- মৃদুল কুমাৰ সন্দিকৈ
এজন প্ৰতিষ্ঠিত সাহিত্যিক । অসমীয়া সমাজ জীৱনলৈ তেখেতৰ অৱদান অভুতপূৰ্ব । এইয়া বহু বছৰৰ আগৰ কথা । এদিন তেওঁৰ ঘৰলৈ আন এজন বিশিষ্ট সাহিত্যিক আহিল । তেতিয়া তেওঁ অসম সাহিত্য সভাৰ সভাপতি । তেওঁৰ কাৰ্যকাল শেষ হও হও ।
দাদা বুলি সম্বোধন কৰা তেওঁতকৈ জ্যেষ্ঠ প্ৰতিষ্ঠিত সাহিত্যিক গৰাকীক অনুৰোধ কৰিলে এইবাৰ তেওঁ সাহিত্য সভাৰ সভাপতিৰ দৌৰত নামিব লাগে । তেওঁৰ দৰে সাহিত্যিকৰ প্ৰয়োজন আছে সাহিত্য সভাত । কোনো দিনেই সাহিত্য সভাৰ সভাপতি হ'ব নিবিচৰা প্ৰতিষ্ঠিত সাহিত্যিক গৰাকীয়ে তেওঁৰ অনুৰোধ প্ৰত্যাখান কৰিলে । ক'লে, "তেওঁ এইবোৰত নাই । "
তেতিয়াৰ সাহিত্য সভাৰ সভাপতি গৰকাীয়ে তেওঁক নেৰিলে । প্ৰতিষ্ঠিত সাহিত্যিক গৰাকী সহধৰ্মিনীয়েও বুজালে ৰাইজে যদি বিচাৰিছে, খোদ সাহিত্য সভাৰ সভাপতি আহি আপোনাৰ সন্মতি বিচাৰিছে, আপুনি সন্মতি নিদিয়েনো কিয় ?
বহু ভাবি চিন্তি তেওঁ সাহিত্য সভাৰ সভাপতিৰ পেনেলত নাম অন্তৰ্ভুক্ত কৰিবলৈ সন্মতি প্ৰদান কৰিব লগা হ'ল । দিন বাগৰিল, তেতিয়া এতিয়াৰ দৰে সংবাদ মাধ্যম নাছিল । নাছিল ব্যক্তিগত নিউজ ছেনেল, ছছিয়েল মিডিয়া । অতি শেহতীয়া বাতৰিৰ বাবে একমাত্ৰ উৎস আছিল ৰেডিঅ' ।
সিদিনা তেওঁ আকাশবাণী গুৱাহাটীৰ পৰা সম্প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি শুনি আছিল । এনেদৰে প্ৰায়েই এই আঞ্চলিক বাতৰিটো সেই সময়ত নিয়মীয়াকৈ শুনিছিল । তেওঁ তাৰ ব্যতিক্ৰম নাছিল । ৰেডিঅ'টোৰ পৰা ভাহি আহিছিল সেই খবৰ । বাতৰি পঢ়োতাই পঢ়ি গৈছিল - "অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ সভাপতি হিচাপে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে ..."
প্ৰতিষ্ঠিত সাহিত্যিক গৰাকী আচৰিত হ'ল । আচৰিত হোৱাৰে কথা । যিগৰাকী লোকে তেওঁক আহি সাহিত্য সভাৰ সভাপতি হ'বৰ বাবে অনুৰোধ জনাইছিল, তেঁৱেই চোন এই সভাপতিৰ দৌৰত আছিল । মনত তেওঁৰ বহু প্ৰশ্নৰ উদয় হ'ল । এদিন তেওঁ এজন ঘনিষ্ঠক কথাবোৰ কৈ সেই সভাপতি গৰাকীক বিষয়টো সুধিবলৈ ক'লে । যিজন প্ৰতিষ্ঠিত সাহিত্যিকৰ লগতে দ্বিতীয়বাৰৰ বাবে সভাপতিৰূপে নিৰ্বাচিত হোৱা সাহিত্যিক গৰাকীৰ সৈতেও আছিল ঘনিষ্ঠ ।
প্ৰতিষ্ঠিত সভাপতিগৰাকীয়ে জানিব বিচাৰিছিল কিয় এনে কৰা হ'ল ? তেওঁক অপমান কৰিবলৈকে এনে কৰিলে নেকি ? দুদিনমানৰ পাছত দ্বিতীয়বাৰৰ বাবে সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱা সাহিত্যিক গৰাকীক এই কথাটো সুধি তাৰ উত্তৰ সেই ঘনিষ্ঠ ব্যক্তিজনে প্ৰতিষ্ঠিত সাহিত্যিক গৰাকীক দিলেহি ।
তেওঁ হেনো কৈছিল, প্ৰতিষ্ঠিত পদ এটাত অধিষ্ঠিত হ'বলৈ অনুষ্ঠিত হোৱা এই যুঁজত এজন যোগ্য প্ৰতিদ্বন্দী লাগে । সেই যোগ্য প্ৰতিদ্বন্দীস্বৰূপেই তেওঁ এই প্ৰতিষ্ঠিত সাহিত্যিক গৰাকীক বাচি লৈছিল ।
সোতৰ বাৰ মোগলে অসম আক্ৰমণ কৰিছিল । সমগ্ৰ দেশতেই সাম্ৰাজ্য বিস্তাৰ কৰা শক্তিশালী মোগলক উচিত শিক্ষা দিছিল আহোম সেনাপতি লাচিত বৰফুকনে । যদি মোগলৰ কথাই ইতিহাসৰ পৰা নাইকীয়া হৈ যায় তেনেহ'লে লাচিত বৰফুকনৰ বীৰত্ব আৰু গৰিমাৰ মূল্যায়ন কেনেদৰে হ'ব ? ইতিহাসক জানো সলনি কৰিব পাৰি বা সলাই পেলোৱাৰ প্ৰয়োজন আছে ? মোগল আহিছিল বাবেই লাচিত বৰফুকনে বীৰত্বৰ পৰিচয় দিয়াৰ অৱকাশ পাইছিল ।
লাচিত কি পৰ্যায়ৰ বীৰ তাৰ মূল্যায়নৰ অৱকাশ দিয়ে সেই সময়ৰ শক্তিশালী মোগলৰ আক্ৰমণে । লাচিতৰ বাবে যোগ্য প্ৰতিদ্বন্দী আছিল মোগল । মোগলক আমি ভালপাও, বেয়া পাও সেইয়া আন এক বিষয় । কিন্তু মোগল সাম্ৰাজ্যক আওকাণ কৰি ভাৰতৰ ইতিহাসৰ বহু পৃষ্ঠা লিখিব নোৱাৰি । কোনোবাই মচি পেলাব পাৰিব নেকি তাজমহলৰ কাহিনী । ভাঙি দিব পাৰিব জানো কুটুব মিনাৰ বা মোগল সাম্ৰাজ্য কালৰ স্থাপত্য শিল্প । কেন্দ্ৰীয় চৰকাৰৰ অধিনষ্ঠ ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণাৰ পৰিষদে লোৱা এক সিদ্ধান্তৰ পৰা এক প্ৰশ্নৰ উদয় হৈছে ।
এন চি ই আৰ টিয়ে ইতিহাসৰ পৃষ্ঠাৰ পৰা মোগল সাম্ৰাজ্যৰ ইতিহাস অতৰাই দিলেও বুৰঞ্জী সলনি হৈ নাযায় । অতি সন্তৰ্পনে ইতিহাসৰ পৃষ্ঠাৰ পৰা এইবোৰ কথা মচি পেলোৱাৰ এই চক্ৰান্ত দেশ আৰু জাতিৰ বাবে মংগলজনক নহয় । এন চি ই আৰ টিয়ে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ সকলো অধ্যায় অতৰাই দিছে । একেদৰে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা অতৰোৱা হৈছে ইচলামিক ভূমি সভ্যতাৰ সংঘাট বিষয়ক কথাবোৰ ।
দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও বাদ দিয়া হৈছে গণতন্ত্ৰৰ বৈচিত্ৰতা, লোকপ্ৰিয় সংগ্ৰাম আৰু গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান বিষয়ক অধ্যায়বোৰ । একেদৰেই দ্বাদশ শ্ৰেণীৰ পাঠ্যপুঠি থীমছ অৱ ইণ্ডিয়ান হিষ্ট'ৰীৰ দ্বিতীয় খণ্ডৰ পৰা মোগল সাম্ৰাজ্যৰ ইতিহাস, বিশ্ব ৰাজনীতিত মাৰ্কিন আধিপত্য, শীতল যুদ্ধৰ যুগ পাঠবোৰ আতৰাই দিয়া হ'ল । এইদৰে ইতিহাসৰ গুৰুত্বপূৰ্ণ তথ্যবোৰ নজনাকৈয়ে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে ইতিহাস অধ্যয়ন কৰিব লাগিব । কেৱল কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যক্ৰমতে নহয়, যিবোৰ ৰাজ্যৰ শিক্ষা ব'ৰ্ডে এন চি ই আৰ টি অনুসৰণ কৰিছে তেওঁলোকেও নতুন পাঠ্যক্ৰম কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰস্তুত কৰিব লাগিব ।
যি পক্ষই এইবোৰ কামত পৃষ্ঠপোষকতা কৰিছে, তেওঁলোকে হয়তো মোগলৰ ইতিহাস চিৰদিনৰ বাবে বিদায় দিয়াৰ পৰিকল্পনা চলাইছে । মহাত্মা গান্ধীৰ ক্ষেত্ৰতো তেওঁলোকৰ স্থিতি গ্ৰহণযোগ্য নহয় । হত্যাকাৰীক বীৰপূজা আৰু জাতিৰ পিতাক ষড়যন্ত্ৰকাৰী সজোৱা প্ৰৱণতা অতি বিপদজনক হৈ পৰিব । যদি কেনেবাকৈ এই পাঠ্যক্ৰমত আহোম ৰাজত্বকালৰ কথা অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে মোগলক জানো আমি এৰাই চলিব পাৰিম ?
ইতিহাসৰ পুৰ্ননিৰ্মাণ চলিছে এতিয়া । সেইয়া কোনে কিয় কৰিব খুজিছে তাকো দেশবাসীয়ে নজনাকৈ জানো আছে ? হিন্দু,মুছলমান সেই দৃষ্টিকোণেৰে জানো বুৰঞ্জীক চোৱা উচিত ?