-লশ্মিতা শইকীয়া
প্ৰায় ৭ বছৰীয়া ল'ৰাটো কিছু পৰিমাণে শকত। শকত হোৱাৰ বাবেই জ্যেষ্ঠজনে মৰমতে গো'ল্লো, গো'লো-ম'লো আদি নামেৰে মাতে। সমনীয়াইও জোকাই 'ঐ মতো' বুলি। কণমানি মনটোত সেই সময়খিনিত কেতিয়াবা খং আৰু কেতিয়াবা দুখে ধৰা দিছিল। জ্য়েষ্ঠজনৰ মৰমক উপহাস কৰাৰ সাহস তাৰ মনত মুঠেই নাছিল। পিছে সমনীয়াৰ ইতিকিঙক কি দৰে আওকাণ কৰিব।
তথাপিও কোনোদিন কাকো এই লৈ প্ৰশ্ন কৰা নাছিল সি। কণমানি মনটোক বুজি উঠিছিল দেউতাকে। তাৰ শৰীৰৰ মেদবহুলতা আঁতৰাবলৈ দেউতাকে সিদ্ধান্ত ল'লে শৰীৰ চৰ্চাত নাম ভৰ্তি কৰি দিব। দেউতাকৰ ইচ্ছাক সিও মানা নকৰিলে। ওচৰৰে শৰীৰ চৰ্চা কেন্দ্ৰ এটাত নিয়মিতভাবে শৰীৰ চৰ্চা কৰি পিছৰ পৰ্যায়ত পানিপটৰ এটা শৰীৰ চৰ্চা কেন্দ্ৰত নাম ভৰ্তি কৰাই দিয়া হ'ল কণমানিটোৰ।
শৰীৰৰ মেদবহুলতা আঁতৰাবলৈয়ে সেই শৰীৰ চৰ্চা কেন্দ্ৰৰ পৰা পানিপটৰ শিৱাজী ষ্টেডিয়ামত চলিল তাৰ দৌৰৰ অন্য এক যাত্ৰা। দৌৰিবৰ বাবে খুৰাকৰ সৈতে প্ৰতিদিনে উপস্থিত হয় ষ্টেডিয়ামত। সেই ষ্টেডিয়ামেই সলনি কৰিলে কণমানিটোৰ জীৱনৰ গতি।
দৌৰি থকাৰ সময়ত সি প্ৰায়েই দেখা পাইছিল ষ্টেডিয়ামত কেইজনমান খেলুৱৈয়ে জেভলিন দলিয়াই থকা। জেভলিন দলিয়াই থকা সময়চোৱাত ওচৰলৈ যাবলৈ বাধা দিয়াৰ বাবেই জেভলিনডালৰ কাষ চপাৰ উৎসুকতা বৃদ্ধি পাছিল তাৰ কণমানি মনটোত।
এয়াই আৰম্ভণি। ইয়াৰ পাছত আৰু ৰৈ যোৱা নাছিল সি। পানিপটৰ শিৱাজী ষ্টেডিয়ামৰ পৰাই জেভলিনৰ পম খেদি পানিপট ক্ৰীড়া প্ৰাধিকৰণ ষ্টেডিয়াম পালেগৈ। সেই ষ্টেডিয়ামতে জেভলিন খেলুৱৈ অক্ষয় চৌধুৰীৰ হাতত ধৰি শিকি পেলাইছিল জেভলিনৰ অ-আ, ক-খ। যি অ-আ, ক-খ শিক্ষাই তাক লৈ গৈছিল জিলা পৰ্যায়ৰ প্ৰতিযোগিতালৈ। প্ৰতিযোগিতাত হাৰি অহা নাছিল সি, জিকিয়ে আহিছিল।
ইতিমধ্যেই দেহৰ মেদবহুলতা প্ৰায় শেষ হৈ আহিছিল যদিও এৰা নাছিল শৰীৰ চৰ্চা। যি শৰীৰ চৰ্চা মেদবহুলতাৰ বাবে কৰিছিল সেই শৰীৰ চৰ্চা ইতিমধ্যেই তাৰ জীৱন সংগী। জেভলিনডালক বুকুৰ মাজৰ পৰা কোনোপধ্যেই আঁতৰাই দিব নোৱৰা হ'ল ১৩ বছৰত ভৰি দিয়া ল'ৰাটোৱে। এটা বছৰ জেভলিন অনুশীলনৰ পাছত হাৰিয়ানাৰ পাঞ্চকুলাৰ তাও দেৱী লাল স্পৰ্ট কমপ্লেক্সত প্ৰশিক্ষক নাছিম আহমেদৰ পৰা শিকি পেলাইছিল কি দৰে দীৰ্ঘ দূৰত্বৰ দৌৰ দি জেভলিন থ্ৰ' কৰিব লাগে।
জেভলিনডালক লৈ সপোন দেখিবলৈ আৰম্ভ কৰা ল'ৰাটোৱে প্ৰশিক্ষকৰ পৰামৰ্শৰ উপৰি জেভলিন সম্পৰ্কীয় ভিডিঅ' চাই মোবাইলতে পৰিচিত হৈছিল আন্তঃৰাষ্ট্ৰীয় জেভলিন খেলুৱৈ জান জেলেজনিৰ সৈতে। সেয়াও আছিল তাৰ বাবে আন এক প্ৰশিক্ষণ। সেই ভিডিঅ'বোৰৰ পৰাই নকল কৰিছিল জেলেজনিৰ ষ্টাইল।
এনেদৰে কষ্ট আৰু সাধনাৰে ৰাষ্ট্ৰীয় পৰ্যায় পালেগৈ সেই কণমানি ল'ৰাটো। ২০১২ চনৰ ২৭ অক্টোবৰত লক্ষ্ণৌত অনুষ্ঠিত নেচনেল জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ৬৮.৪০ মিটাৰ জেভলিন থ্ৰ' কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাত তাক পৰিচয় কৰাই দিলে দেশবাসীৰ সৈতে।
ৰাষ্ট্ৰীয় পৰ্যায় অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায় পাবলৈ তাক আৰু বেছি সময় নালাগিল। পৰৱৰ্তী বৰ্ষতেই অৰ্থাৎ ২০১৩ চনত ইউক্ৰেইনত অনুষ্ঠিত বিশ্ব যুৱ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতেই ২০১৪ চনত বেংককত অনুষ্ঠিত যুৱ অলিম্পিক কোৱালিফিকেচনত ৰূপৰ পদকেৰে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সফলতা অৰ্জন কৰে।
প্ৰায় প্ৰতিটো বছৰতেই এখনকৈ ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় জেভলিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভংগ কৰি গৈছিল নিজে ৰচা এটা এটা অভিলেষ। পিছে তাৰ বাবে এই যাত্ৰা মসৃণ নাছিল। বিফলতাক আগত আহিব নিদিয়া ল'ৰাটোৱে সন্মুখীন হ'ল শাৰীৰিক অসুস্থতাৰ। যি অসুস্থতাৰ বাবে ২০১৯ চনত দোহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ভাগ লোৱাৰ সপোনক মৰহাই পেলাব লগীয়া হৈছিল। পিছে কোনোদিন ভাগৰি পৰা নাছিল সি। মায়ানগৰী মুম্বাইত এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পাছত পুনৰ ন-কৈ আৰম্ভ কৰিছিল তাৰ জেভলিন যাত্ৰা।
৭ আগষ্ট, ২০২১ চন। টিলিভিচনৰ পৰ্দাত প্ৰযুক্তিৰ দেশ জাপানৰ টকিঅ'ত অনুষ্ঠিত অলিম্পিকত বিশ্ববাসীৰ সমান্তৰালভাবে চকু আছিল ভাৰতবাসীৰ। আশা-ভৰসা-বিশ্বাসক কেতিয়াও শেষ হ'বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিৰে সেই দিনা ৮৭.৫৮ মিটাৰ জেভলিন থ্ৰ'ৰে জিনিছিল সোণৰ পদক। সেই দিনটো ভাৰতৰ বাবে আছিল এক ঐতিহাসিক ক্ষণ। স্বাধীনতাৰ পাছত ভাৰতৰ এথলেটিকছত এয়া আছিল প্ৰথমটো স্বৰ্ণ পদক।
২৭ আগষ্ট, ২০২৩ চন। ইতিহাস সৃষ্টিৰে পুনৰ দখল কৰিলে বাতৰিৰ শিৰোনাম। "বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ নীৰজ চোপ্রাৰ স্বৰ্ণপদক অৰ্জন" "বিশ্ব চেম্পিয়নশ্বিপত একাধিক পদক লাভ কৰি নীৰজে অৰ্জন কৰিলে প্রথম ভাৰতীয় খেলুৱৈৰ কৃতিত্ব" "৮৮.১৭ মিটাৰ জেভলিন নিক্ষেপ কৰি নীৰজ চোপ্রাৰ স্বৰ্ণ পদক অৰ্জন" "জেভলিনৰ আঁচোৰে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰিলে নীৰজ চোপ্ৰাই" ইত্যাদি...
Also Read: মহন্তৰ শাসনতো নহয় এতিয়া...