তুষাৰ প্ৰতিম
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে তেওঁক আজি চুৰাটৰ এখন আদলতে ২ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমণা বিহিলে। সমান্তৰালকৈ গান্ধীক এমাহৰ জামিনো প্ৰদান কৰিলে।
ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে দেশজুৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাহুল গান্ধীৰ সাংসদ পদক লৈও প্ৰশ্ন উত্থাপন হৈছে। ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ন্যায়ালয়ে যি ৰায় দিলে সেই ৰায়ত সন্তুষ্ট নহয় কংগ্ৰেছ।
কেৱল কংগ্ৰেছেই নহয় ন্যায়ালয়ৰ ৰায়ক সন্মান জনায়ো কেইবাজনো বিৰোধী নেতাই ৰাহুল গান্ধীৰ সপক্ষে থিয় দিছে। তেওঁলোকৰ স্পষ্ট অভিযোগ, এয়া শাসনাধিস্ত বিজেপিৰ ষড়যন্ত্ৰ। বিজেপিয়ে বিৰোধী শূন্য কৰাৰ কৌশল ৰচনা কৰিছে।
বিজেপিৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ নতুন নহয়। পূৰ্বৰে পৰা বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা, বিৰোধী শূন্য ভাৰত গঢ়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে।
বিজেপিৰ বিৰুদ্ধে মুখ খোলা বিৰোধী নেতাৰ বিৰুদ্ধে ই ডি, চি বি আই, নিয়া আদিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাাপন হৈ আছে। দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনিষ চিছোদিয়া, স্বাস্থ্যমন্ত্ৰী সতৈন্দ্ৰ জৈনক বিজেপিয়ে এই ষড়যন্ত্ৰৰ অংশ হিচাপেই কাৰাগাৰলৈ নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে।
সেইদৰে লালু প্ৰসাদ যাদৱ, ৰাবড়ী দেৱীকে ধৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধেও অনুৰূপ ধৰণে বিজেপিয়ে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। ভূমিৰ বিনিময়ত ৰে'লৱেৰ চাকৰি গোচৰৰ দোহাই দি আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদক বিজেপিয়ে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে বুলি চৰ্চা চলিছে।
বিহাৰত লালু প্ৰসাদৰ দল আৰ জে ডিৰ সমৰ্থনত জনতা দলে চৰকাৰ গঠন কৰিছে। এই জনতা দল কেইদিনমানৰ আগলৈকে আছিল বিজেপি মিত্ৰযোঁটৰ অংশীদাৰ। জনতা দলৰ মুৰব্বী নীতিশ কুমাৰে নিশাৰ ভিতৰতে বিজেপি ত্যাগ কৰি আৰে জি ডিৰ সমৰ্থনত বিহাৰত চৰকাৰ গঠন কৰিলে।
আৰ জে ডিৰ নেতা তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ বিহাৰত চৰকাৰ চলায় আছে। বিজেপি বিৰোধী স্থিতিগ্ৰহণ কৰা দলসমূহৰ ভিতৰত আৰ জে ডিৰ ভূমিকা অতি যথেষ্ট সক্ৰিয়।
লালু প্ৰসাদ যাদৱ জেলৰ পৰা মুক্ত হৈ অহাৰ পিছতে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈছে। তেজস্বী যাদৱে বিজেপিক প্ৰতি মুহূৰ্ততে আক্ৰমণ কৰি আহিছে। সেয়ে বিহাৰত বিজেপিয়ে লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ তাৰ্গেট কৰি লৈছে বুলি চৰ্চা চলিছে।
একেদৰে দিল্লীত আপে বিজেপিৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰাই নহয়, দিল্লীৰ বাহিৰতো তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছে। দিল্লীৰ ক্ষমতা দখলৰ বাবে বিজেপিয়ে সৰ্বোচ্ছ উজাৰি দিও সফলতা লাভ কৰা নাই। এক প্ৰকাৰে বিজেপিৰ বিকল্প হিচাপে আপে আত্মপ্ৰকাশ কৰাৰ চেষ্টাত ব্ৰতী হৈছে আৰু কিছু পৰিমাণে সফলতাও লাভ কৰিছে।
দিল্লীৰ শিক্ষা, স্বাস্থ্য ব্যৱস্থাক আৰ্হি হিচাপে লৈ আপে পঞ্জাৱত ইতিমধ্যে ক্ষমতা দখল কৰাৰ লগতে ৰাষ্ট্ৰীয় দল হিচাপে আত্মপ্ৰকাশ কৰিছে। দিল্লীত প্ৰতি মুহূৰ্ততে বিজেপি আৰু আপৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।
বিজেপিৰ সকলো কৌশল প্ৰতিহত কৰি আপে নিজৰ জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱাই নহয়, বিজেপিৰ সন্মান লাঘৱ কৰিছে। সৰ্ব শক্তি প্ৰয়োগ কৰিও দিল্লী দখল কৰিবলৈ সক্ষম হোৱা নাই বিজেপি।
যাৰ বাবে এতিয়া বিজেপিয়ে কৌশলগত ভাৱে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা দিল্লীৰ শিক্ষা মডেলক বিশ্ব জুৰি সমাদৃত কৰি তোলা মনিষ চিছোদিয়া আৰু স্বাস্থ্য ক্ষেত্ৰলৈ আমোল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা সতৈন্দ্ৰ জৈনক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ অভিযোগ কৰি আহিছে আপে। এয়া মাত্ৰ দুখন ৰাজ্যৰ দুটা ৰাজনৈতিক দলৰ অভিযোগ।
ইয়াৰোপৰিও বিজেপিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আদিৰ দৰে ৰাজনৈতিক দলসমূহৰ সক্ৰিয় নেতাসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক ভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ আছে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাক আকৌ বিভিন্ন দল, সংগঠনৰ নেতাৰ বিৰুদ্ধে ব্যৱহাৰ কৰি তেওঁলোকক দেশ বিৰোধী বুলি প্ৰমাণ কৰিবলৈ অপচেষ্টা কৰাৰ অভিযোগ আছে।
অসমত অখিল গগৈকে ধৰি কেইবাজনো নেতাৰ বিৰুদ্ধে নিয়াই গোচৰ চলাই আছে। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে ছাত্ৰ নেতাৰ মুখ বন্ধ কৰাৰ অভিযোগ সংখ্যাতিত। সংবাদ মাধ্যমৰো একেই দশা। বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযানো আছিল সংবাদ মাধ্যমৰ ওপৰত চলা আতিশয্যৰ এক উদাহৰণ।
বিজেপিৰ বিৰুদ্ধে উত্থাপিত এইবোৰ অভিযোগ নতুন কথা নহয়। আনকি ন্যায়িক ব্যৱস্থাও বিজেপিয়ে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অভিযোগ আছে। পূৰ্বে কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱা নাছিল।
তদন্তকাৰী সংস্থাসমূহ প্ৰায় নিৰপেক্ষ আছিল বুলিয়েই ক'ব পাৰি। বিৰোধীৰ মুখ বন্ধ কৰিব বিচৰা, ছাত্ৰ সংগঠনৰ নেতাৰ মুখ বন্ধ কৰিবৰ বাবে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপনৰ ঘটনা প্ৰায় নাছিলেই।
বিজেপিয়ে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগক নস্যাত কৰিলেওঁ এই অভিযোগৰ পৰা মুক্ত হ'ব নোৱাৰে। ৰাহুল গান্ধীক আজি যিটো গোচৰত দোষী সাব্যস্ত কৰা হ'ল তাত হয়তো সৰ্বসাধাৰণৰ একো ক'বলগীয়া নাথাকিব।
এটা গোষ্ঠী বা সম্প্ৰদায়ক চোৰৰ লগত তুলনা কৰিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মোডী উপাধিৰ সকলোৱেই কিয় চোৰ বুলি উত্থাপন কৰা ৰাহুল গান্ধীয়ে নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰ বাবেই মোডী উপাধি লিখা সকলো লোককেই একাকাৰ কৰা কাৰ্য সঁচাই নিন্দনীয়।
কিন্তু তাৰ পিছতো আজি ৰাহুল গান্ধীৰ দোষী সাব্যস্ত কৰাত দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপিয়ে এইবোৰ কথা পৰ্যালোচনা কৰা উচিত। আজি বিজেপিয়ে যিবোৰ কৰি আছে কালিলৈ আন এটা দল ক্ষমতালৈ আহিলে তেওঁলোকেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিলে মাত মাতিবলৈ বিজেপিৰ বাবে পথ বন্ধ।
বিজেপি বিৰোধী স্থিতি লোৱা অৰবিন্দ কেজৰিৱালে কংগ্ৰেছৰ সৈতেওঁ মিত্ৰতা কৰা নাই। সেই কেজৰিৱালে আজি ৰাহুল গান্ধীৰ সপক্ষে থিয় দিছে। ন্যায়ালয়ক সমৰ্থন কৰিও কৈছে- বিৰোধী নেতা আৰু বিৰোধী দলক শেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি।
টুইটাৰত তেওঁ লিখেছ, অ-বিজেপি নেতা আৰু দলসমূহক আঁতৰ কৰাৰ ষড়যন্ত্ৰ চলি আছে। কংগ্ৰেছৰ সৈতে মতভেদ আছে, কিন্তু ৰাহুল গান্ধীক এনেধৰণৰ মানহানিৰ গোচৰত জড়িত কৰাটো সঠিক নহয়। আমি আদালতক সন্মান কৰোঁ, কিন্তু এই সিদ্ধান্তৰ সৈতে একমত নহয়।
একেই অভিযোগ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা জেএমএম নেতা হেমন্ত সোৰেনে ৰাহুল গান্ধীৰ সপেক্ষে থিয় দি কৈছে, ন্যায়িক ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা স্বত্বেও, মই মানহানিৰ গোচৰত ৰাহুল গান্ধীক শাস্তি দিয়াৰ সিদ্ধান্তৰ সৈতে একমত নহয়। অ-বিজেপি চৰকাৰ আৰু নেতাসকল ষড়যন্ত্ৰৰ চিকাৰৰ বলি হৈছে। এইয়া দেশৰ গণতন্ত্ৰ আৰু ৰাজনীতিৰ বাবে চিন্তাৰ বিষয়।
এনেবোৰ বিষয়ৰ চৰ্চাৰ মাজতে আকৌ আন এক চৰ্চা চলিছে। কোনো কোনোৱে উল্লেখ কৰিছে খাৰিজ হ'ব ৰাহুল গান্ধীৰ সাংসদ পদ। এই সন্দেহ অৱশ্যে অমূলক নহয়। কিয়নো কোনো এজন জন প্ৰতিনিধিৰ যদি ২ বছৰ বা তাতোকৈ অধিক সময় জে'ল হয় তেন্তে তেওঁৰ সেই পদ খাৰিজ হোৱাৰে নিয়ম।
কিন্তু ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হ'বলগীয়া পৰিস্থিতিৰ এতিয়াও সূচনা হোৱা নাই। তেওঁ ২ বছৰৰ শাস্তিৰ আদেশ পাইছে যদিও এমাহৰ জামিন লাভ কৰিছে।
১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইন অনুসৰি, সদনৰ এজন সদস্যক অযোগ্য ঘোষণা কৰাৰ বাবে কেইবাটাও চৰ্ত আছে। যদি কোনো জনপ্ৰতিনিধিক কোনো অপৰাধৰ বাবে ছয় বছৰতকৈ অধিক সময়ৰ বাবে শাস্তি দিয়া হয়, বা তেওঁ ধাৰা ১৫৩ এ (ধৰ্মৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা, আৰু সম্প্ৰীতি বজাই ৰখাৰ বিৰুদ্ধে কাম কৰা) বা ধাৰা ১৭১ এফ (নিৰ্বাচনত বেআইনী প্ৰভাৱ সম্পৰ্কীয় অপৰাধ)ৰ অধীনত দোষী সাব্যস্ত হয় তেনে সেই জনপ্ৰতিনিধিৰ সদনৰ সদস্যপদ খাৰিজ কৰিব পাৰে।
১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত উল্লেখ নকৰা যিকোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা এজন ব্যক্তিক যদি দুবছৰতকৈ অধিক সময়ৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয় তেনে তেওঁক একেদিনাই অযোগ্য ঘোষণা কৰা হ'ব আৰু কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত ছয় বছৰৰ বাবে অযোগ্য হৈ থাকিব।
ৰাহুল গান্ধীয়ে যিহেতু এমাহৰ জামিন লাভ কৰিছে গতিকে তেওঁ এতিয়া গুজৰাট উচ্চ ন্যায়ালয়ত আপীল কৰিব পাৰিব আৰু এই নিৰ্দেশত স্থগিতাদেশৰ নিৰ্দেশ লাভ কৰাৰ সুযোগ লাভ কৰিব। সেয়ে তেওঁৰ সাংসদ পদ খাৰিজ হ'ব বুলি এতিয়াই ক'ব নোৱাৰি।
Also Read: প্ৰাণৰ কথা চিন্তা নকৰি এজন SI য়ে ৰক্ষা কৰিলে ১৬ জনৰ প্ৰাণ...