আৰু কেইদিনমান বন্ধ খামৰ ভিতৰতেই থাকিব কবিয়ে লিখি যোৱা চিঠি

author-image
Asomiya Pratidin
New Update
আৰু কেইদিনমান বন্ধ খামৰ ভিতৰতেই থাকিব কবিয়ে লিখি যোৱা চিঠি

- মৃদুল কুমাৰ সন্দিকৈ

বন্ধ খামৰ চিঠিখন নিৰ্ধাৰিত দিনটোত খোলা নহয় । ২৪ জানুৱাৰী,২০২৩ৰ পুৱা ১১ বজাত কটন বিশ্ববিদ্যালয়ত নীলমণি ফুকনৰ এই চিঠিখন খোলা কথা আছিল যদিও পৰিয়ালৰ বিশেষ অনুৰোধ মৰ্মে সেই সিদ্ধান্ত বাতিল কৰিছে প্ৰবীণ সাংবাদিক তথা স্তম্ভ লেখক নিত্য বৰাই । ২৩ জানুৱাৰী, ২০২৩ ত এখন পত্ৰ লাভ কৰিছিল নিত্য বৰাই । সদ্য প্ৰয়াত কাব্যঋষি নীলমণি ফুকনৰ সহধৰ্মীনীয়ে পুৱা ১০ বাজি ৪০ মিনিটত এই পত্ৰ লেখি প্ৰেৰণ কৰিছিল বিশিষ্ট লেখক তথা সাংবাদিক গৰাকীলৈ ।

পত্ৰ খনত লেখিছিল, "আপুনি ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি ব্যক্ত কৰা উল্লেখিত আমাৰ সদ্য প্ৰয়াত পিতৃৰ বন্ধ খামৰ চিঠিখন তেখেতৰ আদ্যশ্ৰাদ্ধ অৰ্থাৎ ৩১ জানুৱাৰী (মঙলবাৰ) '২৩ তাৰিখৰ পাছত আপুনি ভবা ধৰণে ব্যৱস্থা ল'বৰ বাবে বিনম্ৰ প্ৰাৰ্থনা জনালো । আপোনাৰ সহাৰিয়ে নিশ্চয়কৈ আমাৰ শোক সন্তপ্ত পৰিয়ালৰ শোক কিছু পৰিমাণে লাঘৱ কৰিব" । নীলমণি ফুকনৰ পৰিয়ালৰ হৈ এই পত্ৰখন লেখিছিল শ্ৰদ্ধেয় কবি গৰাকীৰ পত্নী দুলুমণি ফুকনে ।

এই পত্ৰ লাভ কৰাৰ পাছত নিত্য বৰাই পৰিয়ালৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই পৰিয়ালটোক টেলিফোন যোগে জনাই যে তেওঁলোকে বিচৰা ধৰণেই পত্ৰখন ২৪ জানুৱাৰী, ২০২৩ ত নোখোলাৰ সিদ্ধান্ত লৈছে ।

নিত্য বৰাই এই সন্দৰ্ভত কয় যে চিঠিখনত কি আছে আমি কোনেও নাজানো । কাৰোবাৰ কথা লিখি গৈছে নে আন কিছু প্ৰসংগ আছে সেইয়া কোনেও অৱগত নহয় । অনুমানৰ ভিত্তিত বহুতে বহু কথা কৈ আছে । উল্লেখ যোগ্য যে, ২০০৪ চনতেই এই পত্ৰখন নিত্য বৰাৰ হাতত জমা দিছিল কবি নীলমণি ফুকনে । মাথো বন্ধ খামটোৰ ওপৰত লিখি দিছিল তেওঁৰ যোৱাৰ পাছত অৰ্থাৎ মৃত্যুৰ পাছত এই পত্ৰখন খুলিবলৈ । সেই বিশ্বাস ৰাখিবলৈ অনুৰোধ কৰি গৈছিল নিত্য বৰাক ।

কবিতাৰ চুৰিৰ অভিযোগত নীলমণি ফুকনৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰৰ ৰহস্য ফাদিল এই পত্ৰৰ জৰিয়তে হ'ব বুলি সকলোৱে আশা কৰি আছে ।

সেয়ে পত্ৰ খনৰ প্ৰতি সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে । পৰিয়ালে পত্ৰখন খোলাত বাধা দিয়া নাই যদিও ৩১ জানুৱাৰী,২০২৩ৰ আদ্যশ্ৰাদ্ধৰ পিছত পত্ৰখনৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিত্য বৰাক অনুৰোধ জনাইছে ।

সেয়েহে আদ্যশ্ৰাদ্ধৰ পৰৱৰ্তী দিনাও পত্ৰখন খোলা হ'ব পাৰে । নীলমণি ফুকনে বিচাৰিছিল এই কথাবোৰ ৰাজহুৱা হওক । সেয়ে হয়তো তেওঁ এনে এখন পত্ৰ লেখি মৃত্যুৰ পাছত সেই পত্ৰ পঢ়িবলৈ বিশ্বস্ত হিচাপে নিত্য বৰাক দ্বায়িত্ব দি গৈছিল । পত্ৰখনৰ সন্দৰ্ভত পৰিয়ালৰ লোকে কোনো মন্তব্য কৰা নাই যদিও লিখিত ভাৱে পত্ৰখন আদ্যশ্ৰাদ্ধৰ আগতে খোলাতো বিচৰা নাই । ইফালে পত্ৰ নৌ খোলোতেই এই পত্ৰবোমাৰ ধোঁৱা বিয়পি পৰিছে । আলোচনা চলিছে কোন হ'ব পাৰে সেই সকল ষড়যন্ত্ৰকাৰী । বিষ্ফোৰণ হ'ব নেকি অসমীয়া সাহিত্যত ?

নিত্য বৰাই এই সন্দৰ্ভত ক'লে - তেওঁ নিজেই এজন গুণী জ্ঞানী, ঋষিতুল্য লোক । তেওঁ কি লিখি গৈছে সেইয়া পত্ৰখন খোলাৰ পাছতহে গম পোৱা যাব । আমি আগ্ৰহেৰে বাট চাব লাগিব সেই সময়লৈ । অনুমানৰ ওপৰত ভিত্তি কৰি কথাবোৰ অন্তত: মই ক'ব নোৱাৰো । সময়লৈ অপেক্ষা কৰিব লাগিব । সেয়েহে এতিয়া নীলমণি ফুকনৰ এই চিঠিখনৰ বন্ধ খাম খোলালৈ আৰু অন্তত: এসপ্তাহতকৈ বেছি সময় অপেক্ষা কৰিব লাগিব ।

আন এচামে এই পত্ৰখন ৰাজহুৱা হোৱাটো বিচৰা নাই । যি হৈ গ'ল সেইয়া হৈ যোৱা অতীত বুলি বিষয়টো সামৰিব লাগে বুলি মন্তব্য কৰিছে একাংশই । কিন্তু কাব্যঋষি নীলমণি ফুকনে ইয়াক ৰাজহুৱা হোৱাটো বিচৰাৰ বাবেই নীলমণি ফুকনৰ কবিতা চুৰিৰ অভিযোগত অভিযুক্ত হোৱা ঘটনা সন্দৰ্ভত এক বিশেষ স্তম্ভ লেখা লিখিছিল নিত্য বৰাই ।

অসমীয়া প্ৰতিদিনত প্ৰকাশিত সেই লেখা পঢ়ি সমগ্ৰ কথাবোৰ চিঠিৰ জৰিয়তে বন্ধ খামত লিখি নিত্য বৰাৰ হাতত থৈ গৈছিল নীলমণি ফুকনে । নীলমণি ফুকনক কবিতা চুৰৰ অভিযোগত উত্থাপিত অভিযোগৰ এখন পত্ৰ আৰু ৰহস্যজনক "ইকো" নামৰ অস্তিত্বহীন আলোচনীখনৰ ওপৰত ভিত্তি কৰি ভূপেন হাজৰিকাই প্ৰথমে এটা সম্পাদকীয় নিৱন্ধ লিখিছিল ।

NILAMONI PHUKAN