মৃদুল কুমাৰ সন্দিকৈ
এয়া কেনে শাসন চলিছে? ভাল বুলি ৰজাই কৈছে, ভাল বুলি ৰজাৰ অনুগামীসকলে চিঞঁৰিছে। কিন্তু ৰাইজে বাস্তৱত কি দেখিছে? কেৱল প্ৰচাৰ নে কাম ! সুশাসনৰ ধাৰণা আৰু সংজ্ঞা কিছুমান প্ৰতিশ্ৰুতিৰ ওপৰতেই নিৰ্ভৰশীল নেকি?
মানুহৰ মনত দিনক দিনে প্ৰশ্নৰ সংখ্যা বাঢ়ি গৈছে। যিধৰণে কামবোৰ হ'ব বুলি ৰাইজে ভাবিছিল তাৰ বিপৰীত ছবি বোৰহে দেখোন পোহৰলৈ আহিছে। হয়, মানুহে মাত মতা নাই, মাত মাতিবলৈ কাকো দিয়া হোৱা নাই।
কিন্তু সেই ক্ষোভ আৰু সত্যবোৰ চিৰদিনৰ বাবে কোনোবাই হেঁচা মাৰি ধৰি ৰাখিব পাৰিবনে? উন্নয়নৰ যিবোৰ সপোন বাস্তৱ হোৱাৰ দিশে আগবঢ়া হোৱা বুলি কোৱা হৈছে সেইবোৰে ৰাইজৰ স্বাৰ্থতকৈ আন কাৰোবাৰ স্বাৰ্থক লৈ বেছি গুৰুত্বপূৰ্ণ নেকি?
চকুৰ সন্মুখত দেখি থকা যোৱা কেইদিনত সংঘটিত কেইটামান ঘটনালৈ মন কৰকচোন। সেই ঘটনাবোৰক লৈ প্ৰশ্ন কৰাৰ অৱকাশ আছেনে নাই নিজেই ভাৱকচোন।
এগৰাকী মেধাৱী ছাত্ৰীৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল। গণেশগুৰিত সংঘটিত এই পথ দুৰ্ঘটনা কাৰ ভুলৰ বাবে হ'ল সেয়া মানুহে অনুভৱ কৰিছে। পানীৰ পাইপ পোতাৰ নামত গুৱাহাটীখনক অংগক্ষত কৰা হ'ল।
সেই ঠিকা পোৱা ঠিকাদাৰসকলে য'ত যেনেকৈ ইচ্ছা যায় পাইপ পুতিবলৈ গাঁত খান্দিব পাৰে। সেইবোৰক পুনৰ মেৰামতি কৰাৰ দায়িত্ব আৰু তদাৰকীৰ ব্যৱস্থাহে কৰা নহয়। তাৰেই পৰিণতিত এগৰাকী মেধাৱী ছাত্ৰীয়ে প্ৰাণ হেৰুৱালে।
যিখন স্কুল বাছৰ চকাৰ তলত পৰি মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল সেই বাছখনৰ চালকজনৰ কোনো ভুল নাছিল। কিন্তু কিয় বাছখনৰ চালকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ল গ্ৰেপ্তাৰ কৰি?
ৰাইজৰ ক্ষোভৰ ৰূপ দেখি পিছলৈ যেনিবা পানী পাইপৰ ঠিকা পোৱা কোম্পানীৰ পৰিচালক আৰু ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিলে। ইয়াতেই সমস্যা শেষ নেকি? ইমান অপৰিকল্পনাবিহীন ভাৱে কামবোৰ চলি আছে নেকি?
ঠিকাদাৰে অনুমতি লোৱা নাই, প্ৰশাসনে কি কৰি আছে? লোক নিৰ্মাণ বিভাগৰ, গুৱাহাটী পৌৰ প্ৰশাসনৰ চকু নাই নেকি? এই পথবোৰেৰে সঘনে আহযাহ কৰা যানবাহন নিয়ন্ত্ৰণ শাখাৰ বিষয়াসকলে কিয় বিষয়টো এবাৰো সংশ্লিষ্ট কৰ্তৃপক্ষক দৃষ্টিগোচৰ নকৰিলে?
এনে উন্নয়ন আমাক লাগেনে? যি উন্নয়নে আন উন্নয়নক বাধা দিয়ে? কাৰোবাৰ জেপ গধুৰ কৰে। মৌচুমী অৱশেষত আহিল। বৰষুণ আৰম্ভ হৈছে। ৰাইজে কিছু ৰক্ষা পাইছে। কিন্তু সেই পূৰ্বৰ বিপদ আকৌ আহিছে। দুই এজাক বৰষুণতে গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুবিছে।
বেলতলাৰ মূল পথতে একাঠু ওপৰত পানী। ৰুক্মিণী নগৰত কৃত্ৰিম বানৰ পূৰ্বৰ স্মৃতিয়েই যেন সজীৱ হোৱাৰ দিশে আগবাঢ়িছে। গুৱাহাটীত কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰিম বুলি দপদপনি মৰা মন্ত্ৰী মহাশয় এতিয়া ক'ত?
উচ্ছেদ অভিযান চলাই মহানগৰীৰ নলা, নৰ্দমা ছাফাই চলোৱা এইগৰাকী মন্ত্ৰীয়েই জানো কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে ৰাজভঁড়ালৰ ধন ব্যয় কৰি হেলিকপ্টাৰত চফৰ কৰা নাছিল? কি পালে তেওঁৰ সেই হেলিকপ্টাৰ ভ্ৰমণৰ ফল ৰাইজে?
গুৱাহাটীৰ এই সমস্যা সমাধান যদি হেলিকপ্টাৰত উঠিলেই হয়, তেনেহ'লে প্ৰতিদিনাই উঠক তেওঁ হেলিকপ্টাৰত। ১ মাৰ্চত গুৱাহাটীত হেলিকপ্টাৰেৰে নলা, নৰ্দমা, বিল, জলাশয় চোৱা মন্ত্ৰীগৰাকীয়েই ৯ মাৰ্চত গোৱালপাৰালৈও গৈয়ো অনুৰূপ ধৰণেই সেই জিলাত থকা জলাশয়বোৰ চাইছিলগৈ।
কেমেৰা লৈ মন্ত্ৰীয়ে কিবা এটা কৰিছে জাতীয় প্ৰচাৰ এটা চলাই তেওঁলোকে সন্তুষ্টি পায়। কিন্তু ৰাইজ উপকৃত নহয়। বাট-পথৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱা মন্ত্ৰীক ৰাইজে পহুখেদা দিয়ে। কাৰণ মূল পথ নিৰ্মাণ নকৰাকৈ উপ-পথৰ আধাৰশিলা স্থাপন কৰিবলৈ লোৱা মন্ত্ৰীৰ মতিগতি ৰাইজে জানে।
ৰাইজৰ পৰা খেদা খাই ৰাইজৰ বিৰুদ্ধেই গোচৰ তৰি ক্ষমতাৰ জোৰ দেখুওৱা এইসকল মন্ত্ৰী এতিয়া তেওঁলোকৰ অস্তিত্বৰ যুঁজত নামি পৰিছে। ৰহস্যজনক ভাৱে মৃত্যু হোৱা আৰক্ষী উপ-পৰিদৰ্শক এগৰাকীৰ মৃত্যুৰ কাৰণ বিচাৰি উলিয়াবলৈ চি বি আইক দায়িত্ব দিম বুলি কৈয়ো কিমান দিন পাৰ হ'ল, সেই হিচাপ আঙুলি মূৰত হ'লেও ৰাইজে কৰি থৈছে।
শোকাবহ পথ দুৰ্ঘটনাত ৭ জনকৈ মেধাৱী ছাত্ৰৰ মৃত্যুৰ পাছত সেই শিক্ষানুষ্ঠানৰ অধ্যক্ষগৰাকীক বাধ্যতামূলক ছুটি দিয়া হ'ল। কিন্তু শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ কিমান অভাৱ সেইবোৰলৈ পিঠি দিলে।
এখন আৱাসীক অভিযান্ত্ৰিক মহাবিদ্যালয়ত চাৰি সীমাৰ বেৰ নাই। চৰকাৰ তথা শিক্ষা বিভাগক আৱেদন কৰি কৰি ভাগৰি পৰিল মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ। কিন্তু কাম হোৱা বুলি আমি নিশ্চিত হও কিছুমান বিজ্ঞাপনত।
সেই বিজ্ঞাপনবোৰৰ পৰিসংখ্যাই আমাক বাস্তৱৰ পৰা আঁতৰাই ৰাখে। এয়াও মেজিক পলিটিক্স। অৰ্থাৎ যাদুকৰী ৰাজনীতি। বিহু নাচি অভিলেখ গঢ়ি আমি আমাৰ সংস্কৃতিক তুলি ধৰা মানুহ। কিন্তু সেই অভিলেখৰ স্বীকৃতি ক'ৰবাত লিপিবদ্ধ হৈ আছেনে আন অভিলেখ বোৰৰ দৰে? এইবোৰ কথা সোচৰিলেই যিকোনো মুহূৰ্ততে চৰকাৰে ৰাষ্ট্ৰদ্ৰোহী সঁজাই দিব পাৰে। কাৰণ কবিতা লিখিয়েই জেল খোৱাৰ উদাহৰণ আছে।
গৰম দিন কেইটাত প্ৰয়োজনীয় বিদ্যুতৰ অভাৱ। মন্ত্ৰীৰ এটা প্ৰতিক্ৰিয়া মূলক বচন শুনি ৰাইজ অবাক হয়। গছৰ তলত বহি গৰমৰ পৰা হাত সাৰিবলৈ পৰামৰ্শ দিয়াসকলে তেওঁলোকৰ বাসগৃহত বাতানুকুল যন্ত্ৰৰ সংস্থাপনেৰে ৰাইজৰ চকু কপালত তোলে। কোনোবাই কয় সেই সংখ্যা ১৬, আন কোনোবাই কয় সেই সংখ্যা ২২।
অভিলেখৰ পাছত আমি দৌৰিছো নেকি? চৰকাৰে এই অভিলেখমুখী দৌৰ আৰম্ভ কৰিছে আৰু আমি তাৰ পিছ লৈছো। ১ লাখ চাকৰি, গীনিজত বিহু, ১ কোটি গছপুলি পদে পদে উৰণীয়া সেতু, নগদ ধন দিয়া আঁচনি, নগদ ধন দিয়াৰ আঁচনিৰ হিতাধিকাৰী ! ইমানবোৰ অভিলেখ এতিয়া আমাৰ চৌদিশে।
গণেশগুৰি পথ দুৰ্ঘটনাত চি চি টিভি ফুটেজ দিয়াৰ অপৰাধত বিধানসভাৰ ডেপুটি মাৰ্শ্বেলক চাকৰিৰ পৰা নিলম্বন কৰা সৰু ঘটনাবোৰেও মানুহৰ মনত ৰেখাপাট কৰিছে। চৰকাৰে ইয়াৰ পাছতো সুযোগ বুজিয়েই নিজৰ প্ৰচাৰৰ ধাৰা অব্যাহত ৰাখিছে।
আৰু এক মহা আয়োজন চলিছে। ২৯ জুনত জিলাই জিলাই বিতৰণ হ'ব বিহুৱা-বিহুৱতীৰ ধন। কোনে কাক বুজাব বা কোনে কেতিয়া বুজিব? প্ৰয়োজনীয় ধনৰ এতিয়া অভাৱ নাই। বচাৰিলেই ধন ধাৰে দিবলৈ সাজু আছে। ল'বলৈ কুণ্ঠাবোধ নকৰে চৰকাৰে।
প্ৰকৃততে আমি কোন দিশে গৈ আছো। এই কথাবোৰ যিসকলে ভাবিব পাৰে তেওঁলোকে গণতন্ত্ৰ মাধ্যমেৰে ৰাজতন্ত্ৰ উকমুকনি দেখা পাইছে নেকি? বিৰোধী এতিয়া অস্তিত্বহীন। বিৰোধীৰ দুৰ্বলতাই শাসনত থকাসকলক যি ইচ্ছা তাকেই কৰাৰ প্ৰৱণতাক তীব্ৰতৰ কৰি তুলিছে।
চৰকাৰ মানেই জানো এজন মানুহ ! চৰকাৰ মানেই জানো এজন মানুহৰে ভাল লগা, বেয়া লগা কামখিনি কৰাটো বুজায়? চিনেমাত সম্ভৱ হ'ব পাৰে নায়কৰূপী মুখ্যমন্ত্ৰীৰ সেই কাম-কাজবোৰ। কিন্তু বাস্তৱত মুখ্যমন্ত্ৰী মানেই অনিল কাপুৰ কেতিয়াও সম্ভৱ নহয়।
Also Read: প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা কি? পুনৰ গুজৰাট ন্যায়ালয় পালেগৈ কেজৰিৱাল...