কিছুমান ক্ষমতাশালী লোকৰ এক স্তাৱক বাহিনী থাকে। সেই বাহিনীৰ বিচাৰ, বিবেচনা কৰিব পৰা শক্তি নাথাকে। তেওঁলোক অন্ধ স্তাৱক, গতিকে তেওঁলোকৰ দৃষ্টিত ক্ষমতাশালী লোকজনে কৰা হাজাৰ ভুলো শুদ্ধ আৰু সত্য হৈ পৰে।
এই লোকসকলৰ বিপৰীতে আন এচাম অতি সহজ, সৰল লোক থাকে। যিসকলে প্ৰকৃত সত্যক অনুধাৱন কৰিও সৰলতাৰ বাবে ইয়াৰ প্ৰতিবাদ নকৰে। চকুৰ সন্মুখত তেওঁলোকে দেখি অহা অন্যায়, অনিয়ম মৌন হৈ সহ্য কৰি যায়।
আধ্যাত্মিকভাৱে তেওঁলোক আবেগিক হোৱাৰ হেতু তেওঁলোক জড়িত হৈ থকা অনুষ্ঠানটো বিতৰ্কৰ মাজলৈ অহাতো নিবিচাৰে। কিন্তু এজন সাংবাদিকে এই দুই দৃষ্টিকোণেৰে তেনে বিতৰ্কিত এজন ব্যক্তিক পৰ্যালোচনা বা মূল্যায়ন কৰিব নোৱাৰে।
সমাজ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা তেনে সমাজমুখী আৰু ধৰ্মীয় চেতনাৰে লাখ লাখ ভক্তৰ হৃদয় অনুৰণিত কৰি তোলা অনুষ্ঠানৰ মজিয়াত তেনে ক্ষমতাবান লোকে কৰি অহা অন্যায় তুলি ধৰিবলৈ বাধ্য হয় নিৰপেক্ষ দৃষ্টিভংগীৰে।
ইয়াত যদি কোনোবাই তেনে অনুষ্ঠানৰ প্ৰতি বেয়া মনোভাবেৰে সেই খবৰবোৰ ফাদিল কৰাৰ অভিযোগ তোলে, তেনে সেয়া এই দুই দৃষ্টিকোণেৰে বিচাৰ কৰিবলগা হয়। স্তাৱক বাহিনীয়ে তেনে খবৰে যাতে তেওঁলোকৰ ক্ষমতাশালী নেতাজনৰ স্বাৰ্থক বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে আন বহু উপ-কাহিনী, আৱেগিক কথা প্ৰচাৰ কৰি সেই খবৰবোৰ তল পেলাব খুজিছে আৰু চোৰ এৰি পুলিচৰ পিছত দৌৰিছে।
এই শক্তিটো সদায় সক্ৰিয় হৈ প্ৰয়োজনত নিজেই জড়িত থকা অনুষ্ঠানৰ নেতৃত্বৰ প্ৰতিয়েই কল্প কাহিনীৰ সৃষ্টি কৰে। সেই কাহিনীবোৰৰ ভিতৰত এনে কাহিনীও থাকে যিবোৰ উপন্যাসৰ পটভূমিত ইংগিত ধৰ্মী কোনো নায়কৰ অতীতৰ অভিযোগ পৰোক্ষভাৱে তুলি ধৰে।
এইসকলৰ চিন্তাৰ দৌৰ তেওঁলোকে নেতা বুলি মানি লোৱা কোনোবা বৰা উপাধিৰ বিষয়ববীয়াৰ ওচৰতেই সীমাবদ্ধ হৈ থাকে। ক'ব নোৱাৰাকৈ তেওঁলোকে নিজৰ অনুষ্ঠানটোৰেই ইমান ক্ষতি কৰে যে, তাৰ ফল অনুষ্ঠানটোৰ সৈতে জড়িত ভকত বৈষ্ণৱসকলে ভোগ কৰিবলগীয়া হয়।
সাংবাদিকে শুদ্ধ আৰু সত্য খবৰ দিবলৈ ক'ত তথ্য পালে বুলি চিন্তা কৰি ফুৰা আৰু সেই তথ্যৰ উৎসৰ সাম্ভাব্য লোকৰ তালিকা প্ৰস্তুত কৰি তেওঁলোক ব্যস্ত হৈ পৰে। অথচ নিজৰ অনুষ্ঠানটোৰ ভিতৰত হোৱা এই অনিয়ম স্বীকাৰ কৰি অনিয়মৰ অভিযোগ উঠাজনৰ বিৰুদ্ধে 'টু' এটা শব্দ উচ্চাৰণ কৰিবলৈ তেওঁলোকৰ সাহস নাথাকে।
ই এক অতি স্পৰ্শকাতৰ বিষয়। তেনে অনিয়ম আৰু অনীতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰা ৰাজহাড়বিহীন এই লোকসকলে কাৰোবাৰ ইছাৰাত উঠা বহা কৰে। সেয়ে তেওঁলোকৰ গতি, প্ৰকৃতি সত্যৰ অন্বেষণৰ বিপৰীতে অৱস্থান লয়।
নাম উল্লেখ নকৰিলেও এই কাঠফুলা শ্ৰেণীৰ লোকসকলৰ আচৰণ নিশ্চয় সজাগ, সচেতন লোকসকলে লক্ষ্য কৰিছে। কোনো এক অনুষ্ঠানৰ ভিতৰত সংঘটিত অনিয়মে ব্যক্তিগত পৰ্যায়ত কোনো লোকৰে লাভ, লোকচান নকৰে। তাত যি হৈ থাকে হওক বুলি বিষয়বোৰ গা এৰাই চলিবও পৰা যায়।
কিন্তু এচাম সচেতন লোকে আক্ষেপেৰে তেনে লোকসকলৰ অনিয়ম তথ্যসহ যোগান ধৰিলে ইয়াক দাঙি ধৰাতো দায়িত্বৰ ভিতৰতেই পৰে। সেই লোকসকল কোনো চিনাকী লোক নহয়। আনকি এই অনিয়মৰ ঠিকাদাৰসকলৰ কাষতে থকা ঘনিষ্ঠ লোকেই অতিষ্ঠ হৈ ইমান গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰে যে, সেয়া তেওঁলোকে প্ৰিয় অনুষ্ঠানটোৰ প্ৰতি দায়বদ্ধ হৈ এনে কৰিছে বুলি পতিয়ন যাব পৰা যায়।
আমাৰ ভিতৰত যি হৈছে হওক বুলি সেই অন্যায়, অনিয়ম লুকুৱাই ৰাখোতে তাৰ দুৰ্গন্ধ কাষৰ সমাজখনলৈয়ো বিয়পি পৰে। তেনে শ্ৰেণীবাদী আৰু ক্ষমতালিপ্সুসকলৰ বৰ বৰ হুংকাৰে কাৰোবাক শংকিত কৰিব পাৰিলেও সকলোকে শংকিত কৰিব পাৰিম বুলি ভবাতো তেওঁলোকৰ এক প্ৰকাৰৰ মুৰ্খামীৰ দৰে।
এতিয়া পৰিস্থিতিত পৰি অভিযোগ আঙুলি এসময়ত একেলগে তেনে ৰণ কৌশল প্ৰস্তুত কৰি পৰৱৰ্তী ক্ষমতা আগবঢ়াই দিয়াজনলৈ এইসকলে স্বাভাৱিকভাৱে উত্থাপন কৰিছে। সকলো কথা জানিও নজনাৰ দৰে আচৰণ কৰি তেওঁলোকক আদৰি লোৱা সেই সময়ৰ সাক্ষী সময়ে থৈ দিছে।
এতিয়া আক্ষেপ কৰি গৰ্জনেৰে তেওঁৰ বিৰুদ্ধে মাত মাতিলেও সেয়া যে পলম হৈ গ'ল এই কথা উপলব্ধি কৰাতো মংগলজনক। কোনো এক অনুষ্ঠানৰ উৰ্ধত নিজকে তুলি কেৱল মই, মই মনোভাৱেৰে তেওঁলোকে বহুদিন ক্ষমতাৰ সোৱাদ ল'লে। এতিয়া ক্ষমতাৰ পৰা আঁতৰাৰ পাছত সেই নিচা তেওঁলোকৰ আঁতৰা নাই।
ক্ষমতাত থাকোঁতে ৰঙা দলিচা পাৰি তেওঁলোকক আদৰি নিয়াতো অলিখিত নিয়ম কৰা হৈছিল। তেওঁলোকক আদিপাঠ পঢ়োৱাসকলৰ বিৰুদ্ধেই তেওঁলোকে অৱস্থান লোৱা বহু উদাহৰণ আছে। আনকি তেওঁলোক ইমানেই অসহিষ্ণু যে যিজন লোকে এই অনুষ্ঠানৰ বাবে জীৱন উৎসৰ্গা কৰিছিল সেই লোকজনক সমান্য ভুলৰ বাবে অনুষ্ঠানৰ পৰা আঁতৰাই ৰখাতেই তেওঁলোক ৰৈ যোৱা নাছিল।
অনুষ্ঠানটোৰ এক ভৱনত এই ব্যক্তিজনৰ এখন আলোকচিত্ৰ আঁৰি থোৱাতোও তেওঁলোকে সহ্য কৰিব নোৱাৰিছিল। কোনে তেওঁৰ এই আলোকচিত্ৰ ইয়াত থৈছে বুলি ধমকি দি সেই ব্যক্তিজনৰ আলোকচিত্ৰ এক ছেকেণ্ডৰ ভিতৰত আঁতৰাই দিবলৈ নিৰ্দেশ দিছিল।
সেইখন আলোকচিত্ৰই আছিল হৰিপ্ৰসাদ হাজৰিকাৰ। এই অনুষ্ঠানৰ অন্যতম ৰূপকাৰ আছিল। অনুষ্ঠানটোৰ ভিতৰত সংঘটিত এইবোৰ সৰু সৰু ঘটনা। কিন্তু এই সৰু ঘটনাবোৰ বৰ সংবেদনশীল।
প্ৰত্যক্ষদৰ্শীয়ে যেতিয়া টেলিফোনত এই ঘটনাবোৰ ব্যাখ্যা কৰে তেতিয়া এনে লোকসকলক সেই অনুষ্ঠানটোৰ হিটলাৰ যেন লাগে। তেওঁতো এজন এই অনুষ্ঠানৰ সাধাৰণ সংগী। তেওঁৰোতো সেই অনুষ্ঠানৰ প্ৰতি গভীৰ দায়বদ্ধতা থকাতো প্ৰয়োজন।
কোনোবাই যদি অনুষ্ঠানটোৰ গোপনীয়তা ভংগ কৰিছে, সংবাদ মাধ্যমৰ সন্মুখত অনুষ্ঠানটোৰ ভিতৰৰ তথ্য তুলি ধৰিছে সেই একে ভুল জানো এইসকল ভুল ধৰিব খোজা লোকেই কৰা নাই ! পদাধিকাৰৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হৈ থকা লোকক ডিমেনচীয়া ৰোগত আক্ৰান্ত বুলি অপমান কৰিলে।
এই অপমানৰ পাছত অনুষ্ঠানটোৰ প্ৰতি তেওঁৰ যে কোনো দায়বদ্ধতা নাই সেয়া প্ৰমাণ হৈ গ’ল। নিজৰ বাদে তেওঁ আন একো চিনি নাপায়। তেওঁৰ স্বাৰ্থ সুৰক্ষিত হৈ থকা লৈকে সকলো ঠিকেই আছিল। দীৰ্ঘদিন ধৰি ক্ষমতাৰ অপব্যৱহাৰ কৰি থকাৰ বাবেই তেওঁৰ বিৰুদ্ধে হাতত কলম তুলি ল'বলগীয়া হৈছিল।
সামাজিক মাধ্যমত ছদ্ম নামত অনুষ্ঠানটোৰ সৈতে জড়িত লোকে কথাবোৰ লিখিবলৈ বাধ্য হৈছিল। সংশোধনৰ আশা কৰিছিল। কিন্তু সেয়া সম্ভৱপৰ হোৱা নাছিল এইকাৰণেই যে, ৰজাৰ বিচাৰ কৰে কোনে ?
দিন সলনি হৈছিল। ৰজা ক্ষমতাৰ পৰা আঁতৰিছিল। পূৰ্বৰ অভিযোগবোৰ তদন্তৰ দিহা কৰিছিল। সেই তদন্তত ওলোৱা কথাবোৰ সাংবাদিকে লিখিছিল। এতিয়া সাংবাদিক বা সংবাদ মাধ্যমক গালি পৰা ভাল নে অভিযুক্তসকলৰ অভিযোগ বিচাৰ কৰি সাংবিধানিকভাৱে তেওঁলোকক বিচাৰৰ কাঠগড়াত উঠাব লাগে?
এইসকল লোকৰ অনিয়মৰ দস্তাবেজ কেৱল এটা স্থানতেই সীমাবদ্ধ নহয়। বৃত্তিত তেওঁলোক শিক্ষাদানৰ দৰে মহান বৃত্তিত জড়িত। অভিযোগ আহিছে সেই কৰ্মক্ষেত্ৰৰ পৰাও। উত্থাপন হৈছে বিনামূলীয়া ইউনিফৰ্মত অনিয়মৰ প্ৰসংগ।
কেৱল মুখ্যমন্ত্ৰীৰ সৈতে ভাল বুলি তেওঁলোক বাচি যাব পাৰিবনে? চৰকাৰী নিয়ম নামানি অষ্টম শ্ৰেণীৰ ছাত্ৰীসকলক চুৰিদাৰ, পেণ্ট, কুৰ্টি নিদি স্কাৰ্ট, চাৰ্ট কিয় দিয়া হ'ল বুলি অভিভাৱকে অভিযোগ তুলিছে? তেওঁ কৰ্মৰত বিদ্যালয়খনৰ চিলড্ৰেণ এণ্ড এড'লেঞ্চ লাইব্ৰেৰী নিৰ্মাণতো অনিয়মৰ কথা কোৱা হৈছে।
জিলা উপায়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ কমিটীয়ে দিয়া নিৰ্দেশো অমান্য কৰা বুলি অভিযোগ তুলিছে। সেই অভিযোগৰ সমলো সাংবাদিকৰ হাতত তুলি দিছে। এয়া এক আভাসহে। কিয়নো এই অনুষ্ঠানটোৰে জড়িত হৈ নিজকে ত্ৰাণকৰ্তা বুলি ভবা এইগৰাকী লোকে সেই বিদ্যালয়খনৰো ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থাকি কি কি কৰিছে তাৰ প্ৰতিও দৃষ্টি মানুহে তথ্যসহকাৰে ৰাখিছে।
আমি প্ৰসংগক্ৰমে তেওঁৰ নৈতিকতাক লৈ প্ৰশ্ন নকৰাকৈ প্ৰাপ্ত অভিযোগবোৰৰ কথা কৈছোঁ। সেই অভিযোগবোৰৰ তদন্ত প্ৰশাসনে নিশ্চয় কৰিব। লাইব্ৰেৰীৰ টিনপাত লগোৱাত সমিতিয়ে দিয়া নিৰ্দেশৰ অমান্য হৈছে নেকি পৰীক্ষা কৰিলেই সত্য উদঘাটন হ'ব। পৰ্যায়ক্ৰমে মানুহবোৰে বহু কথা স্বতঃস্ফূৰ্তঃ ভাৱে তথ্যসহ দিবলৈ আগ্ৰহ কৰিছে।
সেই আগ্ৰহক সন্মান জনাই আমি বিনম্ৰতাৰে এটা কথাই ক'ব খোজো অতি ব্যক্তিগত আৰু পৰিয়াল কেন্দ্ৰীক কথাবোৰে তেওঁৰ অভিযোগৰ তালিকা দীঘলীয়া কৰিব নোখোজো। চাকৰিৰ পৰা আৰম্ভ কৰি বিষয়বাবলৈকে বহু প্ৰশ্নই বহুজনে উত্থাপন কৰিছে। সেই প্ৰশ্নবোৰৰ ভিতৰত কিছু প্ৰশ্ন আৰু বিষয় পুৰণি হৈছে।
তথাপিও তেওঁৰ নাম চৰ্চালৈ অহাৰ লগে লগে পুনৰ আলোচনালৈ আহিছে। তেওঁ নিজক এতিয়াও বৰ আৰু সৰ্বেসৰ্বা বুলি ভবা প্ৰৱণতাৰ পৰা উদ্ধাৰ হওঁক। তেওঁ মানেই শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি লৈ থকা ধাৰণাৰ পৰা মুক্ত হওক।
আমিতো এই বিশ্বব্ৰহ্মাণ্ডত ক্ষুদ্ৰৰো ক্ষুদ্ৰ ধূলিকণা সদৃশ নহয়। তেওঁতকৈ বহু গুণী জ্ঞানীজনে এই অনুষ্ঠানটোক নেতৃত্ব দি গৈছে। সমৃদ্ধ কৰিছে এই অনুষ্ঠানক। কিন্তু তেওঁৰ দৰে আচৰণ কোনোৱেই কৰাৰ উদাহৰণ নাই। তেওঁৰ পক্ষত লাখ লাখ ভকত ওলাই আহিব বুলি তেওঁ নিজকে প্ৰবোধ দিছে কিন্তু সেই প্ৰবোধে তেওঁক অহংকাৰ আৰু পতনৰ বাট কাটিছে।
Also Read: কিমতে ভকতি কৰিবো তোমাত...