অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ...

অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ...
অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ...
Published on
Updated on

মৃদুল কুমাৰ সন্দিকৈ

ভাত কিহেৰে খাব ? সেই চিন্তা অন্ততঃ গাঁৱৰ মানুহে বৰ বেছি কৰিবলগীয়া নহৈছিল। থাউকতে পোৱা বহু থলুৱা ব্যঞ্জণ অসমীয়া মানুহে ইমান সুন্দৰভাৱে ৰন্ধন প্ৰকৰণ কৰি খাই তাৰ স্বাদ জীভাত লাগি যায়।

পত্নীয়ে অৱশ্যে স্বামী বা ঘৰৰ মুৰব্বীক সোধে কি ৰান্ধিব ? বহু দিনৰ পূৰ্বে অসমীয়া গ্ৰাম্য সমাজত লাভ কৰা এক অভিজ্ঞতা আছিল পত্নীয়ে স্বামীক সুধিছে আজি আপোনাক দাইলত দিম নে, পুৰিম ? স্বাভাৱিকতে পত্নীৰ এই প্ৰশ্ন শুনাজন অবাক হ'ব। কি কথা সুধিছে বুলি দহবাৰ ভাবিব।

গ্ৰাম্য সমাজত এটা অলিখিত নিয়ম আছিল। স্বামীৰ নাম পত্নীয়ে মুখত নলয়। আগতে মানুহবোৰৰ নামবোৰো তেওঁৰ স্বভাৱ-চৰিত্ৰৰ সৈতে মিলাকৈ মানুহে দিছিল। কঠাঁলগুটি খাই ভাল পোৱাৰ বাবে মানুহে তেওঁক কঠাঁলগুটি বুলিয়েই মাতিছিল। সেয়েহে পত্নীয়ে স্বামীৰ এই নাম নলৈ কঠাঁলগুটি দাইলত দিব নে, পুৰি পিটিকা বনাব এই কথা এনেদৰে সুধিছিল।

মাষ্টাৰ ছেফৰ ছিজনত ৭ নম্বৰ সংস্কৰণত অসমৰ দুজন প্ৰতিনিধিয়ে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিলে। খাদ্য প্ৰস্তুত কৰা এই ৰিয়েলিটি শ্ব'ত চূড়ান্ত খণ্ডটোত তেওঁলোকে ৰান্ধিছিল থলুৱা অসমীয়া খাদ্য। সেই খাদ্য খাই এই প্ৰতিযোগিতাখনত বিচাৰকৰ আসনত থকা দেশৰ তথা বিশ্বৰে পৰিচিত ছেফসকলে কৈ গ'ল অসমীয়া খাদ্য কিমান সুস্বাদ্য।

ছেফ ৰণবীৰে নয়নজ্যোতি শইকীয়া আৰু শান্তা শৰ্মাক উদ্দেশ্যি ক'লে "ইছ কিটছেন মে' আয়া থা ভাৰত, ৰেহগয়া আছাম।" এই কথাই প্ৰমাণ কৰিলে যে, উপযুক্তভাৱে অসমীয়া খাদ্যক উপস্থাপন কৰিলে সেই খাদ্যই সমগ্ৰ বিশ্বজুৰি আদৰ বুটলিব।

সমগ্ৰ দেশৰ পৰাই এই প্ৰতিযোগিতাত ভালে কেইগৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল। কিন্তু শেষ হাঁহি মাৰিলে নয়নজ্যোতি শইকীয়া নামৰ অসমৰ যুৱকজনে। দ্বিতীয় ৰানাৰ্ছ আপ হ'ল অসমৰে শান্তা শৰ্মা।

ছেফ বিকাশ, ছেফ গৰিমা, ছেফ ৰণবীৰ এই তিনিজন বিচাৰক উপৰিও অতিথি বিচাৰক ৰূপে তেওঁলোকে প্ৰস্তুত কৰা খাদ্যৰ জুঁতি লৈছিল তাৰকা ছেফ সঞ্জীৱ কাপুৰে। মাষ্টাৰ ছেফৰ চূড়ান্ত খণ্ডত নয়নজ্যোতিয়ে ষ্টাৰ্টাৰ হিচাপে তৈয়াৰ কৰিছিল কেঁকোৰাৰ চাটনি। এয়া আছিল তেওঁৰ ইন'ভেশ্যন।

নাৰিকলৰ সৈতে নিজস্ব ধৰণে সেই ষ্টাৰ্টাৰ তেওঁ প্ৰস্তুত কৰিছিল। তাৰ পাছত হাঁহ, কোমোৰাৰে ৰন্ধা খাদ্য খাই সন্তুষ্ট হৈছিল বিচাৰকৰসকল। লগতে আছিল বিশেষভাৱে প্ৰস্তুত কৰা কে'ক।

নগাঁৱৰ জীয়ৰী শান্তা শৰ্মাই পঁইতা ভাত, মাছৰ পিটিকা, কঠাঁলগুটিৰ পিটিকা, বিলাহী পোৰা আদি অসমীয়া খাদ্য বিচাৰকৰ বিচাৰৰ বাবে আগবঢ়াই দিছিল। লগতে আছিল আমাৰ আদৰৰ কেটলি পিঠা।

এয়া আমাৰ বাবে কম প্ৰাপ্তিৰ কথা নহয়। আমি আমাৰ খাদ্যক লৈ সাধাৰণতে হীনমান্যতাত ভোগো। আমাৰ থলুৱা খাদ্যবোৰক আমিয়েই এলাগী কৰি থওঁ। অসমীয়া মানুহৰ খাদ্যভ্যাস অতি বিজ্ঞানসন্মত আৰু সুস্বাস্থ্যকৰ। ন্যূনতম মছলা ব্যৱহাৰ , সুগন্ধিযুক্ত পাট লতিকাৰ ব্যৱহাৰ, সেউজীয়া শাক, টেঙা খাৰ আদি আমাৰ খাদ্যৰ মূল উপপাদ্য।

প্ৰাকৃতিকভাৱে প্ৰস্তুত হোৱা এই খাদ্যবোৰ সঠিক উপস্থাপন কৰিব নজনাৰ বাবেই ইয়াৰ এখন বৃহৎ বজাৰ থকাৰ পাছতো এই বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাই। চাউলৰ পৰাই আমি বহুবোৰ খাদ্য সামগ্ৰী তৈয়াৰ কৰো।

নানা প্ৰকাৰৰ চাউল অসমত অসমীয়াই খাদ্য হিচাপে ব্যৱহাৰ কৰে। অসমৰ জহা চাউল বিশ্বৰে বিখ্যাত। উখুৱা চাউলৰ আদৰ সৰ্বত্ৰে আছে। বিহু বা উৎসৱৰ বতৰত প্ৰস্তুত কৰা চিৰা, সান্দহ, আখৈ, হুৰুম আদি অতিথিক আপ্যায়নৰ বাবে অসমীয়া সমাজত ব্যৱহাৰ হয়।

ইয়াৰ উপৰিও চাউলৰ গুড়িৰে তৈয়াৰ কৰা পিঠাপনা আছেই। চাউলৰ পৰাই প্ৰস্তুত কৰা হয় পানীয়। পঁইতা ভাত অসমীয়া মানুহৰ অন্যতম প্ৰিয় খাদ্য। এই পঁইতা ভাত প্ৰস্তুত কৰাৰ প্ৰণালী অতি সহজ আৰু ই সুস্বাস্থ্যকৰ।

অসমত মাছ উভৈনদী। পুঠি, বৰলীয়া, মোৱা, লাছন, কাৱৈ, দৰিকণা, ৰৌ, বাহু, চিতল, কুঁহী আদি মাছ অসমত পোৱা যায়। অসমীয়া মানুহে বিভিন্ন শাক-পাচলিৰ সৈতে মাছৰ জোল, ঢেঁকীয়া, ঔ টেঙাৰে মাছ, মাছৰ পোৰা, মাছৰ সিদ্ধ, শুকান মাছ, মাছৰ পেটু ভজা, মাছৰ পাতত দিয়া আদি প্ৰস্তুত কৰে।

হাঁহৰ মাংস অসমত অতি জনপ্ৰিয়। ঠিক একেদৰে গাহৰি বিভিন্ন জনগোষ্ঠীসকলৰ প্ৰিয় খাদ্য। পাৰৰ মাংস অসমীয়াই খাই কলদিলৰ সৈতে। অসমীয়াসকলে খাদ্য হিচাপে ব্যৱহাৰ কৰা মাটিকাদুৰি, মানিমুনি, ভেদাই লতা, খুটুৰা, বনজালুক, বাবৰি, মচুন্দৰি আদি অতি ঔষধি গুণ সমৃদ্ধ।

একেদৰে অসমত সুলভ পাচলিসমূহৰ ভিতৰত কচু, কোমোৰা, ভাত কেৰেলা, ৰঙালাও, বেঙেনাৰে বিভিন্নধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰে। অসমীয়ালোকে বৰ বেছি মছলা ভাল নাপায়। মছলাৰ ভিতৰত আদা, ধনীয়া, পিয়াঁজ, নহৰু, কেচাঁ জলকীয়া, তেজপাত, মান ধনীয়া আদিয়েই অসমীয়া ব্যঞ্জন বনাবলৈ যথেষ্ট।

তৰাপাত দি অসমীয়া মানুহে প্ৰস্তুত কৰে টোপোলা ভাত। কলপাতেৰে মেৰিয়াই প্ৰস্তুত কৰে পাতত দিয়া মাছ। ইয়াৰ এক নিজস্ব সুগন্ধ আছে। পছলা গ্ৰাম্য সমাজৰ উপৰিও চহৰত বাস কৰা লোকেও খাবলৈ লৈছে।

কলৰ বাকলিৰে প্ৰস্তুত কৰা হয় খাৰ। কল বাকলি আৰু মধুনা পুৰি তৈয়াৰ কৰা খাৰৰে প্ৰস্তুত কৰা মাটিমাহৰ আঞ্জাৰ সোৱাদ কোনে পাহৰিব পাৰে ? সাধাৰণতে অসমীয়া মানুহে ঔ টেঙা আৰু ঢেকীয়াৰে মাছ, শ'ল মাছ আৰু মূলা, ঔ টেঙা আৰু খাৰেৰে মাটিমাহ, বাঁহ গাজৰে মাছৰ জোল, লাই শাকৰ লগত কুকুৰাৰ মাংস, সান্দহ গুড়িৰ লগত কুকুৰা মাংস, কলপছলাৰ লগত মাছৰ মূৰৰ ভাজি, পাটি হাঁহ কোমোৰা, তিলেৰে কুকুৰাৰ মঙহ, বাবৰি শাকেৰে কণী ভজা, ভেদাই লতা আৰু নৰসিংহৰে মাছৰ জোল, অমিতাৰ খাৰ আদি ৰান্ধে।

খাৰলি, কাহুদি, পানী টেঙা, বিবিধ ধৰণৰ পিটিকাৰ কথা ক'বই নালাগে। এয়া অসমীয়া খাদ্যৰ কিছু উদাহৰণ। আহাৰ গ্ৰহণ কৰাৰ পাছত অসমীয়া মানুহৰ মুহুদি আন এক খাদ্যভ্যাসৰে অংগ। তামোল-পাণেৰে মুখশুদ্ধি কৰাতো অসমীয়া লোকৰ পুৰণি অভ্যাস। তামোলৰ লগত থাকে চূণ, ধপাত, পাণ আদি।

বহুতেই তামোলৰ লগত কৌফুল খায়। তামোল নোখোৱাসকলৰ বাবে লং, আমলখি, শুকান আদি আছেই। এইবোৰ অসমীয়া খাদ্যকে নয়নজ্যোতিয়ে ৰাষ্ট্ৰীয় মঞ্চৰ জৰিয়তে বিশ্বমুখী হোৱাৰ বাট মুকলি কৰি দিলে।

তিনিচুকীয়াৰ গোবিন্দপুৰৰ অৰূপ শইকীয়াৰ পুত্ৰ নয়নজ্যোতি শইকীয়া। সৰুৰে পৰা তেওঁৰ খাদ্য প্ৰস্তুত কৰাত ৰাপ আছিল। ইনষ্টাগ্ৰামত নয়নজ্যোতিয়ে তেওঁ প্ৰস্তুত কৰা খাদ্যৰ ফটো সাচি ৰাখিছিল। তাৰ পৰাই আৰম্ভ হৈছিল নয়নজ্যোতিৰ সেই যাত্ৰা।

মাষ্টাৰ ছেফ ছেভেনৰ অন্যতম বিচাৰক বিকাশ খান্নাই নয়নজ্যোতিৰ ইনষ্টাগ্ৰামৰ সেই ফটো দেখি তিনিচুকীয়া ওলাইছিলহি। গৈছিল নয়নজ্যোতিৰ ঘৰলৈ। দেউতাকে বিচাৰিছিল নয়নজ্যোতিয়ে এইবোৰ কৰাতকৈ ঘৰৰ চাহ বাগানখনতেই মন দিয়ক।

ৰন্ধন প্ৰকৰণ কৰিয়েই নয়নজ্যোতিয়ে যে এনে সফলতা লভিব সেয়া পৰিয়ালৰলোকে কল্পনা কৰা নাছিল। পিতৃ অৰূপ জ্যোতিক বিকাশ খান্নাই বহু অনুৰোধ কৰাৰ পাছত নয়নজ্যোতিয়ে এই প্ৰতিযোগিতাত অংশ ল'লে। খিতাপ জিনিলে।

এয়া অসমীয়া জাতিৰ বাবেই গৌৰৱৰ সময়। অসমীয়া খাদ্যৰ বাবে এক ঐতিহাসিক দিন। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া খাদ্যক নয়নজ্যোতি আৰু শান্তাই প্ৰতিষ্ঠা কৰি থৈ আহিলে। সহজ ভাষাত আমাৰ খানা দেশৰে শ্ৰেষ্ঠ। এতিয়া সেই বাটেৰে আগবাঢ়ি অসমীয়া থলুৱা খাদ্য অভ্যাসক প্ৰতিষ্ঠা আৰু প্ৰসাৰ কৰাৰ দায়িত্ব আমাৰ।

অসমীয়া খাদ্য দেশৰে শ্ৰেষ্ঠ...
আজিৰে পৰা বাঢ়িল ঔষধ, সোণ, ৰূপ, বাহনপ মূল্যঃ কমিল কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in