দুজন জন প্ৰতিনিধি, এজনে সভাত, আনজনে সংঘত কি কৰিলে ?

author-image
Asomiya Pratidin
New Update
দুজন জন প্ৰতিনিধি, এজনে সভাত, আনজনে সংঘত কি কৰিলে ?

- মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যত ৩ টা বৃহৎ অনুষ্ঠানৰ অধিৱেশন অনুষ্ঠিত হৈ গ'ল । অসমীয়া সাহিত্য সংস্কৃতিৰ গুৰি ধৰা তথ‍া জাতীয় জীৱনত বিশেষ প্ৰভাৱ থকা অসম সাহিত্য সভাৰ পূৰ্নাংগ অধিৱেশন ৫ দিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰত অনুষ্ঠিত হৈ যায় । বৰখামতি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত ৩১ জানুৱাৰী, ১ ফেব্ৰুৱাৰী, ২ ফেব্ৰুৱাৰী, ৩ ফেব্ৰুৱাৰী আৰু ৪ ফেব্ৰুৱাৰীত ৫ দিনীয়াকৈ অনুষ্ঠিত অসম সাহিত্য সভাত সাহিত্যৰ কথাতকৈ আন কিছু বিতৰ্কিত কথাই গুৰুত্ব লাভ কৰিলে ।

তাৰ পাছত চিমেন চাপৰিৰ চেৰেণ পথাৰত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ১০,১১ আৰু ১২ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৯২ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ।

প্ৰায় ৩ কোটি টকাৰ বাজেটেৰে অতি সূচাৰু ৰূপে অনুষ্ঠিত হোৱা এই অধিৱেশনত আধ্যাত্মিক পৰিৱেশৰ মাজত ভকত বৈষ্ণৱ সকলে গুৰু বন্দনাৰে এক অপূৰ্ব অভিজ্ঞতাৰ গৰাকী হ'ল । প্ৰায় ৩০ লক্ষক লোকে অংশ লোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আধ্যাত্মিক পৰিৱেশৰ মাজত সকলো শ্ৰেণীৰ লোকৰ বাবে অংশ গ্ৰহণৰ সুবিধা হোৱাকৈ আই মাতৃ সমাৰোহৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী সকলৰ মাজত এক নিজস্ব চেতনা লব্ধ ভক্তিমাৰ্গৰ উদয় হোৱাৰ পৰিৱেশ সৃষ্টি হ'ল ।

সেই ২ বৃহৎ অনুষ্ঠানৰ তুলনামূলক কিছু কথা হয়তো বহুতে মন কৰা নাই । অসম সাহিত্য সভাত ৰাজনীতিকৰ পয়োভৰ ঘটিল । সাহিত্য ক'ৰবাতেই পৰি থাকিল । অংশ লবলৈ যোৱা নিমন্ত্ৰিত অতিথিয়ে তিক্ত অভিজ্ঞতা লৈ কানত ধৰি ক'ব লগীয়া হ'ল সাহিত্য সভালৈ আৰু কেতিয়াও নাহে ।

কিন্তু এই অধিৱেশনৰ বাবে ৬ কোটি ৮৯ লাখ টকা ব্যয় কৰা হৈছিল । লক্ষণীয় কথাটো হ'ল ইমান ধন ব্যয় কৰাৰ পাছতো আন্তৰিকতাৰ অভাৱৰ বাবে, একাংশ লোকৰ প্ৰদৰ্শনধৰ্মীতা আৰু ৰাইজৰ শুভ ইচ্ছা কমি যোৱাত অসম সাহিত্য সভা অধিৱেশন খনক জাতীয় জীৱনৰ এক বিশেষ অনুষ্ঠান ৰূপত পৰিণত কৰিব নোৱাৰিলে ।

একেদৰে অসম সত্ৰ মহাসভাৰো বাৰ্ষিক অধিৱেশন খন ৯ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা জিলাৰ বাগুৱানাৰ কেৱলীয়া হাটি সত্ৰত অনুষ্ঠিত হয় । ৫২ সংখ্যক এই পূৰ্ণকালীন অধিৱেশনত দেখা পোৱা গ'ল বিষয়কেন্দ্ৰিক খাম খেয়ালি । জিতেন্দ্ৰ নাথ প্ৰধানী, কুসুম মহন্তৰ দৰে বিষয় ববীয়াই এই সত্ৰ মহাসভাৰ সাম্প্ৰতিক সময়ৰ দায়িত্ব পাহৰি কেৱল এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ গোজ মাৰি বহি থকাৰ প্ৰৱণতাত মছগুল হৈ আছে । অথচ ধৰ্মীয় আগ্ৰাসন, জাতি সংস্কৃতিৰ উত্তৰণৰ বাবে সাংস্কৃতিক আৰু সামাজিক সুস্থ বাতাবৰণ সৃষ্টি কৰাত সত্ৰ মহাসভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ অৱকাশ আছে ।

চৰকাৰে প্ৰদান কৰা আৰ্থিক অনুদান লাভ কৰি সেই ধনেৰে কেৱল নামঘৰ সত্ৰ নিৰ্মাণেৰে এটা জাতিৰ সাংস্কৃতিক পৰিকাঠামো ৰক্ষা নহয় । ধৰ্মীয় উদাৰতাবাদৰ বিপৰীতে সংকীৰ্ণতাবাদৰ পৰা মুক্ত হৈ জাতি জনগোষ্ঠীৰ মাজলৈ ইয়াক লৈ যাবৰ বাবে সত্ৰ মহাসভাৰ বিষয়ববীয়া সকলৰ কৰণীয় যথেষ্ট আছিল ।

আৰ্থিক খেলিমেলিৰ অভিযোগ, লবীবাদত আক্ৰান্ত হৈ পৰিছে এই অনুষ্ঠানটো । এইবোৰ সামাজিক, ধৰ্মীয় অনুষ্ঠানৰ সৈতে মানুহৰ সম্পৰ্ক কৰবাত যেন হ্ৰাস পাইছে । ৰজাৰ ঘৰৰ ওচৰত আঠু লৈ প্ৰজাক বিপথে পৰিচালনা কৰা, ৰাইজৰ মৰমৰ অনুষ্ঠান হৈ থাকিব নোৱাৰাতো এক ডাঙৰ ব্যাধি ।

সত্ৰ মহাসভাৰ, অসম সাহিত্য সভাৰ কৰ্মকৰ্তা সকলে এক অনুষ্ঠান পৰিচালনা কৰাৰ আৰু ৰাজনীতিৰ সৈতে ইয়াক সানমিহলি নকৰাকৈ নিজৰ লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শংকৰদেৱ সংঘই কিছু দিশ অনুধাৱণ কৰাৰ সময় আহিছে ।

নাৰায়ণপুৰ অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল স্থানীয় বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা । সাহিত্য সভাস্থলীত অমিয়ময় কৰি য'তেই ত'তেই নিজৰ বেনাৰ পোষ্টাৰ আৰিও তেওঁ নিজক ৰাইজৰ মাজলৈ লৈ যাব নোৱাৰিলে । বৰঞ্চ মানুহৰ দৃষ্টিত তেওঁ পুতৌৰ পাত্ৰ হে হ'ল । বিতৰ্কৰ অন্য নাম হৈ পৰিল সাহিত্য সভাৰ কেইদিন অমিয় ভূঞা । মঞ্চ, শোভাযাত্ৰা সকলোতে অমিয় ভূঞাৰ উপস্থিতি । তাৰ কাৰণ হ'ল বিধায়ক হিচাপে তেওঁৰ প্ৰভাৱ । মানুহ মাতি তেওঁক সমালোচনা কৰাৰ বাবেই নতুনকৈ চিঠি চপাই এই গৰাকী কৰ্মকৰ্তাই নিজৰ ক্ষমতাৰ উমান দিলে ।

তাৰ বিপৰীতে চিমেন চাপৰিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে আৰত থাকিয়েই দায়িত্ব পালন কৰিলে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে । ক'তো মানুহে তেওঁৰ অনাৱশ্যকীয় উপস্থিতি দেখা নাপালে । দুয়োজনেই জনপ্ৰতিনিধি, কিন্তু দুয়োৰে মাজত থকা প্ৰভেদ এই অধিৱেশনৰ জৰিয়তে ৰাইজে দেখিলে । ৰাইজৰ কাম কৰিবলৈ নিজৰ ফটো আৰি, দলেবলে ৰাজনৈতিক নেতা মাতি, সকলোতে মুখ উলিয়াই থাকিব নালাগে । ৰাজনৈতিক দৃষ্টিকোণেৰে ভূৱন পেগুৰ সৈতে মত পাৰ্থক্য থাকিব পাৰে । কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে এগৰাকী জন প্ৰতিনিধি হিচাপে তেওঁৰ দায়িত্ববোধ, একাগ্ৰতা অমিয় ভূঞাৰ সৈতে তুলনাই নহয় ।

ৰাজ্যত ধৰ্মীয় আগ্ৰাসন চলিছে, সাহিত্য সংস্কৃতিৰ গুৰিবঠা ধৰা লোকৰ অভাৱ হৈছে । সমাজ খনকো নেতৃত্ব দিব পৰাকৈ ভৰষা থকা অনুষ্ঠান আমাক লাগে । কেৱল বেমেজালি, বিতৰ্ক এইবোৰে আমাক দিক্ ভ্ৰান্ত কৰিছে । ৰাজনৈতিক দৃষ্টিকোণেৰেও আজি আমি বহু সময়ত শংকিত হ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে । সেই ৰাজনৈতিক গ্ৰাসত পৰিব নুখুজি এক সুস্থ, সামাজিক, সাংস্কৃতিক বুনিয়াদ গঢ়িবলৈ এইবোৰ অনুষ্ঠানৰ ভূমিকা অতি প্ৰয়োজনীয় ।

শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱ সকলে তৃণমূল পৰ্যায়ৰ পৰাই এক নিজস্ব আধ্যাত্মিক দৰ্শনেৰে সেই বুনিয়াদ গঢ়িছে । কেতিয়াবা তাতো ধুমুহা আহিলে লাখ লাখ ভক্তৰ আৱেগ, অনুভূতিক ভৰিৰে মোহাৰি পেলোৱাৰ সাহস কোনোৱেই কৰিব নোৱাৰে । তাৰ বিপৰীতে কিন্তু অসম সাহিত্য সভা বা আন অনুষ্ঠান সমূহে ব্যক্তিগতকৰণ হৈ পৰিছে । ৰাইজৰ অনুষ্ঠান হৈ নথকাৰ বাবে দিনক দিনে সেই অনুষ্ঠানসমূহৰ গ্ৰহণযোগ্যতা কমিবলৈ ধৰিছে ।

assam sahitya sabha srimanta shankardev sangha