মৃদুল কুমাৰ সন্দিকৈ
উজ্জীৱনে ক'লে- 'দেউতাৰ অৱস্থা একেবাৰেই বেয়া।' ২০২৩ৰ মে'ত তেওঁ চিকিৎসাৰ বাবে দিল্লীলৈ গৈছিল। শুকুৰবাৰ অৰ্থাৎ ৮ ছেপ্তেম্বৰত পুনৰ ষ্ট্ৰ'কত আক্ৰান্ত হ'ল। তেওঁক প্ৰথমে এখন চিকিৎসালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসা ব্যয় অত্যধিক হোৱাত আন এখন হাস্পতাললৈ লৈ যোৱা হয়।
বৰ্তমান দিল্লীৰ জীৱন নামৰ চিকিৎসালয়খনৰ আই চি ইউত আছে তেওঁ। দৈনিক আই চি ইউৰ ভাড়া ১১ হাজাৰ টকা। চিকিৎসাৰ আন ব্যয়সমূহ আছেই।
সুদূৰ দিল্লীত পিতৃক চিকিৎসা কৰাত হ'ব পৰা সাম্ভাৱ্য ব্যয় বহন কৰাৰ ক্ষমতাও পৰিয়ালটোৰ নাই। সেয়েহে পুত্ৰই আহ্বান জনাইছে-'কোনো সদশয় লোকে বিপদৰ এই মুহূৰ্তত সহয় কৰিলে তেওঁলোক চিৰ কৃতজ্ঞ হৈ ৰ'ব।'
চিকিৎসাধীন হৈ থকা মানুহজন অসমৰ এজন জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক। নীৰৱে সাংবাদিকতা আৰু সাহিত্য সাধনা কৰা মানুহজনৰ নাম প্ৰফুল্ল কুমাৰ দত্ত।
এসময়ত তেখেতৰ লেখা আমি সকলোৱো পঢ়িছিলো। কেৱল অসমৰ বাতৰি কাকত, আলোচনীত তেওঁৰ লেখা প্ৰকাশ হোৱা নাছিল। বিখ্যাত বাংলা আলোচনীতো তেওঁৰ কলম চলিছিল।
বাতৰি কাকত-আলোচনীৰ ৰহস্যধৰ্মী উপন্যাস লিখি এদিন অসমৰ পাঠকৰ বাবে তেওঁ এটা চিনাকি নাম হৈ পৰিছিল। কেৱল ৰহস্যধৰ্মী উপন্যাসে নহয়, তেওঁৰ সাংস্কৃতিক বিষয়ৰ প্ৰতিবেদনবোৰো আছিল ব্যতিক্ৰম। ৰহস্যধৰ্মী সাহিত্যত তেওঁৰ আছিল বেচ দখল।
২০০৫ চনত প্ৰথম তেওঁৰ ব্ৰেইন ষ্ট্ৰক হৈছিল। তাৰ পাছত দেহা পৰি আহিছিল। ১৯৭৯চনতে তেওঁ তিনিচুকীয়াৰ পৰা গুচি আহিছিল গুৱাহাটীলৈ। পৰৱৰ্তী সময়ত তেওঁ বিস্ময় আলোচনীৰে জড়িত হৈ পৰিছিল। মাজতে কিছুকাল তেওঁ নাছিল। দিল্লীলৈ গুচি গৈছিল। দিল্লীৰ পৰা প্ৰকাশিত 'অপৰাধ অনুসন্ধান' নামৰ আলোচনীখনত কাম কৰিছিলগৈ।
তেওঁ এদিন কৈছিল-'মই যাব বিচৰা নাছিলো। দিল্লীৰ পৰা অহা মানুহজনে মোক নেৰে। যাব লাগে। মই উপায় নাপাই ক'ব লগা হৈছিল মোৰ ধাৰ আছে। সেয়া ১৯৮৪চনৰ কথা। কিমান আছে সুধিলে, মই ক'লো- ২৮০০ মান আছে। এই বুদ্ধি দিছিল মোক ইমৰানে। তেওঁ মোক ৩০০০ টকা দিলে।'- তেওঁ কৈ গৈছিল- ১৯৮৪চনৰ কথা। তেতিয়া ৩০০০ টকা কম টকা নাছিল।
দিল্লীৰ পৰা তেওঁ ঘূৰি আহিল। আকৌ বিস্ময়ৰ সৈতে জড়িত হৈ পৰিল। তাৰমাজতে লিখি গৈছিল ইখনৰ পাছত সিখন কিতাপ। সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁৰ আছিল বেছ দখল আৰু লিখিছিল- ৰহস্যধৰ্মী সেই উপন্যাসবোৰ।
দীপালি বৰঠাকুৰৰ ওপৰতো তেওঁ এখন জীৱনভিত্তিক গ্ৰন্থ লিখিছিল। প্ৰমথেশ বৰুৱাক লৈ লিখা গ্ৰন্থখনৰ আধাৰতে দূৰদৰ্শনে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। ৫৬খনৰো অধিক গ্ৰন্থৰ ৰচনা কৰিছিল তেওঁ। সেই কিতাপবোৰৰ সৰহভাগেই তেওঁৰ লগত নাই। আচলতে তেওঁ স্বীকৃতি বিচৰাই নাছিল। মাথোঁ লিখি গৈছিল।
বাংলা ভাষাৰ প্ৰখ্যাত আলোচনীত তেওঁৰ লেখা ওলাইছিল। আলোচনী প্ৰকাশৰ পূৰ্বে বাতৰি কাকতত বিজ্ঞাপন ছপোৱা হৈছিল। সৰুতে তেওঁ পঢ়া বিখ্যাত বাংলা লেখকৰ লগতে তেওঁৰ নামটো ডাঙৰকৈ ওলাইছিল। সেয়াই আছিল তেওঁৰ বাবে আন এক প্ৰাপ্তি।
মানুহজন এসময়ত খুব আড্ডাবাজ আছিল। প্ৰতিবেদনধৰ্মী লেখাতো তেওঁৰ আছিল বিশেষ হাত। এসময়ত তেওঁ আছিল এখন অভিধান স্বৰূপ। গান, সাংস্কৃতিক জগতৰ বহু খবৰ তেওঁৰ আছিল নখদৰ্পনত।
বাংলা আলোচনীত অসমীয়াত লিখিছিল তেওঁ- ‘এবাৰ মই কি কৰিলো জানা, বাংলাৰ বিখ্যাত আলোচনী এখনৰ বাবে লেখা এটা পঠিয়ালো। আৰু মই ইচ্ছা কৰিয়েই প্ৰথম তিনিটা লাইন অসমীয়াতে লিখিলো। তেনেকৈয়ে প্ৰকাশ হৈ গ'ল লেখাটো। ইচ্ছা কৰিয়েই কৰিছিলো সেইটো।'- এয়া তেওঁৰ ভাষা আৰু জাতিৰ প্ৰতি ভালপোৱা।
দিল্লীত এজন অসমীয়া চিকিৎসকে তেওঁক চিকিৎসা কৰিছে।৭২ বছৰীয়া সাহিত্যিক-সাংবাদিকগৰাকীৰ পৰিয়ালক এতিয়া প্ৰয়োজন সহায়ৰ। পুত্ৰ উজ্জীৱন দত্তৰ বেংক একাউণ্টৰ সৱিশেষ এয়া- Ujjibon Kumar Dutta/ Contact number is: 9706982788/Bank account no- 20034549225/IFSC CODE- SBIN0007202
Also Read: কোন আছিল দ্বায়িত্বত ?