বন্ধু হোৱাৰো যোগ্য নহয় কংগ্ৰেছ !

বন্ধু হোৱাৰো যোগ্য নহয় কংগ্ৰেছ !
বন্ধু হোৱাৰো যোগ্য নহয় কংগ্ৰেছ !
Published on
Updated on

অহংকাৰত এতিয়াও মত্ত কংগ্ৰেছ। যিটো দলৰ কথাৰে কোনো মূল্য নাই, সেই দলটোৰ হাতত ক্ষমতা গতাই দিয়াটো কিমান বিপদজনক হ'ব সেয়া এটা সাধাৰণ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী কেন্দ্ৰীক সংঘাতেই উদঙাই দিলে। ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন কেন্দ্ৰীক ঘটনা প্ৰবাহে কংগ্ৰেছৰ চৰিত্ৰক এনে পৰ্যায়ত তুলি ধৰিলে যে এই দলটোৱে কোনো দিনেই শিক্ষা নল'লে আৰু লোৱাৰ সম্ভাৱনা নাই।

মিত্ৰদলৰ সৈতেই অতি কৌশলপূৰ্ণভাৱে বিশ্বাসঘাটক কৰা কংগ্ৰেছৰ এচাম নেতাৰ চূড়ান্ত লবীবাজ আৰু ক্ষমতালিপ্সু সিদ্ধান্তৰ বাবেই ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ বিৰুদ্ধে আৰম্ভ কৰা সন্মিলিত যুঁজখন অন্ত পৰাৰ পথত। বিহালী সমষ্টিটো কংগ্ৰেছে তেওঁলোকৰ সৈতে মিত্ৰতাত থকা অসম সন্মিলিত মৰ্চা এৰি দিছিল।

সেই অনুসৰি এই সমষ্টিটোত মৰ্চাই কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই সিদ্ধান্ত মৰ্চাৰ দলবোৰৰ নেতৃত্বৰ হাতত অৰ্পণ কৰিব লাগিছিল। ১৮ অক্টোবৰ ২০২৪ ত অনুষ্ঠিত হোৱা বৈঠকত প্ৰাৰ্থী চূড়ান্ত কৰিবৰ বাবে পাঁচজনীয়া কমিটী গঠন কৰা হৈছিল। সেই কমিটীয়ে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ পাছত কংগ্ৰেছে যি ওলোটা খৰ মাৰিলে সেয়া মিত্ৰতাৰ ৰাজনীতিতেই বিৰল।

মৰ্চাৰ পাঁচজনীয়া কমিটীয়ে চূড়ান্ত কৰা প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত ২২ অক্টোবৰ ২০২৪ ত কংগ্ৰেছৰ ফালৰ পৰা চৰ্ত আৰোপ কৰা হ'ল যে তেওঁলোকে চূড়ান্ত কৰা প্ৰাৰ্থীজন সলনি কৰিব লাগিব। মৰ্চাৰ আন দলবোৰে সেই চৰ্তও মানি ল'লে। তাৰ পাছতো মৰ্চাই নিৰ্বাচন কৰা প্ৰাৰ্থীগৰাকীক কংগ্ৰেছে মিত্ৰদলৰ প্ৰাৰ্থী হিচাপে স্বীকৃতি নিদি অন্য এখন নাটকৰ শুভাৰম্ভ কৰিলে।

ভূপেন বৰাক অস্বস্তিত পেলাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ প্ৰৰোচনাত সংঘটিত প্ৰাৰ্থী কেন্দ্ৰীক এই ঘটনা প্ৰবাহে বুজাই দিলে কংগ্ৰেছৰ পৰা আৰু আশা কৰি লাভ নাই। পূৰ্বৰ ৰাজনৈতিক ইতিহাসৰ পাতত কংগ্ৰেছৰ এনে বহু বিশ্বাসঘাটক কাহিনী লিপিবব্ধ হৈ আছে।

২১ অক্টোবৰ ২০২৪ ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা অব্যাহতি ল'বলৈ বিচাৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে। সেই পদত্যাগ পত্ৰত উল্লেখ কৰিলে যে, পাঁচজনীয়া কমিটীয়ে চূড়ান্ত কৰা প্ৰাৰ্থীগৰাকী মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে গ্ৰহণ কৰিবলৈ তেওঁ চেষ্টা চলাইছিল।

কিন্তু দলৰ শীৰ্ষতম নেতৃত্বই এই সিদ্ধান্ত মানি নোলোৱাত তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে। প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সভাপতিয়ে মিত্ৰজোঁটৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা কাৰ্যই বুজাই দিয়ে তেওঁৰ অসহায়তাৰ কথা। লক্ষ্যণীয় যে, কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে প্ৰেৰণ কৰা পত্ৰত যিবোৰ চৰ্ত আৰু কথা উল্লেখ কৰিছিল সেয়া মিত্ৰতা আৰু গণতান্ত্ৰিক ব্যৱস্থাত গ্ৰহণযোগ্য হ'ব নোৱাৰে।

পাঁচটা সমষ্টিৰ ভিতৰত ৪ টা সমষ্টিয়েই কংগ্ৰেছে নিজৰ হাতত ৰাখিছিল। মাত্ৰ এটা সমষ্টি মিত্ৰদলবোৰক এৰি দিছিল। সেই দলবোৰৰ উমৈহতীয়া প্ৰাৰ্থী কোন হ'ব তাৰ সিদ্ধান্তত কংগ্ৰেছৰ হস্তক্ষেপ মিত্ৰতাৰ নীতি অনুসৰিও মানি ল'ব নোৱাৰি। কংগ্ৰেছে চাৰিটা সমষ্টিত নিজৰ সিদ্ধান্ত অনুসৰি তেওঁলোকৰ দলৰ প্ৰাৰ্থী প্ৰদান কৰিছিল।

সেই সিদ্ধান্তত কিন্তু মিত্ৰ আন দলবোৰৰ হস্তক্ষেপ নাছিল। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো কংগ্ৰেছৰ ভূমিকা আছিল মিত্ৰদলৰ প্ৰতি অসন্মান জনক। শক্তিশালী বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে এক প্ৰেক্ষাপট ৰচনা কৰাত উদ্যোগ ল'ব লাগিছিল। অভিজ্ঞ ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ নেতৃত্বই যি ভূমিকা পালন কৰিব লাগিছিল সেই ভূমিকা পালন কৰা দেখা পোৱা নাযায়।

এনে পৰিবেশ পৰিস্থিতিত কংগ্ৰেছে আন মিত্ৰদলৰ সৈতে দীৰ্ঘসময়ৰ বাবে অসমত সুসম্পৰ্ক ৰক্ষা কৰিব নোৱাৰাতোৱেই স্বাভাৱিক। অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়ি একেখন মঞ্চত থকা বাওঁ তথা আন দলসমূহে বুজি উঠিছে কংগ্ৰেছৰ সংকীৰ্ণ ৰাজনীতিৰ কথা।

অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত অতি সচেতনভাৱে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰাৰ্থিত্বৰ নাম চূড়ান্ত কৰিবলৈ ২৩ অক্টোবৰৰ পুৱা ১০ বজালৈকে সময় নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো কংগ্ৰেছে সমগ্ৰ বিষয়টো আওকান কৰিছিল। শেষ মুহূৰ্তত লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে এনে মিত্ৰতাৰ নামত সহযোগী দলে পালন কৰা ভূমিকাক মুকলিকৈ সমালোচনা কৰিলে।

স্বাভিমান থকা লোকে ল'ব পৰা সিদ্ধান্ত ল'বলৈ তেওঁলোক সাজু থকা বুলি কৰা মন্তব্যতে পৰিস্ফুত হ'ল কিমান ধৈৰ্যৰে এই মিত্ৰতা ৰক্ষা কৰিবলৈ তেওঁলোকৰ পক্ষৰ পৰা চেষ্টা চলোৱা হৈছিল। সেই কথা কংগ্ৰেছৰ বুজি পাবলগীয়া নেতাসকলৰ বোধগম্য নহ'ল।

যিগৰাকী প্ৰাৰ্থীক পাঁচজনীয়া কমিটীয়ে বিহালীৰ বাবে চূড়ান্ত কৰিছিল সেই প্ৰাৰ্থীগৰাকীয়েও মিত্ৰতাৰ স্বাৰ্থত এই নিৰ্বাচনী দৌৰৰ পৰা আঁতৰি আহিব বুলি ঘোষণা কৰিছিল। তাৰ পাছত নতুনকৈ প্ৰস্তুত কৰা প্ৰাৰ্থী পেনেল আৰু ইয়াৰ পৰা নাম চূড়ান্ত কৰা প্ৰাৰ্থীগৰাকীৰ ক্ষেত্ৰতো কংগ্ৰেছে ইতিবাচক সহাৰি নজনালে।

যাৰ বাবে মৰ্চাই উমৈহতীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নোৱাৰিলে। দিল্লীত হাত থকা এজন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদৰ ইচ্ছা অনুিচ্ছাৰ ওপৰতেই অসমত বিৰোধীৰ ঐক্যবদ্ধ বিজেপি বিৰোধী যুঁজৰ ঘোঁৰা থমকি ৰ'ল। সেই নেতা জনে প্ৰক্ষেপ কৰিব বিচৰা প্ৰাৰ্থীজনক কংগ্ৰেছে বিহালী সমষ্টিত প্ৰক্ষেপ কৰিলেও ইতিমধ্যে সংঘটিত হৈ যোৱা ৰাজনৈতিক পট পৰিবৰ্তনে মিত্ৰশক্তিক দুৰ্বল কৰি পেলালে।

এটা সমষ্টিত সৰ্ব সন্মত সিদ্ধান্তৰ মৰ্মে এজন প্ৰাৰ্থী নাম চূড়ান্ত কৰিব নোৱাৰা এনে মিত্ৰতাই ক্ষমতা দখল কৰাৰ পাছত কি ৰূপ ল'ব তাৰ আভাস পালে অসমৰ ৰাইজে। কংগ্ৰেছে বুজা ভাল আছিল ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি আঞ্চলিক শক্তিৰ সহযোগতহে ৰাজ্যত বিজেপি বিৰোধী এক বাতাবৰণৰ আৰম্ভণি হৈছিল।

সেই আৰম্ভণিতেই একাংশ কংগ্ৰেছী নেতাৰ প্ৰচুৰ আত্মবিশ্বাস, অহংকাৰ আৰু সপোনে এই বাতাবৰণ নষ্ট কৰি পেলালে। পূৰ্বতে কংগ্ৰেছৰ প্ৰতি সৃষ্টি হোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌ, দুৰ্নীতি, কেলেংকাৰীৰ বাবে জন্ম হোৱা অনিহাৰ পৰা কংগ্ৰেছ এতিয়াও মুক্ত হ'ব পৰা নাছিল। আঞ্চলিক শক্তিক লগত লৈ আত্মশুদ্ধিকৰণৰ এক সুযোগ কংগ্ৰেছে লাভ কৰিছিল।

সেই সুযোগ কংগ্ৰেছে গ্ৰহণ কৰাত চূড়ান্তভাৱে বিফল হ'ল। এয়া বিৰোধী ৰাজনৈতিক দলৰ কংগ্ৰেছৰ প্ৰতি প্ৰতিক্ৰিয়া নহয়। দলটোৰ গতি, প্ৰকৃতি আৰু মতি দেখি সাধাৰণ ৰাইজৰ মনত এনে ধাৰণাই সৃষ্টি হৈছে এতিয়া। কংগ্ৰেছে ৰাজ্যত এক উমৈহতীয়া ৰাজনৈতিক সম্ভাৱনা নষ্ট কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in