কাব্যগুৰু...

কাব্যগুৰু...
কাব্যগুৰু...
Published on
Updated on

কাব্য সাধনা আৰু কবিতা সমালোচনাৰ তেওঁ আছিল অন্যতম পুৰোধা। 'ৰামধেনু' যুগৰ পৰাই কাব্য চৰ্চা কৰা এজন অতি সহজ মানুহ। ছটা দশকৰো অধিক কাল একনিষ্ঠ ভাৱে অসমীয়া কাব্য জগতক সমৃদ্ধ কৰা বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ দেহাৱসানৰ খবৰ অসমীয়া সাহিত্যৰ বাবেই এক দুঃখবৰ।

শিৱসাগৰৰ ঢুলিয়াপাৰত শৈশৱ এৰি অহা কবি ৰবীন্দ্ৰ বৰাৰ জন্ম হৈছিল ১৯৩৯ চনত মাকুমত। 'দীৰ্ঘদিনৰ প্ৰস্তুতিৰে', 'শস্য মানুহ', 'ৰাতি ভাঙি আহে', 'সাহচৰ্য', 'উত্তৰ প্ৰজন্ম', 'সতীৰ্থৰ দিন', 'ৰ'দৰ চৰাই', 'সপোনৰ একান্ত অনুগত', 'ৰবীন্দ্ৰ বৰাৰ স্বনিৰ্বাচিত কবিতা', 'ৰবীন্দ্ৰ বৰাৰ কবিতা সমগ্ৰ', 'পোহনীয়া চৰাইৰ মাত' আদি তেওঁৰ কাব্যগ্ৰন্থ।

'মই পৰ্যটক' নামৰ এখন নতুন কাব্যগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছিল। ছপা শালত থকা সেই কাব্যগ্ৰন্থৰ পাতনিত তেওঁ লিখিছিল এইখনেই হ'ব তেওঁৰ অন্তিম কাব্যগ্ৰন্থ। কিবা যেন জানিছিল তেওঁ।

সঁচাকৈয়ে সেইখনেই হ'ল প্ৰিয় কবিজনৰ অন্তিম কাব্যগ্ৰন্থ। ১১ আগষ্ট, ২০২৪ ৰ দুপৰীয়া প্ৰায় ১ বজালৈকে জুৰোডৰ প্ৰশান্তি এপাৰ্টমেণ্টত থকা তেওঁৰ বাসগৃহৰ তলতেই বিভিন্ন জনৰ সৈতে আড্ডা মাৰি সময় পাৰ কৰিছিল।

হঠাৎ অসুস্থ হৈ পৰা কবিগৰাকীক মহানগৰীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ নিয়া হৈছিল যদিও শেষ নিশ্বাস ত্যাগ কৰে বিয়লি ২-২০ মিনিটত। কেৱল কবি হিচাপেই তেওঁৰ পৰিচয় নাছিল।

অসমৰ বহু নতুন কবিক প্ৰতিষ্ঠাৰ বাট দেখুৱাইছিল এইগৰাকী সমালোচকে। তেওঁ কবিতাৰ সমান্তৰালভাৱে গল্প আৰু উপন্যাসতো হাত দিছিল। ‘আলি দুমুজাত’, ‘অকলশৰীয়া ভয়’, ‘আকাশ য'ত হেৰালে’ তেওঁৰ গল্প পুঁথি। ৰবীন্দ্ৰ বৰাৰ একমাত্ৰ উপন্যাসখন আছিল ‘দ্ৰৌপদী’।

কবি আৰু কবিতা বিষয়ক বহু প্ৰবন্ধ, সমালোচনা লিখিছিল ৰবীন্দ্ৰ বৰাই। সেই নিৰ্বাচিত প্ৰবন্ধ- সমালোচনাৰে প্ৰবন্ধ সংকলন হৈছে ‘কবি, কবিতা আৰু অন্যান্য’। জন সংযোগ বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰবীন্দ্ৰ বৰাই বছৰৰ কবিতা, পটভূমিকে ধৰি বহু কেইখন আলোচনীৰ সম্পাদনা কৰিছিল।

কোনো দিনেই প্ৰাপ্তি আৰু স্বীকৃতিৰ পাছত দৌৰা নাছিল তেওঁ। নিৰ্ভেজাল এই কবিজন আছিল অনুজ কবি, লেখকৰ প্ৰেৰণাৰ অন্যতম উৎস। অসমৰ বহু প্ৰতিষ্ঠিত সাহিত্য আলোচনীৰ বাবে কবিতা নিৰ্বাচন কৰা কবি ৰবীন্দ্ৰ বৰাই লাভ নকৰিলে কোনো আনুষ্ঠানিক স্বীকৃতি।

জ্যেষ্ঠ ভাতৃ মহেন্দ্ৰ বৰাৰ দৰেই তেৱোঁ উপক্ষিত হৈ ৰৈছিল। ৮৫ বছৰ বয়সলৈকে তেওঁ আছিল সপ্ৰতিভ। কোনো গেপ, ভেম, অহংকাৰ নথকা কবি ৰবীন্দ্ৰ বৰাই নতুন প্ৰজন্মৰ কবি লেখকৰ লেখা নিজেই নি সম্পাদকৰ হাতত প্ৰকাশৰ বাবে দিছিল।

অসমীয়া কাব্য সাহিত্যত তেওঁৰ আছিল বিশেষ স্থান। কবি ৰবীন্দ্ৰ বৰা আছিল সমাজ সচেতন। কিন্তু তেওঁ কোনো গোষ্ঠীভুক্ত কবি নাছিল। তেওঁৰ কাব্য চেতনাই সমাজৰ দুৰ্যোগ আৰু দুঃসময়ক তুলি ধৰিছিল।

তেওঁৰ কবিতাই পাঠকৰ মন সহজতে স্পৰ্শ কৰাৰ লগতে তেওঁৰ কাব্য সংবেদনশীলতাই বৈপ্লৱিক ধ্যান, ধাৰনাৰ ইংগিত দিওঁ নৈৰাশ্যবাদক এৰি চলাইছিল। তেওঁ আছিল নতুন দিনত সপোন আৰু সম্ভাৱনাক আদৰি ল'ব পৰা কবি।

জীৱন আৰু শব্দৰ লগত তেওঁৰ সম্পৰ্ক এনেদৰে সংপৃক্ত হৈ আছিল যে, তেওঁৰ অনুপস্থিতিত তেওঁক ক'ত বিচাৰি পাব সেই সন্ধান তেওঁৰ কবিতাতে দি গৈছিল। তেওঁ লিখিছিল- ‘মোক বিচাৰি পাবা/ তোমালোকৰ শৰীৰ ভিতৰত/ কণ্ঠ আৰু মগজুত।‘

তেওঁ হাৰি জিকা কবি। তেওঁৰ কবিতাত মৰ্ম বেদনা আছে, আছে সেই দুখৰ উপলব্ধি। কিন্তু ইয়াক লৈ নিৰাশা নাই। কাব্যিক বাস্তৱ ধৰ্মিতাই তেওঁৰ কবিতাক পাঠকৰ কাষ চপাই নিছিল। গভীৰ আস্থা আৰু বিশ্বাসেৰে তেওঁ লিখিছিল- ‘মোৰ পৰা তোমালৈ/ তোমাৰ পৰা মোলৈ/ কিযে এটা কাঁইটীয়া এটা দীঘল বাঁট।‘

তেওঁ পোহৰৰ প্ৰতীক্ষাত থকা কবি। পোহৰ হ'বলৈকে ৰৈ থাকে তেওঁ। ৰ’দৰ গুন্ধ, বতাহৰ হাই, উৰমি আৰু চৰাই-চিৰিকটিৰ কৌহালপূৰ্ণ মাত শুনাৰ প্ৰত্যাখ্যাত হাতত কলম তুলি লোৱা কবি।

তেওঁ পোহৰৰ পৰা আন্ধাৰ নহয়, আন্ধাৰৰ পৰা পোহৰ চাব খোজে। ৰাজ্যৰ এই আগশাৰীৰ কবিগৰাকী আছিল বহু নবীন কবিৰ গুৰু। সকলোকে তেওঁ সমদৃষ্টিৰে চাইছিল। সমালোচনাৰ তীক্ষ্ণ কলম আৰু শব্দৰে কাকোৱেই আঘাত নকৰাকৈ সত্যক তুলি ধৰিছিল।

আড্ডাবাজ কবি আছিল মুক্ত আকাশৰ পক্ষীৰ দৰে। মন গলেই গুছি গৈছিল ক'ৰবালৈ মনৰ কথা পাতিবলৈ। হাতত চাহৰ কাপ লৈ কবিতা-কবি আৰু সমাজৰ কথাবোৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি মন খুলি পাতিছিল।

আজিৰ পৰা নবছৰ আগতে তেওঁ লিখা সৰু চিঠিত কবি, সমালোচকগৰাকীৰ সচেতনতা, দায়বদ্ধতা ফুটি উঠিছিল। এখন দৈনিক কাকতৰ দেওবৰীয়া পৰিপুৰিকাৰ সম্পাদনাৰ সৈতে জড়িত আছিলোঁ আমি।

তেওঁৰ দৰে জ্যেষ্ঠ অভিজ্ঞ আৰু প্ৰতিষ্ঠিত কবি, সমালোচকক প্ৰায়ে লেখা বা কবিতাৰ বাবে হেঁচা দিছিলোঁ। মহানগৰীৰ চাহৰ দোকানৰ সন্মুখত বহু আবেলি এই জ্যেষ্ঠ কবি, সমালোচকজনৰ সৈতে আড্ডা মৰাতো আমাৰ নিচা হৈ পৰিছিল।

এজন, দুজনকৈ কেইবাজনো নবীন, প্ৰবীণ লেখক সেই আড্ডাৰ অংশ হৈছিল। সেই সূত্ৰে অভিভাৱক অথচ বন্ধুসুলভ আচৰণেৰে আমাক সকলোকে মুগ্ধ কৰিছিল। কিবা কাৰণত সেই আড্ডা হোৱা নাছিল বহুদিন।

এদিন তেওঁ মহানগৰীৰ নাৰিকল বস্তিত থকা আমাৰ ভাড়াঘৰ ওলাইছিল। হাতত সেইদিনা লৈ গৈছিল কেইটামান চকলেট। সেই চকলেট কেইটা নাতিনীসদৃশ সৰু ছোৱালীজনীক দি সৰু ছোৱালীজনীয়ে আঁকবাঁক কৰি থোৱা এখন কাগজত তেওঁ লিখি থৈ আহিছিল এখন চিঠি।

বিশিষ্ট কবিগৰাকীৰ মৃত্যুত সজতনে সাঁচি থোৱা সেই পত্ৰখন পুৰণি ফাইলৰ পৰা উলিয়াই আকৌ এবাৰ পঢ়াৰ পাছত উপলব্ধি হৈছে বহু কেইটা কথা। তেওঁ লিখিছিল-

মৰমৰ মৃদুল,

মই তোমাক লগ নাপালো। হীৰেন ফুকনৰ কবিতা পুঁথিখনৰ আলোচনাটো ওলাবনে? বিহু সংখ্যাৰ বাবে গল্প এটা দিম। সময় হ'বনে?

বৃহস্পতিবাৰে আহিম।

মই যোৰহাটৰ জিলা কবি সন্মিলনৰ সভা এখনলৈ গৈছিলোঁ। ভাল লাগিল। তোমাক লগ পালে ভাল লাগিব। বিশেষ নাই।

ইতি ৰবীন্দ্ৰ বৰা

২৯/০৩/২০১৫

দিনৰ ১১-৪৫ মিনিট

এয়াই আছিল তেওঁৰ সৰলতা, এয়াই আছিল তেওঁৰ ভাষা। নিজৰ কথাতকৈ তেওঁ গুৰুত্ব দিছিল হীৰেন ফুকনৰ কবিতা পুঁথিখনৰ আলোচনাত। সেই দিনা তেওঁ লগ নাপায় বৃহস্পতিবাৰে অহাৰ কথা উল্লেখ কৰিছিল।

কিয়নো তেওঁ এই খবৰো ৰাখিছিল যে, বৃহস্পতিবাৰে মোৰ সপ্তাহিক বন্ধ থাকে। কম কথাত সকলোবোৰ কৈ গৈছিল সেই দিনা। আনকি দিনৰ কেই বজাত এই চিঠিখন লিখিছিল তাৰো কথা লিখিবলৈ পাহৰা নাছিল।

গল্প এটা তেওঁ দিম বুলি কোৱাটোৱেই আছিল আমাৰ বাবে আশীৰ্বাদ সদৃশ। কিন্তু কিমান সৰল ভাবে দিম বুলি কৈয়ো সুধিছিল আছেনে সময় হাতত? সেইজনেই আছিল বিশিষ্ট কবি ৰবীন্দ্ৰ বৰা। আমাৰ দৰে বহুতৰ কাব্য চৰ্চাৰ অন্যতম প্ৰেৰণা। আজি বহুতে তেওঁক হয়তো পাহৰি পেলাইছে। কিয়নো তেওঁ গ্লেমাৰ আৰু স্বীকৃতিৰ পাছত দৌৰা নাছিল।

কাব্যগুৰু...
নেটফ্লিক্স আৰু এখন ভাড়াত লোৱা কেছেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in