- মৃদুল কুমাৰ সন্দিকৈ
অসমৰ বাহিৰত থকা এজন ব্যক্তিয়ে লিখিছিল নিজৰ অভিজ্ঞতা। কণমানি পুত্ৰক তেওঁ লৈ গৈছিল এখন বিদ্যালয়লৈ। উদ্দেশ্য- বিদ্যালয়খনত শিক্ষাদানৰ বাবে ল'ৰাটোক নামভৰ্তি কৰাব। সম্ভৱ ইংৰাজী মাধ্যমৰ আছিল বিদ্যালয়খন।
অভিভাৱকগৰাকীক বিদ্যালয়খনৰ শিক্ষকে দিয়া পৰামৰ্শৰ কথা তেওঁ লিখিছিল এই লেখাটোত। পুত্ৰক প্ৰথমে ইংৰাজী বা হিন্দীৰ সলনি মাতৃভাষাত সকলো বস্ত চিনাকি কৰাই দিবলৈ পৰামৰ্শ দিছিল শিক্ষকগৰাকীয়ে। লগতে কৈছিল- মাতৃভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো অতিকৈ আৱশ্যক।
অসমীয়া আমাৰ মাতৃভাষা। বহু অসমীয়া আছে, যিসকলে নিজৰ ল'ৰা-ছোৱালীক মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়াত আগ্ৰহী নহয়। সন্তানে অসমীয়া ভাষা ক'ব নোৱাৰাটো তেওঁলোকৰ বাবে এক গৌৰৱৰ বিষয়।
উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে ২০১৯ বৰ্ষত গুৱাহাটী গ্ৰন্থমেলাত অংশ ল'বলৈ আহি মাতৃভাষাৰ প্ৰয়োজনীয়তা আৰু ইয়াক গুৰুত্ব কিয় দিব লাগে, সেই সন্দৰ্ভত দিয়া ভাষণে বহুতৰে চকু মেল খুৱাই দিছিল। যি ভাষাত আমি কথা পাতো, মনোভাৱ প্ৰকাশ কৰো, চৌপাশক বুজি উঠিবলৈ যত্ন কৰো আৰু সপোন দেখো, সেই ভাষাক আওকান কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে।
অসমীয়া ভাষাৰ প্ৰতি সংকট উদয় হৈছে বুলি চৰ্চা চলি আহিছে। শেহতীয়াকৈ প্ৰকাশিত এক সমীক্ষাত বিশ্বৰ ১০০ বহুল কথিত ভাষাৰ ভিতৰত অসমীয়া ভাষাই ৭৫ সংখ্যক স্থান অধিকাৰ কৰিছে। কিন্তু এয়া সন্তুষ্টিৰ কাৰণ নহয়। লাহে লাহে সংকুচিত হৈ আহিছে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা।
ইংৰাজী মাধ্যমৰ প্ৰসাৰ দ্ৰুতগতিত হৈছে। সেই অনুসৰি অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি আহিছে। এনে এক দিন আছিল World Almanac- 93, মনোৰমা ইয়েৰ বুক- ৯৪ আদিৰ তথ্যত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যাৰ স্থান দেশৰ ভিতৰত আছিল দ্বাদশ সংখ্যক।
কিমান মানুহে ভাষাটো কৈছে, তাতোকৈ গুৰুত্বপূৰ্ণ এই ভাষাত কি ধৰণে চৰ্চা আৰু সাহিত্য সৃষ্টি হৈছে। ভাষা এটা গতিশীল। সেয়েহে ভাষাটোৰ সমৃদ্ধি নিৰ্ভৰ কৰে তেনে ভাষা-ভাষী লোকসকলৰ ভাষাটোৰ প্ৰতি থকা আন্তৰিকতা আৰু মানসিকতাৰ ওপৰত।
বিশ্বৰ এক উল্লেখযোগ্য ভাষা হ'ল- আইচলেণ্ডিক। এই ভাষা কোৱা লোকৰ সংখ্যা ৩ লাখৰো কম আছিল। কিন্তু সেই ভাষাতে সাহিত্য চৰ্চা কৰি লেক্সনেছে নবেল বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। এদিন সংস্কৃত ভাষা বিশ্বৰ ভিতৰতে আগশাৰীৰ ভাষাৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল। কিন্তু এই ভাষা কোৱা লোকসকলৰ মাজত এনে কিছু ৰক্ষণশীল মনোভাৱ আছিল, যাৰ বাবে হাজাৰ হাজাৰ বছৰ ধৰি বেদ, উপনিষদত ব্যৱহাৰ কৰা এই ভাষা কিছু নিৰ্দিষ্ট সংখ্যক লোকৰ মাজতে সীমাবদ্ধ হৈ পৰিছিল।
কেৱল সাংবিধানিক ৰক্ষাকৱচ, চৰকাৰী নীতিয়ে ভাষা এটাক স্থায়িত্ব দিব নোৱাৰে। কিয়নো ভাষা কোনো সামগ্ৰী নহয় যে ইয়াক সংৰক্ষণ কৰি থলেই স্থায়িত্ব লাভ কৰিব। বিশ্বৰ ভিতৰত আগশাৰীৰ ভাষা ৰূপে ইংৰাজী ভাষাই যি উদাৰতাৰে আন ভাষাক আঁকোৱালি লয়, সেই উদাৰতা আন ভাষাবোৰে দেখুৱাব নোৱাৰিলে ইয়াৰ ক্ষেত্ৰ সংকুচিত হৈ অহাটোৱেই স্বাভাৱিক।
১৩শ শতিকালৈকে উৰিষ্যা, বিহাৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈকে এই অঞ্চলটোত মূল ভাষা আছিল ব্ৰজাৱলী। কালক্ৰমত অঞ্চল ভেদে ভৌগলিক পৰিৱেশ, থলুৱা ভাষাৰ সৈতে সংমিশ্ৰণ হৈ অসমীয়া, বঙালী, ভোজপুৰী, উড়িয়া আদি ভাষাৰ সৃষ্টি হ'ল।
অসমীয়া ভাষাৰ ভেটি মূলতঃ ব্ৰজাৱলী হ'লেও আষ্ট্ৰিক আৰু মংগোলীয় লোকসকলৰ প্ৰভাৱ ইয়াত পৰিল। অসমীয়া ভাষাতকৈ ছুইডিছ, বুলগেৰিয়ান, সিন্ধি, হিব্ৰু আদি ভাষা কোৱা লোকৰ সংখ্যা কম। কিন্তু সমৃদ্ধশীল সাহিত্য সৃষ্টিত এইবোৰ ভাষাৰ নাম সদায় ওপৰত।
অসমীয়া ভাষাতো যে বিশ্বখ্যাতি অৰ্জন কৰিব পৰা মৌলিক সাহিত্যৰ সৃষ্টি হ'ব পাৰে, সেই আত্মবিশ্বাস এতিয়াও গঢ় লৈ উঠা নাই। এক সংশয়ৰ মাজেৰে অসমীয়া ভাষাই, অসমীয়া জাতিয়ে আগবাঢ়িব লগা হোৱাৰ কাৰণ মূলতঃ ৰাজনৈতিক।
যি সময়ত গ্ৰীক ভাষাই বিশ্বৰ চিন্তা আৰু দৰ্শনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ মৌলিক চিন্তাৰ সমাহাৰ ঘটাইছিল, সেই সময়ত গ্ৰীক ভাষা কোৱা লোকৰ সংখ্যা বৰ বেছি নাছিল। অসমত ১৯৩১ চনত অসমীয়া ভাষী লোকৰ সংখ্যা ১৯,৮৪,০০০ জন আছিল। সেই সময়ত ৰাজ্যখনৰ মুঠ জনসংখ্যা আছিল ৫৫,৬৩,০০০ জন।
অবৈধ প্ৰৱজন, আন আন ৰাজনৈতিক কাৰণত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে। এসময়ত এনেদৰে ভৱা হৈছিল যে, শ্ৰীহট্ট জিলাখন অসমৰ পৰা আঁতৰালে অসমীয়া ভাষাৰ প্ৰতি থকা প্ৰত্যাহ্বান নাইকীয়া হ'ব।
বৃটিছ অহাৰ পাছৰ পৰাই ৰাজ্যৰ প্ৰায়োবোৰ অধিবাসী লোকক অসমীয়া ৰূপে গণ্য কৰা হৈছিল। সেই অসমীয়াৰ মাজতে লুকাই আছিল বড়ো, আহোম, ৰাভা, মিচিং, কাৰ্বি, চুতিয়া, বঙালী, ব্ৰাহ্মণ আদি লোক। কিন্তু পৰ্যায়ক্ৰমে সেই লোকসকলৰ মাজত সৃষ্টি হোৱা স্ব অধিকাৰৰ প্ৰশ্নত অসমীয়া ভাষা আৰু অসমীয়াৰ ভেটিত ঘূণে ধৰিবলৈ ধৰে।
সকলোৱে বিচাৰে এখন সমৃদ্ধশালী অসম। সেই অসম গঢ়িবলৈ চেষ্টাও কৰা হৈছে। কিন্তু জাতি সত্বা আৰু ভৌগলিক তথা জনগাঁথনিৰ বাবেই তেনে এক বাস্তৱসন্মত অসমীয়া জাতি তথা শক্তিশালী অসমীয়া ভাষা গঠন কৰাটো সম্ভৱ হোৱা নাই। ইয়াৰ বিপৰীতে অসমীয়া লোকৰ মাজলৈ অহা প্ৰত্যাহ্বান, সংশয়ে অসমীয়াৰ ধাৰণাকে এতিয়া দূৰলৈ ঠেলি দিছে।
আবেগেৰে এখন সমাজ, এটা জাতি গঢ়াটো সম্ভৱ নহয়। এই জাতি আৰু সমাজ গঢ়িবলৈ যি দৃঢ় মানসিকতা আৰু জাতি প্ৰেমৰ প্ৰয়োজন, সেয়া সঠিক ৰূপত নেতৃত্ব দিব পৰা এক আন্দোলন আজিও গঢ়লৈ নুঠিল। উগ্ৰ জাতীয়তাবাদ, সংকীৰ্ণ আবেগিক সিদ্ধান্তই অসমীয়া জাতিক কি ধৰণে ধ্বংস মুখলৈ ঠেলি দিলে, তাৰ ইতিমধ্যে উমান পোৱা গৈছে।
জাতীয়তাবাদক এচামে আবেগ আৰু স্বাৰ্থ সিদ্ধিৰ উৎসৰূপে ব্যৱহাৰ কৰিছে। সমাজতাত্বিক চিন্তা চৰ্চাৰে জাতিটোক আগুৱাই নিয়াৰ সলনি ৰাজনৈতিক দৰ্শনৰ মাজেৰে জাতীয়তাবাদৰ ভেটি নিৰ্মাণ কৰিব খোজাটোৱেই আছিল অসমৰ বাবে দুৰ্ভাগ্যজনক।
অসমৰ মানুহৰ আত্ম সমালোচনাৰ প্ৰয়োজন। অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি খিলঞ্জীয়া লোকৰ আগ্ৰহ এদিন আছিল। কিন্তু সেই আগ্ৰহক দুৰ্বলতাৰূপে গণ্য কৰি ক্ষীণ মানসিকতাৰে তেওঁলোকৰ প্ৰতি কৰা আচৰণ অসমীয়া জাতি গঠন বা ভাষা বিকাশত প্ৰতিবন্ধকতা ৰূপে থিয় দিলে।
অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা। অসমীয়া ভাষাৰ বিকাশৰ সন্দৰ্ভত মুঠ ৬টা মত পোৱা যায়। তাৰ ভিতৰত কালিৰাম মেধিৰ প্ৰাচ্য-পশ্চিমাৰ সংমিশ্ৰণ, কনকলাল বৰুৱাৰ পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, ড০ বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ আৰু বিশ্বেশ্বৰ হাজৰিকাৰ কামৰূপী প্ৰাকৃত উল্লেখযোগ্য।
এই ক্ষেত্ৰত এতিয়ালৈকে ভাষাবিদ সকল একমত হ'ব পৰা নাই যদিও ড০ উপেন্দ্ৰনাথ গোস্বামী, ড০ গোলক চন্দ্ৰ গোস্বামী, ড০ মহেশ্বৰ নেওগ, ড০ বাণীকান্ত কাকতি আদি মতে মাগধী প্ৰাকৃত মতেই অধিক সংখ্যক লোকে গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ মতে, এই ভাষাৰ প্ৰধান সূঁতি আৰ্য ভাষা।
মাতৃভাষাৰ প্ৰতি আমি কিমান সচেতন আৰু আমাৰ ভাষাত কেনে ধৰণৰ মৌলিকতা আছে, সেই বিস্তাৰ আৰু সাহিত্যৰ মূল্যায়ণ অতিকৈ প্ৰয়োজন। কেৱল অসমীয়া ভাষী লোকৰ সংখ্যা বৃদ্ধি পালেই অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা নহয়। একেদৰে কেৱল উন্নতমানৰ সাহিত্য সৃষ্টিয়েও এই ভাষাক অনন্ত কালৰ বাবে সুৰক্ষিত কৰিব নোৱাৰে। দুয়োটাই দুয়োটাৰ পৰিপূৰক।
বিশ্ব মাতৃভাষা দিৱসত প্ৰতিজন অসমীয়া ভাষী লোকে সেই উপলব্ধিৰে ভাষাটোক আগুৱাই লৈ যোৱাৰ বাবে দায়বদ্ধ হোৱাটো প্ৰয়োজন। তথ্য আৰু প্ৰযুক্তিৰ যুগত অসমীয়া ভাষাৰ বিকাশৰ বাবে কৰণীয় যথেষ্ট আছে। ইণ্টাৰনেটত আজিও অসমীয়া শব্দৰ ব্যৱহাৰৰ এক বিশেষ ভাণ্ডাৰ প্ৰস্তুত হোৱা নাই।
এই দিশত বিশ্বৰ আন ভাষাবোৰে ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। উইকিপেডীয়া বা কম্পিউটাৰত ব্যৱহাৰ কৰিব পৰা সঠিক অসমীয়া লিপি আন ভাষাৰ দৰে এই ভাষাৰ সামগ্ৰিক দিশত কৰণীয় তেনে কিছু কাম কৰাৰ কৰাৰ প্ৰাথমিক প্ৰস্তুতি চলিলেও সেই দিশত কৰিবলগা আৰু বহু আছে।
প্ৰতিজন অসমীয়াৰে আছে অসমীয়া ভাষাৰ প্ৰতি টান। সেই টানক দায়বদ্ধতালৈ সলনি কৰি অসমীয়া ভাষাৰ প্ৰতি সুস্থ প্ৰমূল্যবোধেৰে চিন্তা চেতনাৰ মৌলিক দৃষ্টিভংগীৰ সংযোজন ঘটাব নোৱাৰিলে কেৱল ৰাজপথত আন্দোলন কৰিলেই অসমীয়া ভাষা ৰক্ষা নহয়।
অসমীয়া ভাষা এক সমৃদ্ধশালী ভাষা আছিল। কিন্তু ব্যৱহাৰ নকৰা বাবেই এই ভাষাৰ বহু শব্দ এতিয়া হেৰাই যোৱাৰ পথত। মেজ বুলি ক'লে বহুতেই বুজি নাপায়, কি বুজোৱা হৈছে। তেওঁলোকৰ বাবে ইংৰাজীৰ টেবুল শব্দটোৱেই চিনাকি। ছেমিষ্টাৰ, চাৰ্টিফিকেট, পজিছন, লেকচাৰ, প্ৰেক্টিকেল, কাষ্টমাৰ, নিউজ কভাৰেজ, এছাইনমেণ্ট আদি বহু শব্দ আজিকালি অসমীয়া সদৃশ হৈ পৰিছে।
নতুন প্ৰজন্মই এতিয়া প্ৰায়ে একজাম, এনছাৰ, প্ৰব্লেম, বুক আদি শব্দৰ ব্যৱহাৰ কৰে। তলি ফুটা, ধন কলীয়া, কেঁহকলি, তিৰি, শুচিদুহিতা, ভটাৰী, লেহুকা আদি শব্দৰ ব্যৱহাৰ প্ৰায় নোহোৱা হৈছে। লাহদু শব্দৰ অৰ্থ হয়তো প্ৰায়ভাগ অসমীয়াই আজি নাজানে। এদিন গল্পকাৰ সকলে এই শব্দ ব্যৱহাৰ কৰিছিল। হাল বাই থাকোতে নাঙলৰ ফুটাত ডিলা সুমুওৱা স্থানত জাৱৰৰ দম লাগে। খেতিয়কে নাঙলখন সামান্য দাঙি ভৰিৰে সেই জাৱৰবোৰ গুচাই দিয়াকে লাহদু বুলি কোৱা হয়।
আলপকা শব্দটো এতিয়া অসমীয়া নহয় যেনেই লাগে। যাৰ অৰ্থ আছিল মেৰ ছাগৰ নোমেৰে প্ৰস্তুত কৰা কাপোৰ। বিৰোহৰ অৰ্থ বহুতেই নুবুজিব। যাৰ অৰ্থ হ'ল গামোচাৰ ফুল থকাৰ বিপৰীত ফালটো। আমি প্ৰায়ে আজিকালি ব্যৱহাৰ কৰো বাইলেন। কিন্তু সেই বাই লেনৰো আছে এটা অসমীয়া শব্দ। যাক কোৱা হয় সুৰুকীয়া বাট।
কাৰোবাক ঠাট্টা, ইতিকিং কৰা বুজাবলৈ প্ৰায়ে আমি কওঁ 'ইনচাল্ট' শব্দটো। কিন্তু ইয়াৰ অসমীয়া সমাৰ্থক এটা শব্দ আছিল- বিকুথি। অসমীয়া ভাষাৰ যোজনাত তেনে শব্দ ব্যৱহাৰ কৰা হয়। তলি ফুটা নাও বুজাবলৈ জলদাতৰুণী শব্দ আছিল যদিও সেই শব্দ এতিয়া ব্যৱহাৰেই নহয়।
পকা আমৰ গুটিক এদিন কোৱা হৈছিল আমশুঠি। আমাৰ সমাজ জীৱনৰ পৰা লাহে লাহে হেৰাই গ'ল ঢেঁকী। সেইদৰে ঢেঁকীৰ সৈতে ব্যৱহাৰ কৰা আন সামগ্ৰীসমূহক বুজবলৈ ব্যৱহাৰ কৰা শব্দ এতিয়া প্ৰায়ে ব্যৱহাৰ নহয়। যেনে- ঢেঁকী থোৰা, উখনা মাৰি, গাড়ীশালী, কঁটৰা আদি শব্দ।
মাটিকঁঠাল শব্দৰ স্থান লৈছে এতিয়া আনাৰসে। সুমথিৰাৰ স্থানত ব্যৱহাৰ কৰা হয় অৰেঞ্জ। পৰিবাৰক চিনাকি কৰি দিয়া হয় শ্ৰীমতি বা মিছেছ বুলি। তামাম, জিংগালালা, মস্তি, কি ফাল্টু, ধুৰ, আব্বে, গাড্ডাৰ, জেং আদি কিছু শব্দ সহজলভ্য হৈ পৰিছে। অথচ অসমীয়া ভাষাৰ বহু শুৱলা শব্দ ব্যৱহাৰ নকৰোতে পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। পিয়লা, চুঙা চাকি আদি শব্দৰ ব্যৱহাৰেই নাই।
অসমীয়াত এটা ধুনীয়া শব্দ আছিল 'কেঁকুৰি'। যাৰ ইংৰাজী প্ৰতিশব্দ 'টাৰ্ণিং' আমাৰ মুখত আখৈ ফুটাদি ফুটে। 'হাট' বুলি যে এটা শব্দ আছিল, আমি পাহৰিলো। যাৰ অৰ্থ হ'ল বজাৰ। অজুহাতৰ ঠাইত ব্যৱহাৰ কৰো 'বাহানা'। মটৰ গাড়ীৰ দৰে শব্দও এতিয়া কাচিৎ হে ব্যৱহাৰ হয়। আকাশী জাহাজ শব্দৰ সলনি আমি এৰোপ্লেন ব্যৱহাৰ কৰিবলৈ ভাল পাও। আলোকচিত্ৰৰ ঠাইত ব্যৱাহৰ কৰো ফটো।
কম্পিউটাৰৰো যে এটা প্ৰতিশব্দ আছে, সেই কথা আমি বহুতেই নাজানো। কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ পৰিকলন যন্ত্ৰ। ৰিজাল্ট বুলি ক'লে আমি যিমান বুজো, ফলাফলে যেন সেই অৰ্থ বহন কৰিব নোৱাৰা হৈছে। বজাৰলৈ গৈ আমি থলুৱা মাছৰ পৰিৱৰ্তে বিচাৰো 'লোকেল মাছ'।
আগতে গাঁৱত অনুষ্ঠিত হোৱা সকামত প্ৰায়ে এটা শব্দ শুনিবলৈ পোৱা গৈছিল। এই সকামলৈ অহা ভকতে প্ৰায়ে কয়- সৰু পানী এটোপা চুই আহো। তাৰ অৰ্থ আছিল, তেওঁ প্ৰসাৱ কৰিবলৈ যায়। কিন্তু ইমান শুৱলাভাৱে তেওঁ কয় যে সেয়া বৰ উপভোগ্য হৈ পৰে। একেদৰে বৰপানী, সৰুপানীৰ অৰ্থ এতিয়া বহুতেই নুবুজে। জেং শব্দটো আজি যি অৰ্থত ব্যৱহাৰ কৰা হয়, প্ৰকৃততে সেই শব্দৰ অৰ্থ অসমীয়া ভাষাত তেনে নাছিল। জেওৰাৰ স্থান ল'লে দেৱালে। মূধচ, ধোঁৱা চাং, পানীপতা, নাওৰা, দমকল আদি শব্দৰো প্ৰয়োগ এতিয়া তেনেকৈ নহয়।
হাঁচতি, পদূলি, নঙলা, দলিমৰা, কাণমাৰি, চাকনৈয়া, গৰকা, লেটা, চেৰেকী, টোলোঠা, নাচনী জৰী, মহুৰা আদি শব্দবোৰ এতিয়া ব্যৱহাৰ কৰাৰ অৱকাশ সমাজত নাইকীয়া হৈ পৰিছে। এনেদৰে অসমীয়া ভাষাৰ বহু শব্দ পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। এইবোৰ মাত্ৰ কেইটামান উদাহৰণহে।
মন কৰিবলগা কথা এয়ে যে, নতুন প্ৰজন্মই কিন্তু এনে কিছুমান শব্দ বিচাৰি উলিয়াই বিভিন্ন মাধ্যমত সেইবোৰৰ ব্যৱহাৰ কৰিবলৈ আগবাঢ়িছে। সেই আগ্ৰহক সংগঠিত ৰূপত জনমুখী কৰিব পাৰিলে অসমীয়া ভাষাৰ যি বৈশিষ্ট্য আৰু ভৱিষ্যতৰ প্ৰতি হোৱা সংশয় নিৰাময়ৰ দিশত এক পদক্ষেপ হ'ব বুলি গণ্য কৰিব পাৰি।