এটা বিতৰ্কৰ অৱসান ঘটিল...

এটা বিতৰ্কৰ অৱসান ঘটিল...
এটা বিতৰ্কৰ অৱসান ঘটিল...
Published on
Updated on

অৱশেষত এটা বিতৰ্কৰ অৱসান ঘটিল। অসমৰ ৰাজনীতি এক অন্যতম ইছ্যু হৈ অহা এই বিষয়টোক লৈ হয়তো এতিয়া বহুতৰে খান্দহ খোৱা বালি তল যাব। শাসক পক্ষই আন্তৰিকতা দেখুৱালে হয়তো এক দীঘলীয়া সমস্যাৰো অৱসান ঘটাৰ এক বাট মুকলি হ'ব।

২০১২ চনত উচ্চতম ন্যায়ালয়ত অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ পৰিবৰ্তে দেশৰ আন প্ৰান্তৰ দৰেই ১৯৫১ চন নিৰ্ধাৰণ কৰাৰ দাবীৰে এক গোচৰ দাখিল কৰিছিল অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফ'ৰাম আছামে। তেওঁলোকৰ দাবী আছিল অসম চুক্তিৰ আধাৰত অসমৰ নাগৰিকত্বৰ ভিত্তি বৰ্ষৰ ১৯৭১ ৰ পৰিবৰ্তে ১৯৫১ কৰা হওক।

এই গোচৰৰে এক দীঘলীয়া শুনানিৰ অন্তত আজি ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত গঠিত ৫ জনীয়া বিচাৰপীঠৰ চাৰি গৰাকীয়েই অসম চুক্তিৰ আধাৰতে ১৯৭১ ৰ ২৫ মাৰ্চেই বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষৰ সপক্ষে ৰায় দান কৰে।

যোৱা সময়ছোৱাত অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ নে ১৯৫১ হ'ব লাগে তাক লৈ এক বিতৰ্ক চলি আহিছিল। সদৌ অসম ছাত্ৰ সন্থাই ১৯৭১ ৰ সপক্ষে সৱল যুক্তি দি অহাৰ বিপৰীতে ৰাজনৈতিক দলসমূহে সুবিধা অনুসৰি বিভিন্ন যুক্তি দি আহিছিল।

সভাই, সমিতিয়ে শাসকীয় দলে নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৫১ হ'ব লাগে বুলি কৈ এক ৰাজনৈতিক অংকৰে খেল খেলি আহিছিল যদিও সেই চৰকাৰেই ন্যায়ালয়ত ১৯৭১ ৰ সপক্ষেই শপতনামা দাখিল কৰিছে। কিন্তু এই খিনিতে প্ৰশ্ন হয়, ১৯৫১ ৰ পৰিবৰ্তে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ হয় কিয়?

দৰাচলতে মানৱীয় দৃষ্টি আৰু সেই সময়ৰ ৰাজনৈতিক পৰিবেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ কৰা হৈছিল। কিয়নো সেই সময়ত বাংলাদেশ বুলি কোনো দেশেই সৃষ্টি হোৱা নাছিল।

পূৱ পাকিস্তানৰ পৰা ধৰ্মীয় উৎপীড়ন তথা সেই সময়ৰ সামাজিক, ৰাজনৈতিক পৰিস্থিত পৰি হাজাৰ হাজাৰ লোক ভাৰতলৈ প্ৰবজন কৰিছিল। এই প্ৰবজিত লোকসকলৰ প্ৰতি মানৱীয় দৃষ্টি ৰাখিয়েই ১৯৭১ ৰ ২৫ মাৰ্ছ ভিত্তি বৰ্ষ নিৰ্ধাৰণ কৰা হয়।

আজি উচ্চতম ন্যায়ালয়ে ১৯৭১ ৰ সপক্ষেই ৰায় প্ৰদান কৰি অসমৰ প্ৰবজনৰ সমস্যাক লৈ উদ্বেগো প্ৰকাশ কৰিছে। চৰকাৰে শপতনামাৰ জৰিয়তে ন্যায়ালয়ত উল্লেখ কৰিছে অসমত ৪০ লাখ বিদেশী আছে।

ন্যায়ালয়ে অসমৰ অবৈধ বিদেশীৰ সমস্যা দেশৰ আন প্ৰান্ততকৈ সৰ্বাধিক বুলি উল্লেখ কৰিছে। লগগতে পশ্চিমবংগৰ সৈতে তুলনা কৰি এই কথাও কৈছে যদিও পশ্চিমবংগত ৫৭ লাখ বিদেশী আছে তথাপি অসমৰ সমস্যা তথা সংকট পশ্চিমবংগতকৈ অধিক গভীৰ।

পশ্চিমবংগৰ তুলনাত অসমৰ মাটিকালি যথেষ্ট সীমিত। অসমৰ খিলঞ্জীয়া, থলুৱা লোকসকলৰ ভাষা, সংস্কৃতি এই প্ৰবজিত লোকসকলতকৈ সম্পূৰ্ণ বেলেগ। সেয়ে এই প্ৰবজনে অসমৰ এই খিলঞ্জীয়া লোকসকলক প্ৰভাৱিত কৰাই নহয় তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে।

উচ্চতম ন্যায়ালয়ে সেয়ে আজি এই বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। অসম চৰকাৰে বিষয়টোক গভীৰ ভাৱে লৈ সেয়ে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত সঠিক ব্যৱস্থা গ্ৰহণৰ বাবে বাধ্য কৰোৱা উচিত।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰিয়েই অসমত এন আৰ চিৰ উন্নীতকৰণ কৰা হৈছিল যদিও এই এন আৰ চি উন্নীতকৰণৰ গোটেই প্ৰক্ৰিয়াটো বিসংগতিপূৰ্ণ আছিল বুলি দাবী উত্থাপন হৈ আহিছে। চৰকাৰেও এন আৰ চিক লৈ সুখী নহয়।

যিহেতু এতিয়া ভিত্তি বৰ্ষক লৈ থকা আইনী জটিলতাও দূৰ হৈছে সেয়ে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে এন আৰ চি পুনৰীক্ষণৰ বাবে পুনৰ আবেদন কৰি দায়িত্ববোধৰ পৰিচয় দিয়া উচিত। বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা ৰাজ্যখনত এই বিষয়টোক লৈ ৰাজনীতিৰ পৰিবৰ্তে সমাধান কৰাৰ বাবেহে গুৰুত্ব দিয়া উচিত।

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামাৰ জৰিয়তে অসমত ৪০ লাখ বিদেশীৰ অৱস্থিতিৰ কথা উল্লেখ কৰিছে। কিন্তু এই সংখ্যা যে আৰু অধিক সেয়া নিশ্চিত। কিয়নো ১৯৯৮ চনতে তদানীন্তন অসমৰ ৰাজ্যপাল এছ কে সিনহাই অসমত অবৈধ বিদেশীৰ সংখ্যা ৪০ লাখ বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল।

তাৰ পাছতো অসমলৈ অবৈধ প্ৰবজন হৈয়ে আছে। অবৈধভাৱে প্ৰবজিত এই লকোসকলৰ পৰিয়ালো ডাঙৰ হৈছে। বহুতেই বক্ৰ পথেৰে নাগৰিকত্ব গ্ৰহণ কৰি সকলো চৰকাৰী সুবিধা গ্ৰহণ কৰিছে।

শেহতীয়াকৈ অসম চৰাকাৰে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। যদিও ইয়াৰ আঁৰত চৰকাৰৰ সদিচ্ছা কিমান সেয়া এক সন্দেহৰ বিষয় বা ২০২৬ ৰ নিৰ্বাচন কেন্দ্ৰীক প্ৰস্তুতিৰেই যে এয়া এক অংশ সেই কথা বহুতেই মানি লৈছে তথাপিও অৱশ্যে এই পদক্ষেপক যোগাত্মক বুলিয়েই ক'ব লাগিব।

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰণ কৰিলে নিশ্চয়কৈ অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব। অসম চৰাকৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ সমান্তৰালকৈ এন আৰ চি পুনৰীক্ষণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰিলে, বিদেশী সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াব পাৰিলে নিশ্চয়কৈ এয়া হ'ব চৰকাৰখনৰে উল্লেখনীয় সফলতা। ৰাজনৈতিক উদ্দেশ্যক একাষৰীয়া কৰি অসমৰ স্বাৰ্থত বিজেপি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিবনে? সেয়াহে এতিয়া হ'ব লক্ষ্যণীয়।

এটা বিতৰ্কৰ অৱসান ঘটিল...
কংগ্ৰেছৰ নহ'বগৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in