এতিয়া কামৰ সৰু বৰ নাই। এয়া তেওঁ কি কৰিছে বুলি কাৰোবাৰ কামৰ মূল্যায়ণ কৰা জনৰ মুখতো পৰিব পাৰে চূণ। এয়া ঠিক যে, এনে সফলতাই সৃষ্টিৰ স্থায়িত্ব দাবী কৰিব নোৱাৰে। বিশ্বৰে এজন জনপ্ৰিয় ৰকষ্টাৰ স্নোপ ডগ। তেওঁৰ সম্পূৰ্ণ নাম কেলভিন কৰড'জাৰ ব'ৰআডোছ জুনিয়ৰ।
ৰক সংগীতৰ পৃথিৱীত তেওঁৰ খ্যাতি জগত জুৰি আছে। তেওঁ কেৱল ৰকষ্টাৰেই নহয়, গীতৰ লেখক, সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত, অভিনেতা আৰু এজন ভাল খেলুৱৈ। সফলতাৰ পৃথিৱীত তেওঁ শীৰ্ষত থকা লোকসকলৰ ভিতৰত অন্যতম।
তেওঁৰ বিৰুদ্ধে আছে বহু অভিযোগো। এই আমেৰিকান ৰেপাৰগৰাকীৰ সংগীত ইমানেই বিখ্যাত যে তেওঁ এটা গীতৰ এলবাম নব্বৈৰ দশকত ২৩ মিলিয়নলৈকে কেৱল আমেৰিকাতেই বিক্ৰী হৈছে। বিশ্বজুৰি ৩৫ মিলিয়ন এলবামৰ কপি বিক্ৰী কৰি তেওঁ অভিলেখো গঢ়িছে।
আমেৰিকান মিউজিক এৱাৰ্ড, প্ৰাইম টাইম এমে এৱাৰ্ডৰ দৰে সন্মানীয় সন্মানৰ গৰাকী হৈছে তেওঁ। 'ড্ৰপ ইট', 'লাইক ইটছ হট'ৰ দৰে গীত ৰকসংগীতৰ শ্ৰোতাৰ বাবে অতিকৈ পৰিচিত।
২০২৪ ৰ পেৰিছ অলিম্পিকৰ ১১ আগষ্টৰ সামৰণি অনুষ্ঠানত পেৰিছত তেওঁৰ কণ্ঠত এই গীত শুনিবলৈ পাইছিল বিশ্বৰ কোটি কোটি লোকে। সেইদিনা তেওঁ গাইছিল দ্য নেক্সট এপিছোডো।
তিনিটাকৈ টেলিভিছন শ্ব'ৰ সৈতেও তেওঁ জড়িত। ইউটিউবত ১৪ বছৰ আগতে তেওঁ আপলোড কৰা 'ড্ৰপ ইটছ লাইক' ৩০৬ মিলিয়ন মানুহে এতিয়ালৈকে চাইছে। পেৰিছ অলিম্পিকত এন বি চিৰ স্পেছিয়েল কৰেছপণ্ডেছ হিচাপে অংশ লৈ তেওঁ দৈনিক লৈছিল ৫ লাখ মাৰ্কিন ডলাৰ।
সামাজিক মাধ্যমতো তেওঁ বেছ জনপ্ৰিয়। ইনষ্টাগ্ৰামত তেওঁ যি দিয়ে সেয়াই ভাইৰেল হয়। বিশ্বৰ কোটি কোটি মনুহে চাই তেওঁৰ ভিডিঅ'। ৮৯ মিলিয়ন ফ'লৱাৰ্ছ আছে এইগৰাকী ৰকষ্টাৰৰ। ইনষ্টাত তেওঁ এতিয়ালৈকে ৬২ হাজাৰৰো অধিক পোষ্ট দিছে।
তেওঁ দিয়া ইনষ্টাৰ ভিডিঅ' মানেই বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে। অতি নিৰ্বাচিত ভিডিঅ' তেওঁ শ্বেয়াৰ কৰে snoopdogg নামৰ একাউণ্টটোৰ পৰা। এনে এজন ব্যস্ত আৰু বিশ্বজুৰি প্ৰতিষ্ঠিত ৰকষ্টাৰে অসমৰ কাৰোবাৰ গান নিজৰ ইনষ্টাৰ একাউণ্টত শ্বেয়াৰ কৰিব পাৰে বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল।
জুবিন বা পাপনৰ গান তেওঁ শ্বেয়াৰ কৰা নাই নিজৰ ইনষ্টাৰ একাউণ্টত। বহুতে গায়ক বুলি নভবা, যি ইচ্ছা তাকে কৰি ফুৰা ৰাজকুমাৰ ঠাকুৰীয়া নামৰ ব্যক্তিজনৰ এটা গান হঠাৎ শ্বেয়াৰ কৰি দিলে এইজন বিশ্ববিখ্যাত ৰেপাৰে।
মুহূৰ্তৰ ভিতৰতে ৰাজকুমাৰ ঠাকুৰীয়াৰ 'অনামিকা' শীৰ্ষক ইংৰাজীত গোৱা সেই গীতটো ভাইৰেল হৈ পৰিল সমগ্ৰ বিশ্বজুৰি। কোনো কেপচন নিলিখাকৈ ২৬ অক্টোবৰ ২০২৪ ত তেওঁ শ্বেয়াৰ কৰা ৰাজকুমাৰৰ এই গীতটো দুদিনৰ ভিতৰতে চালে প্ৰায় ২.৮ মিলিয়ন লোকে।
তেওঁ ইনষ্টাৰ একাউণ্টত আপলোড কৰা ৰাজকুমাৰ ঠাকুৰীয়াৰ এই গীত ১১১ হাজাৰ লোকে লাইক কৰাৰ উপৰিও ১১০ হাজাৰ মানুহে শ্বেয়াৰ কৰিছে। ৰাজকুমাৰৰ বাবেও এয়া এক অবিশ্বাস্য কথা হৈ পৰিছে।
৬৮১৭ টা কমেণ্ট আছে এই ভিডিঅ'টোত। এতিয়া যে সকলোৱেই সম্ভৱ। কোন, কেতিয়া, কেনেকৈ বিশ্বজুৰি চৰ্চিত হৈ যায় তাৰ কোনো নিশ্চয়তা নাই। ৰাণু মণ্ডল, ভূৱন বৈদ্যকাৰ আদিয়ো ভাইৰেল হৈছিল।
সেয়া দেশতে সীমাবদ্ধ আছিল। ৰাকুদা বুলি বহুতে হঁহা ৰাজকুমাৰ ঠাকুৰীয়া এতিয়া বিশ্বজুৰি চৰ্চিত। কোনে, কি কৰি, কাৰ দৃষ্টি আকৰ্ষণ কৰিছে সেয়া পিছৰ কথা। কিন্তু এতিয়া সময়ে এনেকুৱা হৈ পৰিছে যে বহু ভাল কামৰ, ভাল সৃষ্টিৰ চৰ্চা নহয়।
এই ডিজিটেল পৃথিৱীত মানুহ খাই ভাইৰেল হয়, শুই ভাইৰেল হয় আৰু কিছুমানে ৰাজকুমাৰ ঠাকুৰীয়াৰ দৰে গান গাব চেষ্টা কৰি সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৰাতিটোৰ ভিতৰতে এনেকৈয়ে হৈ পৰে বিশ্বজুৰি চৰ্চিত। এতিয়া এনেকুৱাই সময়, এনেকুৱাই পৃথিৱী...।
Also Read: চামগুৰিঃ নুৰুল-ৰকি-তাঞ্জিলৰেই নেকি ?