এই মানুহজনক পদ্মশ্ৰী, অসম গৌৰৱ দিব নোৱাৰি নেকি?

এই মানুহজনক পদ্মশ্ৰী, অসম গৌৰৱ দিব নোৱাৰি নেকি?

author-image
Asomiya Pratidin
New Update
এই মানুহজনক পদ্মশ্ৰী, অসম গৌৰৱ দিব নোৱাৰি নেকি?

এই মানুহজনক পদ্মশ্ৰী, অসম গৌৰৱ দিব নোৱাৰি নেকি?

মৃদুল কুমাৰ সন্দিকৈ

যাৰ কণ্ঠস্বৰ নাই, যাৰ শ্ৰৱণ শক্তি নাই তেনে জন্মগত অসুবিধা থকা শিশু সঁচাকৈ সমাজৰ বাবে অভিশাপ নেকি? আন স্বাভাৱিক শিশুৰ দৰে তেওঁলোক অধিকাৰৰ পৰা বঞ্চিত হয় নেকি?

এনে সমস্যা বহু পৰিয়ালত দেখা পোৱা যায়। বহু উচ্চ শিক্ষিত লোকেই সামাজিক মৰ্যাদাৰ স্বাৰ্থত তেনে শিশুক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি থয়। এক প্ৰকাৰৰ অৱজ্ঞা কৰি সেই শিশুক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি মৃত্যুৰ দিশে ঠেলি দিয়ে পিতৃ-মাতৃ আৰু অভিভাৱকে।

সেইসকল বিশেষ ভাৱে সক্ষম শিশুৰ বাবেও আছে ভৱা মানুহ। আজিৰ পৰা ২৪ বছৰ পূৰ্বে মুনীন কলিতা নামৰ এজন ব্যক্তিয়ে চানমাৰী ফ্লাই অভাৰৰ সমীপত আৰম্ভ কৰিছিল এক অনুষ্ঠান। নাম দিছিল 'সৰস্বতী বাগধ্বনি''।

এতিয়া অৱশ্যে সেই অনুষ্ঠানৰ ঠিকনা সলনি হ'ল। নাৰেংগীৰ বীৰকুছি অঞ্চললৈ স্থানান্তৰিত কৰা হ'ল এই অনুষ্ঠানৰ ঠিকনা। বিহগী নগৰত আছে এই 'সৰস্বতী বাগধ্বনি'। উত্তৰ পূৰ্বাঞ্চলৰ বধিৰৰ বিজ্ঞান সন্মত একমাত্ৰ শিক্ষা কেন্দ্ৰ।

৪ ফেব্ৰুৱাৰীৰ এই অুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱস। 'অসম সাহিত্য সভা'ৰ প্ৰাক্তন সভাপতি বিশিষ্ট ঔপন্যাসিক হিতেশ ডেকাও ওতঃপ্ৰোতঃভাৱে জড়িত হৈ থকা 'সৰস্বতী বাগধ্বনি'লৈ গৈয়ে এক সুশৃংখল আৰু প্ৰণালিবদ্ধ শিক্ষাদানৰ পৰিৱেশ দেখা পোৱা যায়।

আৰ্থিক বা আন কাৰণত এই শিক্ষানুষ্ঠানখনে আন বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে প্ৰসাৰতা লাভ কৰিব নোৱাৰিলেও সেয়া মানৱ প্ৰেম আৰু দায়িত্ববোধৰ বিৰল চানেকী। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলে আসন গ্ৰহণ কৰিলে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী দুলুমণি কলিতাই সৰস্বতী বাগধ্বনিৰ সন্দৰ্ভত কিছু কথা কোৱাৰ পাছতে এই অনুষ্ঠানটোৰ অধ্যক্ষ মুনীন কলিতাই কৈ গ'ল কিমান কষ্ট কৰি গঢ়িবলগীয়া হৈছে সৰস্বতী বাগধ্বনিক। মুখত মাত নুফুটা শিশুসকলক লৈ নিজস্ব ধৰণে বাক শক্তি ঘূৰাই আনিবলৈ তেওঁ কৰি গৈছে যোৱা ২৪ বছৰে ইটোৰ পিছত সিটো পৰীক্ষা নিৰীক্ষা।

তাৰ প্ৰমাণ বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে দিলে। সমস্বৰে এজন ছাত্ৰৰ ইছাৰাৰ অনুসৰি গালে 'অ' মোৰ আপোনাৰ দেশ'। সন্তানক থ'বলৈ আহোতে সন্তানৰ মুখৰ পৰা এটা শব্দ নুশুনি বেদনাত কাতৰ হৈ যোৱা পিতৃ-মাতৃয়ে যেতিয়া আহি সন্তানৰ মুখত মা বা দেউতা শব্দটো শুনে সেই আনন্দই সুকীয়া।

তাতেই অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আছে হোষ্টেলৰ ব্যৱস্থা। আছে পৃথক পৃথককৈ অধ্যয়ন কক্ষ। ইমান পৰিপাটিকৈ সেইবোৰ থোৱা আছে যে, স্বাভাৱিক ল'ৰা-ছোৱালীয়েও এনেদৰে পঢ়া টেবুলখন ইমান ধুনীয়াকৈ নাৰাখে।

অধ্যয়ন কক্ষত থকা এখন টেবুলৰ কাষলৈ গৈ এজন ছাত্ৰৰ বহী এখন মেলি লৈ অভিভূত হৈ পৰিলো। ইমান ধুনীয়া হাতৰ আখৰ। প্ৰতিটো কথাই বৰ স্পষ্টকৈ লিখিছে বহীখনত। সেইখন আছিল বিজ্ঞানৰ বহী।

কৰিড'ৰত দেখা পালো ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ কৰা চেণ্ডেলবোৰ অতি সুন্দৰকৈ ৰখাই থোৱা হৈছে। জীৱনৰ শিক্ষা তেওঁলোক ইয়াত এনেদৰেই পাইছে। সৰস্বতী বাগধ্বনি এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আছে এটা ভোজনালয়।

এই ভোজনালয়ত কোন দিনা, কি খাদ্য দিয়া হয় তাৰ আভাস লিখি থোৱা আছে এখন বহীত। তেওঁলোকৰ বাবে বিদ্যালয়খনত কৰ্মৰত শিক্ষয়ত্ৰীসকলেই শিক্ষক আৰু পিতৃ-মাতৃ। অতি মৰমেৰে তেওঁলোকক শিক্ষাদান কৰা হয়। তেওঁলোকৰ সমস্যা বোৰ বুজিব লাগে।

ছাত্ৰ- ছাত্ৰীসকলে বিদ্যালয় ইউনিফৰ্মত বিদ্যালয়খনৰ চৌহদতে আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান আৰম্ভ হোৱালৈ বাট চাই আছিল। পিতৃ-মাতৃ আহিছে এজন- দুজনকৈ। মাকক দেখি আকুলতাৰে বুকুৰ মাজত সোমাই পৰিছে কোনো কোনোৱে।

তেওঁলোকৰ সকলোৱেই স্বাভাৱিক। মৰম বিচাৰে, আন শিশুৰ দৰে আবদাৰ কৰিব খোজে। শিশুসুলভ দুষ্টালিবোৰ তেওঁলোকৰ শৈশৱো ভৰি আছে। কাজিয়াও হয় লগৰ বোৰৰ মাজত। কিন্তু ইমান আন্তৰিকতা যে, এটি শিশুৱে এখন ফটো তুলিবলৈ দি লগৰ আন দুজনক টানি আনি পজ দিলে ফটোৰ বাবে।

স্বীকৃতি হয়তো মুনীন কলিতা বা সৰস্বতী বাগধ্বনিয়ে পোৱা নাই। নূন্যতম সা-সুবিধাৰেই এই অনুষ্ঠান চলি আহিছে। দশম শ্ৰেণীলৈকে আছে ইয়াত শিক্ষা দানৰ সুবিধা। এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী দেশৰ বিভিন্ন স্থানত গৈ প্ৰতিষ্ঠা লাভ কৰিছে।

সেইবোৰেই এতিয়া সুখ। অনুষ্ঠানৰ আৰম্ভণি ঘটিল। এজন এজনকৈ বিশিষ্ট অতিথিসকলে বহু দিশ উল্লেখ কৰিলে। বিদ্যালয়খনৰ প্ৰধানশিক্ষয়ত্ৰী দুলুমণি কলিতাই ক'লে কিমান প্ৰত্যাহ্বানৰ মাজত বিদ্যালয়খন চলাই থাকিব লগীয়া হৈছে।

আৰতী ভট্টাচাৰ্য, দয়ানন্দ পাঠক, প্ৰকাশ মহন্ত, কিৰণ বড়ো আদি অতিথি। অনুষ্ঠানটোৰ সঞ্চালনা কৰিছিল এই অনুষ্ঠানটোৰ পৰিচালনা সমিতিৰ সভাপতি ড০ উমেশ ডেকাই। এসময়ৰ গুৱহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক।

সাধাৰণ যেন লগা এজন অসাধাৰণ লোক, শিক্ষাবিদ, বিশিষ্ট সাহিত্যিক হিতেশ ডেকাৰ সুযোগ্য সন্তান। কিমান দিনলৈ এনেদৰে চলিব। কিবা এটা স্থায়ী কৰিব লাগিব। সকলোৱেই সন্মত হ'ল কথাটোত।

অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰতিশ্ৰুতি দিলে প্ৰতিমাহে ১০ হাজাৰকৈ টকাকৈ ৰূপালী জয়ন্তী অনুষ্ঠান হৈ নোযোৱা পৰ্যন্ত তেওঁ সৰস্বতী বাগধ্বনিক দিব। সেই প্ৰতিশ্ৰুতিয়েই আৰম্ভণি।

উমেশ ডেকাই ঘোষণা কৰিলে ৫০ হাজাৰ টকা তেওঁ নিজৰ ফালৰ পৰা দিব। আন তেনে ১০ জনক এই অনুৰোধ জনাব। একেই প্ৰতিশ্ৰুতি প্ৰকাশ মহন্তয়ো দিলে। এক ভাল লগা আৰম্ভণি ঘটিল এই অনুষ্ঠানতে।

এজনী কণমানিয়ে বিহু নাচিলে। লগৰবোৰে হাত চাপৰি বজালে। বাহিৰত ৰৈ থকা এজন অভিভাৱকে ক'লে নিজ সন্তানৰ অভিজ্ঞতাৰ কথা। বহু ফল পাইছে সৰস্বতী বাগধ্বনিৰ পৰা। গোলোঘাটৰ পৰা আহি তেওঁ সন্তানক পঢ়োৱাবৰ বাবেই প্ৰতিক্ষাৰ সমীপত এটা ভাড়াঘৰ লৈ লৈছে।

ধেমাজী, চৰাইদেউ, গুৱাহাটী, গোলাঘাট সকলোৰে পৰা এনে বিশেষ ভাৱে সক্ষম শিশুসকল আহি এতিয়া এটা পৰিয়ালৰ দৰে আছেহি। এইখনেই তেওঁলোকৰ পৃথিৱী। আছে হাঁহি, ফুৰ্তি, শৈশৱৰ ধেমালি।

এইধৰণৰ নীৰৱে ভাল কাম কৰা মানুহবোৰে বাৰু কিয় নাপায় স্বীকৃতি? কিয় দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে চৰকাৰ বা সংশ্লিষ্ট পক্ষৰ? এবছৰ, দুবছৰ নহয় প্ৰায় ২৪ বছৰ এনে কাম কৰা, নিজা উদ্ভাৱনী শক্তিৰে বধিৰ সকলৰ বাবে কাম কৰি যোৱা, মানুহ ৰূপে তেওঁলোকক গঢ়ি তোলা মূল মানুহ জনেও জানো পাব নালাগে স্বীকৃতি?

পদ্মশ্ৰী দিয়া হয় সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ এনেবোৰ দিশত বৰঙণি আগবঢ়োৱা লোকলৈ। পাবলগা বোৰে চোন নাপায়। নাপাবলগীয়াবোৰেও ৰজা ঘৰৰ সন্মান, উপাধি পাচি পাচিয়ে পায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় কয়, সাধাৰণ যিসকল লোকে অসাধাৰণ কাম কৰি আছে তেওঁলোকৰ সৈতে চৰকাৰ আছে। দিয়া হয় অসম বৈভৱ, অসম গৌৰৱ বঁটা। নিসন্দেহে সেই তুলাচনীত উঠিবলগীয়া সকলৰ ভিতৰত থাকিব লাগিছিল মুনীন কলিতা।

চৰকাৰী আন বিভাগ সমূহেও এই কামৰ মূল্যায়ণ কৰি সহযোগ কৰাৰ প্ৰয়োজন আছিল। এয়া তেওঁলোকৰ বাবে ব্যৱসায় নহয়, মানৱ সেৱা। এবাৰ যি সৰস্বতী বাগধ্বনীলৈ গৈছে সেই উপলব্ধি নিসন্দেহে হ'ব। কিন্তু তেনে প্ৰচাৰহীন অনুষ্ঠান বা ব্যক্তিৰ কাষলৈ যাবলৈ হ'বনে কেতিয়াব মুখ্যমন্ত্ৰী বা য'তে ত'তে চাডেন ভিজিত দি ফুৰা সকলৰ আজৰি !

Also Read: জন্মৰ পূৰ্বেই সন্তানক কৈ কাজিয়াঃ ৰাজপথৰ বাহনতেই সন্তান প্ৰসৱ কৰাত অভিভাৱকৰ পলায়ন...

সৰস্বতী বাগধ্বনি