মৃদুল কুমাৰ সন্দিকৈ
প্ৰায়েই চৰ্চাত থাকে এজন যুৱক। যুৱকজনৰ চাল-চলন, আচৰণ মানুহৰ বাবে মনোৰঞ্জনৰ কাৰক হৈ পৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁক মানুহে চিনি পায়। কেতিয়াবা যদি ৰাজনীতিৰ কথা-বতৰা, আন কেতিয়াবা নাচ-গান কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে এই যুৱকজনে।
যুৱকজনে নিজেও নাজানে তেওঁ কি কৰে বা কৰা উচিত। মানুহে কোৱা কথাবোৰেই তেওঁ সঁচা বুলি ভাবে। বুজি নাপায় মানুহে যে তেওঁক লৈ ঠাট্টা-মস্কৰা, হাঁহি-ফুৰ্তি কৰাৰ এক অৱকাশ বিচাৰি পায়।
কেতিয়াবা তেওঁ ৰাজনৈতিক নেতাৰ বেশ ধৰে। নেতাৰ দৰে আচৰণ কৰিবলৈ চেষ্টা কৰে। একাংশ সংবাদ মাধ্যমেও তেওঁক লৈ ব্যস্ততা দেখুৱায়। এনেদৰে চৰ্চিত হৈ পৰা এই যুৱকজনৰ নাম শুকুৰ আলি।
শুকুৰ আলিৰ দৰেই বাস্তৱত আচৰণ কৰা নেতাও কিন্তু অসমত আছে। এইসকল নেতাই জনপ্ৰতিনিধি হিচাপে দায়িত্ব পালন কৰাতকৈ শুকুৰ সদৃশ আচৰণ কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।
ফচহু কথাৰে তৃতীয় শ্ৰেণীৰ আচৰণেৰে তেওঁলোকে কেতিয়া, ক'ত, কি কথা কয় তাৰ কোনো নিশ্চয়তা নাথাকে। তেওঁলোকৰ নিজৰ বক্তব্যৰে কোনো স্থায়িত্ব নথকাত সুযোগ আৰু পৰিৱেশ অনুসৰি মন্তব্য আগবঢ়ায়।
অথচ এইসকল নেতাই এবাৰৰ বাবে হ'লেও গাত চিকুটি নাচাই যে এনেধৰণৰ মন্তব্য কৰাৰ বাবে তেওঁলোক কিমান যোগ্য। তেওঁলোকৰ অতীতৰ কথা-বতৰাবোৰ মনত পেলালে কোনবোৰ আচলতে সঁচা কথা কৈছিল তাক ধৰিবলৈ টান হয়।
অসমত ভাল নেতাৰ অভাৱ নাছিল আৰু নাই। এইখন অসমৰ পৰাই দিল্লীত দপদপাই আছিল হেম বৰুৱা,দেৱকান্ত বৰুৱা, দীনেশ গোস্বামী আদিৰ দৰে সাংসদে। হেম বৰুৱা ইমান অধ্যয়নশীল নেতা আছিল যে, তেওঁক খোদ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰুৱে সমীহ কৰি চলিছিল।
সদনৰ ভিতৰত হোৱা শাসক, বিৰোধীৰ বাদানুবাদে ব্যক্তিগত জীৱনত আৰু সম্পৰ্কত কোনো আঘাত হনা নাছিল। নিৰ্বাচনত জিকিবলৈকে তেওঁলোকে ৰাজনীতি নকৰিছিল। ১৯৫৭ চনৰ পৰা ১৯৭১ চনলৈকে হেম বৰুৱাই ৩ বাৰ সাংসদ হৈছিল।
ছচিয়েলিষ্ট পাৰ্টীৰ সৈতে জড়িত আছিল হেম বৰুৱা। শাসকীয় পক্ষত নাথাকিও অসমৰ বাবে, অসমীয়াৰ হকে মাত মাতিছিল তেওঁ। একেদৰে অসম বিধানসভাতো এনে বহু বিধায়ক আছিল যিসকলে সদনত দপদপাই আছিল।
তেওঁলোকে বিৰোধী পক্ষত থাকিলেও সদনত কিবা এটা কবলৈ উঠিলে শাসকীয় পক্ষৰ বুকু কপি উঠিছিল। এতিয়া সেই পৰিৱেশ নাই। বিৰোধীক শাসকীয় দলে সমীহ কৰা আৰু বিৰোধীয়ে শাসকীয় পক্ষক জবাবদিহি কৰা ক্ষমতা যেন ক'ৰবাত হেৰুৱাই পেলাইছে।
অতি শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এজন নেতা উজলি উঠিছে। তেওঁ কোন দলৰ সেয়া অসমৰ মানুহৰ বাবে ডাঙৰ কথা নহয়। কিন্তু অসমৰ দৰে সমস্যা জৰ্জৰ, উত্তৰ পূৱৰ দৰে দেশৰ একোণত থকা এক অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এই স্থিতি লাভ কৰিব পৰাতো আমাৰ বাবে গৌৰৱৰ বিষয়।
এনে ক্ষেত্ৰত অসমৰ মানুহে তেওঁ কংগ্ৰেছী নে বিজেপি সেয়া বিচাৰ নকৰে। ৰাজ্য সভাতো কিছু দিনৰ পূৰ্বে শাসকীয় দলৰ সাংসদে ইউনিকোডত অসমীয়া ভাষাৰ স্বীকৃতিৰ দাবীত যি সৱল আৰু যুক্তিপূৰ্ণ ভাষণ আগবঢ়াইছিল সেয়া আছিল প্ৰশংসনীয়।
এইগৰাকী সাংসদে তেওঁৰ কৰ্ম জীৱনৰ উদ্ধৃতিৰে তেওঁ সম্পাদনা কৰা মাহেকীয়া আলোচনীখনৰ কথাও ৰাজ্যসভাত অতি গৌৰৱেৰে কৈছিল। শাসক, বিৰোধী সাংসদৰ মূলতঃ আদৰ্শগত আৰু দলগত পাৰ্থক্য থাকিলেও তেওঁলোকক এই অঞ্চলৰ, ৰাজ্যবাসীৰ কথা ক'বলৈ দিল্লীলৈ প্ৰতিনিধি কৰি পঠিওৱা হয়।
এক ৰাজনৈতিক আৰু অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতি গৰম হৈছিল। সেই সময়ত বিৰোধীৰ আসনত থাকি এই অভিযোগক ৰাইজৰ মাজলৈ লৈ যোৱা অসমৰ এজন সাংসদক ৰাজ্যখনৰে এজন শাসকীয় বিধায়কে কৰা তুচ্ছ তাচ্ছিল্য অসমৰ ৰাইজে সচেতনতাৰে লক্ষ্য কৰিছিল।
অসমীয়াত এষাৰ কথা আছে- শালে শিঙিক হাঁহে, নিজৰে গৰাকী নাহে। ঠিক এই ধৰণে হৈছিল সেই শাসকীয় বিধায়কজনৰ কথা-বতৰা। দিল্লীত গৈ হিন্দী, ইংৰাজী কবলৈ পাৰিলেই নেতা নহয় বুলি বিৰোধী সাংসদজনক হাঁহিব খোজা শাসকীয় বিধায়কজনে দিয়া পৰামৰ্শ আছিল অতি ল'ৰামতীয়া।
অসমীয়া ভাষা ভালদৰে ক'ব পৰাতো সৌভাগ্যৰ কথা। এজন নেতাৰ অসমীয়া ভাষা আৰু অসমীয়াত্বক লৈ দখল থকাতো বেছ ভাল কথা। কিন্তু দিল্লীত কেৱল অসমীয়া ভাষা জানিলেই, ইংৰাজী, হিন্দীত দখল থাকিলেই ৰাষ্ট্ৰীয় ৰাজনীতিত অস্তিত্ব ৰক্ষা কৰিব পৰাতো সম্ভৱ নহয়।
ইয়াৰ বাবে আন বহু কাৰকৰ প্ৰয়োজন হয়। প্ৰয়োজন হয় বহু গুণৰ, অধ্যৱসায়ৰ। সেই কথা কাৰোবাৰ আশীৰ্বাদ শিৰত লৈ কোনোমতে বিধায়ক নিৰ্বাচিত হৈ ৰাজনীতিৰ আকাশত দিগন্ত উদয় হোৱা লোকে নুবুজাটোৱেই স্বাভাৱিক।
এইসকল নেতাৰ কাম কেৱল তৈলমৰ্দন আৰু হকে বিহকে কোনো কথা কৈ সংবাদ মাধ্যমত শিৰোনাম দখল কৰা। তেওঁলোকে ৰাতিপুৱা সূৰ্য পশ্চিমত উদয় হৈছে বুলি তেওঁলোকৰ প্ৰভুসকলে শ্ৰুতলিপি দিলে তাকেই আওঁৰাই দিব।
বিচাৰ, বুদ্ধিহীন এইচাম নেতা কেনেকৈ শুকুৰ আলিৰ সমকক্ষ নহয় বুলি আপুনি মানি ল'ব? একেই আচৰণ কৰা আন এচাম নেতাই হাঁহি খিকিন্দালিৰে সংবাদ মাধ্যমৰ সংবাদ শীৰ্ষ হয়। বহু সময়ত নোপোৱাৰ ক্ষোভত প্ৰতিবাদ পৰ্যন্ত কৰিবলৈ ৰাজপথত বহি পৰা এই জাতীয় নেতা তথা জনপ্ৰিতিনিধিসকলৰ জিভাৰেই লেকাম নাথাকে।
তেওঁলোকে একো নকলেও কাৰো ক্ষতি নহয়। তেওঁলোকে এইবাৰো কাম এইবাবেই কৰে যাতে এফালে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ আনফালে নিজকে প্ৰভুভক্ত বুলি অসুবিধা নহয়।
সেইবোৰ কথা এতিয়া ৰাইজে বুজি উঠিছে। এই সস্তীয়া কথা আৰু কামেৰে তেওঁলোকে কিছুদিনৰ বাবে চৰ্চাত থাকিলে সময়ৰ লগত তেওঁলোক ধুলিত মিহলি হৈ যায়। ৰাজনৈতিক নিৰপেক্ষতাৰ অভাৱত এতিয়া এনেদৰে নাটক কৰা এচাম নেতাই নিজক শ্ৰেষ্ঠ আৰু আনক তুচ্ছ কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে।
একেদৰে বিৰোধী পক্ষৰো চোক নোহোৱা হৈছে। বিৰোধীৰ আসনত নেতাসকলৰ গাত দুৰ্নীতি অনিয়মৰ বোকা। তেওঁলোকে কোনোমতে সেইবাৰো ঢাৰি ৰাখিবলৈ চেষ্টা কৰিলেও শাসকীয় পক্ষৰ বিৰুদ্ধে মাত মাতিলে শাসকীয় পক্ষই ইয়াক উদঙাই দিয়াৰ ভয় থাকে।
যি অৱস্থা সন্মুখীন হ'ল ভৰত নৰহ আৰু ৰাণী নৰহ। সেই অৱক্ষয়ৰ ৰোগত আক্ৰান্ত বিৰোধীৰ আন বহু নেতা আছে। তেওঁলোকে এতিয়া বিৰোধীৰ আসনত বহি ডাঙৰ ডাঙৰ কথা ক'লে ক্ষমতাত থকাৰ সময়ত কৰা ভ্ৰষ্টাচাৰৰ দস্তাবেজ মুকলি হোৱাৰ ভয় থাকে।
সেয়েহে আজি নেতাসকলে মূল বিষয় এৰি মানুহৰ বাবে আকৰ্ষণৰ চৰিত্ৰ হৈ পৰা শুকুৰ আলিৰ দৰে আচৰণ কৰিবলৈ ধৰিছে। যিবোৰৰ পৰা কাৰো লাভ নহয় আৰু তেওঁলোকৰো নহয় কোনো ক্ষতি। মাথো চলি থাকে ৰাজনীতিৰ নামত শাসক, বিৰোধী নেতাৰ মুখ চুপতি।
Also Read: সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত 'ছহিদ কনকলতা সোঁৱৰণী বঁটা' প্ৰদান