সপোন বিক্ৰী হোৱা দেশত এনে দুৰ্ভাগ্যই স্বাভাৱিক...

সপোন বিক্ৰী হোৱা দেশত এনে দুৰ্ভাগ্যই স্বাভাৱিক...

author-image
Asomiya Pratidin
New Update
সপোন বিক্ৰী হোৱা দেশত এনে দুৰ্ভাগ্যই স্বাভাৱিক...

সপোন বিক্ৰী হোৱা দেশত এনে দুৰ্ভাগ্যই স্বাভাৱিক...

তুষাৰ প্ৰতিম

কিছুমান কথা শুনিবলৈ বৰ ভাল। কথাবোৰ শুনি থাকিলে শুনি থাকিবলৈ মন যায়। এনে কথাই এই জগতৰ পৰা লৈ যায় অন্য এখন জগতলৈ। ঠিক সেই দৰিদ্ৰতা মুক্ত ভাৰত, প্ৰতিজনৰ একাউণ্টলৈ ১৫ লাখকৈ টকা, বাংলাদেশী মুক্ত অসম আদিৰ দৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখেৰে কোৱা এইবোৰ সপোন যেন লগা কথা নহয় নে ! আচলতে এইবোৰ সপোনেই। অন্ততঃ এতিয়া বাস্তৱিক নহয়। ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱেও দেখুৱাইছিল সপোন।

প্ৰধানমন্ত্ৰী মোডীৰ দৰেই কৈ গৈছিল সপোন সপোন লগা সেই কথাবোৰ। কৌটিকলীয়া ব্যৱস্থাৰে চলি থকা ভাৰতীয় ৰে'লৰ সুৰক্ষাৰ দিশটোক লৈ অশ্বিনী বৈষ্ণৱে সকলোকে দেখুৱাইছিল সপোন। কৈছিল ভাৰতীয় ৰে'লত সংযোজন হ'ব 'কৱচ'।

সংসদত ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৈ কৈছিল ভাৰতীয় ৰে'লৱেৰ সুৰক্ষাৰ বাবে 'কৱচ'ৰ ব্যৱস্থা কৰাৰ কথা। ভাৰতীয় ৰে'লৰ সুৰক্ষা বৃদ্ধিৰ বাবে স্বয়ংক্ৰিয় ৰে'ল সুৰক্ষা ব্যৱস্থা সংযুক্ত কৰা কথা কৈছিল। এই সুৰক্ষা ব্যৱস্থা বা 'কৱচ' ঠিক বিমান পৰিবহণ ব্যৱস্থাৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ দৰেই।

ৰে'ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ, প্ৰতিকূল বতৰতো বাধাহীন ভাৱে ৰে'ল চলাচল অব্যাহত ৰাখিবলৈ এই 'কৱচ'ৰ ব্যৱস্থা কৰিছিল। এই 'কৱচ'ৰ জৰিয়তে লোকোমোটিভ লোকোপাইলটসকলে ছিগনেল অতিক্ৰম কৰাৰ সময়ত বিপদ নোহোৱাকৈয়ে পাৰ হৈ যাব পাৰিব বুলি কোৱা হৈছিল।

'কৱচ' এনে এক স্বয়ংক্ৰিয় টেকনলজী আছিল যিয়ে একেটা ট্ৰেকতে বিপৰীত দিশৰ পৰা ৰে'ল আহি আছে নেকি বা কিমান বেগত আহি আছে তাৰ তথ্য যোগান ধৰিব পাৰে। ৰে'লমন্ত্ৰীয়ে কোৱা অনুসৰিয়েই তীব্ৰ বেগেৰে একেটা ট্ৰেকত দুখন ৰে'ল মুখামুখীকৈ আহি থাকিলে এই কবচে আগতীয়াকৈ জনাব পাৰে বাবেই চালকে ৰে'লৰ গতী হ্ৰাস কৰিব পাৰে আৰু দুৰ্ঘটনা বিহীন ভাৱেই দুয়োখন ৰে'ল নিৰ্দিষ্ট দুৰত্বত ৰখাব পাৰে।

আনহাতে কিবা কাৰণত যদি ৰে'লৰ গতী হ্ৰাস নকৰে তেনে এই প্ৰযুক্তিৰ বাবেই ৰে'ল স্বয়ংক্ৰিয় ভাৱে গতি হ্ৰাস কৰি নিৰ্দিষ্ট দূৰত্বত ৰৈ যায়। অৰ্থাত ৰেলমন্ত্ৰণালয়ে ৰে'লত স্বয়ংক্ৰিয় ব্ৰেক, লাইন-ছাইড ছিগনেল আদিৰ ব্যৱস্থা কৰিছিল।

২০২২ চনৰ কথা আছিল এইবোৰ। সেইবাৰৰ কেন্দ্ৰীয় বাজেটত ৰে'লমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈ ইয়াৰ অংশ হিচাপে এই কবচ সুৰক্ষা প্ৰণালীৰ কথা কৈছিল। এই কবচ প্ৰণালীৰ অধীনত ২০০০ কিলোমিটাৰ ৰে'লৱে নেটৱৰ্কৰ সামৰি লোৱাৰ কথা কৈছিল।

সেয়াই নহয়, ৰে'লমন্ত্ৰীয়ে এই কবচ সুৰক্ষা ব্যৱস্থাৰ পৰীক্ষাও সম্পন্ন কৰাৰ কথা টুইটাৰত প্ৰকাশ কৰিছিল। ২৫০ কিলোমিটাৰ পৰীক্ষণ সম্পন্ন কৰা কথা তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত উল্লেখ কৰিছিল। কিন্তু তাৰ ঠিক এবছৰৰ পিছতে উৰিষ্যাত সংঘটিত হ'ল শতিকাৰ সৰ্ববৃহৎ ৰে'ল দুৰ্ঘটনা।

ৰে'লমন্ত্ৰীয়ে ঘোষণা কৰিলেও দৰাচলতে ভাৰতীয় ৰে'লৱেই এতিয়ালৈকে মাত্ৰ দক্ষিণ-মধ্য ৰে'লৱেত ১,৪৫৫ কিলোমিটাৰ পথহে সামৰি লৈছে। উৰিষ্যাক এই কবচ ব্যৱস্থাই সামৰি লোৱা নাই। যাৰ বাবে এতিয়া অশ্বিনী বৈষ্ণৱক সমালোচনাৰ লক্ষ্য কৰি লৈছে।

এই দুৰ্ঘটনা এনে এক সময়ত সংঘটিত হৈছে যি সময়ত বুলেট ট্ৰেইনৰ চলাচলৰ কথা চৰ্চালৈ আহিছে। দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছক লৈ কেন্দ্ৰীয় চৰকাৰে নানান পদক্ষেপ গ্ৰহণ কৰিছে। নিত্য নতুন বন্দে ভাৰত এক্সপ্ৰেছ শুভ উদ্বোধন হৈ আছে।

যি সময়ত বিশ্বত বুলেট ট্ৰেইনৰ প্ৰচলন হৈছে, সেই সময়ত বিশ্বগুৰু হোৱা সপোন দেখা ভাৰতত ব্ৰিটীছৰ সময়ৰে ৰে'ল ব্যৱস্থা প্ৰচলন হৈ থকা বিষয়টো আজিৰ তাৰিখত অতি সংবেদনশীল এক বিষয়। কৌটি কলীয়া ব্যৱস্থাৰ পৰিণতিতে ২ জুনত উৰিষ্যাত সংঘটিত হ'ল এই কৰুণ ঘটনা।

প্ৰাৰম্ভিক তদন্ত অনুসৰি দুৰ্ঘটনাত পতিত হোৱা কৰমণ্ডল এক্সপ্ৰেছখন প্ৰতি ঘণ্টাত ১২৮ কিলোমিটাৰ বেগত চলিছিল। আনহাতে বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখন আছিল প্ৰতি ঘণ্টাত ১১৬ কিলোমিটাৰ বেগত।

একেখন প্ৰতিবেদনতে প্ৰকাশ পোৱা অনুসৰি কৰমণ্ডল এক্সপ্ৰেছখন লুপ লাইনত প্ৰৱেশ কৰিছিল আৰু বাহানগৰ বজাৰ ষ্টেচনৰ ঠিক পূৰ্বে মূল লাইনৰ পৰিৱৰ্তে তাত ৰৈ থকা আন এখন মালবাহী ৰে'লত খুন্দা মাৰে।

ইয়াৰ ফলত কাষৰ ট্ৰেকত সিঁচৰতি হৈ পৰি ৰোৱা কৰমণ্ডল এক্সপ্ৰেছৰ দবাবোৰত খুন্দা মৰাৰ পাছতে বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ দবাবোৰ লাইনচ্যুত হয়। ভাৰতীয় ৰে'লৱেয়ে লুপ লাইনবোৰ ষ্টেচন অঞ্চলত নিৰ্মাণ কৰিছে। এনে লুপ লাইনত একাধিক ইঞ্জিনৰ সৈতে সম্পূৰ্ণ দৈৰ্ঘ্যৰ মালবাহী ৰে'ল ৰখোৱা হয়।এই লুপ লাইবোৰ ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ হয়।    

সময় বাগৰাৰ লগে লগে এই দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। অনানুষ্ঠানিক তথ্য মতে এই দুৰ্ঘটনাত এই পৰ্যন্ত নিহত হৈছে ৩০০ লোক। আনহাতে চৰকাৰী তথ্য মতে এই পৰ্যন্ত ২৮৮ জন লোক নিহত হৈছে। আনহাতে আহত হৈছে ৮০০ যাত্ৰী।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিলে। তিনিখনকৈ ৰে'লৰ এই দুৰ্ঘটনাত যিসকলে কৰ্তব্যত গাফিলতি কৰিলে বা যাৰ ভুলৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল তেওঁলোকে কঠোৰ শাস্তি পাব বুলি তেওঁ উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ উপৰিও হাস্পতাললৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। ইতিমধ্যে এই ঘটনাৰ উদ্ধাৰ অভিযান সামৰণি পৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু আন এগৰাকী কেন্দ্ৰীয়মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তদাৰক কৰে এই উদ্ধাৰ অভিযান।   

কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য ঘোষাণা কৰিছে। আহতসকলৰ বাবেও ঘোষণা কৰিছে সাহায্য। একেদৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনা্ৰ্জীয়েও এই দুৰ্ঘটনাত নিহতলৈ ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰিছে।

আহতলৈও তেওঁ ঘোষণা কৰিছে সাহায্য। মমতা বেনাৰ্জীৰ দৰেই উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককে ধৰি আন কেইবাখনো ৰাজ্যৰ পৰা ঘোষণা কৰা হৈছে সাহায্য।

প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰাৰ দৰেই আৰম্ভ হৈছে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। কিন্তু এতিয়া প্ৰশ্ন হয়, যিদৰে সফলতাৰ সকলো ক্ৰেডিট বিভাগীয় মন্ত্ৰীসকলে গ্ৰহণ কৰে ঠিক তেনেকৈ বিফলতাবোৰো মূৰ পাতি লোৱাটো তেওঁলোকৰ নৈতিক দায়িত্ব হোৱা উচিত।

কিন্তু এতিয়াৰ ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সেই দায়িত্ব স্বীকাৰ কৰিবনে? এতিয়ালৈকে তেওঁৰ ফালৰ পৰা তেনে কোনো ইংগিত অহা নাই। বৰঞ্চ তেওঁ এই জটিল সন্ধিক্ষণতো বিৰোধীক উভতি ধৰাত হে অধিক গুৰুত্ব প্ৰদান কৰিছে।

অথচ এইখন ভাৰততে এনে বহু উদাহৰণ আছে য'ত ৰে'ল দুৰ্ঘটনাৰ পাছত ৰে'লমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে। লালবাহাদুৰ শাস্ত্ৰী, নীতিশ কুমাৰ, মমতা বেনাৰ্জী তেনে তিনিগৰাকী ৰে'লমন্ত্ৰীৰ উদাহৰণ।

Also Read: ৩ বছৰৰ পৰিৱৰ্তে ডিগ্ৰী পাঠ্যক্ৰম হ'ল ৪ বছৰীয়াঃ ৰাজ্যত আৰম্ভ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০

নৰেন্দ্ৰ মোডী ৰেল দুৰ্ঘটনা