তুষাৰ প্ৰতিম
প্ৰকৃততে আমি কিমান প্ৰফেচনেল? যিকোনো এটা কাম কৰাৰ অন্তৰালত সোমাই থাকে পেছাদাৰীত্ব। এই পেছাদাৰীত্ব কেৱল ধন অৰ্জন কৰাতেই সীমাবদ্ধ নহয়। পেছাদাৰীত্ব থাকে মানুহৰ চিন্তা আৰু কৰ্মত।
আজিৰ অসমত পেছাদাৰী মানুহৰ অভাৱ। সকলো ক্ষেত্ৰতে এই পেছাদাৰী চিন্তাৰ অভাৱ পৰিলক্ষিত হৈ আহিছে। গুৱাহাটী মহানগৰীত বাস কৰা প্ৰতিজন লোকৰেই জীৱনৰ এক অভিন্ন অংশ হৈ পৰিছে ৰেপিড', উবেৰ, অ'লা আদি ।
মহানগৰীৰ আওপুৰণি বাছত উঠি ষ্টপেজে ষ্টপেজে ৰৈ ৰৈ লক্ষ্যস্থানলৈ আগবাঢ়ি যাওঁতে যাওঁতে ২০ মিনিটৰ পথ হৈ পৰে এঘণ্টাৰ। আজিৰ তাৰিখত দিনৰ ভাগত জালুকবাৰীৰ পৰা চানমাৰিলৈ বাছত আহিলে প্ৰয়োজন হয় অতি কমেও ডেৰ ঘণ্টা। কেতিয়াবা ২ ঘণ্টা।
সময়ৰ অপব্যয় ৰোধৰ লগতে আৰু সকলোধৰণৰ সুবিধা হোৱাকৈ সেয়ে লক্ষ্য লক্ষ্য মহানাগৰীকে এই কেব সেৱা বা বাইক সেৱাৰ সুবিধা লৈছে। কিন্তু এই কেব চালক বা ৰাইডাৰসকলে ইয়াৰেই সুবিধা লোৱা দেখা গৈছে।
এখন কেব বা এখন বাইকে নিৰ্দিষ্ট দূৰত্বৰ বাবে যাত্ৰা কৰিলে অ'লা, উবেৰ, ৰেপিড' আদি এপে কিলোমিটাৰৰ হিচাপত ভাড়া নিৰ্ধাৰণ কৰে। সকলো এপৰ ভাড়াৰ নিৰিশ ভিন ভিন। কিন্তু এই কেব চালকৰ একাংশ আৰু বাইক সেৱা আগবঢ়োৱা ৰাইডাৰৰ এজন, দুজনক বাদ দি সকলোৱেই নিৰ্ধাৰিত ভাড়াত কৈ ১০০ শতাংশতকৈও অধিক ভাড়া দাবী কৰে।
আই এছ বি টিৰ পৰা চানমাৰিলৈ যদি ৰেপিড', অ'লা বা উবেৰৰ বাইক সেৱাই ১২০ টকা ভাড়া দেখুৱাই তেতিয়াহলে ৰাইডাৰসকলক লাগে ২৫০ টকা বা তাতোকৈ অধিক। তাৰোপৰি থাকে এইসকল ৰাইডাৰৰ ইচ্ছা, অনিচ্ছাৰ কথা।
নিৰ্ধাৰিত ঠাইলৈ যোৱাৰ বাবে বুকিং হোৱাৰ পিছত তেওঁলোকে আপোনাক কৰিব নিৰ্ধাৰিত কেইটামান প্ৰশ্ন। ক'লৈ যাব, ক'ত আছে আৰু কেই টকা দেখাইছে? তাৰ পিছত আৰম্ভ হয় একেখিনি কথা। ভাড়া কম দেখাইছে, আমাৰ লাভ নাথাকে, ভাড়া বঢ়াই দিব, অফলাইন যাব ইত্যাদি।
সাতে, সোতৰয়ে মিলি এখন বাইক বুক কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব প্ৰায় আধা ঘণ্টা সময়। এয়াই আজিৰ ৰেপিড', অ'লা, উবেৰ সেৱাত নিমজ্জিত আমাৰ ল'ৰাৰ পেছাদাৰীত্ব।
এতিয়া আহো চিনেমাৰ প্ৰসংগলৈ। এই কেইদিন চিনেমাক লৈ চলি আছে বিতৰ্ক। ৰবি শৰ্মাৰ অভিনীত 'ব্লেক এণ্ড হোৱাইট' চিত্ৰগৃহলৈ আহিছে। স্পষ্টবাদী অভিনেতাজনৰ চিনেমাখনক লৈ অৱশ্যে ইমান বেছি হুলস্থুল হোৱা নাই। নোহোৱাৰে কথা। কিয়নো ৰবি শৰ্মাই টেল মাৰিবলৈ নিশিকিলে।
চিনেমাৰ নামত 'জাৱৰ' এখোপা নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ আৱেগ বিক্ৰী কৰি কোটি টকা উপাৰ্জন কৰা তথাকথিত অসমীয়া চিনেমাৰ ত্ৰাণকৰ্তাৰ 'ব্লেক এণ্ড হোৱাইট'ক লৈ নাই কোনো গুৰুত্ব। নাই শুভেচ্ছামূলক এটা বাৰ্তাও।
মন্ত্ৰী, এম এল এক সাক্ষাত কৰাৰ ফটো, কি খালে, পিন্ধিলে, কাৰ লগত চিনেমাৰ জয়যাত্ৰাৰ বাবে আলোচনা কৰিলে সেই সম্পৰ্কে সামাজিক মাধ্যমত ফটো আপলোড কৰি বিজ্ঞাপনৰ পোহাৰ মেলা এইসকল তথাকথিত ত্ৰাণকৰ্তাই অৱশ্যে 'ব্লেক এণ্ড হোৱাইট' সকলোৱে চাব বুলি এশাৰী বাক্য লিখিবলৈও সময় নাপালে।
আৱেগ বিক্ৰী কৰি বেছি দিন চলিব নোৱাৰি। এই কথা সকলোৱে বুজি পোৱা উচিত। আজিৰ তাৰিখত গুৱাহাটীত এখন চিনেমা চাবলৈ যোৱা মানে এজন ব্যক্তিয়ে অতি কমেও ৫০০ ৰ পৰা ৭০০ টকা ব্যয় কৰিবলগীয়া হয়। ব্যয় কৰিবলগীয়া হয় মূল্যবান সময়।
অৱসাদ দূৰ কৰিলৈ মানুহে বিচাৰে কিছু মনোৰঞ্জন। দৰ্শকে কি ভাল পায় সেই বিষয়ে গুৰুত্ব নিদিয়াকৈ নিৰ্মাণ কৰা অসমীয়া চিনেমাই ইতিমধ্যে আমুৱাইছে। সেয়ে এই কথা বুজি পোৱা উচিত। বিতৰ্ক কৰি চিনেমাগৃহলৈ দৰ্শক এবাৰ আনিবলৈ পাৰি, বাৰে বাৰে নোৱাৰি।
ৰবি শৰ্মাই সংবাদ মাধ্যমৰ আগত পূৰ্বৰে পৰা কৈ আহিছে পেছাদাৰীত্ব লাগে। তেওঁ স্পষ্টকৈ কৈছিল, মানুহে পইচা দি চিনেমা এখন চাবলৈ আহে। গতিকে তেওঁলোকে বিচৰা মনোৰঞ্জন দিব পাৰিব লাগিব।
ৰবি শৰ্মাই কোৱাৰ দৰেই নিজেও বজাই ৰাখিছে সেই পেছাদাৰীত্ব। কিন্তু তেওঁৰ বাহিৰে বাকীবোৰে? এজন এজনকৈ নামবোৰ নকও। কোটি টকা উপাৰ্জন কৰা শেহতীয়া চিনেমা কেইখন চাইছে যদি নিজেই অনুমান কৰিব পাৰিব।
শিৱসাগৰত জুবিন গাৰ্গে কি কৰিলে? আয়োজকৰ কষ্টক পানীত পেলোৱা নাইনে? পেছাদাৰীত্বৰ কথা কোৱা জুবিনে সেই কথা ৰাখিলে নে? জুবিনৰ ইতিহাস চালে শিৱসাগৰৰ দৰে ঘটনা বহু আছে। ইয়াৰ আগেয়েও জুবিনে মঞ্চৰ পৰা নামি আহিছে।
জুবিনে ইচ্ছা নকৰিলে গান গাবলৈ কোনেও বাধ্য কৰিব নোৱাৰে। সেয়ে আগতিয়াকৈ তেওঁ আয়োজকক বিনম্ৰতাৰে অনুষ্ঠান কৰিব নোৱোৰাৰ কথা কৈ দিব লাগে। ৰাইজৰ দান, বৰঙণিৰে তেওঁৰ অনুষ্ঠানৰ বাবে ধন জমা কৰা হয়।
ৰাইজে তেওঁক সন্মুখৰ পৰা চাব বিচাৰে। তেওঁৰ গান শুনিব বিচাৰে। গতিকে অনুষ্ঠান কৰাৰ প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগে। সুৰাৰ ৰাগীত মাতাল হৈ মঞ্চত উঠি গান গাবলৈ মন নাই নাগাও বুলি নামি অহা কাৰ্যক কোনেও সমৰ্থন কৰিব নোৱাৰে।
জুবিনক লৈ বাৰে বাৰে বিতৰ্কৰ সূচনা হয়। এই বিতৰ্ক সংবাদ মাধ্যমৰ সৃষ্টি বুলি অভিযোগ থাকিলেও জুবিনৰ শুভ চিন্তকসকলে জুবিনৰ শেহতীয়া কাৰ্যকলাপক সমৰ্থন যে নকৰে সেয়া নিশ্চিত।
তেওঁৰ শুভ চিন্তকসকলে বাৰে বাৰে কৈ আহিছে জুবিনক জিৰণিৰ প্ৰয়োজন। তেওঁ জিৰণি লওক। কিন্তু মাতাল হৈ আয়োজকক বাৰে বাৰে বিপদত পেলোৱা এইবোৰ কাম এতিয়াই বাদ দিয়ক। সুস্থ অৱস্থাত থকাৰ সময়ত নিজেই অনুধাৱন কৰক তেওঁ নিজেই কৈ অহাৰ দৰে প্ৰফেচনেল হয়নে? পেছাদাৰীত্ব তেওঁৰ কামত, কথাত আছেনে?
অসমত আজিৰ তাৰিখত পেছাদাৰীত্ব ক'তো নাই। কোনো এখন ক্ষেত্ৰতে বিচাৰি নাপায় পেছাদাৰীত্ব। অৱশ্যে কোৱাত সকলোৰে মুখে মুখে থাকে এই শব্দ। ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত প্ৰায়বোৰ কৰ্মচাৰীৰে এটাই অভিযোগ, কাৰ্যালয়ত নাই পেছাদিৰিত্ব।
কোনো প্ৰফেচনেল নহয়। চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ মুখত অৱশ্যে এই শব্দ প্ৰায় নাথাকেই। তাৰো কাৰণ নথকা নহয়। সেই বিষয়ে আলোচনা কৰিবলৈ হ'লে আন এক প্ৰতিবেদন লিখাৰ প্ৰয়োজনীয়তা থাকিব।
ব্যক্তিগত খণ্ডক উচ্চ পৰ্যায়ৰ বিষয়া, কৰ্মচাৰীয়ে নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক সময়ে, অসময়ে ফোন কৰি আমনি কৰাটো এটা তেনেই সাধাৰণ কথা। কৰ্মস্থলী ত্যাগ কৰাৰ পিছতো এইসকল শীৰ্ষ বিষয়া, কৰ্মচাৰীৰ চলে মানসিক নিৰ্যাতন।
একেদৰে নিম্ন পৰ্যায়ৰ কৰ্মচাৰীয়ে পেছাদাৰীত্বৰ কথা কৈ শীৰ্ষ বিষয়া, কৰ্মচাৰীক দোষাৰোপ কৰে যদিও তেওঁলোকেৰ কামতো অৱশ্যে দেখা নাযায় পেছাদাৰীত্ব। কৰ্মত ফাঁকি দিয়াতো যেন তেনেই সাধাৰণ কথা। সেয়ে এই অভিযোগৰ পৰা তেওঁলোকো মুক্ত নহয়।
পেছাদাৰীত্ব এটা শব্দ নহয়। পেছাদাৰীত্ব মানুহৰ কৰ্ম, চিন্তা সকলোতে থাকিব লাগিব। ধন উপাৰ্জন কৰাটোৱেই পেছাদাৰীত্ব হ'ব নোৱাৰে। কাম কৰিলে পইচা লাগিবই। কিন্তু পইচাটোৱেই মূল নহয়।
সেই পইচাৰ বাবে বিপৰীত পক্ষই বিচৰা কামো সঠিককৈ কৰিব পাৰিব লাগিব। এই কথা সকলোৱে বুজি পালেই সকলোৰে কৰ্ম আৰু চিন্তাত স্পষ্ট হৈ পৰিব পেছাদাৰীত্ব।
কেব চালকে, ৰেপিড' ৰাইডাৰে নিজৰ কামৰ বাবে এটা নিৰ্দিষ্ট পৰিমাণত ধন লাভ কৰে। যদি তাত তেওঁলোকৰ লোকচান হৈছে, তেনে নিজৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে মাত মাতি প্ৰাপ্য লাভৰ চেষ্টা কৰক। কিন্তু যাত্ৰীক হাৰাশাস্তি কৰাটো গ্ৰহণযোগ্য নহয়।
চিনেমা নতুন নতুন নিৰ্মাণ হওক। ভাল চিনেমা সকলোৱেই চাব। কিন্ত আৱেগ বিক্ৰী কৰিলে লোকচানৰ সন্মুখীন হ'বই লাগিব। ৫০০ টকা খৰচ কৰি কোনেও যাৰ যি ইচ্ছা তাকেই দেখাব আৰু চাব তেনেকুৱা নহ'ব।
নায়কে নিজকে নায়কৰ দৰে তৈয়াৰ কৰিব লাগিব। নায়িকাই নিজকে নায়িকা হিচাপে প্ৰক্ষেপ কৰিব পাৰিব লাগিব। চৰিত্ৰৰ লগত মিলাকৈ সাজসজ্জা, চেহেৰা তৈয়াৰ কৰিব লাগিব। এয়াও পেছাদাৰীত্বৰে এটা অংশ।
শিল্পীক সন্মান সকলোৱে কৰে। বিশেষকৈ জুবিনৰ প্ৰতি অসমৰ ৰাইজৰ কিমান ভালপোৱা সেয়া হয়তো জুবিনে নিজেও উপলব্ধি কৰিব নোৱাৰে। জুবিনক বেয়া পোৱা মানুহ নাই। যি কেইজনে বেয়া পাই, সমালোচনা কৰে তেওঁলোকে আচলতে জুবিনৰ নকৰিবলগীয়া কৰ্মকাণ্ড হে সমালোচনা কৰে, সহ্য নকৰে।
জুবিন অসুস্থ হ'লে সকলোৱে আঘাত পায়। জুবিন ভাল হৈ থকাটো সকলোৱে বিচাৰে। সেয়ে জুবিনে প্ৰয়োজন সাপেক্ষে জিৰণি লওক। মঞ্চ এৰি চলক। কিন্তু অনুষ্ঠানৰ নামত দিঙিলৈকে মদ্যপান কৰি গান গাবলৈ মন নাই বুলি মঞ্চৰ পৰা নামি অহা জাতিয় কাম নকৰিলেই মংগল।
জুবিনে বুজি পোৱা উচিত তেওঁৰ এনে আচৰণে এখন কমিটীক কিমান বিপদত পেলাব পাৰে। যদি শিৱসাগৰত জুবিনৰ সেই আচৰণত ক্ষুদ্ধ হৈ জনতাই উগ্ৰ মূৰ্তি ধৰিলে হয় তেন্তে তাৰ বাবে জগৰীয়া কোন হ'ল হয়? পেছাদাৰীত্বৰ কথা কোৱা জুবিনে এই কথা ভাবিবনে?
Also Read: ছাৰ জাদেজাৰ নামত আন এক ৰেকৰ্ড...