প্ৰধানমন্ত্ৰীকো ধমক দিছিল মেধিয়ে...

প্ৰধানমন্ত্ৰীকো ধমক দিছিল মেধিয়ে...

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীকো ধমক দিছিল মেধিয়ে...

প্ৰধানমন্ত্ৰীকো ধমক দিছিল মেধিয়ে...

মৃদুল কুমাৰ সন্দিকৈ

এটা গ্ৰীক শব্দ। POLITIKOS নামৰ এই শব্দৰ পৰাই POLITICS শব্দ উৎপত্তি হৈছে। যাৰ অৰ্থ হ'ল OF, FOR OR RELATING TO CITIZEN। ৰাজনীতিৰ সেই সংজ্ঞা দিবলৈ- 'Politics is the practice and theory of influencing other people on a global, civic or individual level. More narrowly, it refers to achieving and exercising positions of governance-organized control over a human community, particularly a state.' এই ব্যাখ্যাই যথেষ্ট।

ৰাজনীতিত নেতা আহে কোনো দললৈ, নেতাই কোনো দলৰ পৰা দল এৰে সেয়া হৈ থাকে। তৰুণৰাম ফুকনৰ নেতৃত্বত গঠিত অসম প্ৰদেশ কংগ্ৰেছে স্বাধীনতা আন্দোলনৰ সময়ত বিশেষ ভূমিকা পালন কৰিছিল। কিন্তু সেই তৰুণৰাম ফুকনে কেন্দ্ৰীয় নেতৃত্বক ১৯৩০ চনৰ ৮ ফেব্ৰুৱাৰীত এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

সেই প্ৰস্তাৱত কোৱা হৈছিল অসম প্ৰদেশ কংগ্ৰেছে আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰে। এইধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আঁৰত স্বাৰ্থ নাছিল। আছিল কিছু যুক্তি। একেদৰে গান্ধীজীয়ে ১৯২২ চনত অসহযোগ আন্দোলন স্থগিত কৰাত তেতিয়াৰ নেতা চন্দ্ৰনাথ শৰ্মা ক্ষোভত ফাটি পৰিছিল।

ৰোগশয্যাৰ অৱস্থাতে শ্ৰুতলিপি দি দুৰ্গানাথ বৰুৱালৈ এখন পত্ৰ লিখিছিল। এই পত্ৰত তেওঁ লিখিছিল মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ কাৰ্যকৰী কমিটীয়ে যি আধ্যাত্মিক আৰু ধৰ্মবিহিত উপায়েৰে স্বাৰাজ লাভ কৰিব খোজে, সেই স্বৰাজ লাভ কৰিবলৈ ৩৩ কোটি ভাৰতীয়ৰ ৩৩ কোটি বছৰ লাগিব।

ৰাজনীতিত সততাৰ অভাৱ নাছিল। কিন্তু সততাৰ উদাহৰণতকৈ প্ৰতাৰণাৰ উদাহৰণ বেছি। ১৯৫২ চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে বিষ্ণুৰাম মেধিয়ে দায়িত্ব লৈছিল। মুখ্যমন্ত্ৰী হৈয়ে নেহৰু লিয়াকৎ চুক্তি বিৰোধিতা কৰি অসম-পূৱ পাকিস্তানৰ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছিল।

অসমলৈ অবৈধ পূৱ পাকিস্তানৰ নাগৰিক অহাতো বিচৰা নাছিল। যি কথা নেহৰুৱে ভাল নাপাইছিল। অনুপ্ৰৱেশকাৰীক মেধিয়ে দেখা মাত্ৰকে গুলীয়াই মৰাৰ নিৰ্দেশ দিছিল। ইয়াক লৈ বিষ্ণুৰাম মেধিৰ সৈতে নেহৰুৰ সংঘাত হৈছিল।

সেই সময়ৰ এই অভিজ্ঞতাৰ কথা মেধি মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ঘনশ্যাম দাসে তেওঁৰ এজন ক্ষুদ্ৰ মানুহৰ জীৱন স্মৃতি শীৰ্ষক গ্ৰন্থত লিখিছিল। সেই সময়ত অসমত ৰিফাইনেৰী পতাৰ প্ৰস্তাৱ চলি আছিল।

তেতিয়াৰ তেল মন্ত্ৰী কে ভি মালব্যলৈ এই বিষয়ে লিখিও উত্তৰ নাপায় মুখ্যমন্ত্ৰী মেধি ডাঙৰীয়াই তেতিয়াৰ ৰাজহ মন্ত্ৰী সিদ্ধিনাথ শৰ্মা, ঘনশ্যাম দাস আৰু সেই সময়ৰ বিত্ত সচিব মথুৰামোহন গোস্বামীৰ সৈতে এটা প্ৰতিনিধি দল লৈ দিল্লীলৈ গৈছিল।

তেল মন্ত্ৰী মালব্যই তেওঁলোকক দেখা নকৰাত দলটোৱে প্ৰধানমন্ত্ৰী নেহৰুক লগ কৰিছিল। প্ৰধানমন্ত্ৰী নেহৰুৱে তেলমন্ত্ৰীক লগ কৰিবলৈ কোৱাত খং উঠিছিল বিষ্ণুৰাম মেধিৰ। প্ৰধানমন্ত্ৰী নেহৰুক উভতি ধৰি তেওঁ কৈছিল আপুনি হয় বা নহয় কিবা এটা ক'ব লাগে। নকয় যদি দেখা যাব বুলি চকীৰ পৰা উঠি কৈছিল তেল মন্ত্ৰীক তেওঁ সাক্ষাৎ কৰিবলৈ আৰু নাযায়।

ইয়াৰ পাছতহে নেহৰুৱে মেধিক বুজাই বঢ়াই কিবা এটা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই সময়ত জেপত পদত্যাগ পত্ৰ লৈ গৈছিল বিষ্ণুৰাম মেধিয়ে। এইবোৰ ৰাইজৰ স্বাৰ্থ। ১৯৫৭ চনতো বিষ্ণুৰাম মেধিয়েই পুনৰ মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী পদৰ বাবে দেৱেশ্বৰ শৰ্মায়ো আগ্ৰহ কৰিছিল।

কংগ্ৰেছ বিধায়িনী দলৰ নেতা নিৰ্বাচনত মেধিয়ে দুটা ভোট বেছিকৈ পাইছিল। তাকে লৈ কংগ্ৰেছত দুটা শিবিৰ হৈছিল। দেৱেশ্বৰ শৰ্মাৰ পক্ষই মেধিক সংখ্যালঘু বিৰোধী বুলি প্ৰচাৰ চলাইছিল। দেৱকান্ত বৰুৱা, কামাখ্যা প্ৰসাদ ত্ৰিপাঠি, ফকৰুদ্দিন আলী আহমেদ, মইনুল হক চৌধুৰী আদিয়ে সেই সন্দৰ্ভত অভিযোগ দিছিল কংগ্ৰেছ নেতৃত্বৰ ওপৰত।

যাৰ পৰিণতিত মেধিয়ে মুখ্যমন্ত্ৰীৰ পদবী এৰিবলগীয়া হৈছিল আৰু আমগুৰি সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয় হৈয়ো বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী হৈছিল। পিছত উপ-নিৰ্বাচন পাতি কাছাৰৰ বদৰপুৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিল চলিহা।

আনকি নেহৰুক ধমক দি গুৱাহাটীত তেল শোধনাগাৰ স্থাপনৰ অনুমতি লৈ অহা বিষ্ণুৰাম মেধিক ৰঙা দলিচা পাৰি আদৰণি জনোৱাৰ সলনি এই সন্দৰ্ভত পতা এখন ৰাজহুৱা সভাত তেওঁলৈ শিলগুটিহে নিক্ষেপ কৰা হৈছিল। কমিউনিষ্ট নেতা গৌৰীশংকৰ ভট্টাচাৰ্যই এটা বক্তৃতাক কেন্দ্ৰ কৰি হুলস্থুল আৰম্ভ হৈছিল।

সভাত উপস্থিত কিছু লোকে গণ্ডগোল লগাইছিল। মেধি ডাঙৰীয়াক কথা কবলৈ নিদি চিঞঁৰ বাখৰ কৰি এটা শিলগুটি তেওঁৰ গালৈ মাৰিছিল। কিন্তু অচল অটল হৈ মঞ্চতে বহি আছিল বিষ্ণুৰাম মেধি।

ৰাজনীতিয়ে বহুতকে তিক্ততা দিয়ে। ৰাজনীতিৰ প্ৰতি বহুতৰে বিৰক্তি জন্ম হয়। কোৱা হয়, বাহিৰে পিন্ধে ধৰম ধুতি ভিতৰে আছে পাপৰ সুতি। ৰাজনীতি কৰা মানুহবোৰৰ মুখবোৰ প্ৰায়ে মিঠা। নেটিবাচক উত্তৰ তেওঁলোকৰ মুখত নাথাকে। নহ'ব বুলি নকয়।

হ'ব, চাম বাৰু, নিশ্চয় কৰি দিম আদি ৰেডিমেড উত্তৰ নেতাৰ মুখত লাগি থাকে। ৰাজনীতিত বিতৰ্ক হয়। কিন্তু সেই বিতৰ্ক সৃজনীমূলক হ'লে ৰাইজ তথা সমাজৰ উন্নতি হয়। কিন্তু তাকে নকৰি সাম্প্ৰতিক সময়ত অত্যন্ত লঘু কথাৰে কোনো বিষয় উপেক্ষা উপলুঙা মূল্যহীন কৰি দিয়াৰ প্ৰৱণতা নেতাসকলৰ মাজত গঢ়লৈ উঠিছে।

অতীততো ভাৰতীয় ৰাজনীতিত নেতাই এনে কিছু মন্তব্য কৰিছিল কিন্তু সেয়া ৰাজনীতিত নাছিল। যেনে এবাৰ সুষমা স্বৰাজে কৈছিল- ভাল খবৰ আহি আছে আমাৰ। সেই মন্তব্যৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা মধুসূদন মিস্ত্ৰীয়ে বৰ ৰসাল ভাৱে দিছিল। কৈছিল- ভাল খবৰ আহি আছে সুষমাৰ। ডাক্তৰক ভালকৈ দেখুৱাব।

কিন্তু এতিয়া এইবোৰ কথা তেতিয়াৰ দৰে ইতিবাচক দৃষ্টিৰে লোৱাৰ উদাহৰণ নাই। নীতিহীন ৰাজনীতিয়ে গ্ৰাস কৰিছে প্ৰায়বোৰ ৰাজনৈতিক দলক আৰু প্ৰায়বোৰ নেতাক। ৰাতিটোৰ ভিতৰতে নেতাই দল আদৰ্শ সলাই পেলাব পাৰে। নিজৰ কথাৰে মূল্য নাথাকে।

মহাত্মা গান্ধীয়ে ইয়ং ইণ্ডিয়া জাৰ্নেলত ৭ টা সামাজিক পাপৰ কথা লিখিছিল। সেই পাপ কেইটাৰ ভিতৰত অন্যতম এটা পাপ আছিল- নীতিহীন ৰাজনীতি। এতিয়া ৰাজনৈতিক দলৰ মজিয়াত গণতন্ত্ৰক কবৰ দিয়া হয়। কোনো এটা দলৰে নীতি আদৰ্শলৈ জনসাধাৰণ আস্বস্ত হ'ব নোৱাৰে।

দলবোৰৰ আদৰ্শতকৈ নেতাসকলৰ স্বাৰ্থ গুৰুত্বপূৰ্ণ হৈ পৰে। ক্ষমতা দখলৰ স্বাৰ্থত সকলো বুজাবুজি কৰিবলৈ নেতাসকল সাজু থাকে। বহু প্ৰশ্ন আছে যিবোৰ প্ৰশ্নৰ উত্তৰ ৰাজনৈতিক দল বা নেতাই দিব লাগে। কিন্তু সেই সুযোগ আজি নেতাই নাপায়।

ভাৰতৰ ৰাজনীতিত এতিয়া মিত্ৰজোঁট অতি প্ৰাসংগিক শব্দ হৈ পৰিছে। কোন কাৰ সৈতে থাকিব, সেয়া ঘনে ঘনে সলনি হয়। ৰাজনীতিতেই এতিয়া সৰ্বাধিক দুৰ্নীতি। মিছা যেন লগা বহু কথা ৰাজনীতিত সঁচা হয়।

ৰাজ্যসভা, লোকসভা, বিধানসভা নেতাসকলৰ লক্ষ্য। তাৰ পাছত সেই সদনতেই কোনোবা নেতা ঘোৰ নিদ্ৰা যায় আন কোনোজনে নিজক লৈ ব্যস্ত হৈ পৰে। এনে উদাহৰণো আছে লোকসভাৰ দৰে স্থানত নেতাক অধ্যক্ষই জগাই দিবলগীয়া হৈছে।

২০১১ চনৰ ছেপ্টেম্বৰত সেই দায়িত্ব পালন কৰিবলগীয়া হৈছিল তেতিয়াৰ লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰে। নিদ্ৰাৰত সাংসদ জনৰ পিছৰ শাৰিত বহি থকা উমা শংকৰ সিং নামৰ সাংসদ জনক উদ্দেশ্যি অধ্যক্ষৰ আসনৰ পৰা তেওঁ কৈছিল, উমা শংকৰজী তেখেতক জগাই দিয়ক।

কেইবাবাৰো জগাই দিয়াৰ পাছত সাংসদজনে চকু মোহাৰি অনুভৱ কৰিছিল বেডৰুমত নহয়, তেওঁ শুই আছে লোকসভাত। অসমৰ ৰাজনীতিলৈ যদি চোৱা যায় তেনেহ'লে অসমতো ইয়াৰ উদাহৰণ নোহোৱা নহয়।

সকলোৰে লোভ ক্ষমতালৈ। নেতাসকলৰ অহমিকাই নেতাসকলৰ ডাঙৰ শত্ৰু। সেই প্ৰমাণ বহু আছে। কিন্তু তথাপি নেতাই অহমিকা নেৰে। ক'ত, কেতিয়া, কি কথা ক'ব লাগে সেই কথা পাহৰে। আনকি সেই কথা ক'ব পৰাকৈ তেওঁৰ যোগ্যতা আছেনে তাকো অনুমান কৰিব নোৱাৰে।

সেয়াও নেতাৰ আন এক ডাঙৰ ভুল। সংবাদ মাধ্যম এতিয়া নেতাৰ বাবে মিত্ৰ হৈ থকা নাই। সামাজিক মাধ্যম এতিয়া নেতাৰ বাবে কাল হৈ পৰিছে। তাৰ প্ৰমাণ অসমৰ চালুকীয়া নেতায়ো পাইছে।

Keeping The Faith: Memoirs Of A Parliamentarian- গ্ৰন্থখন লিখিছিল সোমনাথ চেটাৰ্জীয়ে। ১০ বাৰকৈ লোকসভাৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল চেটাৰ্জী। এবাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ সৈতে ভাৰতে কৰিব লোৱা এখন পাৰমানৱিক চুক্তিক লৈ সদনত বিবাদ হৈছিল।

লোকসভাৰ অধ্যক্ষৰ আসনত আছিল চেটাৰ্জী। বাওঁমৰ্চাই সেই সময়ত ইউ পি এ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল। লোকসভাত বাওঁদলৰ সদস্যৰ সংখ্যা আছিল ৬২ জন। সেই বিৰোধিতাৰ ফলস্বৰূপে বাওঁদলৰ নেতৃত্বই চেটাৰ্জীক লোকসভাৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।

আত্মজীৱনিমূলক গ্ৰন্থত চেটাৰ্জীয়ে এই বিষয়টো উল্লেখ কৰি লিখিছিল যে, তেওঁ বাওঁ নেতৃত্বৰ সেই নিৰ্দেশ মনা নাছিল আৰু অধ্যক্ষ হৈ দায়িত্ব পালন কৰিছিল। তেওঁৰ যুক্তি আছিল অধ্যক্ষৰূপে তেওঁ নিৰপেক্ষ। এনে এটা ইছ্যুত কাৰোপক্ষৰ সমৰ্থনত তেওঁ পদত্যাগৰ সিদ্ধান্ত লোৱা নাছিল।

৫০ বছৰৰো অধিক কাল চি পি আইৰ সৈতে জড়িত নেতাজনক দলে বহিষ্কাৰ কৰিছিল। এয়া আছিল তেওঁৰ সততাৰ ত্যাগ। কিন্তু এতিয়া এনে ত্যাগ কিমান জনৰ আছে? এতিয়াবা আমি নেতা বুলি মানি ল'ব পৰা গ্ৰহণযোগ্য শাসক, বিৰোধী দলৰ কোনোবা নতুন প্ৰজন্মৰ নেতাক চকুত পৰেনে?

দুই একে কিঞ্চিত আশাৰ সঞ্চাৰ কৰিলেও নেতাৰ মৰ্যাদা আৰু গাম্ভীৰ্যতা পাবলৈ তেওঁলোকৰ বহুখিনি কৰণীয় আছে। তাৰ বাদে আনসকল খালী পাত্ৰ। বাজে বেছি, কিন্তু কামত শূন্য।

অসমৰ প্ৰেক্ষাপটত আমি নেতা বুলি গণ্য নকৰিলেও, স্বীকৃতি দিবলৈ চেষ্টা কৰা এচামৰ নিজৰেই স্থিৰতা নাই। ৰাতিপুৱা যদি কোনোবা এটা দলত, গধূলি তেওঁক আন এটা ৰাজনৈতিক দলৰ সদস্যৰ ৰূপত দেখা পোৱা যায়।

কেৱল নিজক প্ৰশ্ৰয় দি উচ্চ বাক্যৰে অযথা যুক্তি তৰ্ক অৱতাৰণা কৰা এনে যুৱ নেতা মুহূৰ্তৰ ভিতৰতে নচলা টকা হৈ পৰে। সামাজিক মাধ্যমত নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ গৈ নিজ দলৰ পৰাই নিলম্বিত হ'বলগা অভিজ্ঞতাৰগৰাকী হয়।

এইসকল নেতাক লৈ আমি কিমান দূৰলৈ ভাবিব পাৰো? ন্যায়, নিষ্ঠা আৰু সততাৰগৰাকী বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ বাৰে বাৰে উজুতি খোৱা তেনে নেতাৰ বদমেজাজিয়ে মানুহক কোনো দিনেই আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাই।

বৰঞ্চ কাৰণ দৰ্শোৱাৰ সুযোগ নিদিয়াকৈ ৰাতিৰ ভিতৰতে তেওঁলোকক ডাষ্টবিনলৈ দলে দলিয়াই দিয়াৰ পাছত মানুহে কোনো সহানুভূতি নেদেখুৱালে। তেওঁকেই এই অৱস্থাৰ বাবে দোষী সাজি কাঠগড়াত তুলিলে। নিজৰেই এই অৱস্থা হোৱা নেতাই লক্ষ্য লক্ষ্য মানুহক নেতৃত্ব দিব পাৰিব বুলি কেনেকৈ মানি ল'ব পাৰি?

Also Read: আম আদমি পাৰ্টীৰ পৰা নিলম্বন কমল কুমাৰ মেধিক...

লোকসভা নিৰ্বাচন আম আদমি পাৰ্টী