তৰল নহয়, সৃজনশীল হওক সৃজনী...

তৰল নহয়, সৃজনশীল হওক সৃজনী...
তৰল নহয়, সৃজনশীল হওক সৃজনী...
Published on
Updated on

চিনাকী অসমীয়া সমাজখন বাৰু লাহে লাহে অচিনাকী হৈ পৰিছে নেকি? সমাজখনৰ একাংশ লোকৰ কাম-কাজ, কথা-বতৰা দেখি এনে লাগিছে এয়াতো নাছিল চিনাকী অসমীয়া সমাজ।সমাজৰ নেতৃস্থানীয়, সম্ভ্ৰান্ত একাংশ পৰিয়ালৰ সদস্যই সামাজিকভাৱে কৰা আচৰণে এতিয়া অসমীয়া সমাজক লৈ বহু কথাই নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে।

অসমীয়া সমাজ ব্যৱস্থাৰ আটাইতকৈ আকৰ্ষণীয় অলংকাৰ সংস্কাৰ। এই সংস্কাৰে অসমীয়া সমাজখনক আজিও ধৰি ৰাখিছে। কিন্তু অতি আধুনিকতাৰ পৰশত আমি পশ্চিমীয়া সমাজ ব্যৱস্থাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰাৰ লগতে অত্যাধিক যুক্তিবাদী হৈ লাহে লাহে সামাজ পৰিপন্থী আচৰণ কৰাই আমাৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে!

এইকেইদিন সামাজিক মাধ্যমৰ চৰ্চাৰ বিষয় সৃজনী ভাস্ব মহন্ত। সত্ৰীয়া শিল্পী, অভিনেত্ৰী, সুগায়িকা সৃজনী ভাস্ব মহন্তই পৰিবেশন কৰা সত্ৰীয়া অনুষ্ঠান, তেওঁৰ অভিনীত চিনেমা অথবা কণ্ঠ নিগৰোৱা গানৰ বাবে চৰ্চালৈ অহা নাই। আহিছে তেওঁ সামাজিক মাধ্যমত কৰা কিছু আচৰণ আৰু কথা-বতৰাক লৈ।

প্ৰথমে কেই ছেকেণ্ড মানৰ এটা ভিডিঅ’ তাৰ পিছত এখন ফটো আৰু পুৰণি এটা ফেচবুক পোষ্টক লৈ চলিছে চৰ্চা। এই ভিডিঅ’, ফটো আৰু ফেচবুক পোষ্ট যদিহে আন কাৰোবাৰ হ’ল হয় তেন্তে হয়তো সেয়া চৰ্চাৰ বিষয় নহ’ল হয়। কিন্তু সৃজনীৰ সেই ভিডিঅ’, ফটো, পোষ্টক লৈ চৰ্চা হৈছে। এই চৰ্চা এইবাবেই যে তেওঁ যিটো পৰিয়ালক প্ৰতিনিধিত্ব কৰে সেই পৰিয়ালৰ আছে এক সামাজিক স্বীকৃতি আৰু দায়বদ্ধতা।

আজিৰ পৰা চাৰি দিন মানৰ পূৰ্বে সৃজনীয়ে ফেচবুকত এটা ৩ ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰিছিল। এই ভিডিঅ’ আছিল এক প্ৰতীকি প্ৰতিবাদী ভিডিঅ’। নিজস্ব এক আদৰ্শৰ অধিকাৰী সৃজনীৰ এই প্ৰতিবাদক কোনোবাই বিৰোধিতা কৰিলেও অৱশ্যে তাক নস্যাৎ কৰিব নোৱাৰি।

অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত লক্ষ্মীৰাম বৰুৱা সদনৰ মূল তোৰণত ৩০ জুন,২০২৪ দেওবাৰে এখন আদৰণি পোষ্টাৰ লগাই থোৱা আছিল। এই আদৰণি পোষ্টাৰখনত লিখা আছিল ‘হিন্দু ৰাষ্ট্ৰৰ দাবীত ৰাজ্যিক অভিৱৰ্তন’।

অসম সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানত এনেধৰণৰ কাৰ্যসূচী অথবা অসম সাহিত্য সভাৰ তোৰণত এনে ধৰণৰ পোষ্টাৰ ধৰ্মান্ধ লোকখিনিৰ বাহিৰে ধৰ্মীয় গোড়ামীৰ গণ্ডিৰ বাহিৰত থকা অসমীয়া মানুহখিনিয়ে স্বাভাৱিকতে নিবিচাৰিব। সেয়ে সৃজনীয়ে ‘উকালি’ মাৰি কৰা এই প্ৰতিবাদক কোনোবাই সমালোচনা কৰিলেও সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ বিৰুদ্ধে কৰা এই প্ৰতিবাদক নস্যাৎ কৰিব নোৱাৰি। এনে প্ৰতিবাদৰ বাবে সৃজনীয়ে কৰা সাহসক স্বীকাৰ কৰিবই লাগিব।

সৃজনীৰ এই প্ৰতিবাদক সমৰ্থন কৰিলেও অসমীয়া সমাজখনে ভাইৰেল হোৱা তেওঁৰ ফটো আৰু ফেচবুক পোষ্টক যে সমৰ্থন কেতিয়াও কৰিব নোৱাৰে সেয়াও সত্য। সৃজনীৰ স্বামীয়ে সৃজনীক টেগ কৰি ফেচবুকত আপলোড কৰা কোনোবা বিকি নামৰ ভায়েকে গ্ৰীচৰ পৰা তেওঁলোকলৈ অনা উপহাৰৰ ফটোখনে এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে।

ফটোখনত জ্যোতিৰ্ময় তালুকদাৰৰ হাতত দুটা বিদেশী সুৰাৰ বটল আৰু সৃজনীয়ে মুখৰ আগত হাতত লৈ থকা অৱস্থাত লীংগ আকৃতিৰ কিবা এটা। এই একেগৰাকী সৃজনীয়েই আকৌ বিজেপিক বিৰোধিতা কৰি ১৮ এপ্ৰিলত ‘‘মোৰ বিফ কোৰমাখিনি ঠাণ্ডা হৈ যাব’’ বুলি ৰাজহুৱাকৈ লিখিছিল। সত্ৰীয়া সংস্কৃতিৰে পৰিপুষ্ট এটা পৰিয়ালৰ জীয়ৰী হৈ ‘‘মোৰ বিফ কোৰমাখনি ঠাণ্ডা হৈ যাব’’ বুলি কোৱা কথাকো সহজভাৱে লোৱা নাই বহুতেই।

ইয়াৰো কাৰণ নোহোৱা নহয়। সৃজনী ভাস্ব মহন্ত শিৱসাগৰৰ বৰ খাটপাৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ নাতিনী। তেওঁৰ আইতাক ড° নিৰুপমা মহন্তও এগৰাকী বিদূষী মহিলা। তেওঁ এই সত্ৰখন পৰিচালনা কৰি থকাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে বহু কাম কৰিছে।

সত্ৰীয়া নৃত্যৰ আহাৰ্য সম্পৰ্কে অধ্যয়ন কৰাৰ উপৰিও তেওঁৰ নেতৃত্বতে বহিঃৰাজ্যত অংকীয়া নাট আৰু ঝুমুৰা প্ৰদৰ্শন কৰিছে। সত্ৰীয়া সংস্কৃতিক বিষয় হিচাপে লৈ বহু কেইখন গ্ৰন্থও ৰচনা কৰিছে। সৃজনীৰ পিতৃ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তও অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ এগৰাকী ব্যক্তি বুলিয়েই বহুতেই জানে।

তেওঁৰ উদ্যোগতে ‘’শ্ৰীমন্ত ফাউণ্ডেচন ফৰ কালচাৰ এণ্ড ছচাইটি’’য়ে অসমীয়া জাতি, জনগোষ্ঠীক ঐক্যবদ্ধভাৱে লৈ অসমীয়া সংস্কৃতিক যিদৰে তুলি ধৰিছে সেয়া বহুতৰ চিন্তাৰেই বাহিৰত। সেইদৰেই সৃজনীৰ পৰিয়ালটোৰ অন্যান্য সদস্যসকলো নিজ নিজ ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত আৰু সামাজিকভাৱে অতি দায়বদ্ধ।

এনে এটা পৰিয়ালৰ সদস্য হোৱাৰ বাবেই সৃজনী ভাস্ব মহন্তৰ পৰা বহুতেই বহু কিবাকিবি আশা কৰে। অতি উচ্চ শিক্ষিত, নিজস্ব চিন্তাৰ অধিকাৰী তথা কেইবাটাও গুণেৰে সমৃদ্ধ সৃজনীৰ পৰা অসমীয়া ৰাইজে বিচাৰে সাংস্কৃতিক দায়বদ্ধতা।

বিচাৰে সৃজনী ভাস্ব মহন্তহঁতৰ দৰে সত্ৰীয়া শিল্পীসকলৰ জৰিয়তে আৰু অধিক প্ৰসাৰ হওক সত্ৰীয়া সংস্কৃতি। সৃজনীয়ে অভিনয় কৰক আৰু নতুন নতুন চলচ্চিত্ৰত। প্ৰাণ ঢালি সদায়েই গাই যাওঁক বৰগীতৰ উপৰিও জ্যোতি, বিষ্ণুৰ কালজয়ী গীতসমূহৰ লগতে আজিৰ আধুনিক গীতো। চৰ্চা কৰি থাকক পশ্চিমীয়া সংগীতো।

কিন্তু ৰাজহুৱাকৈ তেনে ফটো আপলোড কৰি, বিফ কোৰমা খোৱাৰ কথা কৈ নিজকে তৰল কৰাৰ কোনো যুক্তি নাই। হয়তো সেই ফটোখনক লৈ সৃজনীয়ে নানান যুক্তি দিব। কিন্তু সেই ফটোখন যে কোনো পিতৃ, মাতৃয়ে জীয়ৰী অথবা আন কাৰোবাৰ সৈতে চাব নোৱাৰে সেয়াও সত্য। সেই পৰ্যায়লৈ অসমীয়া সমাজখন এতিয়াও যোৱা নাই। বহুতেই আশা কৰিব তেনে এক পৰ্যায় কেতিয়াও নাহক। সৃজনীয়ে প্ৰতিনিধিত্ব কৰা পৰিয়ালটোত তেনে সংস্কাৰ কোনো কাৰণতে থাকিব নোৱাৰে বুলিয়েই অসমীয়া ৰাইজে বিশ্বাস কৰে।  

ৰাজনৈতিক আদৰ্শ সকলোৰে থাকে। সৃজনীৰ পৰিয়ালৰে একাংশ লোকৰ ৰাজনৈতিক আদৰ্শৰ লগত তেওঁৰ মতপ্ৰাৰ্থক্য আছে। সেয়া ইতিমধ্যে শ্যামকানু মহন্তই ৰাজহুৱাকৈ লিখিছেই। অৱশ্যে তেওঁ এই কথা নিলিখিলেও ৰাইজে জানে। সৃজনী আৰু শ্যামকানু মহন্তৰ মাজৰ ৰাজনৈতিক আদৰ্শগত পাৰ্থক্য কুমেৰু-সুমেৰু।

সেই বুলিয়েই বিজেপিক বিৰোধিতা কৰিবলৈ গৈ মুকলিকৈ ‘‘মোৰ বিফ কোৰমাখিনি ঠাণ্ডা হৈ যাব’’ বুলি কোৱা কথাও গ্ৰহণযোগ্য নহয়। হয়, কাৰোবাৰ বাবে ‘বিফ’ খাদ্য, কাৰোবাৰ বাবে ‘পৰ্ক’ খাদ্য। কাৰোবাৰ খাদ্যাভাষত বাধা দিয়াৰ অধিকাৰ কাৰো নাই। কিন্তু সেই বুলিয়েই প্ৰচলিত এক সমাজ ব্যৱস্থাক মুহূৰ্ততে ভাঙি পেলোৱাৰ দৰে মুৰ্খামিও প্ৰগতিশীল বহু লোকেই নকৰিব।

সত্ৰীয়া সংস্কৃতিৰ গুৰি ধৰি ‘বিফ’ অথবা ‘পৰ্ক’ খোৱাৰ কথা ক’লে সমাজৰ বহু অংশই মানি নলয়। সামাজিক ৰীতি-নীতি, সমাজ ব্যৱস্থা বুলিও কিবা এটা আছে। এই ব্যৱস্থাই এখন সমাজক ধৰি ৰাখে। ব্যক্তিগতভাৱে তেওঁৰ সেয়া খাদ্য হ’ব পাৰে, কিন্তু তেওঁ যিখন সমাজক প্ৰতিনিধিত্ব কৰে সেই সমাজ এই খাদ্যাভ্যাসৰ পৰিপন্থী।

তেওঁ কোৱা এই কথাই সত্ৰীয়া সংস্কৃতিৰে জড়িত বহুতৰে মনত আঘাত দিছে। বিশেষকৈ যিসময়ত ড০ নিৰুপমা মহন্তৰ দৰে বিদূষী মহিলাক সত্ৰৰ পৰিচালনাৰ দায়িত্ব দিয়া হৈছে সেই সময়তে তেওঁৰেই নাতি সৃজনীয়ে এইদৰে সামাজিক মাধ্যমত লিখা কথাক সাধাৰণ হিচাপে মানি ল’ব পৰা নাই বহুতেই।

ব্যক্তিগত ৰাজনৈতিক আদৰ্শক তুলি ধৰাৰ পদ্ধতি আৰু বহু আছে। সেই পদ্ধতিৰে তেওঁ আগুৱাই যাওঁক। ব্যক্তিগতভাৱে তেওঁ যি খাদ্যই খায় অথবা যি উপহাৰেই গ্ৰহণ কৰে কৰক। তাত কাৰো আপত্তি নাই। কিন্তু তেওঁ প্ৰতিনিধিত্ব কৰা সমাজখনক অন্তত সেইবোৰৰ পৰা আঁতৰাই ৰাখক।

তৰল নহয়, সৃজনশীল হওক সৃজনী...
বাবুল বৰাই কি কি অনিয়ম কৰিছিল ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in