এক তথ্য অনুসৰি কাৰ্গিল যুদ্ধত এদিনতে ব্যয় হৈছিল ৩০ কোটি টকা। ইয়াৰ পৰাই অনুমান কৰিব পাৰি এই যুদ্ধই অৰ্থনৈতিকভাৱে কিদৰে ক্ষতি কৰিছিল। ১৯৯৯-২০০০ বিত্তীয় বৰ্ষত প্ৰতীৰক্ষা ব্যয়ত ৪০০০ ৰ পৰা ৫০০০ কোটি টকা অধিক ব্যয় হোৱা বুলি অনুমান কৰা হয়। এই যুদ্ধৰ পিছৰ বছৰত বৃদ্ধি কৰা হৈছিল প্ৰতিৰক্ষা ব্যয়।

সেনাই নহয়, এজন সাংবাদিকেহে প্ৰতীৰক্ষা মন্ত্ৰীক দিছিল কাৰ্গিল যুদ্ধৰ খবৰ...
হয়, হোমৱৰ্ক কৰি আহিব লাগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in