মণিপুৰ ছে' আয়ি সমাছাৰহৌ, দেশ কি চ'কীদাৰজী...

মণিপুৰ ছে' আয়ি সমাছাৰহৌ, দেশ কি চ'কীদাৰজী...
মণিপুৰ ছে' আয়ি সমাছাৰহৌ, দেশ কি চ'কীদাৰজী...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

''মণিপুৰ ছে' আয়ি সমাছাৰহৌ দেশ কি চ'কীদাৰজী/ চাহেৱ কৰে'লে' আমেৰিকা কি দৌড়া/ দেশ কাহে চ'টেলা ব্যৱহাৰহৌ/ দেশ কি চ'কীদাৰজী/ মন কি বাত না মণিপুৰ কি বাত কৰৌ/ বাইডেন ছে না চি এম চে মোলাকত কৰৌ/ কাহৌ এইছে চলাইবো চৰকাৰহৌ/ দেশ কি চ'কীদাৰহৌ/ দেশ ,বিদেশ মে' ঘোম মে'কে আগে/ আপন দেশকে' সমস্যাছে ভাগে'/ এইছন চাহেৱ কা নাহি দৰকাৰহৌ/ দেশ কি চ'কীদাৰজী...।'' এই কথাখিনিৰ অৰ্থ ছাগৈ বুজি পাইছে।

এটা গীতৰ কথা এইখিনি। ২৫ বছৰীয়া এগৰাকী লোকসংগীতৰ শিল্পীয়ে গোৱা গীত এইটো। বিহাৰত ভোজপুৰী লোকশিল্পী নেহা সিং ৰাথোড়়ো ৰৈ থাকিব নোৱাৰিলে। মণিপুৰৰ দুৰ্দশা দেখি এনেকৈয়ে গীত জুৰিলে নেহা সিঙে।

অশান্ত মণিপুৰৰ এনেকুৱা অনেক কথা পোহৰলৈ আহিছে যদিও বহু কথা এতিয়াও গোপন হৈয়ে আছে। বধ্যভূমি মণিপুৰৰ কিমানৰ চকুত দুখৰ চকুপানী শুকাইছে তাৰ হিচাপ ৰাখিবলৈ আজিনো কোন আছে?

কাজপথতত মহিলাক বিব্ৰস্ত কৰি সমদলেৰে সভ্যতাৰ নিৰ্মম ইতিহাস লেখিছে এচামে। আৰু সেই দৃশ্যৰ সাক্ষী হোৱাৰ দোষত দোষী হৈ ৰৈছো আমি। হ'ব পাৰে সেই দৃশ্য পুৰণি। কিন্তু এয়াই যে অশান্ত মণিপুৰৰ ভয়াৱহ কাহিনী।

কুকি আৰু মেইটেইৰ মাজত সংঘটিত সংঘৰ্ষৰ একোখন জীয়া ছবি। পেৰেড কৰি অনা দুই মহিলাৰ আৰ্তনাদ দিল্লীয়ে শুনা নাই, নুশুনিবও চাগৈ কিজানি। হঠাৎ সামাজিক মাধ্যমত ভাইৰেল হোৱা এইবোৰ দৃশ্যই পুনৰ মণিপুৰক জ্বলাই তুলিব পাৰে।

সেই সতৰ্কতা আৰু সচেতনতাৰ প্ৰয়োজন এতিয়া। কিন্তু এই বাস্তৱক অস্বীকাৰ কৰানো যায় কেনেকৈ? নৰেন্দ্ৰ মোডী, অমিত শ্বাহ এতিয়াও গভীৰ নিদ্ৰাত। ইমান হুলস্থুলেও তেওঁলোকৰ নিদ্ৰা ভাঙিব পৰা নাই। অথচ তেজে মণিপুৰত কৰাল মাৰিছে।

এইবোৰ ঘটনাত থাকিব পাৰে ৰাজনীতি, থাকিব পাৰে সাম্প্ৰদায়িকতা , ধৰ্মীয় আগ্ৰাসন আৰু খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰসংগ। সেই সমস্যাৰ সমাধান সংঘাতে আনি দিব নোৱাৰে। মানুহক অমানুহ কৰি পেলোৱা হৈছে তাত।

উন্মাদনা আৰু অস্ত্ৰৰ ঝনঝননিয়ে মৃত্যু আৰু অবিশ্বাসৰ প্ৰেক্ষাপট ৰচিছে। সেই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাগে। এই কথা বুজা, ইয়াৰ বাবে উদ্যোগ লোৱা মানুহৰ অভাৱ। সংস্কাৰী বুলি নাম থকা মণিপুৰীবাসীৰ মাজত কোনে সিঁচি দিলে বিভেদৰ বীজ?

বিশ্বগুৰু হ'বলৈ আগবঢ়া এখন দেশৰ, এখন প্ৰদেশৰ ঘটনা এইবোৰ। ধৃতৰাষ্ট্ৰৰ দৰে দিল্লীত চকুত ক'লা কাপোৰ বান্ধি তেওঁলোক দেখিও নেদেখাৰ ভাও জুৰি আছে। তেওঁলোকৰ বাবে মণিপুৰৰ মানুহৰ জীৱনৰ মূল্য গৌণ।

ভাৰতীয় হৈয়ো ভাৰতৰ আন নাগৰিকক দিয়া নিৰাপত্তাৰ পৰা মণিপুৰবাসী বঞ্চিত। সেই দায়ৱদ্ধতা দিল্লী নহয় কাৰ? কিমান সম্পত্তি, কিমাণ মানুহৰ প্ৰাণ যোৱা কেইটা দিনত গ'ল সেই তথ্য দিল্লীয়ে নিতৌ পাই আছে।

মৃত্যু হোৱা লোকৰ সংখ্যা নিশ্চয় গণি গণি ২০০ ৰ পাৰ কৰিছে। কেৱল ইণ্টাৰনেট বন্ধ কৰি সেই অবাঞ্চিত ঘটনা ঢাকি ৰাখিবলৈ কৰা চেষ্টাই মণিপুৰৰ সংঘাতৰ সমাধান হ'ব পাৰেনেকি?

ভুল বুজাবুজি আঁতৰ কৰিবলৈ কিয় পদক্ষেপ লোৱা নাই? ৩ মে' ২০২৩ ৰ পৰা এতিয়ালৈকে ৩ মাহৰো বেছি সময় জানো কম সময়? আমেৰিকা ফ্ৰাঞ্চ ঘূৰিবলৈ আজৰি পোৱাসকলে মণিপুৰলৈ আহিবলৈ সময় পোৱা নাই।

মণিপুৰত উাশহ , নিশাহত এতিয়া আটংকৰ নৈ বৈছে। বিপদৰ সময়ত আস্থা আৰু বিশ্বাসৰ এষাৰ মাত দিবলৈ প্ৰধানমন্ত্ৰীৰ ইচ্ছাৰ অভাৱ ঘটিছে। অথচ আমেৰিকাই ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা মণিপুৰৰ যন্ত্ৰণা উপলব্ধি কৰিছে।

নিঃসহায় মানুহবোৰক দেখি নিউয়ৰ্কৰো চকুপানী উলাইছে। ভাৰতে বিচাৰিলে মানৱতাৰ স্বাৰ্থত মণিপুৰত সহায় কৰিবলৈ সাজু বুলি আমেৰিকাই কৈছে। কিন্তু দিল্লী মৌন। নীৰৱ উত্তৰ পূৱৰ বহু বিদ্বান সমাজ।

ক'তনো হৈছে সংঘটিত প্ৰতিবাদ? দিল্লীয়ে এলাগী আৰু অৱজ্ঞা কৰাৰ বিৰুদ্ধে গৰজি উঠা নাই কোনো। প্ৰতিবাদৰ নামত নিয়মমাফিক ধৰ্না। তাৰ পাছত এখন স্মাৰক পত্ৰ। নতুবা কোনো প্ৰতিনিধি দলৰ দিল্লী যাত্ৰা? সাক্ষাত , দাবীতেই সকলো শেষ।

ৰাজনৈতিক পংগুত্বই দিশহাৰা কৰা সময় এয়া। মণিপুৰত ক্ষমতাৰ স্বাৰ্থত প্ৰতিশ্ৰুতি দিয়াসকল ফ্ৰেংষ্টাইন হৈ পৰিছে নেকি? ক্ষমতা পাবলৈ বহু কৰিব পৰা সকলে শান্তি ঘূৰাই আনিবলৈ একো কৰিব বিচৰা নাই।

আছে জানো মণিপুৰত চৰকাৰ, আছে জানো প্ৰশাসন? মুখ্যমন্ত্ৰীয়ে কেৱল দুখ প্ৰকাশ কৰে। দিল্লীয়ে উদিগ্ন বুলি টুপাই বুৰ মাৰে। তেনে প্ৰেক্ষাপটত বিশ্বাসৰ এক পৰিৱেশ তৈয়াৰ কৰাৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন উঠিছে।

সংবাদ মাধ্যমৰ ভূমিকাক লৈয়ো সমালোচনা হৈছে। মণিপুৰৰ হিংসাৰ জুই মূল সংবাদ মাধ্যমৰ কেমেৰাই হয়তো ঢুকি পোৱা নাই। নতুবা অদৃশ্যজনৰ নিৰ্দেশত কেমেৰাৰ লেঞ্চৰ পৰ্দা মণিপুৰৰ ফালে ঘূৰা নাই।

কি হ'ব মণিপুৰৰ? কোনেও নাজানে। চকুৰ সন্মুখত ঘটি আছে সকলো। অস্থিৰ মণিপুৰৰ ভাগ্য এতিয়া সময়ৰ হাতত। সভ্য মানুহৰ নিৰ্লজ্জ ইতিহাসৰ বহু অধ্যায় ইতিমধ্যে লিখা হৈছে মণিপুৰত। তাৰ পাছতো ভ্ৰুক্ষেপ নাই দিল্লীৰ। চৰকাৰৰ এই নীৰৱতা দেখি উচ্চতম ন্যায়ালয়ে ক'বলগীয়া হ'ল- চৰকাৰে ব্যৱস্থা নল'লে আমি ল'ম।

মণিপুৰ ছে' আয়ি সমাছাৰহৌ, দেশ কি চ'কীদাৰজী...
এতিয়াও জলমগ্ন কাজিৰঙাৰ প্ৰায় ৫০ শতাংশ বনাঞ্চল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in