- মৃদুল কুমাৰ সন্দিকৈ
বাবলু তই যাগৈ । দেউতাৰৰ লগত একেলগে থাকগৈ । মইয়ো গৈ আছো তোৰ পাছে পাছে । এইদৰে পুত্ৰক শেষ বিদায় জনোৱা মানুহগৰাকীয়ে এতিয়া বাৰে বাৰে সোধে - "ই ক'ত গ'ল ? বহুত দিন তাক দেখা নাই । নাই নেকি ঘৰত ?"
নাতিনীয়েকক ৰং বুলি মাতে মৰমতে । বিচনাৰ কাষলৈ নাতিনীয়েক গ'লে সোধে, "দেউতাৰা ঘৰলৈ অহা নাই নেকি ? নাতিনীয়েকেও উত্তৰ দিয়ে, " বাহিৰলৈ গৈছে অলপ, আহিব । তুমি শুই থাকাচোন ।"
এতিয়া বিচনাখনেই তেওঁৰ আশ্ৰয় । আনৰ সহায় ন'ললে একোকেই কৰিব নোৱাৰে । মুখত কিন্তু সেই ধুনীয়া হাঁহিটো আৰু মৰমলগা চাৱনিটো সজীৱ হৈ আছে ।
বয়স তেওঁৰ প্ৰায় ৯০ । ১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা এইগৰাকী সু-গায়িকা, বিশিষ্টা শিল্পী । সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ভগ্নী । সংগীত শিল্পী দিলীপ শৰ্মাৰ পত্নী । জন্মসূত্ৰেই তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা । ঘৰত অৱশ্যে কুইন বুলি মাতিছিল তেওঁক ।
জ্যোতিপ্ৰসাদে হেনো দিছিল সেই নাম । কালজয়ী বহু গীত তেওঁ কুইন হাজৰিকা নামেৰেই গাইছিল । তেওঁৰ শহুৰেক আছিল দীননাথ শৰ্মা । তেৱেই এদিন নাম দিছিল কুইন হাজৰিকাক সুদক্ষিণা শৰ্মা ।
সেই নামেৰেই তেওঁ পৰৱৰ্তী সময়ত পৰিচিতি লাভ কৰিলে । প্ৰথমে স্বামী দিলীপ শৰ্মাৰ সৈতে কত কালজয়ী গীত গালে । যিবোৰ গীতত আছে কেৱল মাটি, মানুহ আৰু জীৱনমুখী চেতনাৰ সুৰ । সেই গীতবোৰৰ ভাষাই পৃথক । ইমান ডাঙৰ শিল্পী হৈয়ো কোনোদিনেই তেওঁৰ নাই কোনো গৰ্ব আৰু অহংকাৰ ।
বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদৰ সান্নিধ্যৰে তেওঁৰ সংগীত যাত্ৰা সমৃদ্ধ । দহ বছৰ বয়সতেই তেওঁ গীত গাবলৈ কলিকতালৈ গৈছিল । বিষ্ণু ৰাভাই লিখা আৰু সুৰ দিয়া 'নাঁহৰ ফুলে নুশুৱায়' গীত বাণীবদ্ধ কৰিছিল । কমল নাৰায়ুণ চৌধুৰীৰ সৈতে গাইছিল সেই গীত । এইটো গীতৰ ওপৰিও সেইবাৰ অ' মইনা, বিশ্বৰে ছন্দে ছন্দে আদি কালজয়ী গীতবোৰত কন্ঠ নিগৰাইছিল ।
২০০৪ চনত তেওঁৰ সংগ এৰি গুচি গ'ল স্বামী দিলীপ শৰ্মা । তাৰ পাছতো তেওঁ সংগীতকেই জীৱন কৰি লৈ আগুৱাই গৈছিল । দুই সন্তান ঋতুপৰ্ণ আৰু ঋষিৰাজ আছিল তেওঁৰ সংগী । ঋতুপৰ্ণৰ মৃত্যুৰ পাছত ঋষিৰাজেই হৈ পৰিছিল তেওঁৰ সকলো ।
সংগীতৰ আখৰা, বিভিন্ন সভা-সমিতিলৈ যোৱা, গান গোৱা, সুৰ দিয়া সকলোতেই মাকক সংগ দিছিল ঋষিৰাজে । আহিছিল আন এক দু:খবৰ । ৭ মে', ২০২৩ ত পৃথিৱীৰ পৰা বিদায় ল'লে ঋষিৰাজে ।
তাৰ পাছত সুদক্ষিণা শৰ্মা ৰৈ গ'ল অকলে । মাতৃৰ প্ৰতি আকুন্ঠ দায়িত্ববোধেৰে শেষ পৰ্যন্ত নিজৰ বেমাৰৰ পাছতো তেওঁ যাতে নিসংগ অনুভৱ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল ঋষিৰাজ শৰ্মাই । গান্ধীবস্তিৰ সেই পৰিচিত ঘৰখনত এতিয়া শয্যশায়ী এইগৰাকী সুকন্ঠী গায়িকা ।
স্মৃতিয়ে তেওঁক প্ৰতাৰণা কৰিছে । বয়সে তেওঁক হেচি ধৰিছে । কথাবোৰ প্ৰায়েই তেওঁ পাহৰি গৈছে । পাহৰা নাই কেৱল তেওঁৰ কন্ঠস্থ হৈ থকা বহু গীত । প্ৰায়েই শুই শুই এ গাই নিজৰ গীতবোৰ । অলেখ গীতৰ মাজত হয়তো এই গীতবোৰ তেওঁৰ আছিল প্ৰিয় । 'সংগ্ৰাম লগ্নে আজি' গীতটো তেওঁ প্ৰায়েই জুৰে । ভালদৰে গাব নোৱাৰিলেও সুৰৰ আৰু তালৰ খেলিমেলি এতিয়াও নহয় ।
পুত্ৰৰ মৃত্যুৰ পাছত তেওঁ আৰু শয্যাশায়ী হৈ পৰিছে । গান্ধীবস্তিৰ ঘৰৰ কোঠাটোৰ মাজৰ বিচনাখনত তেওঁ । দুফালে আৰু দুখন সৰু বিচনা । এখনত থাকে সুমন আনখনত প্ৰমিতা । এই সুমন আৰু প্ৰমিতাই ২৪ ঘন্টাই তেওঁক আলপৈচান ধৰে । ডাইপাৰ পিন্ধাই দিয়াৰ পৰা ঔষধ খুওৱালৈকে কত যে যতন ল'ব লাগে দুয়ো ।
এতিয়া ঘৰখন চম্ভালি সকলোখিনি তদাৰক কৰিব লাগে প্ৰয়াত ঋষিৰাজ শৰ্মাৰ পত্নী হীৰাশ্ৰী শৰ্মাই । টাকুৰিত ঘুৰা দি ঘুৰিব লাগে মানুহজনী । দুবছৰ স্বামী ঋষিৰাজ শৰ্মাৰ চিকিৎসাৰ নামত বাহিৰতেই থাকিব লগীয়া হৈছিল । সংসাৰৰ প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হৈ সমাধান কৰি গৈছে অবিৰতভাৱে ।
সৌ সিদিনা দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰো ৰিজাল্ট ওলাল । একমাত্ৰ কন্যা শ্ৰীধাৰাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । পিতৃ ঋষিৰাজ শৰ্মাই সেই খবৰ পাই নগ'ল । আইতাক সুদক্ষিণা শৰ্মাই সেই খবৰ পাইছে যদিও স্মৃতি হেৰাই যোৱাৰ ৰোগত আক্ৰান্ত হৈ তাৰ আনন্দৰ মাদকতাই নাপালে ।
কথাখিনি কৈ থাকোতেই চকুযোৰ চলচলীয়া হৈ পৰিছিল হীৰাশ্ৰী শৰ্মাৰ । ৮৬ শতাংশ নম্বৰেৰে শ্ৰীধাৰা উত্তীৰ্ণ হৈছে দশম শ্ৰেণীৰ পৰীক্ষাত । সমাজ জীৱনলৈ তেওঁলোকৰ কিমান যে অৰিহণা আছিল । সংগীতৰ ক্ষেত্ৰখনলৈ সুদক্ষিণা শৰ্মাৰ অৱদান আছিল অমূল্য । দূৰণিৰ সৌ ৰিণি ৰিণি, মধুৰ মুৰুতি, সমাধিত সীতা, পুৰি গ'ল বৃন্দাবনে, চিৰিপাতি মঙলখন, জেতুকা বোলাৰে, হৰি নাচে কৃষ্ণ আদি কোনবোৰ গীতৰ কথা কম আজি ।
মাতৃৰ যতন ল'বলৈ পুত্ৰ জীয়াই থাকোতে নিজেই যি পাৰে কৰিছিল । দুগৰাকীকৈ কেয়াৰ টেকাৰ ৰখাই জীৱনৰ অন্তিম বেলাত তেওঁ যাতে কষ্ট নাপাই তাৰ প্ৰতি দৃষ্টি ৰাখিছিল । পুত্ৰৰ বিয়োগৰ পাছত আজিও আছে সেই দুয়োগৰাকী কেয়াৰ টেকাৰ তেওঁৰ কাষত । মাহে তেওঁলোকৰ দৰমহাৰ নামত ব্যয় হয় ৩০ হাজাৰ টকা । ঔষধ আৰু আন ব্যয় আছে প্ৰতিমাহে দহ হাজাৰৰো অধিক ।
সুদক্ষিণা শৰ্মাৰ দৰে প্ৰজ্ঞা আৰু সংগীতৰ সাধনাৰে অসমীয়া জাতীয় জীৱন মহীয়ান কৰা পুৰোধা নাৰীৰ প্ৰতি নাই জানো চৰকাৰৰ কোনো দায়িত্ব ? জীৱনৰ শেষ সময়ত নোৱাৰে জানো প্ৰদৰ্শন কৰিব অলপ আন্তৰিকতা । অন্তত : বহু ধুমুহাই জোকাৰি যোৱা এইগৰাকী বিশিষ্ট শিল্পীৰ যতন ল'বলৈ নিয়োগ কৰি থোৱা পৰিচৰ্যাকাৰীৰ দায়িত্বতো চৰকাৰে ল'ব পাৰে । ল'ব পাৰে তেওঁৰ এটা খবৰ । এই সিদ্ধান্তই চৰকাৰখনকেই মহীয়ান কৰিব ।
সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নতুবা মুখ্যমন্ত্ৰীয়েই জানো ল'ব নোৱাৰে এই উদ্যোগ ? সুদক্ষিণা শৰ্মা অসমীয়া সংগীত আৰু সমাজ জীৱনৰেই এক সত্বা । তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিকতা আৰু দায়িত্ববোধে আমি কিমান কৃতজ্ঞ তাকেই প্ৰমাণ কৰিব ।
মৃত্যুৰ পাছত প্ৰশংসা আৰু শোকবাৰ্তাই উপচাই পেলোৱাতকৈ আজিয়েই মুখ্যমন্ত্ৰীয়ে কৰকচোন এই কাম । শয্যাগত সুদক্ষিণা শৰ্মাৰ কিছু দায়িত্ব লওকচোন চৰকাৰে । এইয়া পৰিয়ালৰে নহয়, তেওঁৰ কাষৰ পৰা অহাৰ পাছত প্ৰতিজন মানুহৰে হ'ব এই আহ্বান ।