মই এৰিলেও আছে আমাৰ এওঁ...

মই এৰিলেও আছে আমাৰ এওঁ...
মই এৰিলেও আছে আমাৰ এওঁ...
Published on
Updated on

দেশৰ ৰাজনীতিত এনে বহু প্ৰভাৱশালী আৰু ক্ষমতাশালী নেতা আছে, যিসকলৰ শ্ৰীমতী অৰ্থাৎ সহধৰ্মিনী প্ৰত্যক্ষ বা পৰোক্ষ ৰাজনীতিৰ সৈতে জড়িত নহয় বা নহৈছিল। ৰাজনীতি কৰিবলৈ তেওঁলোকৰ যে, প্ৰয়োজনীয় যোগ্যতা নাই সেয়া তেওঁলোকে বুজি উঠিছিল।

এতিয়া সেই পুৰণি নৈতিকতা ৰাজনীতিত নাই। পতি ৰাজনীতিৰ সৈতে জড়িত হ'লে পত্নী বা সন্তান নতুবা আত্মীয়ক ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা কৰিবলৈ নেতাই উদ্যোগ লোৱাৰ এক পৰম্পৰা গঢ়লৈ উঠিছে। পৰিস্থিতিগত কাৰণত অসমতো স্বামী ৰাজনীতিৰ সৈতে জড়িত হোৱা সূত্ৰে ভালে কেইগৰাকী মহিলাই ৰাজনীতিত অংশ লৈ নিজৰ অস্তিত্ব বজাই ৰখাৰ উদাহৰণ আছে।

গোপীনাথ বৰদলৈ অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল। কিন্তু তেওঁৰ পত্নী আঁতৰি আছিল ৰাজনীতিৰ পৰা। মহেন্দ্ৰ মোহন চৌধুৰী, বিষ্ণুৰাম মেধি, যোগেন হাজৰিকা, কেশৱ চন্দ্ৰ গগৈ, গোলাপ বৰবৰা, দুলাল বৰুৱা, তৰুণ গগৈ এনে অনেক উদাহৰণ অসমৰ ৰাজনৈতিক ইতিহাসত আছে।

প্ৰণতি ফুকন, অজন্তা নেওগ, বিস্মিতা গগৈয়ে ৰাজনীতিত যোগদান কৰা আৰু প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্ত ৰাজনীতিত প্ৰৱেশৰ মাজত প্ৰাৰ্থক্য আছিল। প্ৰভাৱ আৰু ক্ষমতাৰ জৰিয়তে দলীয় সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ ক্ষমতাৰ সোৱাদ ল'ব বিচাৰিছিল।

বিশেষ অৰ্হতা নথকাকৈয়ে বিহাৰত লালু প্ৰসাদ যাদৱে পত্নী ৰাবৰী দেৱীক মুখ্যমন্ত্ৰী পাতি দিছিল। সেই কাম অৱশ্যে দিল্লীত অৰবিন্দ কেজৰিৱালে কৰা নাছিল। হেমন্ত চোৰেনেও ঝাৰখণ্ডত এনে কৰাৰ সুযোগ পায়ো সেইয়া বাস্তৱ হ'বলৈ দিয়া নাছিল।

ভৰত নৰহ-ৰাণী নৰহ ৰাজনীতিৰ সমীকৰণ স্বামী, স্ত্ৰীৰ পৰিপূৰক। ২০২৪ ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবীয়েই ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ভৰত নৰহে। নাৰীয়ে নিজৰ বলতো ৰাজনীতিত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। তাৰ উদাহৰণ আনোৱাৰ টাইমূৰ।

হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত ৰাজনীতিত ভৰি থৈছিল হেমপ্ৰভা শইকীয়াই। মন্ত্ৰীও হৈছিল তেওঁ। কিন্তু ধাৰাবাহিকতা ৰাজনীতিৰ ক্ষেত্ৰখনত ৰাখিব পৰা নাছিল। ললিত ৰাজখোৱাৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী ৰেণুপমা ৰাজখোৱায়ো সক্ৰিয় ৰাজনীতিত অংশ লৈছিল।

এইবোৰ পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ একো একোটা উদাহৰণ। এইটোও ঠিক যে, কিবা যোগসূত্ৰত ৰাজনীতিত ভৰি থৈ বহু কেইগৰাকীয়ে তেওঁলোকৰ নেতৃত্বৰ প্ৰমাণ দিব পাৰিছে সফলতাৰে। অসম বিধানসভা উপ নিৰ্বাচনক কেন্দ্ৰ কৰি আকৌ চৰ্চালৈ অহা এগৰাকী ৰাজনীতিবিদৰ পত্নী হ'ল দিপ্তিময়ী চৌধুৰী।

বঙাইগাওঁ বিধানসভা সমষ্টিৰ পৰা প্ৰায় ৪০ বছৰৰো অধিক কাল বিধায়ক হিচাপে জয়ী হৈ আহিছিল ফণীভূষণ চৌধুৰী । দেখাত তেনেই সাধাৰণ কোনো লোভ, মোহ নথকা এজন নেতা হিচাপেই এক ভাৱমূৰ্তি আছে।

২০২৪ ৰ লোকসভা নিৰ্বাচনত তেওঁ বৰপেটা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত এই খালী হোৱা বিধানসভা সমষ্টি অগপক প্ৰতিনিধিত্ব কৰিব পৰা কেইবাগৰাকীও নেতা আছিল। কিন্তু দলৰ সেই নেতাসকলক আওকাণ কৰি অতি কৌশলেৰে পত্নীক বঙাইগাওঁ বিধানসভাৰ পৰা দিছপুৰলৈ পঠাবলৈ তৎপৰ হৈ পৰিল প্ৰাক্তন বিধায়কগৰাকী।

সাধাৰণ মানুহৰ দৃষ্টিত ফণীভূষণ চৌধুৰীৰ দৰে এজন নেতাই তেনে সিদ্ধান্ত লোৱাতো আচৰিত কথা। বাহিৰত এক ভাৱমূৰ্তি তৈয়াৰ কৰিলেও পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ মোহত অন্ধ হৈ পৰা চৌধুৰীৰ বিৰুদ্ধে তেওঁৰ দল অগপৰ ভিতৰচৰাতে ক্ষোভ আৰু অসন্তুষ্টিৰ জোৱাৰ উঠিছে।

কি কাৰণত চৌধুৰীয়ে পত্নীক পাকঘৰৰ পৰা আনি বিশেষ অভিজ্ঞতা নথকাৰ স্বত্বেও ৰাজনীতিত সংস্থাপন কৰিব খুজিছে সেয়া বুজাসকলে ভালদৰে বুজি উঠিছে। চতুৰ চৌধুৰীয়ে প্ৰাৰ্থী ৰূপে চৰ্চাত থকা অগপৰ দুই নেতাক পৃথকে পৃথকে এজনক আনজনৰ বিৰুদ্ধে উচটাই দি পত্নীক প্ৰাৰ্থিত্ব প্ৰদানৰ এক পৰিবেশ ৰচনা কৰিছে।

যাৰ বাবে বঙাইগাওঁ অগপৰ দুই শীৰ্ষ নেতা বিজয় সিংহ আৰু শৈলন সৰকাৰে দলটোৰ শীৰ্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে। অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ সুবিধাবাদৰ স্বৰূপটো ভালদৰে লক্ষ্য কৰিলে ধৰিব পাৰি।

অগপৰ বিভাজন, নেতাবোৰৰ মাজৰ লবী কেন্দ্ৰীক তৎপৰতাৰ আঁৰত সদায় এইগৰাকী নেতাই অনুঘটকৰ ভূমিকাৰে কাম কৰি আহিছে। আনকি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সময়তো তেওঁ সমষ্টি এৰি দিল্লীলৈ নাযাও বুলি কেমেৰাৰ সন্মুখত যি ৰাওচি জুৰিছিল সেয়াও যে আবেগেৰে খেলা এক ৰাজনৈতিক নাটক সেয়া বোধগম্য হৈ পৰিছে।

বঙাইগাঁৱত অগপৰ একনায়কত্ববাদৰ প্ৰতীক ফণীভূষণ চৌধুৰী। দলটোৰ প্ৰাক্তন সভাপতি প্ৰভাত বৈষ্ণৱে ২০০২ চনতে চৌধুৰীৰ এনে স্বৰূপ উদঙাই অগপৰ কাৰ্যালয়ত ইয়াৰ প্ৰতিবাদ কৰিছিল। আনকি তেওঁ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ জবাবদিহী কৰিবলৈ সাজু হৈছিল।

মেনেজ মাষ্টৰ ফণীভূষণে জানে কাক, কেতিয়া মেনেজ কৰি ৰাখিব লাগে। বঙাইগাওঁ অগপৰ নেতাক মেনেজ কৰি তেওঁ বিৰুদ্ধাচাৰণ কৰা লোকসকলক কি ধৰণে ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিব লাগে সেই কিটিপ ফণীভূষম চৌধুৰীয়ে ইতিমধ্যে শিকি পেলোৱাই নহয়, ইয়াত পাৰ্গত হৈ পৰিছে।

তেনেবোৰ কাৰণতেই চৌধুৰীয়ে ইচ্ছাকৰা অনুসৰি পত্নীক অগপৰ বঙাইগাওঁ বিধানসভাৰ প্ৰাৰ্থী কৰিবলৈ প্ৰস্তুত কৰা ব্লুপ্ৰিণ্টৰ বিৰুদ্ধে আন নেতাই বৰ বিশেষ একো কৰিব নোৱাৰে। দিপু চৌধুৰীৰ দৰে নেতাৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংসৰ আঁৰত ফণীভূষণ চৌধুৰীৰ কুটিল ৰাজনীতিয়েই আছিল।

দেখাত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কমিটী গঠন কৰি ইতিমধ্যে নিজেই সিদ্ধান্ত লোৱা ফণীভূষণ চৌধুৰীক সমষ্টিবাসীয়ে এইবাৰহে পৃথক দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰিছে। বুজি উঠিছে তেওঁৰ চতুৰালিবোৰ। তৃণমূল পৰ্যয়াৰ পৰা তেওঁক এৰি যাব খোজা দলৰ সাধাৰণ কৰ্মীসকলতকৈ এতিয়া তেওঁ পত্নীক যিকোনো প্ৰকাৰে বিধায়ক ৰূপে নিৰ্বাচিত কৰি পঠিওৱাটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তিময়ী চৌধুৰী এগৰাকী সুগৃহিনী তথা এখন এম ই স্কুলৰ শিক্ষয়ত্ৰী আছিল। সহকাৰী শিক্ষয়ত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা দিপ্তিময়ী চৌধুৰীয়ে কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত নাছিল। আগতে তেওঁ মন্ত্ৰী আৰু বিধায়কৰ পত্নী আছিল এতিয়া তেওঁ সাংসদৰ পত্নী।

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ফণীভূষণ চৌধুৰীৰ পত্নীয়ে বঙাইগাওঁ এম ই স্কুল, কবৰস্থানত কাম কৰিছিল। স্বামীৰ ক্ষমতাৰ সূত্ৰে মন গ'লে বিদ্যালয়লৈ গৈছিল আৰু মন নগ'লে ঘৰতে থাকিছিল। তেওঁৰ দৰে এগৰাকী মহিলাক কাৰ সাহস আছে প্ৰশ্ন কৰাৰ?

মাহেকত কোনোবা এটা দিনত বিদ্যালয়লৈ গৈ পূৰ্বতে নোযোৱা দিনবোৰৰ উপস্থিতিৰ বহীত চহী কৰি থৈ অহাটোৱেই তেওঁৰ হেনো মূল কাম আছিল। এইবোৰ অভিযোগ বঙাইগাঁৱৰ সচেতন ৰাইজৰ। এইবোৰ কথা ফণীভূষণৰ একালৰ ঘনিষ্ঠসকলে দেখি, শুনি কোৱা।

বিধায়ক হৈ থাকোতে এটা শক্তিশালী ব্যৱসায়ীক চক্ৰৰে পৰিবেষ্টিত হৈ আছিল ফণীভূষণ চৌধুৰী। তেওঁৰ কথাতে সেই ব্যৱসায়ীসকল উঠাবহা কৰিছিল। বিভিন্ন আঁচনিৰ কাম-কাজ সেই সকলেই পাইছিল। লুটিপুতি খাবলৈ এনেকৈ অভ্যাস গঢ়লৈ উঠা সেই চক্ৰটোৰ বাবে ফণীভূষণ চৌধুৰী ভগৱান।

তেওঁ সাংসদ হৈ যোৱাৰ পাছত কিবা কাৰণত আন কোনো লোকে বঙাইগাঁৱৰ বিধায়ক হ'লে এইসকলৰ সান্দহ খোৱা বালি তল পৰিব। সেয়েহে তেওঁলোকে বহু ভাবি চিন্তি এক উপাই উলিয়ালে- ফণীভূষণ চৌধুৰী সাংসদ হৈ থাকিও চোন বিধায়ক হৈয়ো থাকিব পাৰে বঙাইগাঁৱত। সেয়েহে পৰিকল্পনা অনুসৰিয়েই তেওঁক বেৰি থকা চক্ৰটোৰ পৰামৰ্শ অনুসৰি পত্নীক এই সমষ্টিৰ পৰা প্ৰাৰ্থী কৰি জয়ী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

দলত দীৰ্ঘদিন ধৰি ত্যাগ, পৰিশ্ৰম কৰা লোকসকলক উপেক্ষা কৰাৰ এয়াই অন্যতম কাৰণ। ফণীভূষণ চৌধুৰীৰ কাষত থাকে বিপুল চৌধুৰী নামৰ এজন ব্যক্তি। যিজন ব্যক্তি হেনো তেওঁৰ ব্যৱসায়ৰ সহযোগী। স্থানীয়ভাৱে বিভিন্ন দিশ চোৱাচিতা কৰাৰ বাবে ঠিকাদাৰ ৰবি সৰকাৰ আছে ফণীভূষণৰ কাষত।

কমল গয়াৰী এতিয়া ফণীভূষণৰ অন্যতম ঘনিষ্ঠ ব্যক্তি। মানুহে কয়, তেঁৱেই হনো চৌধুৰীৰ পুঁজি যোগানকাৰী। ভূপেন নাথ, পাৰ্থ প্ৰতীম মজুমদাৰ, মনোজ হৰলালকাৰ, পৱণ পাৰিক আদি আছেই। ধনীৰ বন্ধু ফণীভূষণ চৌধুৰী। জাতীয়তাবাদৰ নামত ব্ৰত লৈ সমাজ সেৱা কৰা দেখুৱাই ভতৰি কোনে, কি কৰি থাকে সেয়া ধৰিবই নোৱাৰি।

দেশ, জাতিৰ কল্যাণ আদি তেওঁলোকৰ বাবে শ্লোগান। এই শ্ৰেণীৰ লোকৰ সৈতে নৈতিকতাক বিসৰ্জন দি মানুহ থাকিব লাগিব। যিসকলৰ নৈতকতা আছে সেইসকলে কেতিয়াও এনে ছদ্মবেশী ৰাজনীতিবিদৰ সৈতে সহবস্থান কৰিব নোৱাৰে। এইবোৰ মন্তব্য ফণীভূষণ চৌধুৰীৰ একালৰ ঘনিষ্ঠ লোকেই কোৱা।

এতিয়া তেওঁৰ এটাই উদ্দেশ্য- বিধানসভালৈ কেনেকৈ শ্ৰীমতীক বিধায়ক কৰি পঠিয়াব পাৰি। কোনো দিনেই ৰাজহুৱা এখন সভা সম্বোধন কৰি নোপোৱা এ জি পিৰ প্ৰাথমিক সদস্য পদ নথকা পত্নী দিপ্তিময়ী চৌধুৰী হৈ যাব পাৰে বঙাইগাঁৱৰ নতুন জনপ্ৰতিনিধি।

যিদলৰে নহওক এনে নেতাৰ স্বৰূপ এতিয়া উপলব্ধি কৰাৰ সময়। মানুহৰ আৱেগ, অনুভূতিক সম্বল কৰি লৈ সহজ আৰু সাধাৰণ জীৱন কটাইছো বুলি প্ৰতিপন্ন কৰিব খোজা নেতাবোৰেই হয় প্ৰচণ্ড স্বাৰ্থপৰ আৰু ব্যক্তিকেন্দ্ৰীক। উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ঘটনা প্ৰবাহেই ফণীভূষণ চৌধুৰীৰ সেই ৰূপটোকেই উদঙাই দিলে।

সমষ্টিবাসীয়ে নিৰ্বাচনৰ সময়ত কি ৰায় দিয়ে তাৰ ওপৰতেই এই চাম নেতাৰ ভৱিষ্যত নিৰ্ভৰ কৰে। এতিয়া তেওঁলোকে গুৰু, গোঁসাই নামানে। যি ভাবে তাকেই কৰিব বিচাৰে। তেওঁলোকৰ বাবে সমষ্টিবোৰ হৈ পৰিছে পৈতৃক সম্পত্তি।

মই এৰিলেও আছে আমাৰ এওঁ...
দুদিনৰ বাবে আকৌ কংগ্ৰেছী হ'ব অখিল-লুৰীণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in