অসমৰ সমাজ ব্যৱস্থাত নামঘৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰাজহুৱা নামঘৰ বোৰ কেৱল আধ্যাত্মিক চিন্তা চৰ্চাৰে পীঠস্থান নহয়। ই এক উদাৰ, সাংস্কৃতিক চৰ্চাৰ প্ৰাণ কেন্দ্ৰও। নামঘৰৰ ভূমিকা অসমীয়া সমাজে কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে।
সমাজৰ প্ৰতিটো বিষয়ৰ সৈতে নামঘৰৰ ওতঃপ্ৰোতঃ সম্পৰ্ক আছে। আনকি কাৰোবাৰ অপৰাধ বিচাৰৰ বাবে নামঘৰেই হয় কেতিয়াবা ন্যায়ালয়ৰ সদৃশ। পুৱা, গধূলি নামঘৰত চৰ্চা হোৱা কীৰ্তন, দবা, শংখই আমাক আধ্যাত্মিক ভাৱে সমৃদ্ধ কৰি আহিছে।
সেয়েহে নামঘৰ বুলি ক'লে ভক্তি, এক কল্লোল মানুহৰ মনত নীৰৱে অনুৰণিত হয়। ই এক শৃংখলিত জীৱন প্ৰবাহৰ অন্যতম আধাৰ। সেয়েহে নামঘৰৰ মজিয়াত সততা, নিষ্ঠা, মানৱতাৰ এই সংঘবদ্ধ আৰু শৃংখলিত আদিপাঠ দিয়া হয় উত্তপুৰুষক।
নতুন প্ৰজন্মৰ অৱশ্যে নামঘৰৰ সৈতে সেই সুহৃদ সম্পৰ্ক ক'ৰবাত যেন ছিন্ন হৈছে। এই আধ্যাত্মিক প্ৰমূল্যবোধৰ গতানুগতিক প্ৰবাহিত ধাৰাৰ সংকোচন হোৱাৰ প্ৰভাৱ আমি চৌদিশে দেখিবলৈ পাইছো।
গুৰুজনাৰ অমৰ সৃষ্টিবোৰৰ ভিতৰত সামাজিক বুনিয়াদ আৰু সাংস্কৃতিক চৰ্চাৰ এই পৰিকাঠামোক অধিক শক্তিশালী ৰূপত তুলি ধৰাৰ সময় আহি পৰিছে। যি সময়ত আমাৰ নতুন প্ৰজন্মই ব'ল ব'ম, ৰাখী আদি সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছে সেই সময়ত আমাৰ শিপাৰ সৈতে সংস্পৰ্শিত নামঘৰৰ ভূমিকাক অনুধাৱন কৰিব পৰাকৈ এক আন্দোলনৰ প্ৰয়োজন হৈছে।
পবিত্ৰ শাওন মাহৰ দৰেই অসমীয়া সমাজৰ বাবে ভাদ মাহ আছিল গুৰুত্বপূৰ্ণ। দুয়োজন গুৰুৰ লগতে তেওঁলোকৰ শিষ্য সমূহৰ তিথিকে ধৰি ভাদ মাহত নাম, কীৰ্তনেৰে মুখৰিত হয় আমাৰ গাওঁবোৰ।
এতিয়াও সেই পৰম্পৰা চলি আছে। গ্ৰাম্য অঞ্চলসমূহত থকা ৰাজহুৱা নামঘৰত বৰসবাহ, ভাওনা, বছৰেকীয়া সবাহ আদিৰ লগতে ভাদ মাহত পুৱা, গধূলি দৈনিক নাম, কীৰ্তন চলে। সেই অনুষ্ঠানসমূহত নতুন প্ৰজন্মৰ অংশগ্ৰহণ লক্ষ্যণীয় ভাৱে হ্ৰাস পাব ধৰিছে।
আগতে নামঘৰত দবা বজালেই গাঁৱৰ প্ৰতিজন লোকে ঘৰটো সেৱা বা থাপনাত চাকি জ্বলোৱা আদি কাৰ্যৰে এক আধ্যাত্মিক ভক্তিবোধৰ গৰাকী হৈছিল। দবাৰ কোবত ৰজনঞ্জনাই যোৱা শব্দবোৰে গাওঁবোৰ মুখৰিত কৰি ৰাখিছিল। শংখৰ এই পবিত্ৰ গুণগুণিয়ে আমি যে সজাগ আৰু সচেতন তাৰ উমান দিছিল।
এই প্ৰমূল্যবোধৰ মাজত ধূপ, ধুনাৰে মুখৰিত এক সুস্থ সামাজিক বাতাবৰণ গঢ়লৈ উঠিছিল। নামঘৰলৈ যাবৰ বাবে পিন্ধিলোৱা চুৰীয়াখনে আমাৰ জাতীয় পোছাক, পৰম্পৰাক ধৰি ৰখাৰ আখৰা চলিছিল।
সময়ৰ সোঁতত নামঘৰ বোৰ থাকিলেও, পূৰ্বৰ স-ভক্তি আৰু একাত্ম বোধেৰে আধ্যাত্মিকতাৰ মাজত নিজক বিলীন কৰি দিয়া পৰিবেশ যেন আজি নাই। অসমীয়া গ্ৰাম্য জীৱন বোধত নামঘৰৰ উত্তৰণ ইটা, চিমেণ্টৰ জৰিয়তে হ'লেও ভক্তি আৰু সাংস্কৃতিক চৰ্চাৰ সাৰ্বজনীন উত্তৰণ যেন হোৱা নাই।
জাত, ধৰ্ম, বৰ্ণ নিৰ্বেশেষে নামঘৰৰ যি আধ্যাত্মিক পৰিচয় গঢ়ি তোলা হৈছিল তাত এক শৃংখলা বদ্ধ আৰু সংগঠিত সামাজিক চেতনাও জড়িত হৈ আছিল। নামঘৰৰ নামত মানুহে শপত খাইছিল। নামঘৰৰ নামত মানুহে কোনোবা ঈশ্বৰ ৰূপী এক শক্তিক বিশ্বাস কৰিবলৈ লৈছিল।
সেই নিৰাকাৰ ঈশ্বৰজন আছিল সকলোৰে বাবে তেওঁলোকে বিশ্বাস কৰা ধৰণে গঢ়া আত্ম প্ৰত্যয় ল'ব পৰা এক শক্তি। কেতিয়াবা সেই শক্তিতেই মানুহে পৰমাত্মাৰ স্বৰূপো বিচাৰি পাইছিল।
চৰকাৰে সত্ৰ, মন্দিৰ, নামঘৰ আদি সৰ্বাংগীন বিকাশৰ বাবে অনুদান আগবঢ়াইছে। একেদৰে দুৰ্গা পূজা, ষঠ পূজা অনুষ্ঠিত কৰিবলৈয়ো আৰ্থিক পৃষ্ঠপোষকতা কৰিছে। এই সময়ত অসমৰ পৰিবেশ, পৰিস্থিতিত অপৰাধ নিয়ন্ত্ৰণ আৰু এক শৃংখলাবদ্ধ আধ্যাত্মিক জীৱনৰ মাজেৰে নতুনত্বৰ সন্ধান কৰিব পৰা শক্তিশালী নতুন প্ৰজন্ম গঢ়িবলৈ নামঘৰ বোৰৰ প্ৰতি সকলোৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন হৈ পৰিছে।
ৰাজ্যত আছে ৬০ হাজাৰৰো অধিক নামঘৰ। প্ৰায় প্ৰতিখন গাঁৱতে থকা নামঘৰ বোৰে সাম্প্ৰতীক সময়ত ছচিয়েল ইঞ্জিনীয়াৰিঙৰ দৰে কাম কৰিব পাৰে। যাৰ জৰিয়তে সমাজখনত ঘূণে ধৰা বহু সমস্যা সমাধান কৰিব পৰা যায়।
নামঘৰৰ মূল্যায়ণ আৰু ইয়াক সমাজ, অসমীয়া জাতিগঠনৰ হকে সঠিকভাৱে নতুন প্ৰজন্মক সংযুক্ত কৰিব পাৰিলেই আমাৰ বহু সমস্যা দূৰ হৈ যাব। পাৰস্পৰিক আত্মবোধৰ জৰিয়তে এজনৰ আনজনৰ প্ৰতি থকা দায়িত্ববোধ, আন্তৰিকতাপৰ্ণ সেৱাবোধ আৰু নিয়মীয়া সাংস্কৃতিক চৰ্চাৰ পৰিবেশ গঢ়িবলৈ এতিয়া নামঘৰতকৈ উত্তম স্থান একো নাই।