ঘোৰ কলি কাল, শিষ্যই ল'লে গুৰুৰ প্ৰাণ...

ঘোৰ কলি কাল, শিষ্যই ল'লে গুৰুৰ প্ৰাণ...
ঘোৰ কলি কাল, শিষ্যই ল'লে গুৰুৰ প্ৰাণ...
Published on
Updated on

গুৰু শিষ্যৰ সম্পৰ্কৰ সমান পবিত্ৰ সম্পৰ্ক হয়তো আৰু বেলেগ নাই। গুৰুৱে এডাল ম'ম'ৰ দৰে নিজেই জ্বলি জ্বলি শিক্ষাৰ্থীৰ জীৱন আলোকিত কৰে। যুগে যুগে গুৰু শিষ্যৰ এনে পবিত্ৰ সম্পৰ্কৰ উদাহৰণ অনেক আছে।

দ্ৰোণাচাৰ্যক গুৰু মানি একলব্যই তেওঁৰ এটা মূৰ্তি স্থাপন কৰিয়েই কিমান ভক্তিৰে শিক্ষা আয়ত্ব কৰিছিল সেই কাহিনী আমি জানোঁ। গুৰু দক্ষিণা হিচাপে দ্ৰোণাচাৰ্যই বিচাৰোঁতেই বুঢ়া আঙুলি কাটি দি দিবলৈ এবাৰলৈয়ো চিন্তা কৰা নাছিল একলব্যই।

এতিয়া দিন সলনি হ'ল। এতিয়া শিষ্যই গুৰুক, গুৰু দক্ষিণা দিয়া দূৰৰে কথা, সামান্য কথাতে প্ৰাণ ল'বপৰা এক পৰিবেশ গঢ়লৈ উঠিল। চেকনীৰ আগত বিদ্যা বুলি যিখন ৰাজ্যত, দেশত এক প্ৰচলিত ব্যৱস্থা আছিল সেই ৰাজ্যতে, দেশতে এতিয়া অনুশাসনৰ নামত দুটা টান কথা কোৱাৰ বাবেই ছাত্ৰই শিক্ষকক হত্যা কৰিব পৰা হ'ল।

শিৱসাগৰত শনিবাৰে সংঘটিত হোৱা জঘণ্য হত্যাকাণ্ডই বহু প্ৰশ্নৰে সৃষ্টি কৰিছে। শিৱসাগৰৰ চহৰৰ মাজ মজিয়াত অনুশাসন কৰাৰ বাবেই ছাত্ৰৰ হাতত মৃত্যু হ’ল এজন জনপ্ৰিয় শিক্ষকৰ।

কাহানিও কল্পনা কৰিব নোৱাৰা এই ঘটনাই কেৱল গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনাই নহয় সমাজ ব্যৱস্থাৰ স্খলনৰ চূড়ান্ত নিদৰ্শনো দাঙি ধৰিলে। শিৱসাগৰৰ ছাই বিকাশ একাডেমীত শনিবাৰে সংঘটিত হোৱা ঘটনাত এতিয়া ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে।

শিৱসাগৰৰ লখিমীনগৰৰ বি ডি ৰোডত থকা এই শৈক্ষিক প্ৰতিষ্ঠানখনত শনিবাৰে পাঠদানৰ সময়তে একাদশ শ্ৰেণীৰ এজন ছাত্ৰই বিজ্ঞান বিষয়ৰ শিক্ষক তথা শৈক্ষিক প্ৰতিষ্ঠানখনৰ প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰিলে।ঘটনাৰ বিৱৰণ অনুসৰি ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত শিক্ষক ৰাজেশ বাবুক শিক্ষানুষ্ঠানখনৰ অন্যান্য শিক্ষকসকলে ততাতৈয়াকৈ শিৱসাগৰ টাউনৰে এখন চিকিৎসালয়ত ভৰ্তি কৰায়।

তেওঁৰ অৱস্থা গুৰুতৰ হোৱাত ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। কিন্তু স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত ডিব্ৰুগড়লৈ নিয়াৰ পৰিৱৰ্তে শিৱসাগৰৰ চাওলুং চুকাফা হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁ মৃত্যুক সাৱটি লয়।

অন্ধ্ৰপ্ৰদেশৰ এইগৰাকী ৰাজেশ বাবু দুটাকৈ সন্তানৰ পিতৃ। কৰ্মস্থলী শিৱসাগৰ হোৱাৰ বাবেই তেওঁ যোৱা ৭ বছৰ ধৰি ফুকন নগৰতে বাস কৰি আছিল। তেওঁৰ লগত থাকে পত্নীও। তেওঁৰ পত্নীও একেখন শিক্ষানুষ্ঠানতে কৰ্মৰত।  

একাদশ শ্ৰেণীত অধ্য়নৰত এই ছাত্ৰজন কিয় সংঘটিত কৰিলে এই ঘটনা? এই প্ৰশ্নই এতিয়া সকলোৰে মনত। ইয়াৰ আঁৰৰ কাৰণ কি? খবৰ অনুসৰি একাদশ শ্ৰেণীৰ ছাত্ৰজনৰ বিৰুদ্ধে শিক্ষক ৰাজেশ বাবুৱে গ্ৰহণ কৰিছিল অনুশাসনমূলক ব্যৱস্থ।

শনিবাৰে গণিত বিষয়ৰ শ্ৰেণীত পাঠদানৰ সময়ত শ্ৰেণীকোঠাত মনযোগ নিদিয়াৰ অভিযোগ উঠিছিল এই ছাত্ৰজনৰ বিৰুদ্ধে। সেয়ে ৰাজেশ বাবুৱে শ্ৰেণী কোঠালৈ আহি অনুশাসনৰ সুৰত দুই এটা গালি পৰাৰ লগতে বুজাইছিল শিক্ষাৰ্থীজনক।

প্ৰশাসনিক মুৰব্বী হিচাপে ৰাজেশ বাবু আছিল শিক্ষাৰ্থীসকলৰ মাজতো যথেষ্ট জনপ্ৰিয়। তেওঁ শেহতীয়াকৈ অনুষ্ঠিত হোৱা অংকৰ পৰীক্ষাত নম্বৰ কম পোৱাৰ বাবে ছাত্ৰজনক এনেকৈ কম নম্বৰ পালে কেনেকৈ হ'ব, পঢ়াত মনোযোগ দিব লাগিব আদি কথাৰে অনুশাসনৰ সুৰত বুজাবলৈ চেষ্টা কৰিছিল।

এয়াই আছিল শিক্ষকজনৰ অপৰাধ। শ্ৰেণী কোঠাত ছাত্ৰজনক অনুশাসন কৰাৰ অপৰাধত অপৰাধী হৈছিল ৰাজেশ বাবু। তাৰেই পৰিণাম হিচাপে ছাত্ৰজনৰ পৰা পালে মৃত্যুদণ্ডৰ দৰে শাস্তি।

শ্ৰেণী কোঠাত শিক্ষকৰ অনুশাসন হজম নোহোৱা এই ছাত্ৰজনে অতি শীতল মস্তিষ্কৰে সংঘটিত কৰিছিল এই হত্যা কাণ্ড। অনুশাসনৰ সুৰত কোৱা দুটা কথাই যেন ছাত্ৰজনৰ আত্মসন্মানতহে আঘাত কৰিছিল।

সেয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ গুছি গৈছিল ছাত্ৰজন। আন এক খবৰ মতে আকৌ এই ছাত্ৰ জনক এদিনৰ বাবে শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। যিহেতু আজি শনিবাৰ আছিল গতিকে শনিবাৰে দিনটোত ইউনিফৰ্ম পৰিধান নকৰাকৈয়ো শিক্ষানুষ্ঠানখনত প্ৰৱেশৰ অনুমতি আছিল শিক্ষাৰ্থীসকলৰ বাবে।

শিক্ষক ৰাজেশ বাবুৰ ওপৰত খৰ্গহস্ত হৈ থকা এই শিক্ষাৰ্থীগৰাকীয়ে ঘৰলৈ ইউনিফৰ্ম খুলি থৈ ঘৰুৱা কাপোৰ পিন্ধি পুনৰ বিদ্যালয়লৈ আহিছিল। বাটতে এখন দোকানৰ পৰা ক্ৰয় কৰি আনিছিল এখন ছুৰী। ইয়াৰ পিছত বিদ্যালয়খনত চলি থকা ৰসায়ন বিজ্ঞানৰ শ্ৰেণী কোঠাত চিধাই সোমাই গৈছিল ছাত্ৰজন।

তেতিয়া সময় হৈছিল প্ৰায় বিয়লি ৩-৩০। সেই সময়তল শ্ৰেণী কোঠাত পাঠদান কৰি আছিল ৰাজেশ বাবুৱে। তেওঁৰ অনুমতি নোলোৱাকৈয়ে চিধাই শ্ৰেণী কোঠাৰ শেষৰ বেঞ্চত বহি লৈছিল গৈ ছাত্ৰজন।

তাৰ এনে আচৰণত আচৰিত হোৱাৰ সমান্তৰালকৈ শিক্ষক ৰাজেশ বাবুৱে কিয় এনেকৈ ইউনিফৰ্ম পৰিধান নকৰাকৈ আৰু অনুমতি নোলোৱাকৈ শ্ৰেণী কোঠাত সোমাই বহিলগৈ সেই প্ৰশ্ন বাৰে বাৰে কৰিছিল। ইয়াৰ কোনো উত্তৰ নোপোৱাত ছাত্ৰজনৰ কাষলৈ চাপি গৈছিল তেওঁ।

তেতিয়াই প্ৰথমে শিক্ষকজনৰ মূৰলৈ লক্ষ্য কৰি ছুৰীৰে আক্ৰমণ কৰিছিল যদিও মূৰত নালাগি ছুৰীখন লাগেগৈ তেওঁৰ বুকুত। ইয়াৰ পিছত উপৰ্যপুৰি ছুৰীৰে আক্ৰমণ কৰে শিক্ষকজনক।

এনে এক জঘণ্য ঘটনা সংঘটিত কৰিও কিন্তু এবাৰলৈয়ো আত্ম উপলব্ধি নহ’ল চৰম অপৰাধ প্ৰৱণ মানসিকতাৰ গৰাকী হৈ পৰা এই শিক্ষাৰ্থীগৰাকী। একাংশ শিক্ষাৰ্থীয়ে তাক সেই স্থানৰ পৰা পলাবলৈ কৈছিল যদিও ছাত্ৰজনে মই অপৰাধ কৰিছোঁ, পুলিচ মতা নাই কিয় বুলিহে প্ৰশ্ন কৰিলে।

কোনোধৰণৰ ভয়-ভীত নোহোৱাকৈ সেই স্থানতে ৰৈ থকা এই ছাত্ৰজনক পৰৱৰ্তী সময়ত আৰক্ষী আহি আটক কৰে আৰু সদৰ আৰক্ষী থানালৈ লৈ যায়। স্বাভাৱিকতে ছাত্ৰজনৰ এই কাণ্ডত স্তম্ভিত হোৱাই নহয়, ভীতিগ্ৰস্ত হৈ পৰিছে শিক্ষানুষ্ঠানখনৰ অন্যান্য শিক্ষক তথা শিক্ষাৰ্থীসকল।

ৰাজ্যত শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ সম্পৰ্কত শেহতীয়াকৈ বহু ফাঁট মেলিছে। কেতিয়াবা যদি শিক্ষাৰ্থীয়ে মিছা অভিযোগেৰে শিক্ষকৰৰ সমাজত হেয় প্ৰতিপন্ন কৰিছে কেতিয়াবা আকৌ শিক্ষকৰূপী একাংশই শিক্ষাৰ্থীক যৌন আতিশয্য চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে।

কেতিয়াবা কোনো শিক্ষাৰ্থীক বিদ্যালয়ত অনুশাসন কৰাৰ বাবেই অভিভাৱক শিক্ষকৰ বিৰুদ্ধে কাষ চাপিছে আৰক্ষীৰ। কেতিয়াবা আকৌ শিক্ষাৰ্থীক লঘু দোষতে অমানুসিক শাস্তি বিহিছে শিক্ষকে।

এনেদৰেই গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কৰ অৱনতিৰ ছবিখন লাহে লাহে দৃষ্টিকটুভাৱে পোহৰলৈ আহিছিল যদিও এনে চৰম পৰ্যায়ত গৈ উপনীত হ'ব বুলি হয়তো কোনেও কল্পনাই কৰা নাছিল। এই ঘটনাক মুকলিকৈ আলোচনা কৰিবলৈয়ো ভয়। এই ঘটনাই শিক্ষাৰ্থীৰ মাজলৈ কি বাৰ্তা নিব সেয়াহে হ'ব চিন্তনীয়।

কেৱল প্ৰতিযোগিতামূলক শিক্ষাব্যৱস্থাই আজিৰ শিক্ষাৰ্থীক ভাল, বেয়াৰ বিচাৰ, বিবেচনা কৰাৰ ক্ষমতাৰ পৰাও বঞ্চিত কৰিছে। কেৱল শতাংশৰ পিছত দৌৰা, ৯০ শতাংশতো সন্তুষ্ট নোহোৱা অভিভাৱক, শিক্ষকৰ বাবে শিক্ষাৰ্থীসকলৰ মানসিক স্থিতি, বিচাৰ, বিবেচনা কৰাৰ ক্ষমতা কি পৰ্যায়ত আছে সেয়া কাৰো বিচাৰ্য বিষয় নহয়।

আধ্যাত্মিক আৰু নীতি শিক্ষাৰ অভাবত আজিৰ শিক্ষাৰ্থীয়ে শিক্ষক, জ্যেষ্ঠক কিদৰে সন্মান কৰিব লাগে, ৰাজহুৱা স্থানত কিদৰে আচৰণ কৰিব লাগে সেই বিষয়ে নাজানে। যাৰ পৰিণতিত শিক্ষাৰ্থীসকলৰ মাজত অসামাজিক, অনৈতিক কাম-কাজৰ সংখ্যা বৃদ্ধি পাইছে। বৃদ্ধি পাইছে অপৰাধ প্ৰৱণ মানসিকতা। নীতি শিক্ষাৰ অভাৱৰ বাবেই যে আজি ছাই বিকাশ একাডেমীত এই চৰম পৰ্যায়ৰ ঘটনা সংঘটিত হ'ল সেই কথাক বাৰু কোনোবাই নস্যাত কৰিব পাৰিবনে?

ঘোৰ কলি কাল, শিষ্যই ল'লে গুৰুৰ প্ৰাণ...
কিমতে ভকতি কৰিবো তোমাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in