অকস্মাৎ আহিল দুটা খবৰঃ কঁপি উঠিল বিজেপিৰ দুটা শিবিৰ...

অকস্মাৎ আহিল দুটা খবৰঃ কঁপি উঠিল বিজেপিৰ দুটা শিবিৰ...
Published on
Updated on

তুষাৰ প্ৰতিম

দিনটোৰ ৰাজনীতিৰ ৩ টা খবৰ। তিনিওটা খবৰে কাৰোবাৰ বাবে যদি কঢ়িয়াই আনিছে আশাৰ বতৰা আন কাৰোবাৰ বাবে আকৌ নিৰাশা অথবা বিপদৰ আশংকা। দিল্লীৰ পৰা অহা এই তিনিওটা খবৰক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি ভিতৰি ভিতৰি প্ৰায় গৰম বুলিব পাৰে।

তিনিওটা খবৰৰ ভিতৰত দুটা শাসকীয় বিজেপি দলৰ আৰু আনটো ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, আম আদমী পাৰ্টিৰ। তিনিওটা খবৰৰ ভিতৰত শাসকীয় বিজেপিৰ পৰা অহা খবৰ দুটায়েই স্বাভাৱিকতে অধিক গুৰুত্ব লাভ কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আজি সাংগঠনিক দিশত বহু সালসলনি কৰা হৈছে। ২০২৪ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে এইদৰে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৰা সালসলনি লোকসভা নিৰ্বাচনৰ এক ৰণ কৌশল হ'লেও অৱশ্যে অসমৰ বাবে ই এক বিশেষ ইংগিত বহন কৰিছে।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক জেপি নড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰাৰ বিপৰীতে পূৰ্বে এই দায়িত্বত থকা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক এই দায়িত্বৰ পৰা অব্যাহতি দিছে। পুৱাই এই প্ৰথমটো খবৰে অসমৰ ৰাজনীতি গৰম কৰি তুলিলে।

ইয়াৰ পাছতেই আহিল আন এটা খবৰ। বিজেপিৰ পৰাই অহা এই খবৰটোৱেও বিজেপিৰেই ভিতৰচৰাত সৃষ্টি কৰিলে নানান প্ৰতিক্ৰিয়াৰ। মহাশক্তিশালী হৈ উঠা অসম বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাক এই পদৰ পৰা অব্যাহতি।

স্বাভাৱিকতে এয়া এটা ডাঙৰ কথা। একাংশৰ বাবে এয়া সৰুসুৰা এক ৰাজনৈতিক বিস্ফোৰণেই বুলিব পাৰি। যোৱা বিধানসভা, লোকসভা নিৰ্বাচনত এইগৰানী নেতাৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। বিজেপিক সাংগঠনিক দিশত শক্তিশালী কৰাত তেওঁৰ যথেষ্ট ভূমিকা আছিল।

এইগৰাকী ফণীন্দ্ৰনাথ শৰ্মাক অসম বিজেপিৰ সাংগঠনিক সম্পাদকৰ পৰা অব্যাহতি দি হাৰিয়াণাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হৈছে। অৱশ্যে তেওঁৰ হাৰিয়াণাত সাংগঠনিক কাম, কাজৰ অভিজ্ঞতা পূৰ্বৰে পৰা আছে।

আনহাতে হাৰিয়াণাৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হৈছে। দিল্লীৰ পৰা অহা বিজেপিৰ এই দুই খবৰে অসমৰ ৰাজনীতিত ভৱিষ্যতে যে বহু উত্থাপন, পতনৰ সম্ভাৱনা আছে তাক প্ৰায় নিশ্চিত কৰি তুলিলে।

যিসকলে ৰাজ্যিক বিজেপিৰ নেতাসকলৰ বডি লেংগুৱেজ অধ্যয়ন কৰিছে, তেওঁলোকৰ কামকাজক নজৰত ৰাখিছে তেওঁলোকে হয়তো বুজি পাইছে বিজেপিৰ নেতৃত্ব পৰিবৰ্তন একাংশ নেতাৰ বাবে যে শুভলক্ষ্যণ নহয়। লবী কেন্দ্ৰিক ৰাজনীতিয়ে ভিতৰি ভিতৰি খুলি খুলি খোৱা বিজেপিত এই দুটা খবৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লীবক যে ক্ষতি কৰিছে সেই কথাও বহুতেই উপলব্ধি কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰ কৰি বিজেপিত ইতিমধ্যে দুটা শিবিৰ গঢ়লৈ উঠিছে সেই কথা লুকাই থকা নাই। একেদৰে বিজেপিৰ একাংশ নিষ্ঠাবান আৰু পুৰণি কৰ্মী, নবিজেপিৰ দৌৰাত্ম্যত দলটোৰ পৰা একাষৰীয়া হৈছে সেই কথা স্বয়ং দলটোৰ নেতাই ৰাজহুৱাকৈ প্ৰকাশ কৰিছে।

নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৰাজহুৱাকৈ বিজেপি দলটোক অপাত্ৰৰ হাতত গতাই দিয়া বুলি আক্ষেপ প্ৰকাশ কৰাৰ লগতে কেন্দ্ৰীয় নেতৃত্বক ইতিমধ্যে তেওঁৰ অভিযোগ দাখিল কৰিছে। আনকি তেওঁ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ বিৰুদ্ধেও খেদ প্ৰকাশ কৰিছে।

সেইদৰে বিজেপিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰঞ্জিত দত্ত, প্ৰাক্তন মন্ত্ৰী ৰাজেন বৰঠাকুৰ আদিৰো আজি বিজেপিত প্ৰভাৱ নাই। মুখ্যমন্ত্ৰি হিমন্ত বিশ্ব শৰ্মাক বিজেপিত চামিল কৰোৱা প্ৰাক্তন সভাপতি তথা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ মন্ত্ৰীত্ব লাভ কৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য বিধায়ক হৈ আছে যদিও আজিকালি তেওঁৰ খবৰ সংবাদ মাধ্যমত বিচাৰিলেও পাবলৈ নাই। জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনৰো একেই অৱস্থা।

এই আটাইকেইজন নেতাই কিন্তু সৰ্বানন্দ সোণোৱালৰ শিবিৰৰ বুলি ক'ব বিচাৰে একাংশই। আজি জেপি নড্ডাই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া কামাখ্যা প্ৰসাদ তাছাও সৰ্বানন্দ সোণোৱালৰ মানুহ।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া সাংসদ দিলীপ শইকীয়া ড০ হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ বুলি ক'ব বিচাৰে একাংশই। সেই ফালৰ পৰা চাবলৈ গ'লে লবী কেন্দ্ৰিক ৰাজনীতি চলি থকা অসম বিজেপিত সৰ্বানন্দ সোণোৱালৰ শক্তি কিছু বৃদ্ধি পালে।

ইফালে দিল্লীৰ পৰা অহা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল ফণীন্দ্ৰনাথ শৰ্মাক অসম বিজেপিৰ সাংগঠনিক দায়িত্বৰ পৰা অব্যাহতি। ফণীন্দ্ৰনাথ শৰ্মাক অসম বিজেপিৰ হৰ্তাকৰ্তা বিধাতা বুলিও যদি কোৱা হয় তেন্তে হয়তো ভুল কোৱা নহ'ব।

এইগৰাকী নেতাৰ নাম ব্যৱহাৰ নকৰাকৈয়ে ৰাজহুৱাকৈ সমালোচনা কৰাৰ বাবেই হোজাইৰ একালৰ বহুবল্কী বিধায়ক শিলাদিত্য দেৱে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। দিনে, নিশাই সাম্প্ৰদায়িক কথা বতৰাৰে সংবাদ শিৰোনাম দখল কৰাৰ পাছতো শিলাদিত্য দেৱে কেৱল মাত্ৰ এইগৰাকী নেতাক সমালোচনা কৰাৰ বাবেই টিকট বঞ্চিত হৈছিল বুলি আজিও চৰ্চা হয়।

শেহতীয়াকৈ এইগৰাকী নেতাৰ উপস্থিতিতে নলবাৰীত পুৰণি বিজেপি কৰ্মী তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাক গুৰুত্বহীন কৰা হৈছিল। এই প্ৰসংগত তেওঁ অভিযোগ কৰাৰ পাছতো, ৰাজ্যিক বিজেপিত প্ৰকৃত বিজেপি কৰ্মীৰ গুৰুত্ব নোহোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো কিন্তু ফণীন্দ্ৰনাথ শৰ্মাই কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

বৰঞ্চ তেওঁ নবিজেপিৰ পক্ষত অৱস্থান কৰিলে বুলি আজিও পুৰণি বিজেপি কৰ্মীয়ে আক্ষেপ প্ৰকাশ কৰে। সেই ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰা আঁতৰ কৰাৰ লগে লগে এতিয়া নবিজেপিৰ মাজত হুৱাদুৱা লাগিবলৈ আৰম্ভ কৰিছে।

কিয়নো তেওঁৰ স্থানত এইবাৰ যিগৰাকী নেতাক অসমৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হৈছে তেওঁ আৰ এছ এছৰ এজন নিষ্ঠাবান কৰ্মী হোৱাৰ লগতে সাংগঠনিক ক্ষেত্ৰত অতি কঠোৰ বুলি জানিব পৰা গৈছে। সেয়ে পুৰণি আৰু আদৰ্শবান বিজেপি কৰ্মীসকলে এইগৰাকী নেতাৰ অসম আগমণক তেওঁলোকৰ বাবে যোগাত্মক খবৰ হিচাপে বিবেচনা কৰিছে।

সেইফালৰ পৰা আজিৰ এই দুয়োটা শিবিৰ সৰ্বানন্দ সোণোৱালৰ শিবিৰৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ আৰু আশাব্যঞ্জক। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ বাবে এই দুয়োটা খবৰেই নিৰাশাজনক বুলি বিবেচিত হৈছে।

ইফালে মঙলদৈৰ সাংসদ দীলিপ শইকীয়াক অব্যাহতি দি কামাখ্যা প্ৰসাদ তাছাক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াত বহুতেই উজনি, নামনি ৰাজনীতিৰ প্ৰসংগ টানি আনিছে। ৰাজ্যিক বিজেপিত প্ৰায় সকলোবোৰ শীৰ্ষ পদবীত আছে নামনি অসমৰ নেতা।

মুখ্যমন্ত্ৰী, সভাপতি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, সাংগঠনিক সম্পাদক আদি সকলো পদত নামনি অসমৰ প্ৰতিনিধি। সেয়ে উজনি অসমৰ বিজেপি শিবিৰক সন্তুষ্ট কৰিবৰ বাবেই কামাখ্যা প্ৰসাদ তাছাক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে বুলি ক'বলৈ বিচাৰিছে।

অৱশ্যে কামাখ্যা প্ৰসাদ তাছাক এই দায়িত্ব দিয়াত আন এক অংকও নোহোৱা হয়। সেয়া হৈছে উজনি অসমৰ চাহ জনগোষ্ঠীয় ভোটৰ অংক। সেয়া যিয়েই নহওক বিজেপিৰ এই দুই শীৰ্ষ পদীবৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ প্ৰতিনিধিক অব্যাহতি দিয়া বিষয়টোত যে এই শিবিৰে গোমোঠা সেয়া ইতিমধ্যে প্ৰকাশ পাইছে।

আন এক চৰ্চা অনুসৰি আকৌ বিজেপিৰ ভিতৰচৰাত একাংশ নেতা নেতৃত্বৰ প্ৰতি সন্তুষ্ট নহয় যদিও মুকলিকৈ সেই কথা প্ৰকাশ কৰিব পৰা নাই। বিজেপি সভাপতি ভৱেশ কলিতাক লৈ অসন্তুষ্ট ৰাজ্যিক বিজেপিৰ প্ৰায়বোৰ জ্যেষ্ঠ নেতা। ভৱেশ কলিতাই দলটোক শক্তিশালী কৰিব নোৱোৰাৰ লগতে মুখ্যমন্ত্ৰীৰ শিবিৰক সন্তুষ্ট কৰাতহে অধিক গুৰুত্ব দিয়ে বুলি দলৰেই একাংশই ক'বলৈ বিচাৰে।

সেই দৰে যোৰহাট লোকসভাৰ সাংসত তপন গগৈক আঁতৰাই জে'ললৈ যোৱা যুৱ নেতা লাচিত গগৈক কিদৰে সংস্থাপিত কৰাৰ এক কৌশল ৰচনা হৈছিল সেই কথা টেলিফোনিক ভাইৰেল কথোপকথনত স্পষ্ট হৈছিল। তাৰ পৰা অনুমান কৰিব পাৰি লবী কেন্দ্ৰিক ৰাজনীতি দলটোৰ ভিতৰচৰাত ক'ৰ পৰা ক'লৈকে শিপাইছে।

এনে পৰিস্থিতিত আজি দিল্লীৰ পৰা অহা বিজেপিৰ এই দুই খবৰে যে আগন্তুক সময়ত অসমৰ ৰাজনীতিত বহু উত্থান, পতনৰ কাৰক হৈ পৰিব সেয়া সহজেই অনুমান কৰিব পাৰি। ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে হয়তো আজিৰ এই দুই খবৰৰ বাবেই বহুতৰ বাবে আশীৰ্বাদ আৰু বহুতৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিব পাৰে।

অকস্মাৎ আহিল দুটা খবৰঃ কঁপি উঠিল বিজেপিৰ দুটা শিবিৰ...
বিজেপি ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ পৰা আঁতৰালে ফণীন্দ্ৰনাথ শৰ্মাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in